Skip to content

Skip to table of contents

দ্বিতীয় বিবৰণ কিতাপৰ আলোকপাত

দ্বিতীয় বিবৰণ কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

দ্বিতীয় বিবৰণ কিতাপৰ আলোকপাত

বছৰটো আছিল সা.যু.পূ. ১৪৭৩ চন। যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক মিচৰৰ দাসত্ব বন্ধনৰ পৰা মুকলি কৰা চল্লিশ বছৰ পাৰ হʼল। ইস্ৰায়েলসকলে অৰণ্যাঞ্চলত এতিয়াও কোনো নিৰ্দ্দিষ্ট স্থান নোহোৱাকৈ ভ্ৰমি ফুৰিছে। অৱশেষত তেওঁলোক প্ৰতিজ্ঞাত দেশৰ সীমাত ভৰি দিলেহি। তেওঁলোকে সেই দেশ অধিকাৰ কৰিব পাৰিবনে? তেওঁলোকে কেনে সমস্যাৰ সম্মুখীন হʼব আৰু সেইবোৰ সমস্যাক কেনেকৈ সমাধান কৰিব?

ইস্ৰায়েলসকলে যৰ্দ্দন নদী পাৰ কৰি কনান দেশ প্ৰৱেশ কৰাৰ পূৰ্বেই মোচিয়ে গোটেই মণ্ডলীক কৰিবলগীয়া কঠিন কাৰ্য্যৰ বাবে সাজু কৰিলে। কেনেকৈ সাজু কৰিলে? ধাৰাবাহিকৰূপে আলোচনা কৰি সকলোকে আগ্ৰহেৰে উৎসাহিত, উপদেশ আৰু সতৰ্ক কৰিলে। তদুপৰি মোচিয়ে ইস্ৰায়েলসকলক সোঁৱৰাই দিলে যে তেওঁলোকে চাৰিওফালে থকা আন জাতিৰ লোকৰ পথত চলাৰ পৰা আঁতৰি থাকি একান্তমনে যিহোৱা ঈশ্বৰক উপাসনা কৰা উচিত। এই উপদেশ আৰু নিৰ্দ্দেশনাবোৰৰ বিষয়ে দ্বিতীয় বিবৰণ কিতাপত প্ৰমুখভাৱে উল্লেখ কৰা হৈছে। সেই কিতাপখনত উল্লেখ কৰা পৰামৰ্শবোৰ আজি আমাৰ বাবেও ব্যৱহাৰিক, কিয়নো আমি বৰ্তমান সময়ত এনে এখন জগতত বাস কৰিছোঁ যাৰ বাবে যিহোৱা ঈশ্বৰলৈ একান্ত ভক্তি আগবঢ়োৱাটো প্ৰত্যাহ্বানজনক বিষয় হৈ পৰিছে।—ইব্ৰী ৪:১২.

এই কিতাপখনৰ শেষৰ অধ্যায়টোৰ বাহিৰে বাকীবোৰ অধ্যায় মোচিয়ে লিখিছিল। প্ৰায় দুমাহতকৈও অলপ বেচি সময়ৰ ভিতৰত মোচিয়ে এই কিতাপখন লিখি সমাপ্ত কৰিলে। * (দ্বিতীয় বিবৰণ ১:৩; যিহোচূৱা ৪:১৯) এতেকে আঁহক আমি নিৰীক্ষণ কৰোঁহঁক যে যিহোৱা ঈশ্বৰক সম্পূৰ্ণ হৃদয় আৰু বিশ্বাসেৰে উপাসনা কৰিবলৈ কেনেকৈ এই কিতাপখনে সহায় কৰে।

“তুমি নিজ চকুৰে যি যি দেখিলা, সেইবোৰ যেন নাপাহৰা”

(দ্বিতীয় বিবৰণ ১:১-৪:৪৯)

