আপুনি ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰিব পাৰিবনে?
আপুনি ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰিব পাৰিবনে?
‘আমি . . দৰ্পণত দেখাৰ দৰে যিহোৱাৰ, গৌৰৱ কৰোঁ।’—২ কৰিন্থীয়া ৩:১৮.
১. মোচিয়ে কেনে দৰ্শন পাইছিল আৰু তাৰ পিছত কি ঘটিল?
এনে ধৰণৰ আচৰিত আৰু উল্লেখনীয় দৰ্শন কোনো মানহে কেতিয়াও দেখা নাছিল। অতি উচ্চ চীনয় পৰ্ব্বতত উপস্থিত হৈ মোচিয়ে কৰা এক অসাধাৰণ অনুৰোধৰ পূৰ্ণ হোৱা তেওঁ দেখিবলৈ পাইছিল। সেই অসাধাৰণ অনুৰোধ আছিল, কোনো মানুহে কেতিয়াও নেদেখা ঈশ্বৰৰ প্ৰতাপ দেখিবলৈ মোচিক অনুমতি দিয়া হʼল। নিঃসন্দেহ, মোচিয়ে পোনপটীয়াকৈ ঈশ্বৰক দেখা নাছিল। কিয়নো ঈশ্বৰক দেখি কোনো মানুহে জীয়াই থাকিব নোৱাৰে। গতিকে ঈশ্বৰে তেওঁৰ প্ৰতিনিধিত্ব কৰা এজন স্বৰ্গদূতৰ মাধ্যমেৰে মোচিৰ আগেদি প্ৰস্থান কৰিছিল। আনকি সেই দূতজনৰ দ্বাৰা তেওঁ মোচিৰ সৈতে কথাবতৰাও হৈছিল। তাৰ পিছত যি ঘটিল, সেই বিষয়ে আমি বাইবেলত এইদৰে পঢ়িবলৈ পাওঁ: ‘যেতিয়া মোচিয়ে . . . চীনয় পৰ্ব্বতৰ পৰা নামিল, তেতিয়া নামিবৰ সময়ত, যিহোৱাৰ লগত কথাবতৰা হোৱাত তেওঁৰ মুখ উজ্জ্বল হৈছিল।’—যাত্ৰাপুস্তক ৩৩:১৮-৩৪:৭; ৩৪:২৯.
২. প্ৰকৃত খ্ৰীষ্টানসকলে ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰাৰ বিষয়ে পাঁচনি পৌলে কি কৈছিল?
২ কল্পনা কৰক যে আপুনিও মোচিৰ সৈতে সেই পৰ্ব্বতটোৰ ওপৰত থিয় হৈ আছে। আপোনাৰ বাবে সৰ্ব্বোপৰিজনাৰ প্ৰতাপ দেখা আৰু তেওঁৰ মাত শুনিবলৈ পোৱাটো এক ৰোমাঞ্চিত বিষয় নহʼবনে বাৰু! তদুপৰি ব্যৱস্থাৰ মধ্যস্থতা অৰ্থাৎ মোচিৰ সৈতে একেলগে পৰ্ব্বতৰ পৰা নামি অহাটো কম গৌৰৱৰ বিষয় নহʼবনে! আপুনি জানেনে যে প্ৰকৃত খ্ৰীষ্টানসকলেও মোচিৰ তুলনাত অধিককৈ ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰে? এই নিগূঢ় বাস্তৱিকতাৰ বিষয়ে আমি পাঁচনি পৌলে লিখা পত্ৰখনত পঢ়িবলৈ পাওঁ। যʼত তেওঁ কৈছিল যে অভিষিক্ত খ্ৰীষ্টানসকলে ‘দৰ্পণত দেখাৰ দৰে যিহোৱাৰ গৌৰৱ কৰে।’ (কৰিন্থীয়া ৩:৭, ৮, ১৮) আনকি পাৰ্থিৱ আশা ৰাখা খ্ৰীষ্টানসকলেও ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰে।
প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰে
৩. মোচিৰ তুলনাত যিহোৱাৰ বিষয়ে আমি কেনেকৈ অধিক জ্ঞান লাভ কৰিছোঁ?
