Skip to content

Skip to table of contents

আপুনি ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰে

আপুনি ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰে

আপুনি ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰে

 ঈশ্বৰে অনুভৱ কৰাৰ দৰে আমি প্ৰভাৱিত হওঁনে? ঈশ্বৰে আনন্দিত হʼব পাৰেনে? এখন অভিধানে “ঈশ্বৰ” শব্দটোৰ অৰ্থ ভাঙনি কৰি কৈছে যে এই শব্দটোৱে “সৰ্ব্বশক্তিমান বা সৰ্ব্বোচ্চ বাস্তৱিকতাক” বুজাই। যদি সেই ভীতিসূচক সৰ্ব্বোচ্চ বাস্তৱিকতা কেৱল এটা শক্তি হোৱা হʼলে কি হʼলহেঁতেন? এনে অব্যক্তিত্বহীন শক্তিয়ে আনন্দিত হʼব বুলি আমি আশা কৰিব পাৰিলোঁহেঁতেননে? অৱশ্যেই নোৱাৰিলোঁহেঁতেন। বাইবেলে ঈশ্বৰৰ বিষয়ে কি শিকাইছে, তাক বিবেচনা কৰক।

যীচু খ্ৰীষ্টই কৈছিল যে, ‘ঈশ্বৰ আত্মা।’ (যোহন ৪:২৪) আত্মা হৈছে জীৱনৰ আকাৰ আৰু ই মানুহতকৈ ভিন্ন। আত্মা যদিও মানুহৰ দৃষ্টিত অদৃশ্য তথাপিও আত্মাৰ এটা শৰীৰ অৰ্থাৎ ‘আত্মিক দেহ’ আছে। (১ কৰিন্থীয়া ১৫:৪৪; যোহন ১:১৮) লাক্ষণিক অৰ্থ ব্যৱহাৰ কৰি বাইবেলে কৈছে যে ঈশ্বৰৰ চকু, কাণ, হাত আৰু আন অঙ্গসমূহো আছে। * তদুপৰি ঈশ্বৰৰ এটা নাম আছে আৰু সেই নাম হৈছে যিহোৱা। (গীত ৮৩:১৮) গতিকে বাইবেলত উল্লেখ কৰা ঈশ্বৰ হৈছে এজন আত্মিক ব্যক্তি। “তেওঁ জীৱন্ত ঈশ্বৰ, আৰু অনন্তকালস্থায়ী ৰজা।”—যিৰিমিয়া ১০:১০.

এজন বাস্তৱিক জীৱন্ত ব্যক্তি হোৱাৰ বাবে যিহোৱা ঈশ্বৰে বিবেচনা আৰু কাৰ্য্য কৰিবলৈ সক্ষম। তেওঁ নিজৰ গুণসমূহ, অনুভূতি, পছন্দ আৰু অপছন্দৰ বিষয়ে প্ৰকাশ কৰিছে। দৰাচলতে বাইবেলত এনে বহুতো বিবৃতিৰে ভৰি আছে যিয়ে তেওঁক সন্তুষ্টি বা অসন্তুষ্টি কৰাৰ বিষয়ে প্ৰকাশ কৰে। আনহাতে মানুহে বনোৱা হস্তনিৰ্ম্মিত ঈশ্বৰ আৰু প্ৰতিমাবোৰ নিৰ্ম্মাণ কৰোঁতাজনৰ প্ৰতিবিম্ব বা তেওঁলোকৰ গুণবোৰ প্ৰতিফলিত কৰে। কিন্তু যিহোৱা ঈশ্বৰ হৈছে প্ৰৱণতাৰ উদ্ভাৱক আৰু মানুহত সেই প্ৰৱণতা স্থাপন কৰিলে।—আদিপুস্তক ১:২৭; যিচয়া ৪৪:৭-১১.

