Skip to content

Skip to table of contents

“পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা”

“পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা”

“পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা”

“তোমালোক বিশ্বাসত আছা নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা।”—২ কৰিন্থীয়া ১৩:৫.

১, ২. (ক) অনিশ্চয়তাই কেনেকৈ আমাৰ বিশ্বাসক দুৰ্ব্বল কৰিব পাৰে? (খ) কেনে মনোবৃত্তিৰ বাবে প্ৰথম শতিকাৰ কৰিন্থ মণ্ডলীৰ কিছুমানে নিজৰ বিশ্বাসক লৈ অনিশ্চয়তা বোধ কৰিছিল?

 চহৰলৈ আহি এজন ব্যক্তিয়ে নাজানে যে কোনটো পথেদি গʼলে তেওঁৰ গন্তব্যস্থানত উপস্থিত হʼব পাৰে। বাটৰুৱাসকলক সোধাৰ স্বত্বেও তেওঁ সঠিক নিৰ্দ্দেশনা পোৱা নাই। আগলৈ তেওঁ কি কৰিব তাৰ বিষয়ে ভাবি বিমূঢ়ত পৰিছে। ঠিক সেইদৰে আমিও নিজৰ বিশ্বাসক লৈ বিমূঢ়ত পৰিব পাৰোঁ। এনে অনিশ্চয়তাই আমাৰ মনত সঠিক নিৰ্ণয় লোৱাত সন্দেহ উৎপন্ন কৰিব পাৰে।

তেনে এক সাদৃশ্যতা প্ৰথম শতিকাৰ কৰিন্থ মণ্ডলীৰ কিছুমান খ্ৰীষ্টানৰ মাজতো দেখিবলৈ পোৱা গৈছিল। সেই মণ্ডলীৰ “প্ৰধান পাঁচনিবিলাকে” পাঁচনি পৌলৰ অধিকাৰৰ প্ৰতি আপত্তি কৰি এইদৰে কৈছিল: “তাৰ পত্ৰৰ দ্বাৰাই বাক্যত যেনে, উপস্থিত হলে কাৰ্য্যতো তেনেকুৱাই বুলি, সেই মানুহে বিবেচনা কৰি জানক।” (২ কৰিন্থীয়া ১০:৭-১২; ১১:৫, ৬) তেনে ধৰণৰ মনোবৃত্তিৰ বাবে কৰিন্থ মণ্ডলীৰ কিছুমান ব্যক্তিয়ে নিজৰ বিশ্বাসৰ প্ৰতি অনিশ্চয়তা বোধ কৰিছিল।

৩, ৪. কৰিন্থ মণ্ডলীলৈ দিয়া পাঁচনি পৌলৰ পৰামৰ্শৰ প্ৰতি আমি কিয় আগ্ৰহী হোৱা উচিত?

সা.যু. ৫০ চনত কৰিন্থ চহৰত প্ৰচাৰ কৰিবলৈ অহাৰ সময়ত পাঁচনি পৌলে তাত এখন মণ্ডলী স্থাপন কৰিছিল। তেওঁ সেই চহৰখনত “তেওঁবিলাকৰ মাজত ডেৰ বছৰ থাকি, ঈশ্বৰৰ বাক্য” শিকাইছিল। তদুপৰি “কৰিন্থীয়াবিলাকৰ মাজৰ অনেক লোকে শুনি, বিশ্বাস কৰি বাপ্তাইজিত” হৈছিল। (পাঁচনিৰ কৰ্ম্ম ১৮:৫-১১) তেওঁ বিশেষকৈ তাৰ সঙ্গী ভাইসকলৰ আধ্যাত্মিক উন্নতিৰ প্ৰতি আগ্ৰহী আছিল। ইয়াৰ উপৰিও কৰিন্থীয়াসকলে কিছুমান বিষয়ৰ সম্বন্ধে পৰামৰ্শ বিচাৰি পাঁচনি পৌললৈ চিঠি লিখিছিল। (১ কৰিন্থীয়া ৭:১) সেয়েহে তেওঁ তেওঁলোকলৈ উত্তম পৰামৰ্শ আগবঢ়াইছিল।

