Skip to content

Skip to table of contents

বৰ্তমান সময়ত এক সফল বিবাহ গঢ়ি তুলিব পাৰি

বৰ্তমান সময়ত এক সফল বিবাহ গঢ়ি তুলিব পাৰি

বৰ্তমান সময়ত এক সফল বিবাহ গঢ়ি তুলিব পাৰি

“প্ৰেমক পিন্ধা; সেয়ে সৰ্ব্বসিদ্ধিৰ বান্ধনি।”—কলচীয়া ৩:১৩, ১৪.

১, ২. (ক) খ্ৰীষ্টান মণ্ডলীত কেনে এক উৎসাহিত বিষয় দেখিবলৈ পোৱা যায়? (খ) সফল বিবাহৰ অৰ্থ কি?

 খ্ৰীষ্টান মণ্ডলীত দহ, বিশ, ত্ৰিশ বা তাতকৈও অধিক বছৰে সফল বিবাহিত দম্পতীসকলক লক্ষ্য কৰিবলৈ পোৱাটো এক স্ফুৰ্ত্তিদায়ক বিষয় নহয়নে? তেওঁলোকে জীৱনত অহা সৰু-বৰ সকলো ধৰণৰ পৰিস্থিতিৰ সম্মুখীন হৈও ইজনে সিজনৰ লগ এৰা নাই।—আদিপুস্তক ২:২৪.

তেওঁলোকেও জীৱনত এটাৰ পিছত আনটো সমস্যাৰ সম্মুখীন হৈছে বুলি আমাৰ বহুতে বিশ্বাস কৰিব। এগৰাকী নিৰীক্ষকে এইদৰে কয়: “সফল বিবাহিত দম্পতীসকলৰ জীৱনটো বহুতো ধৰণৰ ভাল-বেয়া অৱস্থা অহা দেখিবলৈ পোৱা যায় . . . কিন্তু কোনো প্ৰকাৰে . . . এনে বৈবাহিক ব্যক্তিসকলে বৰ্তমান সময়ৰ সমস্যাবোৰ সম্মুখীন হোৱাৰ স্বত্বেও তেওঁলোকৰ বৈবাহিক বান্ধোন এতিয়ালৈকে দৃঢ় হৈ আছে।” বিশেষকৈ লʼৰা-ছোৱালী ডাঙৰ-দীঘল কৰা সফল বিবাহিত দম্পতীসকলে জানিব পাৰিছে যে জীৱনত অহা অত্যধিক হেঁচাৰ সৈতে কেনেকৈ সম্মুখীন হʼব পাৰি। এনে ধৰণৰ অভিজ্ঞতাই এনেবোৰ দম্পতীক প্ৰকৃত প্ৰেম কৰিবলৈ শিকাইছে, যি “কেতিয়াও লুপ্ত” নহয়।—১ কৰিন্থীয়া ১৩:৮.

৩. বিবাহ আৰু বিবাহ বিচ্ছেদৰ ৰিপোৰ্টসমূহে কি দেখুৱাইছে আৰু ই কেনে প্ৰশ্নবোৰ সৃষ্টি কৰিছে?

ইয়াৰ বিপৰীতে, আজি কোটি কোটি বিবাহৰ পতন হোৱা দেখা গৈছে। এই সম্বন্ধে এটা ৰিপোৰ্টে এইদৰে কৈছে: ভৱিষ্যতে সুংযুক্ত ৰাষ্ট্ৰত অত্যধিক বিবাহ বিচ্ছেদ হোৱাটো দেখা যাব। এই বিবাহ বিচ্ছেদ প্ৰায় বিবাহৰ ঠিক ৭.৮ বছৰৰ ভিতৰতে হোৱাৰ সম্ভাৱনা আছে। . . . পুনৰাই বিবাহ কৰা ৭৫ শতাংশ লোকৰ ভিতৰত ৬০ শতাংশৰ বিবাহ বিচ্ছেদ হʼব।” আনকি কম সংখ্যাত বিবাহ বিচ্ছেদ হোৱা দেশবোৰতো ইয়াৰ অনুপাত বৃদ্ধি হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে, কিছু বছৰৰ পৰা জাপানত বিবাহ বিচ্ছেদৰ অনুপাত দুগুণ বৃদ্ধি পাইছে। এনে দুৰ্দশা পৰিস্থিতিৰ বৃদ্ধি হোৱাৰ কিছুমান কাৰণ কি যি কেতিয়াবা খ্ৰীষ্টান মণ্ডলীতো দেখিবলৈ পোৱা যায়? চয়তানৰ জগতত থকা স্বত্বেও কেনেকৈ এক সফল বিবাহ গঢ়ি তুলিব পাৰি?