ইয়াত কোনো সন্দেহ নাই যে যিহোৱা হৈছে এজন “আনন্দিত ঈশ্বৰ।” (১ তীমথিয় ১:১১, NW) তেওঁ নিজৰ সৃষ্টিত কেৱল আনন্দিতেই নহয়, কিন্তু তেওঁৰ উদ্দেশ্য সম্পন্ন কৰাত সন্তুষ্টও হয়। সেয়েহে যিচয়া ভৱিষ্যতবক্তাৰ দ্বাৰা যিহোৱা ঈশ্বৰে এইদৰে কৈছে: “মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম, . . . এনে কি, মই কলোঁ, মই তাক সিদ্ধও কৰিম; মই মন কৰিলোঁ, মই তাৰ দৰে কাৰ্য্যও কৰিম। (যিচয়া ৪৬:৯-১১) গীতমালা ৰচোঁতাজনে এইদৰে গাইছিল: “যিহোৱাই নিজ কাৰ্য্যবোৰত আনন্দ কৰক।” (গীত ১০৪:৩১) ঈশ্বৰে আনন্দিত হোৱাৰ আন এটা উৎস আছে। সেই বিষয়ে তেওঁ এইদৰে কৈছে: “হে মোৰ বোপা, জ্ঞানৱান হৈ মোৰ মনক আনন্দিত কৰা।” (হিতোপদেশ ২৭:১১) সেই বাক্যফাঁকিৰ অৰ্থ কি যাৰ দ্বাৰা আমি বাস্তৱতে ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰোঁ—ক্ষন্তেক বিবেচনা কৰক!

কেনেকৈ আমি ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰোঁ

পৰিয়ালৰ মূল ব্যক্তি নোহে কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিলে তাৰ বিষয়ে বিবেচনা কৰক। নোহ “সেই কালৰ মানুহৰ মাজত . . . ধাৰ্ম্মিক আৰু সিদ্ধ পুৰুষ” হোৱাৰ বাবে “যিহোৱাৰ দৃষ্টিত অনুগ্ৰহ পালে।” সেই সময়ত থকা দুষ্ট লোকসকলৰ বিপৰীতে নোহৰ বিশ্বাস আৰু আজ্ঞাকাৰীতাই অৱশ্যেই ঈশ্বৰৰ মন আনন্দিত কৰিছিল। সেয়েহে “ঈশ্বৰৰ লগত নোহৰ চলাচল আছিল” বুলি কোৱা হʼল। (আদিপুস্তক ৬:৬-৮, ৯, ২২) “বিশ্বাসৰ গুণে নোহে, ভাবী বিষয়ত আদেশ পাই ভয়তে, নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অৰ্থে এখন জাহাজ নিৰ্ম্মাণ কৰিলে।” (ইব্ৰী ১১:৭) যিহোৱাই নোহৰ কাৰ্য্যত সন্তুষ্ট হৈ তেওঁক আৰু তেওঁৰ পৰিয়ালক মানুহৰ ইতিহাসৰ অশান্তিপূৰ্ণ সময়ছোৱাত ৰক্ষা পাবলৈ আশীৰ্ব্বাদ কৰিলে।

কুল-পিতৃ অব্ৰাহামেও যিহোৱাৰ অনুভূতিৰ প্ৰতি জ্ঞাত আছিল। ঈশ্বৰৰ বিচাৰধাৰাৰ সম্পৰ্কে থকা তেওঁৰ আন্তৰিক জ্ঞানে স্পষ্টকৈ প্ৰমাণ দিছে যে ভ্ৰষ্টতাৰ বাবে চদোম আৰু ঘমোৰা নামৰ চহৰ দুখনক ধ্বংস কৰিবলৈ কেতিয়া যিহোৱা ঈশ্বৰে তেওঁক জনাইছিল। অব্ৰাহামে ভালকৈ জানিছিল যে দুষ্টবোৰৰ সৈতে ধাৰ্ম্মিক লোকক ধ্বংস কৰাৰ বিষয়ে যিহোৱাই কেতিয়াও ভাবিব নোৱাৰে। (আদিপুস্তক ১৮:১৭-৩৩) কেইবা বছৰৰ পিছত, “ঈশ্বৰে যে মৃতবিলাকৰ মাজৰ পৰাও তুলিব পাৰে,” ইয়াকে দৃঢ় বিশ্বাস কৰি আজ্ঞাকাৰী অব্ৰাহামে ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসৰি “ইচ্‌হাকক উৎসৰ্গ কৰিলে।” (ইব্ৰী ১১:১৭-১৯; আদিপুস্তক ২২:১-১৮) অব্ৰাহামে যিহোৱাৰ অনুভূতিক ভালকৈ বুজি পাইছিল আৰু ঈশ্বৰৰ প্ৰতি দৃঢ় বিশ্বাস, আজ্ঞাকাৰীতা বজাই ৰাখিলে, সেয়েহে “তেওঁক ঈশ্বৰৰ মিতিৰ বোলা হল।”—যাকোব ২:২৩.

