তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও আনন্দিত হোৱা
তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও আনন্দিত হোৱা
“যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য।”—মথি ৫:১১.
১. তাড়না আৰু আনন্দৰ সম্বন্ধে যীচুৱে নিজৰ শিষ্যবিলাকক কেনে ধৰণৰ আশ্বাস দিছিল?
যীচুৱে প্ৰথমবাৰ শিষ্যবিলাকক প্ৰচাৰ কাৰ্য্যলৈ পঠোৱাৰ সময়ত তেওঁলোকে তাড়নাৰ সম্মুখীন হʼব বুলি কৈ এইদৰে সতৰ্ক কৰিছিল: “মোৰ নামৰ কাৰণে, তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হবা।” (মথি ১০:৫-১৮, ২২) তথাপিও তেওঁ পৰ্ব্বতীয় উপদেশৰ আৰম্ভণিতে শিষ্য আৰু অন্যবিলাকক আশ্বাস দি কৈছিল যে তেনে ধৰণৰ তাড়নাই তেওঁলোকৰ আন্তৰিক আনন্দ কাঢ়ি নিব নোৱাৰে। তদুপৰি তেওঁ ইয়াকো কৈছিল যে খ্ৰীষ্টানসকলে সম্মুখীন হোৱা তাড়না আৰু আনন্দৰ মাজত এক নিবিড় সম্পৰ্ক আছে। এজন খ্ৰীষ্টানে কেনেকৈ তাড়না পাই আনন্দিত হʼব পাৰে?
ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক আনন্দিত
২. যীচু আৰু পাঁচনি পিতৰৰ অনুসাৰে কেনে ধৰণৰ তাড়নাই আনন্দ কঢ়িয়াই আনে?
২ যীচুৱে আনন্দিত হোৱা অষ্টম কাৰণটোৰ বিষয়ে এইদৰে কৈছিল: “ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ।” (মথি ৫:১০) এজন ব্যক্তিৰ বাবে তাড়নাৰ সম্মুখীন হোৱাটো কোনো প্ৰশংসাৰ বিষয় নহয়। এই সন্দৰ্ভত পাঁচনি পিতৰে এইদৰে কৈছিল: “পাপ কৰি ভুকু খালে, যদি সহন কৰা, তেন্তে তাত কি প্ৰশংসা আছে? কিন্তু সৎকৰ্ম্ম কৰি দুখভোগ কৰিলে, যদি সহন কৰা, তেন্তে সেয়েহে ঈশ্বৰৰ আগত গ্ৰহণীয়।” আগলৈ তেওঁ এইদৰে কৈছিল: “তোমালোকৰ মাজত কোনেও নৰ-বধী, বা চোৰ, বা কুকৰ্ম্মকাৰী, বা পৰ-চৰ্চ্চাকাৰী বুলি দুখভোগ নকৰক; কিন্তু খ্ৰীষ্টীয়ান হোৱা কাৰণে যদি দুখভোগ কৰে, তেন্তে তেওঁ লজ্জিত নহৈ, সেই নামেৰে ঈশ্বৰক গৌৰৱান্বিত কৰক।” (১ পিতৰ ২:২০; ৪:১৫, ১৬) দৰাচলতে যীচুৱে কোৱা কথাষাৰৰ অৰ্থ আছিল, যদি কোনোবাই ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পাইছে তেন্তে তেওঁক আনন্দিত হোৱা উচিত।
৩. (ক) ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাৰ অৰ্থ কি? (খ) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ওপৰত তাড়নাই কেনে প্ৰভাৱ পেলাইছিল?