পাঁচনি পৌলে কৰিন্থীয়াসকলক কৈছিল যে, “তোমালোক বিশ্বাসত আছা নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা।” (২ কৰিন্থীয়া ১৩:৫) গতিকে এনে পৰামৰ্শৰ অনুসাৰে চলি তেওঁলোকে নিজৰ বিশ্বাসৰ প্ৰতি থকা অনিশ্চয়তাক দূৰ কৰিব পাৰিলেহেঁতেন। ঠিক সেইদৰে এই পৰামৰ্শটো আমাৰ সময়ৰ বাবেও কাৰ্য্যকাৰী হʼব পাৰে। তেনেহʼলে আমি কেনেকৈ পাঁচনি পৌলৰ এই পৰামৰ্শৰ অনুসাৰে চলিব পাৰোঁ? আমি বিশ্বাসত আছোঁ নে নাই, সেই বিষয়ে কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ? তদুপৰি নিজকে পৰীক্ষা কৰি চোৱাৰ সৈতে আৰু কি সন্মিলিত আছে?

“বিশ্বাসত আছা নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা”

৫, ৬. আমি বিশ্বাসত আছোঁ নে নাই, সেই বিষয়ে পৰীক্ষা কৰিবলৈ কেনে নিৰ্দ্দেশনাই সহায় কৰে আৰু ইয়াক কিয় এক উৎকৃষ্ট নিৰ্দ্দেশনা বুলি কʼব পাৰি?

সাধাৰণতে কোনো এটা বিষয় বা কোনোবা এজনক পৰীক্ষা কৰাৰ দ্বাৰা বিষয়টো অথবা ব্যক্তিজনৰ বৈশিষ্ট্যৰ বিষয়ে জানিব পৰা যায়। এই ক্ষেত্ৰত সেই পৰীক্ষাৰ বিষয় আমাৰ বিশ্বাস নহয়, কিন্তু ব্যক্তিগত হিচাপে আঁকোৱালি লোৱা বিশ্বাসৰ ওপৰত হয়। এই পৰীক্ষা সফলতাৰে সম্মুখীন হʼবলৈ আমাৰ ওচৰত এক উচিত স্তৰ আছে। যাৰ বিষয়ে গীতমালা ৰঁচোতা দায়ূদে লিখা গীতটিত এইদৰে উল্লেখ থকা দেখিবলৈ পোৱা যায়: “যিহোৱাৰ ব্যৱস্থা সিদ্ধ, প্ৰাণক সুস্থ কৰোঁতা; যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা। যিহোৱাৰ আদেশবোৰ যথাৰ্থ, মনৰ আনন্দজনক; যিহোৱাৰ আজ্ঞা নিৰ্ম্মল, চকুৰ দীপ্তিজনক।” (গীত ১৯:৭, ৮) যিহোৱাৰ সিদ্ধ ব্যৱস্থা, ভাৰসাযোগ্য সাক্ষ্য আৰু যথাৰ্থ আদেশবোৰ বাইবেলত লিপিবদ্ধ কৰা আছে। তদুপৰি তাত থকা নিৰ্দ্দেশনাসমূহে পৰীক্ষাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ এক উৎকৃষ্ট স্তৰ প্ৰদান কৰে।