ঈশ্বৰৰ মন আনন্দিত কৰা আন এজন ব্যক্তি আছিল প্ৰাচীন ইস্ৰায়েলৰ ৰজা দায়ূদ। তেওঁৰ বিষয়ে যিহোৱাই এইদৰে কৈছিল: “মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ূদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ কৰিব।” (পাঁচনিৰ কৰ্ম্ম ১৩:২২) দৈত্যকায় ব্যক্তি গলিয়াথৰ সম্মুখীন হোৱাৰ পূৰ্বেই দায়ূদে ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰাখি ইস্ৰায়েলৰ ৰজা চৌলক এইদৰে কʼলে: “যি জনাই সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াটোৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তেনে ভাৰসাৰ বাবে যিহোৱাই দায়ূদক আশীৰ্ব্বাদ কৰিলে যাতে তেওঁ গলিয়াথক বধ কৰিব পাৰে। (১ চমূৱেল ১৭:৩৭, ৪৫-৫৪) দায়ূদে কেৱল কৰ্ম্মই নহয়, কিন্তু তেওঁৰ ‘মুখৰ বাক্য আৰু মনৰ চিন্তাও যিহোৱাৰ দৃষ্টিত গ্ৰাহ্য হোৱাটো’ বিচাৰিছিল।—গীত ১৯:১৪.

আমাৰ বিষয়ে কি কʼব পাৰি? আমি কেনেকৈ যিহোৱাক আনন্দিত কৰিব পাৰোঁ? আমি যিমানেই ঈশ্বৰৰ অনুভূতিক বুজি পাম, সিমানেই তেওঁৰ মন আনন্দিত কৰিবলৈ কি কৰা আৱশ্যক সেই বিষয়ে অৱগত হʼম। বাইবেলখন পঢ়াৰ সময়ত যিহোৱাৰ অনুভূতিৰ বিষয়ে বুজিবলৈ প্ৰচেষ্টা কৰা আৱশ্যক, যাতে আমি “সকলো আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছাবিষয়ক তত্ত্ব-জ্ঞানত বাঢ়ি, . . . সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে যেন প্ৰভুৰ যোগ্যৰূপে আচৰণ” কৰোঁ। (কলচীয়া ১:৯-১১) আমি লাভ কৰা জ্ঞানে আমাৰ বিশ্বাস বৃদ্ধি কৰাত সহায় কৰে। এইটো এইবাবে অতি আৱশ্যক কিয়নো “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য।” (ইব্ৰী ১১:৬) দৰাচলতে দৃঢ় বিশ্বাস বিকশিত আৰু যিহোৱাৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰিবলৈ আমি কৰা প্ৰচেষ্টাই যিহোৱাৰ মন আনন্দিত কৰে। একেই সময়ত সাৱধান হোৱা উচিত যে আমি যেন যিহোৱাৰ মনত কোনো আঘাত নিদিওঁ।