৩ ঈশ্বৰৰ ইচ্ছা আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰাৰ দ্বাৰাহে এজন ব্যক্তিয়ে ধাৰ্ম্মিকতাৰ পথত চলিছে বুলি কʼব পাৰি। গতিকে ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ আজ্ঞাবোৰ নিৰন্তৰে পালন কৰিবলৈ কৰা সংঘৰ্ষ। উদাহৰণস্বৰূপে, পাঁচনিবিলাকে যীচুৰ নামেৰে প্ৰচাৰ নকৰিবলৈ দিয়া নিষেধাজ্ঞাক পালন নকৰাৰ বাবে ইহুদী ধৰ্ম্মগুৰুসকলে তেওঁলোকক তাড়না দিছিল। (পাঁচনিৰ কৰ্ম্ম ৪:১৮-২০; ৫:২৭-২৯, ৪০) এনে ধৰণৰ পৰিস্থিতিয়ে তেওঁলোকৰ আনন্দ বা প্ৰচাৰ কাৰ্য্যত কোনো বাধা উৎপন্ন কৰিব পাৰিলেনে? অৱশ্যেই নোৱাৰিলে! আগলৈ বৃতান্তত আমি এইদৰে পঢ়িবলৈ পাওঁ: “তেওঁলোক তেওঁৰ নামৰ নিমিত্তে অপমান পাবৰ যোগ্য বুলি গণিত হোৱাত, আনন্দিত হৈ সেই মহা-সভাৰ সম্মুখৰ পৰা গুচি গল। আৰু তেওঁলোকে নিতৌ নিতৌ ধৰ্ম্মধামত আৰু ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট বুলি প্ৰচাৰ কৰিবলৈ নেৰিলে।” (পাঁচনিৰ কৰ্ম্ম ৫:৪১, ৪২) এনে ধৰণৰ তাড়নাই তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলে আৰু প্ৰচাৰ কাৰ্য্যৰ প্ৰতি থকা উৎসাহ সজীৱ কৰি তুলিলে। পিছলৈ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলেও সম্ৰাট উপাসনাত ভাগ নোলোৱাৰ বাবে ৰোমানসকলৰ দ্বাৰা তাড়না পাইছিল।
৪. প্ৰকৃত খ্ৰীষ্টানসকলে কেনে কিছুমান কাৰণৰ বাবে তাড়নাৰ সম্মুখীন হৈছে?
৪ বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলেও “ৰাজ্যৰ এই শুভবাৰ্ত্তা” প্ৰচাৰ কৰি থকাৰ বাবে তাড়নাৰ সম্মুখীন হৈছে। (মথি ২৪:১৪) তেওঁলোকৰ খ্ৰীষ্টান সভাবোৰ পৰিচালনা কৰাৰ ওপৰত প্ৰতিবন্ধ লগোৱাৰ স্বত্বেও তেওঁলোকে একত্ৰিত হʼবলৈ এৰি দিয়া নাই। ইয়াৰ বিপৰীতে তেওঁলোকে স্বইচ্ছাৰে তাড়নাৰ সম্মুখীন হʼবলৈ প্ৰস্তুত আছে। (ইব্ৰী ১০:২৪, ২৫) তদুপৰি খ্ৰীষ্টান নিৰপেক্ষতা বজাই ৰাখা আৰু তেজৰ দুৰ্ব্যৱহাৰৰ পৰা আঁতৰি থকাৰ বাবেও তেওঁলোকে তাড়নাৰ সম্মুখীন হৈছে। (যোহন ১৭:১৪; পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯) যিয়ে নহওক, ধাৰ্ম্মিকতাৰ সপক্ষে লোৱা এনে ধৰণৰ পদক্ষেপে ঈশ্বৰৰ লোকসকললৈ আন্তৰিক শান্তি আৰু আনন্দ কঢ়িয়াই আনিছে।—১ পিতৰ ৩:১৪.
খ্ৰীষ্টৰ বাবে নিন্দিত হোৱা
৫. যিহোৱাৰ সাক্ষীসকলে তাড়নাৰ সম্মুখীন হোৱা মূল কাৰণটো কি?
৫ পৰ্ব্বতীয় উপদেশত যীচুৱে উল্লেখ কৰা নৱম কাৰণটো তাড়নাৰ সৈতে জড়িত আছে, যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য।” (মথি ৫:১১) যিহোৱাৰ সাক্ষীসকলে তাড়নাৰ সম্মুখীন হোৱা মুখ্য কাৰণটো হৈছে, তেওঁলোকে এই জগতৰ পৰা পৃথকে থকা। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোক জগতৰ হোৱা হলে, জগতে আপোন লোকক ভাল পালেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘিণায়।” (যোহন ১৫:১৯) একেইদৰে পাঁচনি পিতৰেও বৰ্ণনা কৰিছিল: “তোমালোকে তেওঁবিলাকৰ লগত সেই একে নষ্টামিৰ উপচয়লৈ ধাৱমান নোহোৱা দেখি, তেওঁবিলাকে আচৰিত মানি নিন্দা কৰে।”—১ পিতৰ ৪:৪.