সেই ঈশ্বৰ-প্ৰেৰিত নিৰ্দ্দেশনাৰ বিষয়ে মনত ৰাখি পাঁচনি পৌলে এইদৰে কৈছিল: “ঈশ্বৰৰ বাক্য জীয়া, কাৰ্য্য-সাধক, আৰু আটাই দুধৰীয়া তৰোৱালতকৈয়ো চোকা, প্ৰাণ আৰু আত্মা, গাঁঠি আৰু মজ্জা, এই সকলোকে ভেদ কৰালৈকে বিন্ধোতা আৰু মনৰ ভাবনা আৰু অভিপ্ৰায়কো চিনোতা।” (ইব্ৰী ৪:১২) ঈশ্বৰৰ বাক্যই নিৰীক্ষণ কৰি কʼব পাৰে যে আমাৰ অন্তৰত কি আছে। আমি কেনেকৈ নিজৰ জীৱনত এই কাৰ্য্য-সাধক নিৰ্দ্দেশনাটো পালন কৰিব পাৰোঁ? এই বিষয়ে গীতমালা ৰঁচোতাজনে স্পষ্টকৈ বৰ্ণনা কৰি এইদৰে কৈছিল: “যি মানুহে . . . যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য।” (গীত ১:১, ২) “যিহোৱাৰ ব্যৱস্থা” তেওঁৰ বাক্য বাইবেলত লিপিবদ্ধ কৰা হৈছে। সেইবাবে আমি বাইবেলখন আগ্ৰহেৰে পঢ়া উচিত। তদুপৰি ইয়াক মনোযোগেৰে পঢ়িবলৈ সময় উলিওৱা অতি আৱশ্যক। গতিকে আঁহক আমি বাইবেলখন পঢ়াৰ সময়ত তাৰ বিষয়বোৰ পৰীক্ষা কৰি চাওঁহঁক।

৭. আমি বিশ্বাসত আছোঁ নে নাই, সেই বিষয়ে পৰীক্ষা কৰা উত্তম পদ্ধতিটো কি?

আমি বিশ্বাসত আছোঁ নে নাই, সেই বিষয়ে পৰীক্ষা কৰা উত্তম পদ্ধতিটো হৈছে: ঈশ্বৰৰ বাক্য পাঠ আৰু ইয়াৰ সামঞ্জস্যত আমাৰ আচাৰ-ব্যৱহাৰ গঢ়ি তুলাৰ সম্বন্ধে পৰীক্ষা কৰা। তদুপৰি আমি ঈশ্বৰৰ বাক্যৰ বিষয়ে অধিককৈ অন্তৰ্দৃষ্টি লাভ কৰি আনন্দিত হʼব পাৰিম।

৮. ‘বিশ্বাসী আৰু বুদ্ধিমান দাসে’ প্ৰকাশ কৰা সাহিত্যবোৰে আমাৰ বিশ্বাস পৰীক্ষা কৰি চাবলৈ কেনেকৈ সহায় কৰিব পাৰে?

‘বিশ্বাসী আৰু বুদ্ধিমান দাসবৰ্গই’ প্ৰকাশ কৰা প্ৰকাশনসমূহৰ দ্বাৰা যিহোৱাই শাস্ত্ৰ পদবোৰ বৰ্ণনা কৰি শিক্ষা আৰু নিৰ্দ্দেশনা প্ৰদান কৰিছে। (মথি ২৪:৪৫) উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰৰ কাষ চাপা নামৰ কিতাপখনৰ প্ৰত্যেকটো অধ্যায়ৰ সমাপ্তিত থকা “ধ্যান কৰা প্ৰশ্নসমূহৰ” বক্সটো বিবেচনা কৰক। a উল্লেখ কৰা পৰামৰ্শবোৰ ব্যক্তিগত জীৱনত কেনেকৈ পালন কৰিব পাৰি, সেই বিষয়ে কিতাপখনৰ এই বৈশিষ্ট্যটোৱে কিযে এক উত্তম সুযোগ প্ৰদান কৰিছে! ঠিক সেইদৰে প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীখনত প্ৰকাশ কৰা বিভিন্ন বিষয়বোৰে আমাৰ বিশ্বাস পৰীক্ষা কৰি চাবলৈ সহায় কৰে। অলপতে প্ৰহৰীবুৰুজ আলোচনীখনত হিতোপদেশ কিতাপৰ বিষয়ে উল্লেখ কৰা সম্বন্ধে এগৰাকী প্ৰকৃত খ্ৰীষ্টান মহিলাই এইদৰে কয়: “এই লেখবোৰ মোৰ বাবে কাৰ্য্যকাৰী হিচাপে প্ৰমাণিত হৈছে। কিয়নো ই মোৰ কথা-বতৰা, আচাৰ-ব্যৱহাৰ আৰু বিচাৰধাৰাবোৰ যিহোৱাৰ স্তৰৰ অনুসাৰে আছে নে নাই, তাক পৰীক্ষা কৰি চাবলৈ সহায় কৰে।

৯, ১০. আমি বিশ্বাসত আছোঁ নে নাই, সেই বিষয়ে পৰীক্ষা কৰিবলৈ যিহোৱাই কেনে প্ৰবন্ধবোৰৰ ব্যৱস্থা কৰিছে?