প্ৰথমটো আলোচনাত মোচিয়ে অৰণ্যাঞ্চলত বিশেষকৈ ইস্ৰায়েলসকলে প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাৰ পূৰ্বে হোৱা অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যিবোৰ তেওঁলোকৰ বাবে লাভজনক আছিল। বিচাৰকৰ্ত্তাবোৰক নিযুক্ত কৰা বিৱৰণীয়ে নিশ্চয়ে তেওঁলোকক সোঁৱৰাই দিছিল যে যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক প্ৰেমেৰে সংগঠিত কৰে আৰু যত্ন লয়। তদুপৰি মোচিয়ে বৃতান্তত দহজন চোৰাংচোৱাই দিয়া বেয়া ৰিপোৰ্টৰ বাবে পূৰ্বগামী বংশও প্ৰতিজ্ঞাত দেশত প্ৰৱেশ কৰাত বিফল হোৱাৰ বিষয়ে বৰ্ণনা কৰিছে। মোচিৰ এই সাৱধানসুচক উদাহৰণে চকুৰ আগত প্ৰতিজ্ঞাত দেশ থকা শ্ৰোতাসকলক কেনেদৰে প্ৰভাৱিত কৰিলে, সেই বিষয়ে খন্তেক চিন্তা কৰক।

যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক যৰ্দ্দন নদী পাৰ হোৱাৰ পূৰ্বেই জয়ী কৰোৱা বিষয়টোৱে তেওঁলোকক কেনেকৈ নদীৰ সিপাৰে গৈ জয় কৰিবলৈ অতি সাহসী কৰি তুলিছিল, সেই বিষয়ে সোঁৱৰণ কৰক। তেওঁলোকে অধিকাৰ কৰিবলগীয়া দেশখন মূৰ্ত্তিপূজাৰে ভৰি আছিল। গতিকে মোচিয়ে মূৰ্ত্তিপূজাৰ বিপক্ষে দিয়া সতৰ্কবাণী কিমান যে যুক্তিসঙ্গত আছিল!

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:৪-৬, ৯, ১৯, ২৪, ৩১-৩৫; ৩:১-৬ পদৰ অনুসাৰে ইস্ৰায়েলসকলে যৰ্দ্দন নদীৰ পূবফালে থকা কিছুমান জাতিক কিয় উচ্ছন্ন কৰিলে, কিন্তু আনসকলক নকৰিলে? যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলক এচৌৰ সন্তানবিলাকৰ অহিতে যুদ্ধ নকৰিবলৈ আজ্ঞা দিছিল। কিয় তেনে আজ্ঞা দিছিল? কিয়নো তেওঁলোক যাকোবৰ ভায়েকৰ সন্তান-সন্ততি আছিল। ইস্ৰায়েলসকলক মোৱাবীয়া আৰু অম্মোনীয়াসকলৰ বিৰোদ্ধেও যুদ্ধ কৰিবলৈ নিষেধ কৰা হৈছিল, কিয়নো তেওঁলোক অব্ৰাহামৰ ভতিজা লোটৰ সন্তান-সন্ততি আছিল। তদুপৰি ইমোৰীয়াসকলৰ চীহোন আৰু ওগ ৰজাই সেই দেশখন তেওঁলোকৰ অধীনত থকা বুলি দাবী কৰা নাছিল। যেতিয়া চীহোন ৰজাই নিজৰ দেশৰ মাজেৰে ইস্ৰায়েলসকলক যাবলৈ বাধা দিলে আৰু ওগ ৰজাই ইস্ৰায়েল জাতিৰ অহিতে যুদ্ধ কৰিবলৈ আহিল তেতিয়া যিহোৱাই তেওঁলোকৰ চহৰবোৰ সম্পূৰ্ণকৈ ধ্বংস আৰু তাৰ নিবাসীবিলাকৰ সকলোকে বধ কৰিবলৈ আজ্ঞা দিলে।

৪:১৫-২০, ২৩, ২৪—খোদিত কৰি কোনো প্ৰতিমা নবনাবলৈ দিয়া আজ্ঞাৰ অৰ্থ এইটোনে যে কাৰুশিল্পৰ উদ্দেশ্যৰে কোনো বস্তুৰ আৰ্হি বনোৱাটো ভুল? অৱশ্যেই নহয়। ইয়াত কৰা নিষেধাজ্ঞা কেৱল প্ৰতিমা বনাই তাক উপাসনা অথবা ‘সেইবোৰৰ আগত প্ৰণিপাত নকৰিবলৈহে’ দিয়া হৈছিল। শাস্ত্ৰই কাৰুশিল্পৰ অৰ্থে কোনো বস্তুৰ আৰ্হি খোদিত বা চিত্ৰবিদ্যা কৰাৰ বাবে কোনো নিষেধাজ্ঞা দিয়া নাই।—১ ৰাজাৱলি ৭:১৮, ২৫.