৬. (ক) অভিষিক্ত ব্যক্তিসকল আৰু তেওঁলোকৰ সঙ্গীবিলাকে কিয় নিন্দা আৰু তাড়নাৰ সম্মুখীন হৈছে? (খ) তেনে ধৰণৰ নিন্দাই আমাৰ আনন্দক কাঢ়ি নিবলৈ সক্ষম হৈছেনে?
৬ আমি জানিব পাৰিলোঁ যে যীচুৰ নামেৰে প্ৰচাৰ কৰি থকাৰ কাৰণে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে তাড়নাৰ সম্মুখীন হৈছিল। কিয়নো তেওঁলোকে যীচুৱে নিজৰ শিষ্যবিলাকক দিয়া এই আজ্ঞাক পালন কৰিছিল: “পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।” (পাঁচনিৰ কৰ্ম্ম ১:৮) সেইবাবে ‘অন্য মেৰৰ’ সদস্যসকলৰ সৈতে একলগ হৈ অভিষিক্ত ব্যক্তিবিলাকে এই আজ্ঞাক উৎসাহেৰে পালন কৰিছে। (প্ৰকাশিত বাক্য ৭:৯) সেয়েহে, চয়তানে ‘[‘তিৰোতাৰ বংশ’ বা ঈশ্বৰৰ সংগঠনৰ স্বৰ্গীয় ভাগ] অভিষিক্ত লোক অৰ্থাৎ ঈশ্বৰৰ আজ্ঞা পালন কৰা আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰাবিলাকৰ’ সৈতে যুদ্ধ কৰিবলৈ আৰম্ভ কৰিছে। (প্ৰকাশিত বাক্য ১২:৯, ১৭) যিহোৱাৰ সাক্ষী হোৱাৰ বাবে আমিও যীচুৰ নামেৰে প্ৰচাৰ কৰিছোঁ, যিজন স্বৰ্গীয় ৰাজ্যৰ নিযুক্ত ৰজা আৰু অতি শীঘ্ৰেই নতুন পৃথিৱীখনৰ বাধা হিচাবে থকা সকলো মানৱ চৰকাৰক বিনষ্ট কৰিব। (দানিয়েল ২:৪৪; ২ পিতৰ ৩:১৩) যদিও আমি ইয়াৰ বাবে নিন্দা আৰু তাড়নাৰ সম্মুখীন হৈছোঁ, তথাপিও নিজকে আনন্দিত লোক বুলি ভাবোঁ।—১ পিতৰ ৪:১৪.
৭, ৮. বিৰোধীবিলাকে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ অহিতে কেনে ধৰণৰ মিছা অভিযোগ দিছিল?
৭ যীচুৱে কৈছিল যে যদিও জাতিসমূহে শিষ্যবিলাকৰ “অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব,” তথাপিও তেওঁলোকে আনন্দিত হোৱা উচিত। (মথি ৫:১১) এই কথাষাৰ প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ বাবেও একেইদৰে সত্য প্ৰমাণিত হৈছিল। উদাহৰণস্বৰূপে, সা.যু. ৫৯-৬১ চনত পাঁচনি পৌল ৰোম চহৰত বন্দী হৈ থকাৰ সময়ত ইহুদী ধৰ্ম্মগুৰুসকলে তাৰ খ্ৰীষ্টানসকলৰ বিষয়ে এইদৰে কৈছিল: “এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে।” (পাঁচনিৰ কৰ্ম্ম ২৮:২২) পৌল আৰু চীলক “জগতকে লণ্ডভণ্ড কৰিলে” আৰু “কৈচৰৰ আজ্ঞাৰ বিৰুদ্ধে আচৰণ” কৰিছে বুলি অভিযোগ দিছিল।—পাঁচনিৰ কৰ্ম্ম ১৭:৬, ৭.