ইয়াৰ উপৰিও আমি মণ্ডলীৰ সভা, সন্মিলন আৰু অধিৱেশনৰ দ্বাৰা অধিককৈ নিৰ্দ্দেশনা আৰু উৎসাহ লাভ কৰোঁ। যিসকলৰ বাবে যিহোৱাই এই আধ্যাত্মিক প্ৰবন্ধবোৰ উপলব্ধ কৰিছে, তেওঁলোকৰ বিষয়ে ভৱিষ্যতবক্তা যিচয়াই এইদৰে কৈছিল: “অন্তিম কালত এইদৰে ঘটিব, যে, যিহোৱাৰ গৃহৰ পৰ্ব্বতটি পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব, আৰু গিৰিবোৰতকৈয়ো ওখ কৰা হব; তাতে সকলো জাতি সোঁত বোৱাৰ দৰে তালৈ বৈ যাব। অনেক জাতিয়ে ওলাই কব, ‘বʼলা, আমি যিহোৱাৰ পৰ্ব্বতটিলৈ, যাকোবৰ ঈশ্বৰৰ গৃহটিলৈ উঠি যাওহঁক; তেওঁ আমাক নিজ পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিম।’?” (যিচয়া ২:২, ৩) যিহোৱাৰ পথবোৰৰ বিষয়ে তেনে নিৰ্দ্দেশনা পোৱাটো বাস্তৱতে এক আশীৰ্ব্বাদ।

১০ আনকি আধ্যাত্মিকভাৱে পৰিপক্ক ব্যক্তি আৰু খ্ৰীষ্টান প্ৰাচীনসকলে দিয়া পৰামৰ্শও আমাৰ বিশ্বাস নিৰীক্ষণ কৰিবলৈ সহায় কৰে। তেওঁলোকক সম্বোধিত কৰি বাইবেলে এইদৰে কৈছে: “হে ভাইবিলাক, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেন্তে আত্মিক যি তোমালোক, তোমালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক আকৌ সুস্থ কৰা; পাছে জানো তুমিও পৰীক্ষাত পৰা, এই কাৰণে নিজক চাবা।” (গালাতীয়া ৬:১) এনে ধৰণৰ প্ৰবন্ধৰ বাবে আমি কিমান যে কৃতজ্ঞ হʼব পাৰোঁ!

১১. আমাৰ বিশ্বাসৰ বিষয়ে পৰীক্ষা কৰাৰ সৈতে কি সন্মিলিত আছে?

১১ আমাৰ বাবে বাইবেল আধাৰিত প্ৰকাশন, খ্ৰীষ্টান সভা আৰু প্ৰাচীনসকল অৰ্থাৎ যিহোৱাৰ পৰা পোৱা এনে উত্তম দানবোৰৰ স্বত্ত্বেও, আমি কৰা বিশ্বাসৰ সম্বন্ধে নিজকে আত্ম-নিৰীক্ষণ কৰা আৱশ্যক। গতিকে প্ৰকাশনবোৰ পঢ়া আৰু শাস্ত্ৰ পদৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিয়াৰ সময়ত আমি নিজকে এইদৰে সোধা উচিত হʼব: ‘ইয়াত কোৱা বিষয়বোৰ মোৰ বাবে প্ৰযোজ্যনে? মই তেনে ধৰণৰ কোনো কাৰ্য্য কৰিছোঁনে? মই প্ৰকৃত খ্ৰীষ্টান বিশ্বাস সম্বন্ধীয় বিষয়বোৰৰ অনুসাৰে চলিছোঁনে?’ এনে প্ৰশ্নবোৰে দাঙি ধৰা প্ৰবন্ধবোৰৰ প্ৰতি থকা আমাৰ মনোবৃত্তিয়ে আধ্যাত্মিক অৱস্থাত গভীৰভাৱে প্ৰভাৱ পেলায়। বাইবেলৰ অনুসাৰে, “স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে; কিয়নো তেওঁৰ মানত সেয়ে মূৰ্খতা; . . . কিন্তু আত্মিক জনে আটাইৰে বিচাৰ কাৰো দ্বাৰাই কৰা নাযায়।” (১ কৰিন্থীয়া ২:১৪, ১৫) এতেকে আমি যি প্ৰকাশনবোৰ পঢ়িছোঁ, সভা আৰু প্ৰাচীনসকলৰ পৰা যি শিকিছোঁ সেইবোৰৰ প্ৰতি উচিত মনোবৃত্তি বজাই ৰাখাটো উত্তম নহʼবনে?

