Skip to content

Skip to table of contents

“তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা”

“তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা”

“তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা”

“তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।”—২ তীমথিয় ৪:৫.

১, ২. যদিও সকলো খ্ৰীষ্টানে প্ৰচাৰকৰ দায়িত্ব বহন কৰে তথাপিও প্ৰাচীনসকলে কেনে শাস্ত্ৰীয় আৱশ্যকতা পূৰ্ণ কৰা আৱশ্যক?

 আপুনি এজন ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰক নে? যদি হয়, তেন্তে এই বিশেষাধিকাৰৰ বাবে ঈশ্বৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰক। আপুনি এজন প্ৰাচীন নে? যদি হয়, তেন্তে ই হৈছে যিহোৱাৰ পৰা পোৱা এক অতিৰিক্ত বিশেষাধিকাৰ। প্ৰচাৰ কাৰ্য্য বা মণ্ডলীৰ তত্বাৱধানৰ দায়িত্ব আমি নিজৰ শক্তিৰ বাহুল্যত নহয় কিন্তু যিহোৱাৰ দ্বাৰা সামৰ্থ পোৱাৰ বাবেহে সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ আৰু কিছুমানে শাস্ত্ৰীয় আৱশ্যকতাসমূহ পূৰ্ণ কৰিব পৰাৰ বাবে অধ্যক্ষ হʼব পাৰিছে।—২ কৰিন্থীয়া ৩:৫, ৬; ১ তীমথিয় ৩:১-৭.

এইটো সঁচা যে সকলো সমৰ্পিত খ্ৰীষ্টানে প্ৰচাৰকৰ দায়িত্ব বহন কৰিব লাগে। কিন্তু এই ক্ষেত্ৰত সকলোতকৈ অধিক প্ৰাচীন বা অধ্যক্ষসকলে এক উত্তম আৰ্হি ৰাখা উচিত। কিয়নো “বাক্য আৰু শিক্ষাত পৰিশ্ৰম” কৰাৰ বাবে যিহোৱা, যীচু আৰু সঙ্গী উপাসকবিলাকে তেওঁলোকক মনোযোগেৰে লক্ষ্য কৰে। (১ তীমথিয় ৫:১৭; ইফিচীয়া ৫:২৩; ইব্ৰী ৬:১০-১২) পৰিস্থিতি যিয়েই নহওক কিয়, তেওঁলোকৰ শিক্ষাদান আধ্যাত্মিক স্বাস্থ্যকৰ হোৱা উচিত। এই সন্দৰ্ভত পাঁচনি পৌলে তীমথিয়ক এইদৰে কৈছিল: “যি কালত মানুহবিলাকে নিৰাময় শিক্ষা সহন নকৰিব, কিন্তু খজুউৱা কাণৰ মানুহ হৈ, নিজ নিজ অভিলাষ অনুসাৰে নিজলৈ দʼমে দʼমে শিক্ষক কৰি লব, আৰু সত্যৰ পৰা কাণ ঘূৰাই, গল্প-কথাৰ নিমিত্তে অপথে যাব, এনে কাল আহিব। কিন্তু তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা, ক্লেশ সহন কৰা, শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা, তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।”—২ তীমথিয় ৪:৩-৫.

৩. মিছা শিক্ষাই যাতে মণ্ডলীক দূষিত নকৰে তাৰ বাবে কি কৰা অতি আৱশ্যক?

ভ্ৰান্তযুক্ত শিক্ষাই যাতে মণ্ডলীক দূষিত নকৰে তাৰ বাবে অধ্যক্ষজনে পাঁচনি পৌলৰ এই পৰামৰ্শ মানি চলিব লাগে, যʼত এইদৰে কৈছে: “তুমি সকলো বিষয়তে চেতনাযুক্ত হৈ থাকা,  . . তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা।” (২ তীমথিয় ৪:৫) ইয়াত কোনো সন্দহ নাই যে এজন প্ৰাচীনে ‘তেওঁৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা উচিত।’ এই কাৰ্য্যক তেওঁ যত্নশীল হৈ সম্পন্ন কৰা আৱশ্যক। যিজন প্ৰাচীনে সম্পূৰ্ণৰূপে নিজৰ পৰিচৰ্য্যা-কৰ্ম্ম আৰু সকলো দায়িত্ব উচিতমতে বহন কৰে, তেওঁ এক সামান্য দায়িত্বকো নিৱিষ্টতাৰে পূৰ্ণ কৰিব।—লূক ১২:৪৮; ১৬:১০.