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:২, ১৯. যদিও “চেয়ীৰ পৰ্ব্বতেদি হোৰেবৰ [ঈশ্বৰে ইস্ৰায়েলসকলক দহ আজ্ঞা দিয়া চীনয় পৰ্ব্বতৰ কাষৰীয়া অঞ্চল] পৰা কাদেচ-বৰ্ণেয়ালৈ এঘাৰ দিনৰ বাট” আছিল, তথাপিও ইস্ৰায়েলৰ সন্তানবিলাকে ৩৮ বছৰ ধৰি অৰণ্যাঞ্চলত ভ্ৰমি ফুৰিবলগীয়া হৈছিল। যিহোৱা ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী নোহোৱাৰ বাবে কিমান যে কষ্টদায়ক পৰিণামৰ সম্মুখীন হৈছিল!—গণনা পুস্তক ১৪:২৬-৩৪.

১:১৬, ১৭. বৰ্তমান সময়তো ঈশ্বৰৰ ন্যায়ৰ স্তৰবোৰৰ কোনো সলনি হোৱা নাই। এতেকে যিসকলে ন্যায়িক কমিটিত সেৱা কৰিবলৈ দায়িত্ব লাভ কৰে তেওঁলোকে ন্যায়-বিচাৰ কৰাৰ সময়ত কেতিযাও মানুহলৈ ভয় কৰি পক্ষপাতি হোৱা উচিত নহয়।

৪:৯. ইস্ৰায়েলসকলৰ সফলতা ‘তেওঁলোকে নিজ চকুৰে যি দেখিলে, সেইবোৰক পাহৰি নোযোৱাৰ’ ওপৰত নিৰ্ভৰ আছিল। যিহেতু আমাৰ সময়ত অতি শীঘ্ৰেই নতুন জগতৰ প্ৰতিজ্ঞা পূৰ্ণ হʼবলগীয়া আছে, গতিকে আমিও ঈশ্বৰৰ বাক্যক গভীৰভাৱে অধ্যয়ন কৰি যিহোৱাই আমালৈ কৰা সকলোবোৰ আচৰিত কৰ্ম্মত ধ্যান কেন্দ্ৰিত কৰা আৱশ্যক।

যিহোৱা ঈশ্বৰক প্ৰেম আৰু তেওঁৰ আজ্ঞা পালন কৰা

(দ্বিতীয় বিবৰণ ৫:১-২৬:১৯)

মোচিৰ দ্বিতীয় আলোচনাত চীনয় পৰ্ব্বতত দিয়া দহোটা আজ্ঞাক বিস্তাৰিতভাৱে বৰ্ণনা কৰিছে। বিশেষকৈ সাতটা জাতিক সম্পূৰ্ণকৈ ধ্বংস কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে। ইস্ৰায়েলৰ সন্তানবিলাকে অৰণ্যাঞ্চলত যি শিক্ষা পালে সেই বিষয়ে এইদৰে সোঁৱৰাই দিয়া হৈছিল: “মানুহ কেৱল পিঠাৰে যে নিজীয়ে, কিন্তু যিহোৱাৰ মুখৰ পৰা যি যি ওলায়, তাৰেহে যে জীয়ে।” তেওঁলোকৰ নতুন পৰিস্থিত তেওঁলোকে অৱশ্যেই “গোটেই ব্যৱস্থা পালন” কৰা আৱশ্যক আছিল।—দ্বিতীয় বিবৰণ ৮:৩; ১১:৯.