৮ ৰোমান সাম্ৰাজ্যৰ সময়ত থকা খ্ৰীষ্টানসকলৰ বিষয়ে ইতিহাসবিদ কে. এচ. লাউটুৰেট্ নামৰ ব্যক্তিজনে এইদৰে কৈছিল: “তেওঁলোকৰ ওপৰত বহুতো মিছা অভিযোগ লগোৱা হৈছিল। যেনে, ৰোমানসকলে পালন কৰা আনুষ্ঠানিক সমাৰোহবোৰত ভাগ নোলোৱাৰ বাবে তেওঁলোকক নাস্তিকবাদী বুলি কোৱা হৈছিল। কোনো ধৰণৰ সাৰ্ব্বজনিকৰূপে আয়োজিত হোৱা আমোদ-প্ৰমোদ আৰু দেৱ-দেৱীৰ উৎসৱবোৰত অংশ গ্ৰহণ নকৰাৰ বাবে তেওঁলোকক সমাজৰ শত্ৰু হিচাবে গণ্য কৰা হৈছিল। . . . তদুপৰি তেওঁলোকক পুৰুষ আৰু স্ত্ৰী উভয়ে নিশা একত্ৰিত হৈ . . . ব্যভিচাৰ কাৰ্য্যত লিপ্ত হয় বুলি অভিযোগ দিয়া হৈছিল। . . . তদুপৰি স্মাৰক দিবস [খ্ৰীষ্টৰ মৃত্যু দিন পালন] কেৱল খ্ৰীষ্টানসকলৰ মাজতেহে পালন কৰা হৈছিল, যʼত তেওঁলোকে নিয়মীয়াকৈ নিজৰ নৱজাত শিশুবিলাকক বলি দি তেওঁলোকৰ তেজ আৰু মাংস ভক্ষণ কৰে বুলি মিছা বাতৰিৰ প্ৰচাৰ কৰা হৈছিল।” আনকি সম্ৰাট উপাসনাত ভাগ নোলোৱাৰ বাবে খ্ৰীষ্টানসকলক বিদ্ৰোহী বুলি ঘোষণা কৰিছিল।
৯. প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে সম্মুখীন হোৱা মিছা অভিযোগবোৰৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া দেখুৱালে আৰু বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলেও তেনে ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈছেনে?
৯ তেনে ধৰণৰ মিছা অভিযোগবোৰে খ্ৰীষ্টানসকলক প্ৰচাৰ কাৰ্য্যত বাধা দিব নোৱাৰিলে। উদাহৰণস্বৰূপে, সা.যু. ৬০-৬১ চনত পাঁচনি পৌলে এইদৰে কʼব পাৰিলে যে, “আকাশ-মণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত হোৱা যি শুভবাৰ্ত্তা তোমালোকে শুনিলা।” (কলচীয়া ১:৫, ৬, ২৩) এই কথাষাৰৰ সত্যতা আজি আমাৰ সময়তো দেখিবলৈ পোৱা যায়। প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে আজি যিহোৱাৰ সাক্ষীসকলৰ ওপৰতো মিছা অভিযোগ লগোৱা হয়। তথাপিও তেওঁলোকে সকলো ঠাইতে আনন্দেৰে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিছে।
তাড়নাৰ সম্মুখীন হৈ ভৱিষ্যতবক্তাসকলৰ দৰে আনন্দিত হোৱা
১০, ১১. (ক) যীচুৱে আনন্দিত হোৱা নৱম কাৰণটোৰ বিষয়ে কি বুলি কৈ সমাপ্তি কৰিছিল? (খ) প্ৰাচীন সময়ৰ ভৱিষ্যতবক্তাবিলাকে কিয় তাড়নাৰ সম্মুখীন হৈছিল? উদাহৰণ দি বুজাওক।
১০ যীচুৱে আনন্দিত হোৱা শেষ আৰু নৱম কাৰণটোৰ বিষয়ে এইদৰে কৈছে: “আনন্দ কৰা, . . . কাৰণ তোমালোকৰ পূৰ্ব্বে যি ভাববাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰে তাড়না কৰিছিল।” (মথি ৫:১২) অবিশ্বাসী ইস্ৰায়েলসকলৰ আগত সতৰ্কবাণী শুনোৱা যিহোৱাৰ ভৱিষ্যতবক্তাবিলাকে সদায়ে নিন্দা আৰু তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছিল। (যিৰিমিয়া ৭:২৫, ২৬) এই কথাষাৰৰ সত্যতাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “আৰু অধিক কি কম? . . ভাববাদীসকল, এই সকলোৰে বৃত্তান্ত কবলৈ গলে সময় নোজোৰে; . . . তেওঁলোকে . . . বিদ্ৰূপ আৰু চাবুকৰ কোব, এনে কি, বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে।”—ইব্ৰী ১১:৩২-৩৮.