৪. কিহে আমাক সম্পূৰ্ণৰূপে পৰিচৰ্য্যা-কৰ্ম্ম কৰিবলৈ সহায় কৰিব পাৰে?

আমাৰ পৰিচৰ্য্যা-কৰ্ম্মক সম্পূৰ্ণৰূপে কৰিবলৈ প্ৰত্যেক দিনে যে অধিক সময় অতিবাহিত কৰিব লাগিব, এনে নহয়। কিন্তু গুৰুত্বপূৰ্ণ বিষয় হৈছে যে সময় কেনেকৈ অতিবাহিত কৰা হয় তাৰ প্ৰতি ভাৰসাম্য আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখা আৱশ্যক। সময়ক ভাৰসাম্য আৰু উচিতমতে ব্যৱহাৰ কৰাৰ দ্বাৰা সকলো খ্ৰীষ্টানে পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰিব পাৰে। পৰিচৰ্য্যা-কৰ্ম্মৰ বাবে সঠিকভাৱে সময় ব্যৱহাৰ কৰিবলৈ হʼলে এজন প্ৰাচীনে নিজৰ ব্যক্তিগত তালিকাত ভাৰসাম্যতা বজাই ৰাখিবলৈ নিজকে সুব্যৱস্থিতৰূপে সংগঠিত কৰা আৱশ্যক আৰু কেনে ধৰণৰ দায়িত্ব কেনেকৈ আনক দিব, তাৰ বিষয়ে ভালদৰে জনা উচিত। (ইব্ৰী ১৩:১৭) তদুপৰি যিদৰে নহিমিয়াই স্বয়ং যিৰূচালেমৰ গড় নিৰ্ম্মাণকাৰ্য্যত ভাগ লৈছিল, ঠিক সেইদৰে এজন প্ৰাচীনেও ব্যক্তিগতৰূপে কৰা উচিত। (নহিমিয়া ৫:১৬) যিহোৱাৰ প্ৰত্যেকজন সেৱকে নিয়মিতৰূপে পৰিচৰ্য্যা-কৰ্ম্মত ভাগ লোৱা উচিত।—১ কৰিন্থীয়া ৯:১৬-১৮.

৫. আমি পৰিচৰ্য্যা-কৰ্ম্মৰ প্ৰতি কেনে অনুভৱ কৰা উচিত?

ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হিচাবে স্বৰ্গত স্থাপিত হোৱা ৰাজ্যখনৰ বিষয়ে আনক জনোৱাটো আমাৰ বাবে কিযে এক আনন্দৰ বিষয়! আমি ধ্বংস অহাৰ পূৰ্ব্বেই সকলো মানৱজাতিৰ আগত কৰা প্ৰচাৰ কাৰ্য্যত ভাগ লোৱাটো এক বিশেষাধিকাৰ বুলি গণ্য কৰোঁ। (মথি ২৪:১৪) অসিদ্ধ হোৱাৰ স্বত্ত্বেও আমি পাঁচনি পৌলৰ এই পৰামৰ্শক পালন কৰিব পাৰোঁ: “শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।” (২ কৰিন্থীয়া ৪:৭) আমি কেৱল ঈশ্বৰীয় বুদ্ধি আৰু সামৰ্থ্যৰ সহায়েৰে গ্ৰহণযোগ্য সেৱা অৰ্পণ কৰিব পাৰিম।—১ কৰিন্থীয়া ১:২৬-৩১.

ঈশ্বৰৰ মহিমা প্ৰতিফলিত কৰা

৬. প্ৰাচীন সময়ৰ ইস্ৰায়েল আৰু আত্মিক ইস্ৰায়েলৰ মাজত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়?