“নিজৰ প্ৰমাণ চোৱা”

১২. আমি গভীৰভাৱে সত্যত জড়িত থকাৰ বিষয়ে কিহে প্ৰমাণ দিব পাৰে?

১২ আমি বিশ্বাসত আছোঁ নে নাই, তাৰ বিষয়ে নিজৰ প্ৰমাণ চোৱাৰ সৈতে আত্ম-নিৰীক্ষণ কৰাও সন্মিলিত আছে। আমি সত্যত থকা স্বত্বেও ইয়াক কিমান গভীৰভাৱে লৈছোঁ? এই বিষয়ে আমাৰ পৰিপক্কতা আৰু আধ্যাত্মিক প্ৰবন্ধবোৰৰ প্ৰতি থকা কৃতজ্ঞতামূলক মনোবৃত্তিয়ে প্ৰমাণ দিব পাৰে।

১৩. ইব্ৰী ৫:১৪ পদৰ অনুসাৰে কিহে আমাৰ পৰিপক্কতাৰ প্ৰমাণ দিয়ে?

১৩ আমি যে আধ্যাত্মিকভাৱে পৰিপক্ক হৈছোঁ, সেই বিষয়ে কেনেকৈ জানিব পাৰোঁ? এই বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “টান আহাৰ, সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল-বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ, তেওঁবিলাকৰহে।” (ইব্ৰী ৫:১৪) আমি নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষিত কৰাৰ দ্বাৰা পৰিপক্কতাৰ প্ৰমাণ দিওঁ। যিদৰে এজন খেলুৱৈ দৌৰ প্ৰতিযোগিতা ভাগ লোৱাৰ পূৰ্বেই শৰীৰৰ কিছুমান মাংসপেশীক প্ৰশিক্ষিত কৰিবলগীয়া হয়, ঠিক সেইদৰে বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰি আমি নিজৰ জ্ঞানেন্দ্ৰিয় শক্তিক দৃঢ় কৰিব পাৰোঁ।

১৪, ১৫. আমি ঈশ্বৰৰ বাক্যত থকা গভীৰ বিষয়বোৰ বুজিবলৈ কিয় অত্যধিক প্ৰচেষ্টা কৰা আৱশ্যক?

১৪ আমি জ্ঞানেন্দ্ৰিয় শক্তিক প্ৰশিক্ষিত কৰাৰ আগেয়ে জ্ঞান লোৱাটো অতি আৱশ্যক। ইয়াৰ বাবে যত্নশীল ব্যক্তিগত অধ্যয়ন কৰা প্ৰয়োজন। আমি যেতিয়া নিতৌ ঈশ্বৰৰ গভীৰ বিষয়বোৰৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়া আমাৰ জ্ঞানেন্দ্ৰিয় শক্তিয়ে সক্ৰিয়ভাৱে কাৰ্য্য কৰিবলৈ আৰম্ভ কৰে। অতীতত আমি প্ৰহৰীবুৰুজ আলোচনীখনত বহুতো গভীৰ বিষয়ে আলোচনা কৰিলোঁ। যেতিয়া আমি তেনে গভীৰ বিষয়বোৰৰ সম্পৰ্কে পঢ়িবলৈ পাওঁ, তেতিয়া কেনেকৈ প্ৰতিক্ৰিয়া দেখুৱাওঁ? তেনে গভীৰ বিষয়বোৰ “বুজিবলৈ টান” হোৱাৰ বাবে আমি সেইবোৰৰ পৰা আঁতৰি থাকিব বিচাৰোঁনে? (২ পিতৰ ৩:১৬) ইয়াৰ বিপৰীতে আমি সেইবোৰৰ বিষয়ে বুজিবলৈ অত্যধিক প্ৰচেষ্টা কৰা উচিত।—ইফিচীয়া ৩:১৮.