৩ যিহেতু আমি মোচিৰ নিচিনাকৈ ঈশ্বৰৰ দৰ্শন বা তেওঁৰ সৈতে কথোপকথন হোৱা নাই। তেন্তে আমাৰ বাবে ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰাটো সম্ভৱ হʼবনে? নিশ্চয়ে সম্ভৱ হʼব। কিয়নো আমি মোচিতকৈ অধিকভাৱে যিহোৱাৰ বিষয়ে জ্ঞান লাভ কৰিছোঁ। উদাহৰণস্বৰূপে, মোচিৰ মৃত্যুৰ ১,৫০০ বছৰৰ পিছত যীচুক মচীহস্বৰূপে জনা গʼল। তদুপৰি মোচিয়ে ইয়াকো নাজানিছিল যে মানৱজাতিক পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ যীচুৰ সম্বন্ধে থকা ব্যৱস্থা কেনেকৈ পূৰ্ণ হʼব। (ৰোমীয়া ৫:২০, ২১; গালাতীয়া ৩:১৯) আনকি তেওঁ মচীহৰ ৰাজ্যৰ সম্বন্ধে থকা ঈশ্বৰৰ ইচ্ছা আৰু ইয়াৰ দ্বাৰা আহিবলগীয়া পাৰ্থিৱ পৰমদেশৰ বিষয়ে অলপহে জ্ঞান লাভ কৰিব পাৰিলে। কিন্তু আমি বাইবেল শিক্ষাসমূহৰ আধাৰত বিকশিত কৰা বিশ্বাসৰ চকুৰে ঈশ্বৰৰ প্ৰতাপৰ বিষয়ে অধিক অন্তৰ্দৃষ্টি লাভ কৰিছোঁ। ইয়াৰ উপৰিও আমি ঈশ্বৰৰ কণ্ঠস্বৰ তেওঁৰ বাক্য বাইবেলত থকা পাঁচনিবিলাকৰ শুভবাৰ্ত্তা কিতাপবোৰৰ দ্বাৰা শুনিবলৈ পাইছোঁ, যʼত যীচুৰ পৰিচৰ্য্যা কাৰ্য্য আৰু শিক্ষাসমূহৰ বিষয়ে বিতংকৈ বৰ্ণনা কৰা হৈছে।
৪. (ক) অভিষিক্ত খ্ৰীষ্টানসকলে কেনেকৈ ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰে? (খ) পাৰ্থিৱ পৰমদেশৰ আশা থকা সকলে কেনে প্ৰকাৰে ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰে?
৪ যদিও প্ৰত্যেকজন খ্ৰীষ্টানৰ মুখমণ্ডলত ঈশ্বৰৰ প্ৰতাপ জিলিকি উঠা দেখিবলৈ পোৱা নাযায়, তথাপিও যিহোৱাৰ ব্যক্তিত্ব আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আনক জনোৱাৰ দ্বাৰা তেওঁলোকৰ মুখমণ্ডল উজ্জ্বল হৈছে। আমাৰ সময়ৰ বিষয়ে উদ্দেশ্য কৰি ভৱিষ্যতবক্তা যিচয়াই কৈছিল যে ঈশ্বৰৰ লোকসকলে “জাতিবিলাকৰ মাজত [যিহোৱাৰ] প্ৰতাপ প্ৰচাৰ কৰিব।” তদুপৰি ২ কৰিন্থীয়া ৪:১, ২ পদত এইদৰে পঢ়িবলৈ পাওঁ: “আমি এই পৰিচৰ্য্যা-পদ পোৱাত, . . . . লাজৰ গুপুত কাৰ্য্য ত্যাগ কৰি, ধূৰ্ত্তাচাৰী নহৈ, আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ সাক্ষাতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্যপাত্ৰ দেখুৱাইছোঁ।” বিশেষকৈ পাঁচনি পৌলে এই বাক্যবোৰ “নতুন নিয়মৰ পৰিচাৰক” অভিষিক্ত খ্ৰীষ্টানসকলৰ সম্বন্ধে লিখিছিল। (২ কৰিন্থীয়া ৩:৬) কিন্তু তেওঁলোকে কৰা পৰিচৰ্য্যা কাৰ্য্যই পৃথিৱীত অনন্ত জীৱনৰ আশাৰ ভাগী হোৱা অসংখ্য লোকক প্ৰভাৱিত কৰিলে। দুয়োটা সমূহে কেৱল শিক্ষা দান কৰিয়ে নহয়, কিন্তু সেই অনুসাৰে জীৱন-যাপন কৰাৰ দ্বাৰাও ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰিলে। গতিকে সৰ্ব্বোপৰিজনাৰ গৌৰৱ প্ৰকাশ কৰাটো হৈছে, আমাৰ এক দায়িত্ব আৰু বিশেষাধিকাৰ নহয়নে বাৰু!