অভিষিক্ত ব্যক্তিসকলক সম্বোধিত কৰি পাঁচনি পৌলে কৈছিল যে ঈশ্বৰে তেওঁলোকক “নতুন নিয়মৰ পৰিচাৰক হবৰ যোগ্য কৰিলে।” তদুপৰি তেওঁ যীচুৰ দ্বাৰা আত্মিক ইস্ৰায়েলৰ সৈতে স্থাপিত নতুন আৰু পুৰণি নিয়মৰ মাজত থকা পাৰ্থক্যতাৰ বিষয়ে দাঙি ধৰিছিল। মোচিয়ে যেতিয়া দহ আজ্ঞা লিপিবদ্ধ থকা দুখন শিলৰ ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিছিল তেতিয়া কোনেও তেওঁৰ মুখলৈ চাব পৰা নাছিল। কিন্তু সময়ৰ গতিত তেওঁলোকৰ “মন কঠিন” আৰু হৃদয় যেন ওৰণিয়ে ঢাকি ধৰিল। কিন্তু সম্পূৰ্ণ হৃদয়েৰে উপাসনা কৰাৰ ক্ষেত্ৰত সেই ওৰণি গুচুউৱা হয়। এই বিষয়ে নতুন নিয়মৰ আধাৰিত পৰিচৰ্য্যা-কৰ্ম্মৰ বাবে যোগ্য হোৱা অভিষিক্ত ব্যক্তিসকলক পাঁচনি পৌলে এইদৰে কৈছিল: “আমি সকলোৱে ওৰণি নোলোৱা মুখেৰে দৰ্পণত দেখাৰ দৰে প্ৰভুৰ গৌৰৱ” কৰোঁ। (২ কৰিন্থীয়া ৩:৬-৮, ১৪-১৮; যাত্ৰাপুস্তক ৩৪:২৯-৩৫) বৰ্তমান যীচুৰ ‘অন্য মেৰৰ’ জাকটিয়েও যিহোৱাৰ গৌৰৱ কৰাৰ বিশেষাধিকাৰ লাভ কৰিছে।—যোহন ১০:১৬.

৭. কেনেকৈ অসিদ্ধ মানৱে ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰিব পাৰে?

যদি কোনোৱে ঈশ্বৰক দৃষ্টি কৰি জীয়াই থাকিব নোৱাৰে, তেন্তে অসিদ্ধ মানৱে কেনেকৈ তেওঁৰ গৌৰৱ প্ৰকাশ কৰিব পাৰে? (যাত্ৰাপুস্তক ৩৩:২০) যিহোৱা নিজেই গৌৰৱময় হোৱাৰ উপৰিও তেওঁৰ ৰাজ্যৰ দ্বাৰা গৌৰৱপূৰ্ণ উদ্দেশ্যক প্ৰতিপন্ন কৰিব। ৰাজ্যৰ সম্বন্ধে থকা “মহৎ কৰ্ম্মৰ কথা” সা.যু. ৩৩ চনৰ পেন্টাকোষ্টৰ সময়ৰ পৰা ঘোষণা কৰা আৰম্ভ হʼল। (পাঁচনিৰ কৰ্ম্ম ২:১১) ঘোষণাকাৰীসকলে পবিত্ৰ আত্মাৰ দ্বাৰা মাৰ্গদৰ্শিত হৈ সম্পূৰ্ণৰূপে পৰিচৰ্য্যা-কৰ্ম্ম সম্পন্ন কৰিবলৈ সক্ষম হৈছিল।—পাঁচনিৰ কৰ্ম্ম ১:৮.

৮. পৰিচৰ্য্যা-কৰ্ম্মৰ সম্পৰ্কে পাঁচনি পৌলে কেনে সঙ্কল্প লৈছিল?

পাঁচনি পৌলে এই সঙ্কল্প কৰিছিল যে পৰিচৰ্য্যা-কৰ্ম্মক সম্পন্ন কৰিবলৈ তেওঁক একোৱেই যেন বাধা দিব নোৱাৰে। সেইবাবে তেওঁ এইদৰে কৈছিল: “আমি এই পৰিচৰ্য্যা-পদ পোৱাত, যি দৰে দয়া পালোঁ, সেই দৰে নিৰুৎসাহ নহওঁ; কিন্তু লাজৰ গুপুত কাৰ্য্য ত্যাগ কৰি, ধূৰ্ত্তাচাৰী নহৈ, আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ সাক্ষাতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্যপাত্ৰ দেখুৱাইছোঁ।” (২ কৰিন্থীয়া ৪:১, ২) পাঁচনি পৌলে কোৱা এই “পৰিচৰ্য্যা-পদৰ” দ্বাৰা সত্যতা প্ৰকাশ পাইছিল আৰু আধ্যাত্মিক পোহৰ সকলোলৈ বিয়পি পৰিল।

৯, ১০. যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰাটো কেনেকৈ সম্ভৱ?