১১ আহাব ৰজাৰ ৰাজত্বকালত তেওঁৰ পত্নী ঈজেবলে যিহোৱাৰ বহুতো ভৱিষ্যতবক্তাক বধ কৰিলে। (১ ৰাজাৱলি ১৮:৪, ১৩; ১৯:১০) আন এক উপলক্ষ্যত ভৱিষ্যতবক্তা যিৰিমিয়াক প্ৰহাৰ কৰি বোকাৰে ভৰি থকা কূপ বা নাদত পেলাই দিয়া হৈছিল। (যিৰিমিয়া ২০:১, ২; ৩৮:৬) ভৱিষ্যতবক্তা দানিয়েলক সিংহৰ গাঁতত পেলোৱা হৈছিল। (দানিয়েল ৬:১৬, ১৭) যিহেতু সত্য উপাসনাৰ সপক্ষে থিয় হোৱাৰ বাবে এই ভৱিষ্যতবক্তাসকলে তেনে ধৰণৰ তাড়নাৰ সম্মুখীন হʼবলগীয়া হʼল। আন বহুতো ভৱিষ্যতবক্তাই ইহুদী ধৰ্ম্মগুৰুসকলৰ দ্বাৰা তাড়না পাইছিল। সেইবাবে যীচুৱে ফৰীচী আৰু অধ্যাপকবিলাকক “ভাববাদীসকলক বধ কৰাবিলাকৰ সন্তান” বুলি আখ্যা দিছিল।—মথি ২৩:৩১.
১২. আমি যিহোৱাৰ সাক্ষীসকলে প্ৰাচীন ভৱিষ্যতবক্তাসকলৰ দৰে তাড়নাৰ সম্মুখীন হোৱাটো কিয় এক বিশেষাধিকাৰ বুলি অনুভৱ কৰোঁ?
১২ বৰ্তমান সময়ত আমি যিহোৱাৰ সাক্ষীসকলে উৎসাহেৰে সকলো ঠাইতে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ বাবে সঘনাই তাড়নাৰ সম্মুখীন হʼবলগীয়া হৈছোঁ। বিৰোধীসকলে আমাক “বলপূৰ্বক ধৰ্ম্মপৰিৱৰ্তন” কৰা বুলি অভিযোগ দিছে, কিন্তু আমি জানো যে প্ৰাচীন সময়তো বিশ্বাসী উপাসকসকলে তেনে ধৰণৰ নিন্দাৰ পাত্ৰ হৈছিল। (যিৰিমিয়া ১১:২১; ২০:৮, ১১) গতিকে আমিও প্ৰাচীন সময়ৰ ভৱিষ্যতবক্তাসকলৰ দৰে তাড়নাৰ সম্মুখীন হোৱাটো এক বিশেষাধিকাৰ বুলি অনুভৱ কৰোঁ। এই বিষয়ে পাঁচনি যাকোবে এইদৰে লিখিছিল: “হে ভাইবিলাক, যি ভাববাদীসকলে প্ৰভুৰ নামেৰে কথা কলে, তেওঁবিলাকক ক্লেশ-সহন আৰু চিৰসহিষ্ণুতাৰ আৰ্হি বুলি মানিবা।”—যাকোব ৫:১০, ১১.