যিহোৱাৰ মনত আঘাত দিয়া এনে কোনো কাৰ্য্য নকৰিব

যিহোৱাই কেনেকৈ মনত আঘাত পাব পাৰে এই বিষয়ে এটা উদাহৰণক বিবেচনা কৰক, যিটো নোহৰ দিনৰ বিষয়ে উল্লেখ কৰা বিৱৰণীত পোৱা যায়। সেই সময়ত পৃথিৱীখন ‘অত্যাচাৰেৰে পৰিপূৰ্ণ আছিল। পাছে ঈশ্বৰে পৃথিৱীলৈ চাই, তাক ভ্ৰষ্ট দেখিলে; কিয়নো পৃথিৱীৰ সমুদায় প্ৰাণী ভ্ৰষ্টাচাৰী হʼল।’ ঈশ্বৰে অত্যাচাৰ আৰু ভ্ৰষ্টতাক লক্ষ্য কৰি কেনে অনুভৱ কৰিলে? বাইবেলত কৈছে যে, ‘যিহোৱাই পৃথিৱীত মানুহ সৃষ্টি কৰাত বেজাৰ লাগি, মনত বিষাদ’ পালে। (আদিপুস্তক ৬:৫, ৬, ১১, ১২) জল-প্লাৱনৰ পূৰ্বে বাস কৰা মানুহবিলাকৰ আচৰণ ইমানেই দুষ্টতাপূৰ্ণ আছিল, যাৰ বাবে ঈশ্বৰে মনত বেজাৰ পালে আৰু তেওঁলোকৰ প্ৰতি মনোভাৱ সলনি হʼল। তেওঁলোকৰ দুষ্টতা কাৰ্য্যই ঈশ্বৰক অসন্তুষ্ট কৰিলে আৰু সেই অসন্তুষ্টতাৰ বাবে ঈশ্বৰে নিজৰ মনোবৃত্তি সলনি কৰি মানুহক ধ্বংস কৰিবলৈ নিৰ্ণয় লʼলে।

তদুপৰি যিহোৱাৰ নিজ লোক ইস্ৰায়েলসকলে একেৰাহে তেওঁৰ প্ৰেমপূৰ্বক নিৰ্দ্দেশনা অগ্ৰাহ্য কৰাৰ বাবেও মনত বেদনা পাইছিল। এই বিষয়ে গীতমালা লিখকে দুখ প্ৰকাশ কৰি এইদৰে লিখিছিল: “অৰণ্যৰ মাজত সিবিলাকে কিমানবাৰ তেওঁৰ বিৰুদ্ধে আচৰণ কৰিলে! আৰু মৰু-ভূমিত তেওঁক কিমানবাৰ বেজাৰ দিলে! এনে কি, সিবিলাকে বাৰে বাৰে ঈশ্বৰক পৰীক্ষা কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ জনাক অসন্তুষ্ট কৰিলে।” তথাপিও “তেওঁ দয়ালু হোৱাত অপৰাধ ক্ষমা কৰে, সংহাৰ নকৰে, এনে কি, তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ সামৰে, আৰু নিজৰ সমস্ত ক্ৰোধ” নকৰিলে। (গীত ৭৮:৩৮-৪১) যদিও বিৰোধী ইস্ৰায়েলসকলে নিজে কৰা পাপময় কাৰ্য্যৰ পৰিণাম ভোগ কৰিছিল তথাপিও বাইবেলে এইদৰে কৈছে যে, “তেওঁবিলাকৰ আটাই দুখত [ঈশ্বৰে] দুখিত হৈছিল।”—যিচয়া ৬৩:৯.