৫. আমাৰ আধ্যাত্মিক বৃদ্ধিয়ে কিহৰ বিষয়ে প্ৰমাণ দিছে?
৫ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্যৰ সম্পৰ্কে কৰা যীচুৰ ভৱিষ্যতবাণী আজি পৃথিৱীৰ সকলো ঠাইতে সম্পন্ন হোৱা দেখা গৈছে। (মথি ২৪:১৪) সকলো জাতি, ফৈদ আৰু ভাষা কোৱা লোকসকলে অতি মনোযোগেৰে শুভবাৰ্ত্তা শুনি ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ নিজ নিজ জীৱনত সাল-সলনি কৰিছে। (ৰোমীয়া ১২:২; প্ৰকাশিত বাক্য ৭:৯) প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ দৰে তেওঁলোকে যি দেখিছে আৰু শুনিছে, তাৰ বিষয়ে সকলোকে কৈছে। (পাঁচনিৰ কৰ্ম্ম ৪:২০) মানৱ ইতিহাসত কাহানিও ৬০ লাখতকৈ অধিক লোকে একত্ৰিত হৈ ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰাৰ বিষয়ে দেখা নাই। আপুনিও তেওঁলোকৰ মাজৰ এজন নে? ঈশ্বৰৰ লোকসকল আধ্যাত্মিকভাৱে বৃদ্ধি হোৱাৰ বাস্তৱিকতাই তেওঁলোকৰ ওপৰত থকা যিহোৱাৰ সুৰক্ষা আৰু আশীৰ্ব্বাদৰ প্ৰমাণ দিয়ে। তদুপৰি যিহোৱাৰ পবিত্ৰ আত্মাই যে আমাৰ বিৰুদ্ধে থিয় হোৱা শক্তিশালী শত্ৰুবিলাকৰ পৰা ৰক্ষা পাবলৈ সহায় কৰে, তাৰ স্পষ্টকৈ প্ৰমাণ পোৱা যায়। আমাক কিয় ঈশ্বৰৰ পবিত্ৰ আত্মাৰ প্ৰয়োজন, আঁহক আমি সেই বিষয়ে বিবেচনা কৰোঁহঁক।
ঈশ্বৰৰ লোকসকলে কেতিয়াও মৌন হৈ নাথাকে
৬. যিহোৱাৰ সপক্ষে থাকিবলৈ কিয় বিশ্বাস আৰু সাহস বজাই ৰাখা আৱশ্যক?
৬ কল্পনা কৰক যে, আপোনাক এজন কুখ্যাত অপৰাধীৰ বিৰুদ্ধে সাক্ষী দিবলৈ আদালতলৈ মতা হৈছে। তদুপৰি আপুনি জানে যে সেই অপৰাধীজনৰ শক্তিশালী সংগঠনে আপোনাক সাক্ষী নিদিবলৈ সকলো প্ৰকাৰৰ হেঁচা আৰু বাধা দিব পাৰে। গতিকে তেনে এজন অপৰাধীৰ বিৰুদ্ধে সাক্ষী দিবলৈ সাহস আৰু অধিকাৰীসকলে দিয়া নিৰাপত্তাৰ আশ্বাসৰ ওপৰত ভাৰসা ৰাখা আৱশ্যক। আজি আমিও সেই একেই পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছে। আমি যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে সাক্ষী দি চয়তানক এক হত্যাকাৰী আৰু গোটেই পৃথিৱীত বিভ্ৰান্ত জন্মাই ফুৰা মিছলীয়া বুলি প্ৰমাণিত কৰিছোঁ। (যোহন ৮:৪৪; প্ৰকাশিত বাক্য ১২:৯) সেয়েহে চয়তানৰ বিৰুদ্ধে থিয় হৈ যিহোৱাৰ সপক্ষে থাকিবলৈ আপোনাক সাহস আৰু বিশ্বাসৰ আৱশ্যক।
৭. চয়তান কিমান প্ৰভাৱশালী আৰু সি কি কৰিবলৈ চেষ্টা কৰিছে?