ইস্ৰায়েলসকলে প্ৰতিজ্ঞাত দেশত থিতাপি লোৱাত উপাসনাৰ সম্বন্ধে কেৱল ব্যৱস্থাই পালন কৰিবলগীয়া আছিল, এনে নহয়, কিন্তু ন্যায়-বিচাৰ, পৰিচালনা, যুদ্ধ আৰু সমাজত দৈনন্দিন আৰু ব্যক্তিগত জীৱনধাৰাৰ সম্বন্ধেও ব্যৱস্থা পালন কৰিব লাগিছিল। মোচিয়ে সেই ব্যৱস্থাবোৰক উল্লেখ কৰি যিহোৱাৰ প্ৰতি প্ৰেম আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰাৰ সম্পৰ্কে জোৰ দি কৈছিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৮:৩, ৪—অৰণ্যাঞ্চলেদি যাত্ৰা কৰাৰ সময়ছোৱাত ইস্ৰায়েলসকলে পিন্ধা কাপোৰ কিয় নাফাটিল আৰু তেওঁলোকৰ ভৰিত কিয় পানীজ্বলা হোৱা নাছিল? দৈনন্দিন মান্না প্ৰবন্ধ কৰাৰ দৰে এইটোও যিহোৱা ঈশ্বৰে কৰা অলৌকিক কৰ্ম্ম আছিল। ইস্ৰায়েলসকলে অৰণ্যাঞ্চলেদি যাত্ৰা কৰাৰ পূৰ্বেই পৰিধান কৰা একেই বস্ত্ৰ আৰু জোতা সম্ভৱতঃ সন্তানবোৰ ডাঙৰ-দীঘল হোৱা অথবা প্ৰাপ্তবয়স্কসকলে মৃত্যুৰ পিছত তেওঁলোকৰ সেইবোৰ হয়তো আনক দিছিল। অৰণ্যাঞ্চল যাত্ৰ কৰাৰ পূৰ্বে আৰু অন্তত ইস্ৰায়েলসকলৰ সদস্যসকলৰ দুবাৰকৈ জনসংখ্যা গণনা কৰা হৈছিল, গণনাৰ ফলাফলত দেখুৱাইছে যে ইস্ৰায়েলৰ সংখ্যা বৃদ্ধি হোৱা নাছিল। সেয়েহে আৰম্ভণিতে প্ৰবন্ধ কৰা বস্ত্ৰ আৰু জোতা তেওঁলোকৰ বাবে যথেষ্ট আছিল।—গণনা পুস্তক ২:৩২; ২৬:৫১.

১৪:২১—ইস্ৰায়েলসকলে তেজ বাহিৰ নকৰা মৰা জন্তু নিজে নাখাই কিয় বিদেশী লোকক দিছিল বা পৰজাতিক বিক্ৰী কৰিছিল? বাইবেলত ‘বিদেশী’ বুলি উল্লেখ কৰা শব্দটোৱে অইস্ৰায়েলী লোকক বুজাইছে, যিসকলে পিছলৈ ধৰ্মান্তৰিত বা ব্যৱস্থা পালন কৰিছিল যদিও যিহোৱাৰ উপাসক হোৱা নাছিল। ধৰ্মান্তৰিত নোহোৱা লোক মোচিৰ ব্যৱস্থাৰ অধীনত নাছিল আৰু সেয়েহে তেওঁলোকে বিভিন্ন প্ৰকাৰে মৰা তেজ নোবোৱা জন্তু খাব পাৰিছিল। তেনে জন্তুক দান বা বিক্ৰী কৰিবলৈহে ইস্ৰায়েলসকলক অনুমতি দিয়া হৈছিল। আনহাতে ধৰ্মান্তৰিতসকলে নিয়ম ব্যৱস্থাৰ অধীনত আছিল। লেবীয়া পুস্তক ১৭:১০ পদৰ অনুসাৰে ধৰ্মান্তৰিত হোৱা এজন ব্যক্তিৰ বাবে তেজৰ সৈতে জন্তুৰ মাংস খোৱাটো নিষেধ আছিল।

২৪:৬—“জাঁত শিল বা তাৰ ওপৰ ভাগ” বন্ধক লোৱাটো কিয় “প্ৰাণ” বন্ধক লোৱাৰ সৈতে তুলনা কৰিছে? জাঁত শিলৰ ওপৰভাগ এজন ব্যক্তিৰ “প্ৰাণ” বা তেওঁৰ জীৱনটোক চিহ্নিত কৰে। ইয়াক বন্ধকত লোৱাৰ অৰ্থ হৈছে সমস্ত পৰিয়ালৰ দৈনিক আহাৰৰ প্ৰবন্ধক কাঢ়ি নিয়া।