১৫ যদি আমি ব্যক্তিগত অধ্যয়ন কৰিবলৈ টান পাওঁ, তেন্তে কি কৰিব পাৰি? তথাপিও আমি তাৰ প্ৰতি একাগ্ৰহতা বা শিকিবলৈ আগ্ৰহকতা বিকশিত কৰাটো এক আৱশ্যকীয় বিষয়. b (১ পিতৰ ২:২) পৰিপক্কতাত বৃদ্ধি হʼবলৈ হʼলে আমি ঈশ্বৰৰ বাক্যত থকা গভীৰ বিষয়বোৰৰ পৰা যি শিকিছোঁ, সেই জ্ঞানবোৰ কাৰ্য্যত প্ৰয়োগ কৰা উচিত। অন্যথা, আমাৰ জ্ঞানেন্দ্ৰিয় শক্তিয়ে সক্ৰিয়ভাৱে কাৰ্য্য নকৰিব। যিয়েই নহওঁক, পৰিপক্ক হʼবলৈ কেৱল জ্ঞানেন্দ্ৰিয় শক্তিয়ে যে বিকশিত কৰা আৱশ্যক, এনে নহয়। ইয়াৰ সৈতে ব্যক্তিগত অধ্যয়নৰ পৰা শিকা বিষয়বোৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰাও জড়িত আছে।

১৬, ১৭. “বাক্য পালন কৰোঁতা” হোৱাৰ সম্বন্ধে পাঁচনি যাকোবে কেনে পৰামৰ্শ আগবঢ়াইছে?

১৬ সত্যৰ প্ৰতি থকা আমাৰ মূল্যাঙ্কন অৰ্থাৎ বিশ্বাসেৰে কৰা কাৰ্য্যৰ দ্বাৰাও আমি নিজৰ বিষয়ে প্ৰমাণ দাঙি ধৰোঁ। আত্ম-নিৰীক্ষণ কৰাৰ সম্বন্ধে এক প্ৰভাৱশালী দৃষ্টান্তৰ বিষয়ে বৰ্ণনা কৰি পাঁচনি যাকোবে এইদৰে কৈছিল: “কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোঁতা হোৱা। কিয়নো কোনোৱে যদি বাক্য পালন কৰোঁতা নহৈ, কেৱল শুনোতা মাথোন হয়, তেন্তে তেওঁ দৰ্পণত নিজৰ স্বাভাৱিক মুখ দেখা মানুহৰ নিচিনা হয়; কাৰণ তেওঁ নিজকে চাই পেলাই গুচি যায়, তাতে তেওঁ কেনেকুৱা আছিল, তাক তেতিয়াই পাহৰি যায়। কিন্তু যি কোনোৱে স্বাধীনতাস্বৰূপ সিদ্ধ বিধানলৈ চাপৰি দৃষ্টি কৰে, আৰু চাই থাকে, আৰু শুনি পাহৰোঁতা নহৈ পালন কৰোঁতা হয়, তেওঁহে নিজ কাৰ্য্যত ধন্য হব।”—যাকোব ১:২২-২৫.