বাহ্যিক আৰু আধ্যাত্মিক পোহৰৰ উৎসৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰে কলে, যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰব প্ৰকাশক জ্ঞানৰূপ দীপ্তি প্ৰকাশ কৰিবলৈ, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।” (২ কৰিন্থীয়া ৪:৬; আদিপুস্তক ১:২-৫) আঁহক আমি ঈশ্বৰৰ পৰিচাৰক হোৱাৰ এই বিশেষাধিকাৰ পোৱাৰ বাবে নিজকে শুদ্ধ ৰাখি যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰোঁহঁক।

১০ আধ্যাত্মিকভাৱে অন্ধকাৰত থকা লোকসকলে যিহোৱাৰ গৌৰৱ বা যীচুৱে প্ৰতিফলিত কৰা পোহৰ দেখিবলৈ নাপাব। কিন্তু যিহোৱাৰ সেৱক হোৱা হেতুকে আমি শাস্ত্ৰীয় পদৰ সেই পোহৰ পাইছোঁ আৰু আনকো বিতৰণ কৰিছোঁ। যিসকলে আধ্যাত্মিক অন্ধকাৰৰ পৰা ৰক্ষা পাব বিচাৰিছে, তেওঁলোকে ঈশ্বৰৰ পোহৰ গ্ৰহণ কৰা উচিত। তেন্তে আঁহক আমি উৎসাহ আৰু আনন্দেৰে যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰা আজ্ঞাক পালন কৰোঁহঁক।

গৃহ বাইবেল অধ্যয়নত আপোনাৰ পোহৰ প্ৰকাশ কৰক

১১. যীচুৱে আমাৰ পোহৰ প্ৰকাশ কৰাৰ বিষয়ে কি কৈছিল আৰু আমি পৰিচৰ্য্যা-কৰ্ম্মত তেনে কৰাৰ এটা পদ্ধতি কি?

১১ যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “তোমালোক জগতৰ পোহৰ। পৰ্ব্বতৰ ওপৰত থকা নগৰ গুপ্ত হব নোৱাৰে। আৰু মানুহে চাকি লগাই, দোণৰ তলত নথৈ, গছাৰ ওপৰতহে থয়; তাতে ঘৰত থকা সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।” (মথি ৫:১৪-১৬) আমাৰ উত্তম চৰিত্ৰ দেখি আনে ঈশ্বৰক গৌৰৱ কৰিবলৈ প্ৰেৰিত হʼব পাৰে। (১ পিতৰ ২:১২) এই পৰিচৰ্য্যা-কৰ্ম্মৰ সৈতে জড়িত থকা বিভিন্ন পদ্ধতিবোৰে আমাক নিজৰ পোহৰ প্ৰকাশ কৰিবলৈ সুযোগ দিয়ে। ইয়াৰ এটা মুখ্য পদ্ধতি হৈছে গৃহ বাইবেল অধ্যয়ন কৰাৰ সময়ত ঈশ্বৰৰ বাক্য ব্যৱহাৰ কৰি আধ্যাত্মিক পোহৰ প্ৰতিফলিত কৰা। ই আমাৰ পৰিচৰ্য্যা-কৰ্ম্মক সম্পন্ন কৰাত এক উল্লেখনীয় ভূমিকা আদায় কৰে। নম্ৰ লোকসকলৰ সৈতে প্ৰভাৱকাৰীৰূপে বাইবেল অধ্যয়ন কৰিবলৈ কেনে ধৰণৰ পৰামৰ্শই আমাক সহায় কৰিব পাৰে?

১২. গৃহ বাইবেল অধ্যয়ন কৰাৰ সম্বন্ধে প্ৰাৰ্থনাই আমাক কেনেকৈ সহায় কৰে?

১২ আমি যে প্ৰকৃততে বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ বিচাৰিছোঁ তাক প্ৰাৰ্থনাৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ। তদুপৰি ইয়াৰ দ্বাৰা আনেও যেন ঈশ্বৰৰ যথাৰ্থ জ্ঞান পোৱা আৱশ্যক, তাক স্পষ্টকৈ দেখিবলৈ পোৱা যায়। (যিহিষ্কেল ৩৩:৭-৯) যিহোৱাই অৱশ্যেই আমাৰ প্ৰৰ্থনাৰ উত্তৰ আৰু পৰিচৰ্য্যা-কৰ্ম্মত কৰা প্ৰচেষ্টাত আশীৰ্ব্বাদ নকৰাকৈ নাথাকে। (১ যোহন ৫:১৪, ১৫) আমি কেৱল এজন ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ ইচ্ছাৰে প্ৰাৰ্থনা নকৰোঁ। বাইবেল অধ্যয়ন আৰম্ভ হোৱাৰ পিছত যাতে ব্যক্তিজনৰ বিশেষ আৱশ্যকতাৰ অনুসৰি প্ৰত্যেকটো অধ্যয়ন প্ৰভাৱকাৰী হয়, তাৰ বাবে প্ৰাৰ্থনা আৰু ধ্যানো কৰোঁ।—ৰোমীয়া ১২:১২.