৭ যিহোৱা হৈছে এজন সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু তেওঁৰ শক্তি চয়তানতকৈ বহু গুণে অধিক। গতিকে আমি আশ্বাস ৰাখিব পাৰোঁ যে তেওঁ কেৱল সুৰক্ষা প্ৰদান কৰাই নহয়, কিন্তু তেনে কৰিবলৈ সদায়ে সাজু থাকে। (২ বংশাৱলি ১৬:৯) আমি মনত ৰাখা উচিত যে চয়তান হৈছে পিশাচ আৰু ঈশ্বৰৰ পৰা বঞ্চিত হোৱা এই জগতখনৰ শাসনকৰ্ত্তা। (মথি ১২:২৪, ২৬; যোহন ১৪:৩০) যিহেতু তাক পৃথিৱীলৈ পেলাই দিয়াৰ বাবে সি ‘অতি ক্ৰোধিত’ হৈ যিহোৱাৰ উপাসকবিলাকক বিৰোধ কৰিছে আৰু জগতখনৰ দ্বাৰা তেওঁলোকে কৰা প্ৰচাৰ কাৰ্য্যক বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে। (প্ৰকাশিত বাক্য ১২:৭-৯, ১২, ১৭) তেনে কৰিবলৈ সি কেনে তিনিটা পদ্ধতি ব্যৱহাৰ কৰিছে?
৮, ৯. চয়তানে কেনেকৈ ভুল প্ৰেমলৈ পৰিচালিত কৰিব পাৰে আৰু আমি কিয় সঙ্গতি বাছনি কৰাত সতৰ্ক হোৱা উচিত?
৮ চয়তানে ব্যৱহাৰ কৰা প্ৰথম পদ্ধতিটো হৈছে, জীৱন-যাপন কৰাৰ সম্বন্ধে আগবঢ়োৱা তাৰ প্ৰলোভনসমূহ। এই শেষ-কালত লোকসকলৰ মাজত নিজকে প্ৰীতি কৰোঁতা, ধন-লুভীয়া, আপোনমইমত হোৱা মনোবৃত্তি দেখা যায়। (২ তীমথিয় ৩:১-৪) বহুতে নিজৰ জীৱনটোক লৈ ব্যস্ত থকাৰ বাবে শুভবাৰ্ত্তা প্ৰচাৰ কাৰ্য্যৰ প্ৰতি ‘কোনো মনোযোগ নিদিয়ে।’ তেওঁলোকে বাইবেলৰ সত্যতাৰ বিষয়ে শিকিবলৈ কোনো আগ্ৰহ নেদেখুৱায়। (মথি ২৪:৩৭-৩৯) তেনে ধৰণৰ মনোবৃত্তিৰ দ্বাৰা প্ৰভাৱিত হৈ আমিও আধ্যাত্মিকভাৱে এলেহুৱা হৈ পৰিব পাৰোঁ। যদি আমি ভৌতিক বস্তু আৰু জীৱনৰ সুখ-বিলাসৰ প্ৰতি হাবিয়াস কৰোঁ, তেন্তে ঈশ্বৰৰ প্ৰতি থকা আমাৰ প্ৰেম চেঁচা হৈ পৰিব।—মথি ২৪:১২.