আনন্দিত হোৱাৰ বৈশিষ্ট্যপূৰ্ণ কাৰণবোৰ
১৩. (ক) আমি তাড়নাৰ সম্মুখীন হোৱা স্বত্বেও কিয় নিৰুৎসাহী নহওঁ? (খ) কিহে আমাক থিৰে থাকিবলৈ সহায় কৰে আৰু ই কিহৰ প্ৰমাণ দিছে?
১৩ আমি নিৰুৎসাহী হোৱাৰ পৰিৱৰ্তে ভৱিষ্যতবক্তা, প্ৰথম শতিকাৰ খ্ৰীষ্টানসকল আৰু যীচুৰ পদচিহ্নক অনুকৰণ কৰিছোঁ বুলি জানি অতি আনন্দিত হৈছোঁ। (১ পিতৰ ২:২১) আমি শাস্ত্ৰীয় পদবোৰৰ দ্বাৰা আত্মসন্তুষ্টি হোৱা অনুভৱ কৰিছোঁ। উদাহৰণস্বৰূপে, পাঁচনি পিতৰে কোৱা এই কথাষাৰক মন কৰক, যʼত তেওঁ এইদৰে কৈছিল: “হে প্ৰিয়বিলাক, তোমালোকৰ পৰীক্ষাৰ অৰ্থে তোমালোকৰ মাজত যি জুই জ্বলিছে, সেয়ে তোমালোকলৈ অসম্ভৱ ঘটনা ঘটিছে বুলি, তাৰ বিষয়ে তোমালোকে আচৰিত নামানিবা; যদি খ্ৰীষ্টৰ নামৰ নিমিত্তে নিন্দিত হোৱা, তেন্তে তোমালোক ধন্য; কিয়নো গৌৰৱৰ আত্মা, অৰ্থাৎ ঈশ্বৰৰ আত্মা তোমালোকৰ ওপৰত আছে।” (১ পিতৰ ৪:১২, ১৪) আমি জানো যে কেৱল যিহোৱাৰ আত্মা আমাৰ ওপৰত স্থিতি হোৱাৰ বাবে আমি তাড়নাৰ সময়ত স্থিৰে থাকিবলৈ সক্ষম হৈছোঁ। এনে ধৰণৰ সমৰ্থনে আনন্দ কঢ়িয়াই অনাৰ উপৰি যিহোৱাৰ অনুমোদন থকা বিষয়েও প্ৰকাশ কৰিছে।—গীত ৫:১২; ফিলিপীয়া ১:২৭-২৯.
১৪. ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাৰ স্বত্বেও আমি কেনে কাৰণবোৰৰ বাবে আনন্দিত হওঁ?
১৪ ধাৰ্ম্মিকতাৰ কাৰণে বিৰোধীতা আৰু তাড়নাৰ সম্মুখীন হোৱা স্বত্বেও আমি আনন্দিত হোৱা আনটো কাৰণ হৈছে, প্ৰকৃত খ্ৰীষ্টান হিচাবে জীৱন-যাপন কৰা। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “বাস্তৱিক খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীমথিয় ৩:১২) তদুপৰি আমি ইয়াকো জানি অতি আনন্দিত হওঁ যে, আমাৰ এনে ধৰণৰ অখণ্ডতাই চয়তানে লগোৱা অভিযোগক মিছা প্ৰমাণিত কৰে। (ইয়োব ১:৯-১১; ২:৩, ৪) আনকি যিহোৱাৰ সাৰ্ব্বভৌমত্বক প্ৰতিপাদন কৰিবলৈ আমি যিয়ে ভূমিকা আদায় নকৰোঁ কিয়, ই আমাৰ আনন্দ বৃদ্ধি কৰে।—হিতোপদেশ ২৭:১১.
ভৱিষ্যতে সাঁচি থোৱা পুৰষ্কাৰৰ বাবে আনন্দিত
১৫, ১৬. (ক) যীচুৱে ‘আনন্দ আৰু উল্লাসিত হোৱাৰ’ সম্বন্ধে কেনে এক কাৰণ দাঙি ধৰিছিল? (খ) অভিষিক্ত ব্যক্তিসকলৰ বাবে স্বৰ্গত কেনে পুৰষ্কাৰ সাঁচি থোৱা হৈছে আৰু ‘অন্য মেৰৰ’ সদস্যসকলে কেনে পুৰষ্কাৰ লাভ কৰিব?