গুপ্ত ফান্দবোৰৰ পৰা সতৰ্ক হওক

৪. এখন বিবাহত বিশৃঙ্খলতা সৃষ্টি কৰিব পৰা কিছুমান কাৰণ কি?

এখন বিবাহ বিফল হোৱাৰ কাৰণবোৰৰ বিষয়ে বুজিবলৈ ঈশ্বৰৰ বাক্যই আমাক অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ দ্বাৰা সহায় কৰিছে। উদাহৰণস্বৰূপে, শেষকালত দেখা দিবলগীয়া সমস্যাবোৰৰ বিষয়ে পাঁচনি পৌলে কি কৈছিল, সেই সম্বন্ধে বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোনমইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়, ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হব; এনেবিলাক মানুহৰ পৰা তুমি বিমুখ হোৱা।”—২ তীমথিয় ৩:১-৫.

৫. কেনেকৈ “নিজকে প্ৰীতি কৰোঁতা” মনোবৃত্তিয়ে তেওঁ বা তাইৰ বৈবাহিক জীৱন ধ্বংস কৰিব পাৰে আৰু এই বিষয়ে বাইবেলে কেনে পৰামৰ্শ দিছে?

যদি আমি পাঁচনি পৌলে কোৱা বাক্যবোৰ দকৈ বিবেচনা কৰোঁ, তেন্তে জানিব পাৰিম যে তেওঁ উল্লেখ কৰা বহুতো বিষয় আজি বিবাহত বিশৃঙ্খলতা সৃষ্টি কৰাৰ মূল কাৰণ হৈ পৰিছে। উদাহৰণস্বৰূপে, “নিজকে প্ৰীতি কৰোঁতা” ব্যক্তিসকলত স্বাৰ্থপৰ আৰু অনাগ্ৰহী ভাৱনা দেখিবলৈ পোৱা যায়। যিসকল স্বামী-স্ত্ৰীয়ে নিজৰ বিষয়ে চিন্তা কৰে, তেওঁলোকে সদায়ে নিজৰ ইচ্ছা পূৰ্ণ হোৱাটো বিচাৰে। তেওঁলোক হৈছে অবিবেচক মনৰ ব্যক্তি। এনে মনোবৃত্তিয়ে এখন সফল বিবাহ গঢ়ি তুলিবলৈ সহায় কৰিব পাৰিবনে? নিশ্চয়ে নোৱাৰে। সেইবাবে পাঁচনি পৌলে অবিবাহিত আৰু বিবাহিত খ্ৰীষ্টানসকলক উভয়ে পৰামৰ্শ দি এইদৰে কৈছিল: “তোমালোকে বিৰোধ বা অনৰ্থক দৰ্পেৰে একো নকৰিবা; কিন্তু নম্ৰভাবে প্ৰত্যকে নিজতকৈ অন্যক উত্তম বুলি মানিবা; প্ৰতিজনে নিজৰ বিষয়ে নহয়, অন্যৰ চাওক।”—ফিলিপীয়া ২:৩, ৪.

৬. ধন-লুভী মনোবৃত্তিয়ে কেনেকৈ বিবাহ বন্ধন শিথিল কৰি তুলিছে?

ধন-লুভী হোৱা মনোবৃত্তিয়ে স্বামী-স্ত্ৰীৰ মাজত মতভেদ সৃষ্টি কৰিব পাৰে। সেইবাবে পাঁচনি পৌলে সতৰ্ক কৰি কৈছিল: “যি বিলাকে ধনৱন্ত হবলৈ ইচ্ছা কৰে, তেওঁবিলাক পৰীক্ষা আৰু ফান্দত, আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে; সেইবোৰ এনেকুৱা যে, মানুহবিলাকক সংহাৰত আৰু সৰ্ব্বনাশত মগ্ন কৰে। ধন-লোভেই সকলো মন্দৰ মূল; তালৈ আকাঙ্ক্ষা কৰি, কোনো কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ, যাতনাৰূপ শলাৰে নিজকেই শালিলে।” (১ তীমথিয় ৬:৯, ১০) এই সতৰ্কবাণীৰ প্ৰতি আওকাণ কৰাৰ বাবে আজি বহুতৰ বিবাহ বন্ধন শিথিল হৈ পৰাটো দেখিবলৈ পোৱা গৈছে। বহুতো দম্পতীয়ে ধনৰ লোভত পৰি এজনে আনজৰ আৱেগিক আৱশ্যকতা আৰু স্নেহপূৰ্ণ বন্ধনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত অনিচ্ছুক হৈ পৰিছে।

৭. কেনে ব্যৱহাৰে কিছুমান বিবাহ সঙ্গীৰ প্ৰতি বিশ্বাসঘাট কৰিবলৈ পৰিচালিত কৰে?