১৭ দৰাচলতে, যাকোবে কোৱাৰ অৰ্থ আছিল, ‘ঈশ্বৰৰ বাক্যৰ সহায়েৰে দুৰ্ব্বলতাবোৰ চিনি পাবলৈ সুক্ষ্মভাৱে নিজকে পৰীক্ষা কৰা। তাৰ পিছত ক্ৰমান্বয়ে সেইবোৰৰ সংশোধন কৰিবলৈ নিৰন্তৰে প্ৰচেষ্টা কৰক।’ কোনো কোনো সময়ত তেওঁৰ এই পৰামৰ্শ পালন কৰাটো প্ৰত্যাহ্বানজনক হʼব পাৰে।

১৮. বৰ্তমান সময়ত পাঁচনি যাকোবৰ পৰামৰ্শটো পালন কৰা কিয় এক প্ৰত্যাহ্বানৰ বিষয়?

১৮ উদাহৰণস্বৰূপে, ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সম্বন্ধে থকা দায়িত্বটোৰ বিষয়ে বিবেচনা কৰক। এই সম্পৰ্কে পাঁচনি পৌলে কৈছিল যে, “ধাৰ্ম্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয়; আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়।” (ৰোমীয়া ১০:১০) পৰিত্ৰাণৰ সম্বন্ধে সকলোৰে আগত গৈ প্ৰচাৰ কৰিবলৈ নিজৰ জীৱনত বহুতো সাল-সলনি কৰা আৱশ্যক। আনকি এই কাৰ্য্যত ভাগ লোৱাটো আমাৰ বেছিভাগৰ বাবে ইমান সহজ নহয়। তদুপৰি উৎসাহী প্ৰচাৰক হʼবলৈ আৰু নিজৰ জীৱনত তাক প্ৰথম স্থান দিবলৈ অত্যধিক সাল-সলনি আৰু ত্যাগ কৰা সন্মিলিত আছে। (মথি ৬:৩৩) কিন্তু এবাৰ এই কাৰ্য্যত সম্পূৰ্ণৰূপে জড়িত হোৱাৰ পিছত আমি যিহোৱাৰ মহিমা কৰি আনন্দিত হʼম। তেন্তে আমি সকলোৱে উৎসাহী হৈ ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰক হিচাপে কাৰ্য্য কৰিবলৈ পদক্ষেপ লʼমনে?

১৯. আমি বিশ্বাসেৰে কৰা কাৰ্য্যবোৰৰ সৈতে আৰু কি সন্মিলিত আছে?

১৯ আমি বিশ্বাসেৰে কৰা কাৰ্য্যবোৰৰ সৈতে আৰু কি সন্মিলিত হোৱা আৱশ্যক? এই সম্বন্ধে পাঁচনি পৌলে এইদৰে কৈছিল: “তোমালোকে যি যি শিকিলা, গ্ৰহণ কৰিলা, শুনিলা, আৰু মোত দেখিলা, সেই সকলোকে আচৰণ কৰা; তাতে শান্তিৰ আকৰ ঈশ্বৰ তোমালোকৰ লগত থাকিব।” (ফিলিপীয়া ৪:৯) সমৰ্পণৰ অনুসাৰে চলি খ্ৰীষ্টৰ শিষ্য হোৱাৰ পৰিচয় দি আমি যি শিকিলোঁ, গ্ৰহণ কৰিলোঁ, শুনিলোঁ আৰু দেখিলোঁ, তাৰ দ্বাৰা প্ৰমাণ দিব পাৰোঁ। তদুপৰি যিহোৱাই তেওঁৰ ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা নিৰ্দ্দেশনা দি কৈছে যে, “এয়ে পথ, এয়েদি চলা।”—যিচয়া ৩০:২১.

২০. মণ্ডলীৰ বাবে কেনে ধৰণৰ ব্যক্তিসকল এক উৎকৃষ্ট আশীৰ্ব্বাদৰূপে প্ৰমাণিত হৈছে?