১৫ তাড়না পোৱা স্বত্বেও আনন্দিত হোৱাৰ এক অতিৰিক্ত কাৰণৰ বিষয়ে যীচুৱে কৈছিল। তেওঁ আনন্দিত হোৱাৰ সেই নৱম কাৰণটোৰ সমাপ্তিত এইদৰে কৈছিল: “আনন্দ কৰা, আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে।” (মথি ৫:১২) এই সম্পৰ্কে পাঁচনি পৌলে এইদৰে কৈছিল: “পাপৰ বেচ মৃত্যু; কিন্তু ঈশ্বৰে দিয়া বৰ, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই অনন্ত জীৱন।” (ৰোমীয়া ৬:২৩) বাস্তৱতে সকলোতকৈ ‘মহান বৰ’ হৈছে জীৱন আৰু ই কোনো বেতন বা দৰমহা নহয় যাক উপাৰ্জন কৰিব পাৰি। বৰঞ্চ, ই হৈছে এক বিনামূল্যে পোৱা উপহাৰ। যীচুৱে কৈছিল যে এই উপহাৰ “স্বৰ্গত” সাঁচি থোৱা হৈছে, কিয়নো ইয়াৰ দিওঁতাজন স্বয়ং যিহোৱা ঈশ্বৰ।
১৬ অভিষিক্ত ব্যক্তিবিলাকে পুৰষ্কাৰ হিচাবে ‘জীৱনস্বৰূপ কিৰীটি’ অৰ্থাৎ যীচুৰ সৈতে স্বৰ্গত অবিনাশী জীৱনৰ উপভোগ কৰিব। (যাকোব ১:১২, ১৭) ইয়াৰ বিপৰীতে, ‘অন্য মেৰৰ’ সদস্যসকলে পৰমদেশৰূপী পৃথিৱীত চিৰকাল জীয়াই থকাৰ আশা কৰিব পাৰে। এই দুয়ো বৰ্গৰ লোকে কোনো কঠিন তপস্যা কৰি সেই “পুৰষ্কাৰ” লাভ কৰা নাই। কিন্তু যিহোৱাৰ “মহৎ অনুগ্ৰহৰ” বাবেহে সেই পুৰষ্কাৰ পাইছে। যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰৰ বৰ্ণনাতীত দানৰ নিমিত্তে তেওঁৰ ধন্যবাদ হওক।”—২ কৰিন্থীয়া ৯:১৪, ১৫.
১৭. আমি কিয় তাড়নাৰ সম্মুখীন হৈ আনন্দিত আৰু লাক্ষণিকৰূপে “উল্লাসিত” হʼব পাৰোঁ?
১৭ অতি সোনকালে ৰোমান সম্ৰাট নিউৰোৰ দ্বাৰা অমানুষিকভাৱে তাড়না পাবলগীয়া কিছুমান খ্ৰীষ্টানৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “নানা ক্লেশতো উল্লাস কৰোঁহঁক; কিয়নো আমি জানো যে, ক্লেশ ধৈৰ্য্য, ধৈৰ্য্যে প্ৰমাণ, আৰু প্ৰমাণে আশা সাধন কৰে; আৰু সেই আশাই লাজত নেপেলায়।” আগলৈ তেওঁ ইয়োকো কৈছিল: “আশাত আনন্দ কৰা; ক্লেশত সহনীয় হোৱা।” (ৰোমীয়া ৫:৩-৫; ১২:১২) আমাৰ আশা যিয়েই নহওঁক কিয়, কিন্তু পৰীক্ষাৰ সময়ত বিশ্বাসত থিৰে থকাটোৱেই হৈছে সকলোতকৈ গুৰুত্বৰ বিষয়। যীচুৰ অধীনত থাকি চিৰকাললৈকে যিহোৱাৰ সেৱা কৰাৰ সম্বন্ধে থকা আমাৰ আনন্দ হৈছে অপৰিসীম। তদুপৰি আমি এতিয়া লাক্ষণিকৰূপে “উল্লাসিত” হোৱা অনুভৱ কৰিছোঁ।
১৮. ধ্বংস কাষ চাপি অহাৰ লগে লগে জাতিবোৰে কি কৰিবলৈ আগবাঢ়ি আহিব আৰু সেই সময়ত যিহোৱাই কেনে পদক্ষেপ লʼব?