১৩. প্ৰভাৱকাৰী গৃহ বাইবেল অধ্যয়ন কৰিবলৈ আমাক কিহে সহায় কৰিব পাৰে?

১৩ প্ৰভাৱকাৰী গৃহ বাইবেল অধ্যয়ন কৰিবলৈ হʼলে আমি প্ৰত্যেকটো পাঠ ভালদৰে তৈয়াৰ কৰা আৱশ্যক। যদি তেনে কৰাত অসুবিধা যেন বোধ হয় তেন্তে প্ৰত্যেক সপ্তাহে মণ্ডলীৰ পুস্তক অধ্যয়ন অধ্যক্ষজনে অধ্যয়ন কৰা বিষয়টো কেনেকৈ তৈয়াৰ কৰে, তাৰ প্ৰতি মনোযোগ দিয়ক। কেতিয়াবা হয়তো আমি এনে প্ৰচাৰকৰ সৈতে পৰিচৰ্য্যা-কৰ্ম্মত ভাগ লʼব পাৰোঁ যিজনে গৃহ বাইবেল অধ্যয়ন কৰিবলৈ সফলতা লাভ কৰিছে। এই ক্ষেত্ৰত পৰিচৰ্য্যা-কৰ্ম্মৰ প্ৰতি থকা যীচুৰ মনোবৃত্তি আৰু পদ্ধতিবোৰ শিকিবলৈ বাস্তৱতে আমি বিবেচনা কৰা উচিত।

১৪. আমি কেনেকৈ বাইবেল বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ?

১৪ পিতৃৰ ইচ্ছা অনুসৰি চলিবলৈ আৰু আনক ঈশ্বৰৰ বিষয়ে জনাবলৈ পাই যীচুয়ে আনন্দিত হৈছিল। (গীত ৪০:৮) তদুপৰি তেওঁ কোমল স্বভাৱৰ ব্যক্তি আৰু শুনোতাসকলৰ হৃদয় স্পৰ্শ কৰিব পাৰিছিল। (মথি ১১:২৮-৩০) গতিকে আঁহক আমি বাইবেল বিদ্যাৰ্থীসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ চেষ্টা কৰোঁহঁক। যদি আমি তেনে কৰিবলৈ বিচাৰিছোঁ তেন্তে বিদ্যাৰ্থীজনৰ পৰিস্থিতিৰ বিষয়ে মনত ৰাখি প্ৰত্যেকটো পাঠ তৈয়াৰ কৰা উচিত। উদাহৰণস্বৰূপে, যদি তেওঁ বাইবেলৰ বিষয়ে একোকে নাজানে তেন্তে তেওঁক বাইবেল যে ঈশ্বৰৰ বাক্য তাৰ প্ৰতি বিশ্বাস জন্মাওক। তেনে কৰাত বহুতো শাস্ত্ৰীয় পদ পঢ়া আৰু বৰ্ণনা কৰাও সন্মিলিত আছে।

দৃষ্টান্তসমূহ বুজিবলৈ সহায় কৰক

১৫, ১৬. (ক) বাইবেলৰ দৃষ্টান্ত বুজি নোপোৱা এজন বিদ্যাৰ্থীক আমি কেনেকৈ সহয় কৰিব পাৰোঁ? (খ) যদি কোনো এজন বিদ্যাৰ্থীয়ে আমাৰ সাহিত্যত উল্লেখ কৰা দৃষ্টান্তটো বুজি নাপায় তেন্তে তেওঁক কেনেকৈ সহায় কৰিব পৰা যায়?

১৫ বিদ্যাৰ্থীজনে হয়তো শাস্ত্ৰীয় পদত উল্লেখ কৰা দৃষ্টান্তটো বুজি নাপাবও পাৰে। উদাহৰণস্বৰূপে, গছাৰ ওপৰত চাকি থোৱা বিষয়ে যীচুৱে দিয়া দৃষ্টান্তটো তেওঁ হয়তো নুবুজিব পাৰে। (মাৰ্ক ৪:২১-২২) যীচুৱে প্ৰাচীন কালত ব্যৱহাৰ কৰা চাকিৰ বিষয়ে কৈছিল। তেনে ধৰণৰ চাকি গছাৰ ওপৰত ৰাখা হৈছিল যাতে ঘৰখনৰ কোঠাটোত পোহৰ হয়। “চাকি” আৰু “গছাৰ” বিষয়ে অধিককৈ জানিবলৈ হয়তো ইনচাইট্‌ অন দ্য স্ক্ৰিপচাৰ্‌ নামৰ কিতাপখনৰ সহায় লʼব পাৰে। * যদি তেনে ধৰণৰ বাইবেল অধ্যয়নৰ দ্বাৰা বিদ্যাৰ্থীজনে দৃষ্টান্তসমূহ বুজি পাই, তেন্তে কিমান যে প্ৰভাৱকাৰী অধ্যয়ন হʼব!