পাঁচনি পৌলে ইয়াকো কৈছিল যে এই শেষকালত কিছুমানে ‘বিশ্বাসঘাটক আৰু আপোনমইমত’ হʼব। যিহেতু বিবাহৰ সময়ত পৰস্পৰে পুৰুষ আৰু স্ত্ৰীয়ে গ্ৰহণ কৰা শপত এদিনীয়া বা দুদিনীয়া নহয় কিন্তু গোটেই জীৱন ধৰি তেওঁলোকে তাৰ অনুসাৰে জীৱন-নিৰ্বাহ কৰা আৱশ্যক। (মলাখী ২:১৪-১৬) কিন্তু দেখিবলৈ পোৱা গৈছে যে কিছুমানে নিজৰ সঙ্গীৰ প্ৰতি নিষ্ঠাৱান হোৱাৰ পৰিৱৰ্তে বিশ্বাসঘাট কৰিছে। উদাহৰণস্বৰূপে, এগৰাকী ৩০ বছৰীয়া পত্নীয়ে এইদৰে কয় যে স্বামীয়ে তাইক এৰি যোৱাৰ পূৰ্বে তেওঁ আন স্ত্ৰীবিলাকৰ সৈতে অতি ঘনিষ্ঠতা বা স্নেহপৰায়ণতাৰে আচৰণ কৰিছিল। এজন বিবাহিত পুৰুষে যে তেনে কৰাটো অনুচিত সেই বিষয়ে বুজাত তেওঁ বিফল হʼল। তেওঁৰ এনে আচাৰ-ব্যৱহাৰ দেখি তাই যদিও আঘাত পাইছিল, তথাপিও সতৰ্কতাৰে তেওঁক বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু তেনে অনুচিত অভ্যাসৰ পৰা আঁতৰি নথকাৰ বাবে তেওঁ অৱশেষত ব্যভিচাৰৰ ফান্দত পৰিল। তেওঁ নম্ৰতাৰে বুজোৱা কথাৰ প্ৰতি আওকাণ কৰাৰ বাবে ধ্বংসৰ মুখত পৰিল।—হিতোপদেশ ৬:২৭-২৯.

৮. এজন ব্যক্তিক কিহে ব্যভিচাৰলৈ পৰিচালিত কৰিব পাৰে?

গতিকে ব্যভিচাৰৰ পৰা আঁতৰি থাকিবলৈ কোৱা বাইবেলৰ পৰামৰ্শ কিমান যে লাভজনক! কিয়নো ইয়াত কৈছে যে, “পৰস্ত্ৰীগামী জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য্য কৰে, সি নিজৰ প্ৰাণ নিজে নষ্ট কৰে।” (হিতোপদেশ ৬:৩২) প্ৰকৃততে এজন ব্যক্তিয়ে এদিন বা হঠাতে ব্যভিচাৰলৈ পৰিচালিত নহয়। বাইবেল লেখক যাকোবে কোৱা দৰে এনে পাপ প্ৰথমতে তেওঁৰ হৃদয়ত বাঁহ লৈ ক্ৰমান্বয়ে বৃদ্ধি পায়। (যাকোব ১:১৪, ১৫) পৰিণামস্বৰূপে, সেই ব্যক্তিজনে নিজৰ সঙ্গীৰ সৈতে বিশ্বাসঘাট কৰিবলৈ আৰম্ভ কৰে। এই সন্দৰ্ভত যীচুৱে এইদৰে কৈছিল: “তুমি ব্যভিচাৰ নকৰিবা; ইয়াক যে কোৱা হৈছিল, তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায়, সি তেতিয়াই তাইৰে সৈতে ব্যভিচাৰ কৰিলে।”—মথি ৫:২৭, ২৮.

৯. হিতোপদেশ ৫:১৮-২০ পদত কেনে সুবিবেচক পৰামৰ্শ দিয়া হৈছে?