ঈশ্বৰে ইস্ৰায়েলসকলৰ প্ৰতি দয়ালু হোৱাৰ অনেক প্ৰমাণ দিয়াৰ স্বত্ত্বেও “তেওঁবিলাকে ঈশ্বৰৰ দূতবিলাকক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল, আৰু তেওঁৰ ভাববাদীবিলাকক সিয়াৰিছিল, এই নিমিত্তে, শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাবিলাকলৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।” (২ বংশাৱলি ৩৬:১৬) অৱশেষত, তেওঁলোকে ঠৰডিঙীয়া হৈ বিদ্ৰোহ কৰি “পবিত্ৰ আত্মাক বেজাৰ দিছিল,” এই হেতুকে তেওঁলোকে যিহোৱাৰ অনুগ্ৰহ হেৰুৱালে। (যিচয়া ৬৩:১০) তাৰ কেনে পৰিণাম হʼল? বাবিলে যিহূদাত আক্ৰমণ কৰি যিৰূচালেম ধ্বংস কৰাৰ সময়ত ঈশ্বৰে তেওঁলোকৰ পৰা নিজৰ নিৰাপত্তা আঁতৰ কৰিলে। (২ বংশাৱলি ৩৬:১৭-২১) লোকসকলে নিজৰ পাপময় আচৰণেৰে জীৱন নিৰ্বাহ কৰা কাৰ্য্যই সৃষ্টিকৰ্ত্তাৰ মনত কিমান যে বেজাৰ দিলে!

ঈশ্বৰে যে অধাৰ্ম্মিকৰ কাৰ্য্যত বেজাৰ পাই, সেই বিষয়ে বাইবেলে আমাক স্পষ্টকৈ প্ৰমাণ দিছে। (গীত ৭৮:৪১) ঈশ্বৰক বেজাৰ দিয়া আৰু তেওঁ ঘিণ কৰা কাৰ্য্যবোৰত অহঙ্কাৰ, মিছা কোৱা, ৰক্তপাত, যাদু-মন্ত্ৰ, ভৱিষ্যতৰ বিষয়ে কোৱা, পূৰ্বজ উপাসনা, অনৈতিক, পুংমৈথুন, স্বাম-স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি বিশ্বাসী হৈ নথকা, অগম্যাগমন আৰু দুখীয়াক শোষণ কৰা, আদি জড়িত আছে।—লেবীয়া পুস্তক ১৮:৯-২৯; ১৯:২৯; দ্বিতীয় বিবৰণ ১৮:৯-১২; হিতোপদেশ ৬:১৬-১৯; যিৰিমিয়া ৭:৫-৭; মলাখী ২:১৪-১৬.

মূৰ্ত্তি পূজা কৰাৰ বিষয়ে যিহোৱাই কেনেদৰে দৃষ্টি কৰে? যাত্ৰাপুস্তক ২০:৪, ৫ পদত এইদৰে বৰ্ণনা কৰিছে: “তুমি নিজলৈ কোনো কটা-প্ৰতিমা, বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মূৰ্ত্তি নেসাজিবা। সেইবোৰৰ আগত তুমি প্ৰণিপাত নকৰিবা, আৰু সেইবোৰক সেৱাপূজাও নকৰিবা।” কিয় তেনেদৰে কৈছে? কিয়নো মূৰ্ত্তি বা প্ৰতিমাবোৰ হৈছে “ঈশ্বৰ যিহোৱাৰ ঘিণলগীয়া বস্তু।” (দ্বিতীয় বিবৰণ ৭:২৫, ২৬) পাঁচনি যোহনে আমাক এইদৰে সতৰ্ক কৰিছিল: “হে বোপাহঁত, দেৱমূৰ্ত্তিবোৰৰ পৰা নিজক ৰক্ষা কৰা।” (১ যোহন ৫:২১) তদুপৰি পাঁচনি পৌলেও এইদৰে লিখিছিল: “হে মোৰ প্ৰিয়বিলাক, দেৱপূজাৰ পৰা পলোৱা।”—১ কৰিন্থীয়া ১০:১৪.

