আপুনি প্ৰেম কৰা সকলৰ সৈতে কথোপকথন কৰেনে?
আপুনি প্ৰেম কৰা সকলৰ সৈতে কথোপকথন কৰেনে?
“নাটকীয়ভাৱে আমাৰ আপোনজনাৰ সৈতে কথোপকথনৰ হ্ৰাস হৈ আহিছে।” এইদৰে পলিতইকা নামৰ এখন সপ্তাহিক ৰিপোৰ্টে মন্তব্য দিয়ে। অনুমান কৰা অনুসাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত বৈবাহিক সঙ্গীয়ে এজনে আনজনৰ সৈতে প্ৰত্যেকদিনা অৰ্থপূৰ্ণ কথোপকথন হʼবলৈ কেৱল ছয় মিনিট সময় অতিবাহিত কৰে। বহুতো বিশেষজ্ঞই ভাবে যে আধা শতাংশ পৃথক আৰু বিবাহ বিচ্ছেদ হোৱাৰ কাৰণ হৈছে কথোপকথনৰ হ্ৰাস হোৱা।
সন্তানৰ সৈতে হোৱা পিতৃ-মাতৃৰ কথোপকথনৰ বিষয়ে কি কʼব পাৰি? এটা ৰিপোৰ্টৰ অনুসাৰে বেছিভাগ ক্ষেত্ৰত দেখা গৈছে যে, “পিতৃ-মাতৃসকলে লʼৰা-ছোৱালীক আজি স্কুলত দিনতো কেনেকৈ গʼল? তোমাৰ বন্ধু বা বান্ধৱী কেনে আছে? বুলি প্ৰশ্ন সুধিয়ে নিজৰ কথোপকথন সীমিত ৰাখে।” ৰিপোৰ্টতোৱে কয় যে, “এনেদৰে লʼৰা-ছোৱালীয়ে কেনেকৈ আৱেগপূৰ্ণ সম্বন্ধ বিকশিত কৰিবলৈ শিকিব পাৰে?”
যিহেতু উত্তমৰূপে কথোপকথন কৰা কৌশল এদিনতে বৃদ্ধি নহয়, তেতিয়াহʼলে আমি কেনেকৈ উন্নতজনক কথোপকথন কৰিব পাৰোঁ? এই গুৰুত্বতাৰ বিষয়ে যাকোব নামৰ এজন প্ৰকৃত খ্ৰীষ্টান শিষ্যই এইদৰে পৰামৰ্শ দিছিল: “প্ৰত্যেক মানুহ শুনিবলৈ খৰ, কবলৈ ধীৰ, আৰু ক্ৰোধলৈয়ো ধীৰ হওক।” (যাকোব ১:১৯) দৰাচলতে উন্নতজনক কথোপকথন কৰিবলৈ আমি কোনো কথাত বাধা নজন্মোৱাকৈ অনতিপলমে কোনো সিদ্ধান্তত উপনীত হোৱাৰ পৰিৱৰ্তে মনোযোগেৰে শুনা উচিত। তদুপৰি আমি সমালোচনা কৰাৰ পৰাও আঁতৰি থকা উচিত, কিয়নো ইয়াৰ বাবে সহজে আমাৰ কথোপকথনত বাধা জন্মিব পাৰে। যীচুৱে শ্ৰোতাসকলক জেৰা কৰিবলৈ নহয়, কিন্তু লোকসকলৰ মনৰ বিষয় জানিবলৈ আৰু তেওঁৰ সৈতে কথাৰ বান্ধোনত বান্ধ খাই থাকিবলৈহে কৌশলপূৰ্ণ প্ৰশ্নবোৰ কৰিছিল।—হিতোপদেশ ২০:৫; মথি ১৬:১৩-১৭; মথি ১৭:২৪-২৭.
বাইবেলত পোৱা উত্তম পৰামৰ্শবোৰ ব্যৱহাৰ কৰি আপুনিও নিজৰ আপোনজনাৰ সৈতে অৰ্থপূৰ্ণ কথোপকথন কৰিবলৈ আগভাগ লওক। এনেদৰে কৰাৰ দ্বাৰা দীৰ্ঘসময় অৰ্থাৎ গোটেই জীৱন ধৰি এক আনন্দজনক সম্বন্ধ বজাই ৰাখিব পাৰিব। (w05 6/1)