১৬ যদি এজন বিদ্যাৰ্থীয়ে দৃষ্টান্তটোৰ অৰ্থ বুজি নাপায় তেন্তে ভালদৰে বুজাবলৈ মিল খোৱা অন্য এটা দৃষ্টান্ত দিয়ক। উদাহৰণস্বৰূপে, এখন আলোচনীত সুখী বিবাহৰ বাবে এক উত্তম সঙ্গী আৰু মিলিজুলি কৰা কাৰ্য্যৰ বিষয়ে কৈছে। ইয়াক বুজিবলৈ হয়তো আমি এইদৰে কʼব পাৰোঁ যে ছাকাৰ্ছত দোলনত খেল দেখুৱা এজন খেলুৱৈয়ে তেওঁৰ বিপৰীত দোলনত থকাজনে তেওঁক আহি ধৰিব বুলি নিৰ্ভৰ কৰি দোলনাৰ পৰা জপিয়াই দিয়ে, সেই অনুসাৰে আনজনে আহি তেওঁক ধৰে আৰু এইদৰে তেওঁলোকে এক সুন্দৰ খেল প্ৰদৰ্শন কৰে। নতুবা নাৱৰ পৰা মালবস্তু নমোৱাৰ সময়ত যিদৰে শ্ৰমিকসকলে একেলগ হৈ কাৰ্য্য কৰে, ঠিক সেইদৰে এজন উত্তম সঙ্গীয়ে কৰা উচিত।

১৭. দৃষ্টান্ত ব্যৱহাৰ কৰাৰ সম্পৰ্কে আমি যীচুৰ পৰা কি শিকিব পাৰোঁ?

১৭ অন্য এটা দৃষ্টান্ত ব্যৱহাৰ কৰিবলৈ আমি আগতীয়াকৈ সাজু হোৱা উচিত আৰু সেইদৰে বিদ্যাৰ্থীজনৰ প্ৰতি আমাৰ ব্যক্তিগত চিন্তা প্ৰকাশ হয়। কিছুমান জটিল বিষয়ক বুজিবলৈ যীচুৱে সৰল দৃষ্টান্তবোৰৰ ব্যৱহাৰ কৰিছিল। যেনে, তেওঁ পৰ্ব্বতীয় উপদেশত দিয়া দৃষ্টান্ত আৰু বাইবেলে দেখুৱাইছে যে তেওঁৰ শিক্ষা গ্ৰহণ কৰি শুনোতাসকলে আনন্দিত হৈছিল। (মথি ৫:১-৭:২৯) লোকসকলৰ প্ৰতি ব্যক্তিগতভাৱে আগ্ৰহী হোৱাৰৰ বাবে তেওঁ অতি নম্ৰতাৰে বিষয়সমূহৰ ভাঙণি কৰি বুজাই দিছিল।—মথি ১৬:৫-১২.

১৮. আমাৰ সাহিত্যবোৰত উদ্ধৃত থকা শাস্ত্ৰীয় পদসমূহৰ বিষয়ে কি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে?

১৮ আনৰ প্ৰতি থকা আমাৰ আগ্ৰহকতাই আমাক “শাস্ত্ৰৰ পৰা যুক্তি দেখুৱাই” কʼবলৈ প্ৰেৰিত কৰিব। (পাঁচনিৰ কৰ্ম্ম ১৭:২, ৩) ইয়াৰ বাবে প্ৰাৰ্থনাপূৰ্বক অধ্যয়ন আৰু “বিশ্বাসী বুদ্ধিমান দাসে” প্ৰবন্ধ কৰা সাহিত্যবোৰক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা উচিত। (লূক ১২:৪২-৪৪) উদাহৰণস্বৰূপে, জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখনত বহুতো শাস্ত্ৰ পদ উল্লেখ কৰিছে। * যিহেতু এই কিতাপখন সৰু হোৱাৰ বাবে কেৱল কিছুমান শাস্ত্ৰ পদহে উদ্ধৃত কৰা হৈছে। সেয়েহে বাইবেল অধ্যয়নৰ সময়ছোৱাত কিছুমান শাস্ত্ৰ পদ পঢ়া আৰু বৰ্ণনা কৰাটো অতি আৱশ্যক। কিয়নো আমি দিয়া শিক্ষা শক্তিশালী ঈশ্বৰৰ বাক্যৰ ওপৰত আধাৰিত। (ইব্ৰী ৪:১২) প্ৰত্যেকটো অধ্যয়নত বাইবেলৰ প্ৰতি ধ্যান আকৰ্ষিত কৰাৰ অৰ্থ হৈছে অনুচ্ছেদত থকা শাস্ত্ৰীয় পদবোৰ মুক্তভাৱে ব্যৱহাৰ কৰা। কোনো এটা বিশেষ বিষয় বা কাৰ্য্যৰ সম্বন্ধে বাইবেলেত কি কৈছে তাক জানিবলৈ বিদ্যাৰ্থীজনক সহায় কৰক। ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী হৈ তেওঁ কেনেকৈ লাভৱান হʼব পাৰে, তাকো দেখুৱাউক।—যিচয়া ৪৮:১৭, ১৮.