এতেকে হিতোপদেশ নামৰ কিতাপত উল্লেখ কৰা পৰামৰ্শটো পালন কৰা এক সুবিবেচক বিষয় হʼব, যাৰ সম্বন্ধে এইদৰে পঢ়িবলৈ পোৱা যায়: “তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা। প্ৰেমকাৰিণী হৰিণী আৰু সুন্দৰী মৃগীৰ নিচিনা যি তেওঁ, তেওঁৰেই স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতে সদায় মত্ত থাকা। কিয়নো হে মোৰ বোপা, তুমি পৰস্ত্ৰীত কিয় মত্ত হবা? আৰু ব্যভিচাৰিণী বুকুত কিয় সাবট মাৰি ধৰিবা?”—হিতোপদেশ ৫:১৮-২০.

নভবা-নিচিন্তাকৈ বিবাহ কৰিবলৈ সিদ্ধান্ত নলʼব

১০. হʼবলগীয়া সঙ্গীগৰাকীৰ বিষয়ে জানিবলৈ সময় অতিবাহিত কৰাটো কিয় সুবিবেচক বিষয়?

১০ বিবাহিত দম্পতীৰ মাজত তেতিয়াহে সমস্যাই দেখা দিয়ে যেতিয়া তেওঁলোকে নভবা-নিচিন্তাকৈ বিবাহ-পাশত আৱদ্ধ হয়। হয়তো তেওঁলোকৰ বয়স নিচেই কম বা অভিজ্ঞতা নাথাকিব পাৰে। অথবা তেওঁলোকে ইজনে সিজনৰ পছন্দ-নাপছন্দ, জীৱনৰ লক্ষ্য আৰু পৰিয়ালৰ পটভূমিৰ বিষয়ে জানিবলৈ অধিক সময় অতিবাহিত কৰা নাই। সেইবাবে হʼবলগীয়া বিবাহ সঙ্গীৰ বিষয়ে জানিবলৈ ধৈৰ্য্যৰে কাৰ্য্য কৰা আৱশ্যক। এই বিষয়ে আপুনি যাকোবৰ আৰ্হিক বিবেচনা কৰিব পাৰে। তেওঁ ৰাহেলক নিজৰ পত্নী হিচাপে পাবলৈ তাইৰ পিতৃৰ ঘৰত প্ৰায় সাত বছৰ ধৰি কঠিন পৰিশ্ৰম কৰিছিল। যাকোবে ইমান সময় অপেক্ষা তাইৰ সুন্দৰতাক দেখি নহয় কিন্তু প্ৰকৃত প্ৰেম কৰাৰ বাবেহে কৰিছিল।—আদিপুস্তক ২৯:২০-৩০.

১১. (ক) বৈবাহিক বান্ধোনে কেনে ধৰণৰ ঐক্যতা আনে? (খ) বিবাহিত জীৱনত কিয় উচিত বাক্যবোৰৰ সৈতে কথোপকথন কৰাটো অতি গুৰুত্বপূৰ্ণ?

১১ বৈবাহিক বান্ধোনৰ অৰ্থ কেৱল প্ৰেমাসক্ত হোৱা নহয় কিন্তু বিভিন্ন পৃষ্ঠভূমি, আৱেগপ্ৰৱণতা আৰু বিচাৰধাৰাৰ পৰা অহা পুৰুষ-স্ত্ৰীৰ সৈতে হোৱা সংমিশ্ৰণকো বুজায়। আনকি ইয়াত দুজন ব্যক্তিৰ বিভিন্ন সংস্কৃতি আৰু ভাষাৰ সংযোগ হয়। তদুপৰি অন্য বিষয়বোৰৰ সম্বন্ধে থকা তেওঁলোকৰ বিভিন্ন মতামতকো ঐক্যতাত বান্ধে। বিবাহিত দম্পতীৰ মাজত হোৱা এই বিভিন্ন মতামতে বিবাহ বান্ধোনক দৃঢ় কৰাত এক প্ৰমুখ ভূমিকা আদায় কৰে। মনত ৰাখক যে ইয়াৰ দুই ধৰণে প্ৰভাৱ পৰিব পাৰে। যেনে, ইজনে সিজনৰ প্ৰতি ছিদ্ৰান্বেষী বা উৎসাহিত কৰা মনোবৃত্তি বিকশিত হোৱা। নিঃসন্দেহ, আমি কোৱা বাক্যই আমাৰ সঙ্গীজনৰ মনত হয়তো আঘাত বা আনন্দিত কৰিব পাৰে। নভবা-নিচিন্তাকৈ কোৱা বাক্যই বিবাহ বান্ধোনত ক্ষতি সাধিব পাৰে।—হিতোপদেশ ১২:১৮; ১৫:১, ২; ১৬:২৪; ২১:৯; ৩১:২৬.