২৫:৯—ককায়েক বা ভায়েকৰ পত্নীক খুলশালি বা বৰজনাই বিবাহ কৰিবলৈ অস্বীকাৰ কৰিলে তেওঁৰ ভৰিৰ পৰা জোতা সোলোকোৱা আৰু মুখত থু পেলোৱাই কিহক চিহ্নিত কৰে? “মুক্ত কৰা আৰু সলোৱাৰ বিষয়ে, . . . ইস্ৰায়েলৰ মাজত এইৰূপে ৰীতি চলিছিল যে, এজনে নিজৰ জোতা সোলোকাই আন জনক দিয়ে।” (ৰূথ ৪:৭) ককায়েক বা ভায়েকৰ পত্নীক খুলশালি বা বৰজনাই বিবাহ কৰিবলৈ অস্বীকাৰ কৰি জোতা সোলোকোৱাৰ অৰ্থ হৈছে নিজ ককায়েক বা ভায়েকৰ বংশ উৎপন্ন কৰাৰ অধিকাৰ আৰু স্থানক ত্যাগ কৰা। এনে কৰাটো অতি অপমানজনক বিষয় আছিল। (দ্বিতীয় বিবৰণ ২৫:১০) মুখত থু পেলোৱাৰ অৰ্থ হৈছে মানহানি কৰা।—গণনা পুস্তক ১২:১৪.

আমাৰ বাবে শিক্ষামূলক পাঠ:

৬:৬-৯. ইস্ৰায়েলসকলক ব্যৱস্থাৰ প্ৰতি সন্মান দেখুৱাবলৈ আজ্ঞা দিয়া দৰে, আমিও ঈশ্বৰৰ আজ্ঞাসমূহৰ সৈতে আন্তৰিকতাৰে পৰিচিত হৈ সেইবোৰক আমাৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰথম স্থান দি নিজৰ লʼৰা-ছোৱালীক সেই আজ্ঞাবোৰৰ সৈতে প্ৰশিক্ষণ দিয়া আৱশ্যক। তদুপৰি আমি ‘সেইবোৰক আমাৰ হাত’ অৰ্থাৎ কাৰ্য্যত ‘চিনস্বৰূপে বান্ধি’ আমি নিশ্চয়ে যিহোৱা ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ আজ্ঞাকাৰীতা হোৱা আৱশ্যক। ইয়াৰ উপৰিও ঈশ্বৰৰ আজ্ঞাবোৰ “দুই চকুৰ মাজত ভূষণস্বৰূপে” স্পষ্টকৈ সকলোলৈ দৃশ্যমান হোৱা উচিত।

৬:১৬. এতেকে আঁহক আমি মচ্ছা নামৰ ঠাইত বিশ্বাস বিহীন ইস্ৰায়েলসকলে পানীৰ বাবে বিবাদ কৰি পৰীক্ষা কৰাৰ দৰে কেতিয়াও যিহোৱা ঈশ্বৰক পৰীক্ষা নকৰোঁহঁক।—যাত্ৰাপুস্তক ১৭:১-৭.

৮:১১-১৮. ভৌতিকবাদে আমাক যিহোৱা ঈশ্বৰৰ উপাসনাৰ পৰা আঁতৰাই নিব পাৰে।

৯:৪-৬. ধৰ্ম্মাভিমানী হোৱাৰ পৰা আমি নিশ্চয়ে বিৰত থকা উচিত।

১৩:৬. যিহোৱাৰ উপাসনাৰ পৰা আঁতৰাই নিবলৈ আমি কোনো এজনকো অনুমতি দিয়া উচিত নহয়।

১৪:১. নিজৰ অঙ্গছেদন কৰাটো হৈছে মানৱ শৰীৰৰ প্ৰতি অসন্মান দেখুৱা। এনে নিয়ম হয়তো মিছা ধৰ্ম্মৰ সৈতে জড়িত থাকিব পাৰে আৰু সেয়েহে আমি অৱশ্যেই ইয়াক বৰ্জ্জন কৰা উচিত। (১ ৰাজাৱলি ১৮:২৫-২৮) পুনৰুত্থানৰ প্ৰতি থকা আমাৰ আশাই প্ৰকাশ কৰিছে যে মৃতুজনাৰ প্ৰতি আমি অতিশয় শোক কৰাটো উপযুক্ত নহয়।

২০:৫-৭; ২৪:৫. আমাৰ হাতত থকা কাৰ্য্য যদিও গুৰুত্বপূৰ্ণ হয়, তথাপিও বিশেষ পৰিস্থিতিত থকাসকলৰ প্ৰতি নিশ্চয়ে বিবেচনাশীল হোৱা উচিত।