ঈশ্বৰৰ অনুমোদন বিচৰা

ঈশ্বৰৰ ‘গুপ্ত মন্ত্ৰণা সৰলবিলাকৰ লগত’ আৰু “যিবিলাক আচৰণ-ব্যৱহাৰত সিদ্ধ, তেওঁবিলাক তেওঁৰ প্ৰিয়।” (হিতোপদেশ ৩:৩২; ১১:২০) আনহাতে যিসকলে কঠোৰ মনৰ হৈ ঈশ্বৰৰ মনত আঘাত দিয়ে বা ঈশ্বৰৰ ধাৰ্ম্মিক অনুভূতিক অৱজ্ঞা কৰি অসন্তুষ্ট কৰে, তেওঁলোকে অতি কম সময়ৰ ভিতৰত তাৰ পৰিণাম পাব। (২ থিচলনীকীয়া ১:৬-১০) প্ৰকৃততে তেওঁ বৰ্তমান সময়ত বৃদ্ধি হোৱা দুষ্টতাক অতি শীঘ্ৰেই ধ্বংস কৰিব।—গীত ৩৭:৯-১১; চফনিয়া ২:২, ৩.

বাইবেলে স্পষ্টকৈ কৈছে যে, তথাপিও যিহোৱা ঈশ্বৰে বিচাৰে, “কোনো যেন বিনষ্ট নহয়, কিন্তু সকলো যেন মন-পালটনত প্ৰবৃত্ত হয়।” (২ পিতৰ ৩:৯) ঈশ্বৰে তেওঁক প্ৰেম কৰা সকলক অধিক স্নেহ আৰু তেওঁৰ মনত বেজাৰ দিয়া সকলৰ প্ৰতি বিতুষ্টিতা প্ৰকাশ কৰে। যিহোৱাই ‘দুষ্টৰ মৰণত সন্তোষ নাপায়, কিন্তু দুষ্টই যে নিজ পথৰ পৰা ঘূৰি জীয়াই থাকে, তাতহে তেওঁ সন্তোষ হয়।’—যিহিষ্কেল ৩৩:১১.

কোনেও যিহোৱাৰ ক্ৰোধৰ পাত্ৰ হোৱা আৱশ্যক নাই। কিয়নো যিহোৱা ঈশ্বৰ হৈছে “অতি স্নেহৱান আৰু দয়ালু।” (যাকোব ৫:১১) ঈশ্বৰৰ অনুভূতিত সম্পূৰ্ণকৈ ভাৰসা ৰাখি আপুনি নিজৰ ‘সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো তেওঁ আপোনাৰ কাৰণে চিন্তা কৰে।’ (১ পিতৰ ৫:৭) সেয়েহে নিশ্চিত হওক যে ঈশ্বৰে তেওঁৰ মন আনন্দিত কৰাসকলক তেওঁৰ অনুমোদন লাভ কৰা আৰু বন্ধু হʼবলৈ এক আশ্চৰ্য্যজনক আশা প্ৰদান কৰিছে। গতিকে এতিয়া “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয়” কৰাটো আগতকৈ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।—ইফিচীয়া ৫:৯.

ঈশ্বৰে নিজৰ গুণসমূহ আৰু তেওঁৰ অনুভূতিৰ দ্বাৰা অনুগ্ৰহ প্ৰকাশ কৰাটো এক অত্যুত্তম বিষয় নহয়নে বাৰু! এতেকে আমিও তেওঁৰ মন আনন্দিত কৰিব পাৰোঁ। যদি আপুনি তেনে কৰিবলৈ ইচ্ছা কৰে, তেনেহʼলে আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগাযোগ কৰিবলৈ আমি আপোনাক আগ্ৰহ কৰিছোঁ। ঈশ্বৰৰ মন আনন্দিত কৰিবলৈ তেওঁলোকে কেনে ব্যৱহাৰিক আৰু সাধ্য প্ৰণালী পালে তাৰ বিষয়ে আপোনাক কʼবলৈ আনন্দিত হʼব। (w04 5/15)

[ফুটনোট]

^ “বাইবেলে কিয় মানৱ চৰিত্ৰৰে ঈশ্বৰৰ বৰ্ণনা দিছে?” নামৰ বক্সটো চাওক।

[৭ পৃষ্ঠাৰ বক্স]

বাইবেলে কিয় মানৱ চৰিত্ৰৰে ঈশ্বৰৰ বৰ্ণনা দিছে?