১২, ১৩. বিবাহৰ সম্বন্ধে কিয় যুক্তিসঙ্গত মনোবৃত্তি ৰাখা আৱশ্যক?

১২ গতিকে হʼবলগীয়া সঙ্গীজনৰ বিষয়ে জানিবলৈ সময় অতিবাহিত কৰাটো এক সুবিবেচক বিষয়। এগৰাকী অনুভৱী ভনীয়ে এইদৰে কৈছিল: “যদি আপুনি হʼবলগীয়া সঙ্গীগৰাকীৰ বিষয়ে জানিবলৈ বিচাৰিছে, তেন্তে অন্তত তেওঁত দহটা মুখ্য গুণ আছে নে নাই, সেই বিষয়ে জানি থওক। যদি আপুনি তেওঁত দহটাৰ সলনি সাতটা গুণ দেখিবলৈ পাইছে, তেন্তে নিজকে এইদৰে সোধক, ‘তেওঁত নথকা অন্য তিনিটা গুণৰ বিষয়ে মই আওকাণ কৰিবলৈ ইচ্ছুক নে? বা দৈনন্দিন জীৱনত তেওঁৰ দুৰ্ব্বলতাবোৰৰ প্ৰতি চিৰসহিষ্ণুতা মনোবৃত্তি দেখুৱাব পাৰিমনে?’ যদি এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়াও আপুনি সঠিককৈ দিব পৰা নাই, তেন্তে পুনৰাই সেই বিষয়ে বিবেচনা কৰক।” অৱশ্যে এই বিষয়ে আপুনি যুক্তিসঙ্গত হোৱা আৱশ্যক। মনত ৰাখক যে নতুবা আপুনি বা আপোনাৰ জীৱন সঙ্গীগৰাকী উভয়ে পৰিপূৰ্ণ হোৱাটো অপেক্ষা কৰিব পাৰে।—লূক ৬:৪১.

১৩ বিবাহৰ সৈতে আত্মত্যাগ মনোবৃত্তি সন্মিলিত আছে। এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে যেন চিন্তা নকৰাকৈ থাকা, মোৰ এই ইচ্ছা। অবিবাহিত জনে প্ৰভুৰ বিষয়, অৰ্থাৎ প্ৰভুক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব, তালৈহে চিন্তা কৰে। কিন্তু বিবাহিত জনে সংসাৰৰ বিষয়, অৰ্থাৎ ভাৰ্য্যাক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব, তালৈহে চিন্তা কৰে। সেইদৰে বিবাহিতা তিৰোতা আৰু কুমাৰী, এই উভয়ৰ মাজতো প্ৰভেদ আছে। শৰীৰ আৰু মনো যেন পবিত্ৰ হয়, এই কাৰণে অবিবাহিতা জনীয়ে প্ৰভুৰ বিষয়ে চিন্তা কৰে; কিন্তু বিবাহিতা জনীয়ে সংসাৰৰ বিষয়ে, অৰ্থাৎ স্বামীক কেনেকৈ সন্তুষ্ট কৰিব পাৰিব, তালৈ চিন্তা কৰে।”—১ কৰিন্থীয়া ৭:৩২-৩৪.

কিয় কিছুমান বিবাহৰ পতন হয়

১৪, ১৫. কিহে বিবাহ বান্ধোন দুৰ্ব্বল কৰিব পাৰে?

১৪ অলপতে ১২ বছৰ ধৰি বিবাহিত জীৱন অতিবাহিত কৰা এজন স্বামীয়ে বিবাহ বিচ্ছেদ কৰি অন্য তিৰোতাৰ সৈতে থাকিবলৈ লোৱা ঘটনাই এগৰাকী স্ত্ৰীক মানসিকভাৱে আঘাত দিছিল। বিবাহ ভাঙি যোৱাৰ পূৰ্বেই স্ত্ৰী গৰাকীয়ে নিজৰ স্বামীত কোনো ধৰণৰ দুৰ্ব্বলতাৰ বিষয়ে লক্ষ্য কৰিব পাৰিছিলনে? সেই বিষয়ে তাই এইদৰে কৈছে: “তেওঁ সত্যৰ পৰা ইমান দূৰ গৈছিল যে যিহোৱাক প্ৰাৰ্থনা কৰিবলৈ ত্যাগ দিছিল। তেওঁ অজুহাত দেখুৱাই সভা বা প্ৰচাৰ কাৰ্য্যত উপস্থিত হোৱাৰ পৰা আঁতৰি থাকিছিল। তেওঁ কিয় এনেদৰে কৰিছে বুলি সোধাত তেওঁ ব্যস্ত বা ভাগৰি পৰাৰ কাৰণ দাঙি ধৰিছিল। ক্ৰমান্বয়ে তেওঁ মোৰ সৈতে আধ্যাত্মিক বিষয়ে কথা-বতৰা পাতিবলৈ বন্ধ কৰিছিল। তেওঁত এনে ধৰণৰ পৰিৱৰ্তন হোৱাটো কিমান যে দুখৰ বিষয় আছিল!”