২২:২৩-২৭. বলৎকাৰীৰ পৰা হাত হাৰিবলৈ এগৰাকী স্ত্ৰীৰ সকলোতকৈ কাৰ্য্যকাৰী অস্ত্ৰপাত হৈছে, আৰ্তনাদ বা চিৎকাৰ কৰা।

“জীয়াই থাকিবলৈ জীৱনক মনোনীত কৰা”

(দ্বিতীয় বিবৰণ ২৭:১-৩৪:১২)

মোচিয়ে তেওঁৰ এই তৃতীয় আলোচনাটো যৰ্দ্দন নদী পাৰ কৰাৰ পিছত ব্যাখ্যা কৰিছিল। সেই আলোচনাত তেওঁ ইস্ৰায়েলসকলে অৱশ্যেই ব্যৱস্থাসমূহ ডাঙৰ পাথৰত লিখা আৰু আজ্ঞাকাৰীসকলৰ বাবে আশীৰ্ব্বাদ আৰু অৱজ্ঞাকাৰীসকলৰ বাবে অভিশাপৰ বিষয়ে উল্লেখ কৰিছিল। চতুৰ্থ আলোচনাটো যিহোৱা আৰু ইস্ৰায়েলৰ মাজত থকা সম্বন্ধ নবীকৰণ কৰাৰ দ্বাৰা আৰম্ভ হৈছিল। ইয়াত মোচিয়ে পুনৰাই অৱজ্ঞাকাৰীসকলক সতৰ্ক আৰু লোকসকলক “জীৱনক মনোনীত” কৰিবলৈ উৎসাহিত কৰিলে।—দ্বিতীয় বিবৰণ ৩০:১৯-২০.

এই চাৰিটা বিষয় আলোচনা কৰাৰ উপৰিও মোচিয়ে নেতৃত্ব সলনি হোৱাৰ বিষয়ে কʼলে। তদুপৰি ইস্ৰায়েলসকলক যিহোৱা ঈশ্বৰলৈ স্তুতি গীত গান কৰিবলৈ শিকালে আৰু বিশ্বাসহীন লোকে পাবলগীয়া পৰিণামৰ বিষয়ে সতৰ্ক কৰিলে। জাতিবোৰৰ মঙ্গল কামনা কৰি ১২০ বছৰ বয়সত মোচিৰ মৃত্যু হোৱাত তেওঁক কবৰ দিয়া হয়। মোচিৰ মৃত্যুত প্ৰায় ৩০ দিন শোক কৰা হʼল আৰু এই দিনৰ পৰিমাণ প্ৰায় দ্বিতীয় বিবৰণ পুস্তকখন লিখি সমাপ্তি কৰা সময়ছোৱাৰ আধা আছিল।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

৩২:১৩, ১৪—যিহেতু ইস্ৰায়েলসকলক তেল অৰ্থাৎ চৰ্বী খাবলৈ নিষেধাজ্ঞা দিয়া হৈছিল, তেনেহʼলে “মেৰ পোৱালিৰ তেল” খোৱাৰ অৰ্থ কি? ইয়াত লাক্ষণিকৰূপে উক্তিটো ব্যৱহাৰ কৰা হৈছে আৰু যি মেৰৰ জাকটিৰ উত্তম জন্তুটোক বুজাইছে। এই উক্তিটো যে লাক্ষণিক অৰ্থত বুজাইছে ইয়াকে বুজিবলৈ সেই একেই পদত “দ্ৰাক্ষাগুটিৰ তেজ” বুলি উল্লেখ কৰা উক্তিটোৰ বিষয়ে বিবেচনা কৰক।

৩৩:১-২৯—মোচিয়ে ইস্ৰায়েলৰ সন্তানবিলাকক আশীৰ্ব্বাদ কৰাৰ সময়ত বিশেষকৈ চিমিয়োন বংশৰ নাম কিয় উল্লেখ কৰা নহʼল? কিয়নো চিমিয়োন আৰু লেবীয়ে “প্ৰচণ্ড” ক্ৰোধী আৰু “নিষ্ঠুৰ” হৈ কাৰ্য্য কৰিলে। (আদিপুস্তক ৩৪:১৩-৩১; ৪৯:৫-৭) তেওঁলোকে পোৱা উত্তৰাধিকাৰ আন গোত্ৰ বা বংশৰ দৰে একেই নাছিল। লেবী বংশই ৪৮ খন নগৰ আৰু চিমিয়োন বংশই যিহূদা এলেকাৰ ভিতৰত ভাগ পাইছিল। (যিহোচূৱা ১৯:৯; ২১:৪১, ৪২) মোচিয়ে যদিও চিমিয়োনক বিশেষ আশীৰ্ব্বাদ দিয়া নাছিল, তথাপিও ইস্ৰায়েলক সাধাৰণভাৱে কৰা আশীৰ্ব্বাদত ভাগ পাইছিল।