যিহেতু ‘ঈশ্বৰ হৈছে আত্মা,’ এতেকে আমাৰ চকুৰে তেওঁক দেখি নাপাওঁ। (যোহন ৪:২৪) গতিকে বাইবেলে লাক্ষণিক ভাষা যেনে, উপমা, ৰূপক আৰু মানৱচৰিত্ৰযুক্ত ব্যৱহাৰ কৰিছে, যাতে আমি ঈশ্বৰৰ শক্তি, ৰাজপ্ৰতাপ আৰু কাৰ্য্যসমূহক বুজিব পাৰোঁ। সাধাৰণতে অদৃশ্য ব্যক্তিক মানৱচৰিত্ৰযুক্তৰে আখ্যা দি বুজোৱা হয়। ঈশ্বৰৰ আত্মিক শৰীৰ দেখাত কেনেকুৱা সেই বিষয়ে আমি যদিও একো নাজানোঁ, বাইবেলে কৈছে যে ঈশ্বৰৰ চকু, কাণ, হাত, বাহু, আঙুলি, ভৰি আৰু মন বা হৃদয় আছে।—আদিপুস্তক ৮:২১; যাত্ৰাপুস্তক ৩:২০; ৩১:১৮; ইয়োব ৪০:৯; গীত ১৮:৯; ৩৪:১৫.

এনে বৰ্ণনাত্মক ভাষাৰ অৰ্থ এইটো নহয় যে ঈশ্বৰৰ আত্মিক শৰীৰত মানুহৰ শৰীৰৰ দৰে একেই আঙ্গ-প্ৰত্যঙ্গবোৰ আছে। মানৱচৰিত্ৰযুক্তক বাস্তৱিক অৰ্থত বুজা উচিত নহয়। তেনে বিৱৰণীয়ে কেৱল মানুহক ঈশ্বৰৰ বিষয়ে বুজিবলৈ সহায় কৰে। তেনে ধৰণৰ বৰ্ণনা ব্যৱহাৰ নকৰাহʼলে মানুহে ঈশ্বৰৰ বিষয়ে বুজিবলৈ অনেক কঠিন বা অসম্ভৱ হʼলহেঁতেন। ইয়াৰ অৰ্থ এইটোও নহয় যে মানুহে যিহোৱা ঈশ্বৰৰ ব্যক্তিত্বক গঠন কৰিব পাৰে। কিয়নো বাইবেলে স্পষ্টকৈ কৈছে যে ঈশ্বৰক মানুহৰ নহয়, কিন্তু মানুহক ঈশ্বৰৰ নিজ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিলে। (আদিপুস্তক ১:২৭) বাইবেলৰ লিখকসকলে “ঈশ্বৰ-নিশ্বাসিত” হৈ বাইবেলখন লিখিছিল। সেয়েহে বাইবেলত বৰ্ণনা কৰা ঈশ্বৰৰ ব্যক্তিত্বৰ গুণসমূহ ঈশ্বৰে স্বয়ং ব্যাখ্যা কৰিছিল আৰু বৃহৎভাৱে সেই একেই গুণসমূহৰ সৈতে তেওঁ মানুহকো সৃষ্টি কৰিলে। (২ তীমথিয় ৩:১৬, ১৭) দৰাচলতে ঈশ্বৰত মানুহৰ গুণসমূহ হোৱাৰ বিপৰীতে মানুহক ঈশ্বৰৰ গুণসমূহেৰে সৃষ্টি কৰা হʼল।

[৪ পৃষ্ঠাৰ ছবি]

নোহে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পালে

[৭ পৃষ্ঠাৰ ছবি]

বাইবেলখন পঢ়ি জানিব পাৰিব যে ঈশ্বৰৰ মন আনন্দিত কৰিবলৈ আপুনি কি কৰিব পাৰে

[৪ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Courtesy of Anglo-Australian Observatory, photograph by David Malin