১৫ আনসকলেও তেনে দৰে ৰিপোৰ্ট দিছে যে এনে ব্যক্তিসকলত ক্ৰমান্বয়ে বাইবেল পঢ়া, প্ৰাৰ্থনা কৰা বা সভাত উপস্থিত হʼবলৈ অৱহেলা কৰে। অন্য শব্দত কʼবলৈ হʼলে যিসকলে নিজৰ বিবাহিত সঙ্গীক ত্যাগ দিয়ে, যিহোৱাৰ সৈতে তেওঁলোকৰ সম্বন্ধও দুৰ্ব্বল হৈ পৰে। পৰিণামস্বৰূপে, তেওঁলোক আধ্যাত্মিকভাৱে দৃষ্টিহীন হৈ পৰে। তেওঁলোকৰ বাবে যিহোৱা বা ধাৰ্ম্মিকতাৰে পৰিপূৰ্ণ হʼবলগীয়া তেওঁৰ প্ৰতিজ্ঞা অবাস্তৱিক যেন হʼবলৈ ধৰে। আন কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে তেওঁলোকৰ আধ্যাত্মিকতা সত্যত নথকা স্ত্ৰীৰ সৈতে সম্বন্ধ গঢ়ি উঠাৰ পূৰ্বেই পতন হʼবলৈ ধৰে।—ইব্ৰী ১০:৩৮, ৩৯; ১১:৬; ২ পিতৰ ৩:১৩, ১৪.

১৬. কিহে বিবাহ বান্ধোন শক্তিশালী কৰি তুলে?

১৬ ইয়াৰ বিপৰীতে আধ্যাত্মিকভাৱে দৃঢ় থকা এহাল দম্পতীয়ে তেওঁলোকৰ সফল বিবাহৰ বিষয়ে কি কৈছে, লক্ষ্য কৰক। তেওঁলোকে একেলগে প্ৰাৰ্থনা আৰু অধ্যয়ন কৰে। এই বিষয়ে স্বামীগৰাকীয়ে এইদৰে কৈছে: “আমি একেলগে বাইবেল পঢ়োঁ আৰু প্ৰচাৰ কাৰ্য্যত যাওঁ। তদুপৰি অন্য বিষয়বোৰত একেলগে কাৰ্য্য কৰিবলৈ পাই আনন্দিত হওঁ।” নিশ্চয়ে ইয়াৰ পৰা শিকিবলগীয়া পাঠটো হৈছে: বিবাহ বান্ধোন শক্তিশালী কৰাৰ সকলোতকৈ উত্তম পদ্ধতি হৈছে যিহোৱাৰ সৈতে নিবিড় সম্বন্ধ বজাই ৰাখা।

যুক্তিসঙ্গত হওক আৰু পৰস্পৰে সম্পৰ্ক বজাই ৰাখক

১৭. (ক) কেনে দুটা বিষয়ে সফল বিবাহ গঢ়ি তুলাত সহায় কৰে? (খ) পাঁচনি পৌলে খ্ৰীষ্টান প্ৰেমৰ বিষয়ে কেনেকৈ ব্যাখ্যা কৰিছে?