১৮ আজিও কিছুমান দেশত যিহোৱাৰ সাক্ষীসকলে তাড়নাৰ সম্মুখীন হৈছে। এই ৰীতি-ব্যৱস্থাৰ সমাপ্তিৰ সম্বন্ধে কৰা ভৱিষ্যতবাণীত যীচুৱে প্ৰকৃত খ্ৰীষ্টানসকলক এইদৰে সতৰ্ক কৰিছিল: “তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) এই ৰীতি-ব্যৱস্থাৰ ধ্বংস একেবাৰে কাষ চাপি অহাৰ বাবে চয়তানে যিহোৱাৰ লোকবিলাকৰ প্ৰতি জাতিবোৰৰ মনত অধিককৈ শত্ৰুভাৱ উৎপন্ন কৰি চাৰিওফালৰ পৰা আক্ৰমণ কৰিবলৈ ঘেৰি ধৰিব। (যিহিষ্কেল ৩৮:১০-১২, ১৪-১৬) এনে সময়ছোৱাই হʼব যিহোৱাৰ হস্তক্ষেপ কৰা সময়। যাৰ বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তাতে, মই যে যিহোৱা, তাক সিহঁতে জানিব।” (যিহিষ্কেল ৩৮:২৩) যিহোৱাই নিজৰ মহান নাম পবিত্ৰ কৰাৰ উপৰিও তেওঁৰ লোকসকলৰ বাবে উদ্ধাৰকৰ্ত্তা হিচাবে প্ৰমাণিত হʼব। গতিকে “যি মানুহে পৰীক্ষা সহন কৰে, তেওঁ ধন্য।”—যাকোব ১:১২.
১৯. যিহোৱা “ঈশ্বৰৰ সেই দিনৰ আগমনৰ” বিষয়ে মনত ৰাখি আমি কি কৰা উচিত?
১৯ যিহোৱা “ঈশ্বৰৰ সেই দিনৰ আগমনৰ” সময় কাষ চাপি অহাৰ বাবে আঁহক আমি যীচুৰ নামৰ নিমিত্তে “অপমান পাবৰ যোগ্য বুলি গণিত হোৱাত” আৰু অধিককৈ আনন্দিত হওঁহঁক। (২ পিতৰ ৩:১০-১৩; পাঁচনিৰ কৰ্ম্ম ৫:৪১) তদুপৰি আমি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে নিৰন্তৰে আগতকৈ অধিক “ঘৰে ঘৰে উপদেশ দিবলৈ, আৰু যীচুৱেই সেই খ্ৰীষ্ট বুলি প্ৰচাৰ” কৰি থাকোঁহঁক।—পাঁচনিৰ কৰ্ম্ম ৫:৪২; যাকোব ৫:১১. (w04 11/1)
পুনৰ্বিচাৰৰ বাবে প্ৰশ্নসমূহ
• ধাৰ্ম্মিকতাৰ কাৰণে তাড়নাৰ সম্মুখীন হোৱাৰ অৰ্থ কি?
• প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ ওপৰত তাড়নাই কেনে প্ৰভাৱ পেলাইছিল?
• প্ৰাচীন সময়ৰ ভৱিষ্যতবক্তাসকলৰ দৰে যিহোৱাৰ সাক্ষীসকলেও তাড়নাৰ সম্মুখীন হৈছে বুলি কিয় কʼব পাৰি?
• আমি কিয় তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও ‘আনন্দ আৰু উল্লাসিত’ হʼব পাৰোঁ?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
কাৰাগাৰত থকা লোকসকল: Chicago Herald-American