আমাৰ বাবে শিক্ষামূলক পাঠ:

৩১:১২. মণ্ডলীৰ সভাবোৰত কিশোৰ-কিশোৰীসকলে বয়সস্থসকলৰ সৈতে একেলগে বহা উচিত আৰু শুনি শিকিবলৈ চেষ্টা কৰা আৱশ্যক।

৩২:৪. যিহোৱা ঈশ্বৰৰ সকলো কাৰ্য্য সিদ্ধ। কিয়নো ইয়াৰ দ্বাৰা তেওঁৰ ন্যায়, জ্ঞান, প্ৰেম আৰু শক্তিত বজাই ৰাখা সম্পূৰ্ণ ভাৰসাম্যতা প্ৰকাশ পায়।

দ্বিতীয় বিবৰণ কিতাপখন আমাৰ বাবে অত্যন্ত লাভজনক

দ্বিতীয় বিবৰণ কিতাপখনত ঈশ্বৰ যিহোৱাক “একমাত্ৰ যিহোৱা” বুলি দাঙি ধৰিছে। (দ্বিতীয় বিবৰণ ৬:৪) এই কিতাপখনত যিহোৱা ঈশ্বৰৰ সৈতে লোকসকলে বজাই ৰাখা এক বিশেষ সম্বন্ধৰ বিষয়ে উল্লেখ কৰিছে। তদুপৰি দ্বিতীয় বিবৰণ কিতাপখনে আমাক মূৰ্ত্তিপূজাৰ অহিতে সতৰ্কবাণী আৰু সত্য ঈশ্বৰক একান্ত ভক্তি আগবঢ়াবলৈ জোৰ দি উল্লেখ কৰিছে।

ইয়াত কোনো সন্দেহ নাই যে দ্বিতীয় বিবৰণ কিতাপখন আমাৰ বাবে বাস্তৱতে মূল্যৱান! আমি আজি যদিও মোচিৰ ব্যৱস্থাৰ অধীনত নাই, তথাপিও আমি ইয়াৰ পৰা বহু কিছু শিকিব পাৰোঁ যিয়ে আমাক ‘আমাৰ সকলো মন, সকলো প্ৰাণ আৰু সকলো শক্তিৰে সৈতে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰাত’ সহায় কৰে।—দ্বিতীয় বিবৰণ ৬:৫. (w04 9/15)

[ফুটনোট]

^ এই কিতাপখনৰ শেষ অধ্যায়ত মোচিৰ মৃত্যুৰ বিষয়ে বিৱৰণ দিয়া আছে। সম্ভৱতঃ এই শেষ অধ্যায়টো যিহোচূৱা বা প্ৰধান পুৰোহিত ইলিয়াজৰে সন্মিলিত কৰিলে।

[২৮ পৃষ্ঠাৰ ক্যাপ্‌শন]

দ্বিতীয় বিবৰণ কিতাপখন মোচিৰ মুখ্য আলোচনাৰ দ্বাৰা গঠিত

(সম্পূৰ্ণ মেপখনৰ বিষয়ে জানিবলৈ, আলোচনীখন চাওক)

চেয়ীৰ

কাদেচ- বৰ্ণেয়া

চীনয় পৰ্ব্বত (হোৰেব)

লোহিত সাগৰ

[স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

Based on maps copyrighted by Pictorial Archive (Near Eastern History) Est. and Survey of Israel

[৩০ পৃষ্ঠাৰ ছবি]

যিহোৱা ঈশ্বৰে কৰা মান্নাৰ প্ৰবন্ধৰ পৰা আমি কি শিকিব পাৰোঁ?

[৩০ পৃষ্ঠাৰ ছবি]

জাঁত শিল বা তাৰ ওপৰ ভাগ বন্ধক লোৱাটো “প্ৰাণ” বন্ধক লোৱাটোক চিহ্নিত কৰে