১৭ সফল বিবাহ গঢ়ি তুলাৰ আন দুটা কাৰণ হৈছে: খ্ৰীষ্টান প্ৰেম আৰু উত্তম যোগাযোগ। যেতিয়া দুজন ব্যক্তিয়ে প্ৰেমত আসক্ত হয় তেতিয়া তেওঁলোকে পৰস্পৰে ইজনে সিজনৰ দুৰ্ব্বলতাবোৰ আওকাণ কৰে। তেওঁলোকে হয়তো চলচিত্ৰ চাই বা উপন্যাসবোৰ পঢ়ি বিবাহ পাশত আৱদ্ধ হোৱাৰ বিষয়ে নিৰ্ণয় লʼব পাৰে। কিন্তু পিছলৈ গৈ তেওঁলোকে জীৱনত বহুতো সমস্যাৰ সম্মুখীন হʼবলগীয়া হয়। উদাহৰণস্বৰূপে, তেওঁলোকে সৰু-সুৰা দুৰ্ব্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ কৰিবলৈ আৰম্ভ কৰে। যদি তেনে ধৰণৰ কোনো সমস্যাই দেখা দিছে, তেন্তে খ্ৰীষ্টান দম্পতীসকলে আত্মাৰ ফল উৎপন্ন কৰা উচিত আৰু ইয়াৰ এটা গুণ হৈছে প্ৰেম। (গালাতীয়া ৫:২২, ২৩) কিয়নো খ্ৰীষ্টান প্ৰেম নামৰ গুণটো অতি কাৰ্য্যকাৰী। এই বিষয়ে পাঁচনি পৌলে কৈছিল যে, ই “অনেক দিন সহে, মৰমো কৰে; . . . আত্ম-গৌৰব নকৰে, অহঙ্কাৰো নকৰে, অশিষ্টাচাৰণ নকৰে, নিজৰ লাভ নিবিচাৰে, ক্ৰোধত উত্তেজিত নহয়, অপকাৰ গণনা নকৰে, . . . সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে।” (১ কৰিন্থীয়া ১৩:৪-৭) বাস্তৱতে প্ৰকৃত প্ৰেমে আনৰ দুৰ্ব্বলতাবোৰ আওকাণ কৰে আৰু স্বাভাৱিকভাৱে সিদ্ধতাৰ অপেক্ষা নকৰে।—হিতোপদেশ ১০:১২.

১৮. বিবাহিত দম্পতীৰ মাজত হোৱা যোগাযোগে কেনেকৈ সম্বন্ধক শক্তিশালী কৰি তুলে?

১৮ বিবাহিত দম্পতীৰ মাজত যোগাযোগ হোৱাটো অতি গুৰুত্বপূৰ্ণ। বিবাহ হোৱা যিমান বছৰেই নহওক কিয়, দম্পতীবিলাকে পৰস্পৰে ইজনে সিজনৰ সৈতে কথা-বতৰা আৰু আগ্ৰহকতাৰে শুনা আৱশ্যক। এই সম্বন্ধে এজন স্বামীয়ে এইদৰে কৈছে: “আমি বন্ধুত্বপূৰ্ণৰে নিজৰ বিচাৰধাৰা প্ৰকাশ কৰোঁ।” সময়ৰ অনুসাৰে এজন স্বামী বা স্ত্ৰীয়ে পৰস্পৰে ইজনে সিজনৰ প্ৰতি ধ্যান দি শুনাৰ উপৰিও মনৰ কথা বিষয়ে বুজিবলৈ শিকে। অন্য শব্দত কʼবলৈ হʼলে, বছৰ ধৰি বছৰ পাৰ হোৱাৰ সৈতে আনন্দিত বিবাহিত দম্পতীহালে ইজনে সিজনৰ মনৰ কথা বুজিবলৈ সক্ষম হয়। কিছুমান স্ত্ৰীয়ে কয় যে স্বামীবিলাকে তেওঁলোকে কোৱা কথাৰ প্ৰতি আগ্ৰহেৰে নুশুনে। কিছুমান স্বামীৰ মতে, তেওঁলোকৰ স্ত্ৰীয়ে অনুচিত সময়ত যোগাযোগ কৰিবলৈ বিচাৰে। যোগাযোগ কৰাৰ সৈতে সহানুভূতিশীল হোৱা সন্মিলিত আছে। কাৰ্য্যকাৰী যোগাযোগ উভয়ে স্বামী আৰু স্ত্ৰীৰ বাবে লাভজনক।—যাকোব ১:১৯.

১৯. (ক) ক্ষমা বিচাৰাটো কিয় এক কঠিন বিষয়? (খ) আমাক ক্ষমা বিচাৰিবলৈ কিহে প্ৰেৰিত কৰিব?