২০ যিসকল পুৰুষ আৰু স্ত্ৰীয়ে যত্নেৰে ঈশ্বৰৰ বাক্য অধ্যয়ন, উৎসাহেৰে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যত অংশ গ্ৰহণ আৰু ঈশ্বৰৰ ৰাজ্যৰ প্ৰতি নিষ্ঠা বজাই ৰাখে, তেওঁলোক মণ্ডলীৰ বাবে উৎকৃষ্ট সহায়ক হিচাপে প্ৰমাণিত হয়। তেওঁলোকৰ উপস্থিতিয়ে মণ্ডলীৰ দৃঢ়তা বজাই ৰাখে। যিহেতু নতুনকৈ অহা বহুতো ব্যক্তিৰ বাবে তেওঁলোক এক উৎকৃষ্ট আৰ্হিস্বৰূপ হৈছে। আমি যেতিয়া ‘বিশ্বাসত আছোঁ নে নাই, তাক জানিবলৈ, নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা’ পাঁচনি পৌলৰ এই পৰামৰ্শৰ অনুসাৰে চলোঁ, তেতিয়া আনক উত্তমভাৱে প্ৰভাৱিত কৰিব পাৰিম।

ঈশ্বৰৰ ইচ্ছা পালন কৰি হৰ্ষিত হোৱা

২১, ২২. আমি কেনেকৈ ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ পাই হৰ্ষিত হʼব পাৰোঁ?

২১ ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ পাই ৰজা দায়ূদে যি অনুভৱ কৰিছিল, সেই বিষয়ে তেওঁ এইদৰে কৈছিল: “হে মোৰ ঈশ্বৰ, তোমাৰ ইচ্ছা পূৰ কৰিবলৈহে মই ভাল পাওঁ; এনে কি, তোমাৰ ব্যৱস্থা মোৰ অন্তৰত আছে।” (গীত ৪০:৮) তেওঁ ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ পাই হৰ্ষিত হৈছিল। কিয় হৈছিল? কিয়নো যিহোৱাৰ ব্যৱস্থা তেওঁৰ হৃদয়ত আছিল। গতিকে কোনটো পথেৰে চলিব লাগে, সেই বিষয়ে চিন্তা কৰি বিভ্ৰান্ত হোৱা নাছিল।

২২ সেইদৰে যদি ঈশ্বৰৰ ব্যৱস্থা আমাৰ হৃদয়ত আছে, তেন্তে আমি চলা পথৰ বিষয়ে চিন্তা কৰি বিভ্ৰান্ত নহʼম। আমি ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ পাই হৰ্ষিত হʼম। তেনেহʼলে আঁহক আমি যিহোৱাৰ সেৱা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰোঁহঁক। (w05 7/15)

[ফুটনোটবোৰ]

a যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।

b আমি কেনেকৈ ব্যক্তিগত অধ্যয়ন কৰিব পাৰোঁ, সেই বিষয়ে যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা নামৰ কিতাপখনৰ ২৭-৩২ পৃষ্ঠাত চাওক।

আপোনাৰ মনত আছেনে?

• আমি বিশ্বাসত আছোঁ নে নাই, সেই বিষয়ে কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ?

• নিজৰ বিষয়ে প্ৰমাণ দাঙি ধৰাৰ সৈতে আৰু কি সন্মিলিত আছে?

• আমি খ্ৰীষ্টান পৰিপক্কতাৰ সম্বন্ধে কেনে প্ৰমাণ দিব পাৰোঁ?

• বিশ্বাসেৰে কৰা কাৰ্য্যবোৰে আমাৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ কেনেকৈ সহায় কৰে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[১৫ পৃষ্ঠাৰ ছবি]

আপুনি বিশ্বাসত আছে নে নাই, তাক পৰীক্ষা কৰি চোৱাৰ উত্তম পদ্ধতিটোৰ বিষয়ে জানেনে?

[১৬ পৃষ্ঠাৰ ছবি]

আমি জ্ঞানেন্দ্ৰিয় শক্তিৰে কাৰ্য্য কৰি আমাৰ খ্ৰীষ্টান পৰিপক্কতাৰ প্ৰমাণ দিওঁ

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

আমি বাক্য শুনি পাহৰি যোৱা নহয়, কিন্তু পালন কৰোঁতা হোৱাৰ প্ৰমাণ দিওঁ