চিন্তা-বিদাৰক প্ৰশ্ন সোধক

১৯, ২০. (ক) গৃহ বাইবেল অধ্যয়ন কৰাৰ সময়ত কিয় চিন্তা-বিদাৰক প্ৰশ্ন সোধা উচিত? (খ) যদি কোনো এটা বিষয়ক অধিককৈ বৰ্ণনা কৰিবলগীয়া হয় তেন্তে কি কৰা আৱশ্যক?

১৯ যীচুৱে কৌশলপূৰ্ণতাৰে সোধা প্ৰশ্নবোৰে লোকসকলক ভাবিবলৈ প্ৰেৰিত কৰিছিল। (মথি ১৭:২৪-২৭) যদি আমি বিদ্যাৰ্থীজনক লজ্জিত নকৰাকৈ চিন্তা-বিদাৰক প্ৰশ্নবোৰ সোধো তেন্তে বিদ্যাৰ্থীজনে আলোচনা কৰা বিষয়বস্তুৰ সম্পৰ্কে কি ভাবিছে আৰু তেওঁ এতিয়াও অশাস্ত্ৰীয় দৃষ্টিভঙ্গী ধৰি ৰাখিছেনে, সেই বিষয়ে জানিব পাৰিম। উদাহৰণৰূপে, তেওঁ হয়তো এতিয়াও ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰিব পাৰে। এই সম্বন্ধে জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় নামৰ কিতাপখনৰ তৃতীয় অধ্যায়ত কৈছে যে বাইবেলৰ কোনো ঠাইতো “এমূৰ্ত্তি” বুলি শব্দটো দেখিবলৈ পোৱা নাযায়। এই জ্ঞান কিতাপখনত উদ্ধৃত আৰু উল্লেখ কৰা শাস্ত্ৰীয় পদবোৰে দেখুৱাইছে যে যিহোৱা আৰু যীচু দুয়োজন হৈছে ভিন্ন ব্যক্তি আৰু পবিত্ৰ আত্মা হৈছে ঈশ্বৰৰ সক্ৰিয় শক্তি। এই পদবোৰ পঢ়া আৰু বৰ্ণনা কৰি দেখুৱাটোৱেই যথেষ্ট হʼব। যদি ইয়াতকৈ অধিক কৰা আৱশ্যক, তেন্তে কি কৰিব পাৰি? তেনেহʼলে পৰৱৰ্তী অধ্যয়নত যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰাটো উচিত নে? নামৰ ব্ৰচাৰখনৰ পৰা কিছুসময় ধৰি আলোচনা কৰাটো উত্তম হʼব। তাৰ পিছত আমি পুনৰাই জ্ঞান কিতাপখনৰ পৰা অধ্যয়ন আৰম্ভ কৰিব পাৰোঁ।

২০ ধৰি লওক কোনো এটা দৃষ্টিভঙ্গীমূলক প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা শুনি বিদ্যাৰ্থীজনে আচৰিত বা নিৰুৎসাহিত হʼব পাৰে। যদি বিষয়টো ধুম্ৰপান কৰাৰ দৰে সংবেদনাপূৰ্ণ বিষয় হয়, তেন্তে আমি এই বিষয়ে পিছত আলোচনা কৰিম বুলি কʼব পাৰে। যদি বিদ্যাৰ্থীজনে তেতিয়াও ধুমপান কৰি আছে তেন্তে কোনো উল্লেখিত আলোচনীৰ পৰা দেখুৱাই তেওঁক আধ্যাত্মিক উন্নতিৰ বাবে সহায় কৰিব পাৰে। আমি বিদ্যাৰ্থীজনৰ হৃদয় স্পৰ্শ কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁৰ আধ্যাত্মিক উন্নতিৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰা আৱশ্যক।

২১. যদি আমি বিদ্যাৰ্থীজনৰ আৱশ্যকতাৰ অনুসৰি নিজৰ শিক্ষা দিয়া পদ্ধতিক সলনি কৰোঁ তেন্তে কেনে উত্তম ফলাফল লাভ কৰিব পাৰিম?