১৯ যোগাযোগৰ সৈতে কেতিয়াবা ক্ষমা বিচাৰাও সন্মিলিত আছে। এনে পদক্ষেপ লোৱাটো ইমান সহজ নহয়। কিয়নো ভুল মানি লোৱাটো হৈছে নম্ৰতাৰ পৰিচয়। সঁচাকৈ ই বিবাহিত জীৱনৰ বাবে কিযে এক গুৰুত্বপূৰ্ণ বিষয়! অন্তৰৰ সৈতে বিচাৰা ক্ষমা ভৱিষ্যতে হʼবলগীয়া বাদ-বিবাদক দূৰ কৰে আৰু সমস্যাৰ সমাধান কৰে। এই সন্দৰ্ভত পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোক পৰস্পৰ সহনীয় হোৱা; আৰু যদি কোনো জনৰ বিৰুদ্ধে কোন জনৰ দোষ দিবৰ কাৰণ থাকে, তেন্তে পৰস্পৰে ক্ষমা কৰা; প্ৰভুৱে যেনেকৈ তোমালোকক ক্ষমা কৰিলে, তোমালোকেও তেনেকৈ কৰা; আৰু এই সকলোৰ ওপৰত প্ৰেমক পিন্ধা; সেয়ে সৰ্ব্বসিদ্ধিৰ বান্ধনি। আৰু খ্ৰীষ্টৰ শান্তি তোমালোকৰ হৃদয়ত কৰ্ত্তৃত্ব কৰক।”—কলচীয়া ৩:১৩, ১৪.

২০. এজন খ্ৰীষ্টানে নিজৰ বিবাহিত সঙ্গীৰ সৈতে ঘৰত আৰু আনৰ আগত কেনেকৈ ব্যৱহাৰ কৰা আৱশ্যক?

২০ বৈবাহিক বান্ধোনৰ সৈতে পৰস্পৰে ইজনে সিজনৰ সমৰ্থন কৰাও সন্মিলিত আছে। খ্ৰীষ্টান স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখাটো অতি আৱশ্যক। তেওঁলোকে কেতিয়াও ইজনে সিজনৰ আত্মবিশ্বাসক আঘাত কৰা বা তুচ্ছ বুলি গণ্য কৰাটো উচিত নহয়। আমি আমাৰ বিবাহিত সঙ্গীৰ নিন্দা নহয় কিন্তু প্ৰশংসা কৰাটো বিচাৰোঁ। (হিতোপদেশ ৩১:২৮) নিশ্চয়ে আমি তেওঁলোকক আনৰ আগত নিন্দাৰ পাত্ৰ হোৱাটো নিবিচাৰিম। (কলচীয়া ৪:৬) এনে ধৰণৰ পৰস্পৰ সমৰ্থনৰ বান্ধোন নিতৌ স্নেহেৰে কথা-বতৰা হোৱাৰ দ্বাৰা শক্তিশালী কৰিব পাৰি। বিবাহিত সঙ্গীগৰাকীক মৰমেৰে স্পৰ্শ কৰা বা এইদৰে কʼব পাৰি যে, “তোমাৰ প্ৰতি থকা মোৰ প্ৰেম আজিও আগৰ দৰে আছে।” এনে বিষয়বোৰে বৰ্তমান সময়ত সফল বিবাহ গঢ়ি তুলিবলৈ আৰু দৃঢ় সম্বন্ধ বনাবলৈ সহায় কৰে। সফল বিবাহ গঢ়ি তুলা অন্য কিছুমান কাৰণ আৰু শাস্ত্ৰীয় নিৰ্দ্দেশনা আছে, যাৰ বিষয়ে পৰৱৰ্তী লেখত আলোচনা কৰা হʼব। a(w05 3/1)

[ফুটনোট]

a এই বিষয়ে অধিককৈ জানিবলৈ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত কৰা পৰিয়ালৰ সুখৰ ৰহস্য নামৰ কিতাপখনত চাওক।

আপুনি বৰ্ণনা কৰিব পাৰিবনে?

• কেনে কিছুমান কাৰণে এখন বিবাহ ধ্বংস কৰিব পাৰে?

• বিবাহৰ সম্বন্ধে নভবা-নিচিন্তাকৈ নিৰ্ণয় লোৱাটো কিয় অবিবেচকৰ কাৰ্য্য?

• আধ্যাত্মিকতাই কেনেকৈ বৈবাহিক সম্বন্ধৰ ওপৰত প্ৰভাৱ পেলায়?

• কিহে বৈবাহিক বান্ধোন দৃঢ় কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[২০ পৃষ্ঠাৰ ছবি]

বিবাহ প্ৰেমাসক্ত হোৱাতকৈ অধিক অৰ্থ ৰাখে