২১ ভালদৰে তৈয়াৰ কৰা আৰু যিহোৱাৰ সহায়েৰে আমি নিশ্চয়ে শিক্ষা দিয়া পদ্ধতিক উন্নতি কৰি বিদ্যাৰ্থীজনৰ আৱশ্যকতা পূৰ্ণ কৰিব পাৰিম। সময় আগবাঢ়ি যোৱাৰ লগে লগে তেওঁৰ হৃদয়ত যিহোৱাৰ প্ৰতি অধিক প্ৰেম আৰু ঈশ্বৰৰ সংগঠনৰ প্ৰতি গভীৰ শ্ৰদ্ধা বিকশিত কৰিবলৈ সক্ষম হʼম। বিদ্যাৰ্থীজনে ‘আমাৰ মাজত ঈশ্বৰ আছে’ বুলি বিশ্বাস কৰাটো কিমান যে সন্তুষ্টিজনক বিষয়! (১ কৰিন্থীয়া ১৪:২৪, ২৫) তেন্তে আঁহক আমি প্ৰভাৱকাৰীৰূপে বাইবেল অধ্যয়ন আৰু আনক যীচুৰ শিষ্য হʼবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা কৰোঁহঁক।

কৃতজ্ঞ হোৱা এক কাৰণ

২২, ২৩. যদি আমি পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণকৈ কৰিব বিচাৰিছোঁ তেন্তে কি কৰা আৱশ্যক?

২২ আমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণকৈ কৰিবলৈ হʼলে আমি ঈশ্বৰৰ পৰা পোৱা শক্তিৰ ওপৰত নিৰ্ভৰ কৰা উচিত। এই বিষয়ে পাঁচনি পৌলে তেওঁৰ সঙ্গী অভিষিক্ত সকলক এইদৰে কৈছিল: “শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাত সেই দীপ্তিৰূপ ধন আছে।”—২ কৰিন্থীয়া ৪:৭.

২৩ আমি অভিষিক্ত বা ‘অন্য মেৰৰ’ সদস্য নহওঁ কিয়, আমি সকলোৱে ঠুনুকা মাটিৰ পাত্ৰ নিচিনা। (যোহন ১০:১৬) তথাপিও যিহোৱাই আমাক সকলো হেঁচাৰ সম্মুখীন হৈ তেওঁ দিয়া দায়িত্বক সম্পন্ন কৰিবলৈ শক্তি দিব পাৰে। (যোহন ১৬:১৩; ফিলিপীয়া ৪:১৩) গতিকে আঁহক আমি সম্পূৰ্ণ মনেৰে যিহোৱাত ভাৰসা ৰাখি আমাৰ ওচৰত থকা বিশেষাধিকাৰ প্ৰতি কৃতজ্ঞ হৈ সম্পূৰ্ণকৈ পৰিচৰ্য্যা-কৰ্ম্ম সম্পন্ন কৰোঁহঁক।.(w04 3/15)

[ফুটনোটবোৰ]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

আপুনি কেনেকৈ উত্তৰ দিব?

• প্ৰাচীনসকলে নিজৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণকৈ কৰিবলৈ কি কৰা আৱশ্যক?

• আমি কেনেকৈ প্ৰভাৱকাৰী গৃহ বাইবেল অধ্যয়ন কৰিব পাৰোঁ?

• যদি বিদ্যাৰ্থীজনে উল্লেখ কৰা দৃষ্টান্তটো বুজি নাপাই বা কোনো এটা বিষয়ক অধিককৈ বৰ্ণনা কৰিবলগীয়া হয় তেন্তে আপুনি কি কৰা প্ৰয়োজন?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২৪ পৃষ্ঠাৰ ছবি]

খ্ৰীষ্টান প্ৰাচীনসকলে মণ্ডলীত শিক্ষাদান আৰু সঙ্গী ভাইসকলক পৰিচৰ্য্যা-কৰ্ম্মৰ বাবে প্ৰশিক্ষিত কৰে

[২৬ পৃষ্ঠাৰ ছবি]

আমাত থকা পোহৰ প্ৰকাশিত কৰাৰ এটা পদ্ধতি হৈছে প্ৰভাৱকাৰী গৃহ বাইবেল অধ্যয়ন কৰা