৯ এইহেতুকে প্ৰকৃত খ্ৰীষ্টানসকলে কাৰ সৈতে সঙ্গতি কৰিছে, তাৰ প্ৰতি সুবিবেচক হোৱা উচিত। সেই বিষয়ে ৰজা চলোমনে এইদৰে কৈছিল: “তুমি জ্ঞানীবিলাকৰ লগত আলাপ কৰা, তাতে তুমি জ্ঞানী হবা; কিন্তু অজ্ঞানবোৰৰ লগৰীয়াই ক্লেশ পাব।” (হিতোপদেশ ১৩২০) এতেকে আঁহক আমি ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰোঁতা সকলৰ সৈতে ‘সঙ্গতি’ কৰোঁহঁক। তেনে পদক্ষেপ লোৱাটো কিযে এক উত্তম বিষয়! আমি মণ্ডলীৰ সভাত বা অন্য সময়ত সঙ্গী ভাই-ভনীসকলৰ সৈতে সঙ্গতি কৰি আৰু তেওঁলোকৰ প্ৰেম, বিশ্বাস, আনন্দ আৰু সুবিবেচনা দেখি উৎসাহিত হওঁ। তেনে ধৰণৰ হিতজনক সঙ্গতিয়ে আমাক একেৰাহে পৰিচৰ্য্যা কাৰ্য্যত লাগি থাকিবলৈ দৃঢ় কৰি তুলে।
১০. চয়তানে কেনেকৈ ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰোঁতা সকলৰ উপহাস কৰে?
১০ চয়তানৰ দ্বিতীয় পদ্ধতিটো হৈছে, ঠাট্টাৰ দ্বাৰা সকলো প্ৰকৃত খ্ৰীষ্টানসকলক ঈশ্বৰৰ মহিমা প্ৰতিফলিত কৰাত বাধা দিয়া। এনে ধৰণৰ পদ্ধতিৰ বিষয়ে জানি আমি আচৰিত হোৱা উচিত নহয়। কিয়নো পৰিচৰ্য্যা কাৰ্য্য কৰাৰ সময়ত যীচুয়েও লোকসকলৰ ইতিকিং বা ঠাট্টাৰ সম্মুখীন হʼবলগীয়া হৈছিল। লোকসকলে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ আৰু গাত থুই পেলাইছিল। (মাৰ্ক ৫:৪০; লূক ১৬:১৪; ১৮:৩২) আনকি প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলেও উপহাসৰ পাত্ৰ হʼবলগীয়া হৈছিল। (পাঁচনিৰ কৰ্ম্ম ২:১৩; ১৭:৩২) ঠিক সেইদৰে বৰ্তমান সময়ৰ যিহোৱাৰ উপাসকসকলেও উপহাসৰ সম্মুখীন হʼবলগীয়া হৈছে। পাঁচনি পিতৰৰ অনুসাৰে তেওঁলোকক মিছা ভাববাদী বুলি অপবাদ দিছে। ইয়াৰ বিষয়ে পিতৰে আগতীয়াকৈ এইদৰে কৈছিল যে, “প্ৰথমে ইয়াকে জানিছা যে, শেষ-কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হব; তেওঁবিলাকে নিজ নিজ কু-অভিলাষৰ দৰে চলিব, আৰু কব, তেওঁৰ আগমনৰ প্ৰতিজ্ঞা কʼতা? কিয়নো . . . সৃষ্টিৰ আদিৰে পৰা আটাইবোৰ তেনেই আছে।” (২ পিতৰ ৩:৩, ৪) ঈশ্বৰৰ লোকসকলক জাগতিক সমাজৰ ৰীতি-নীতিৰ অনুসাৰে নচলাৰ বাবে উপহাস কৰা হয়। নৈতিকতাৰ সম্বন্ধে থকা বাইবেলৰ স্তৰসমূহক পুৰণি বুলি দৃষ্টি কৰে। বহুতৰ মতে, আমি কৰা প্ৰচাৰ কাৰ্য্য এক মূৰ্খতাৰ বিষয়। (১ কৰিন্থীয়া ১:১৮, ১৯) তদুপৰি প্ৰকৃত খ্ৰীষ্টান হোৱা হেতুকে স্কুল, কৰ্ম্মস্থল আৰু আনকি পৰিয়ালতো ঠাট্টা বা উপহাসৰ সম্মুখীন হʼবলগীয়া হʼব পাৰে। যিয়েই নহওঁক, আমি যীচুৰ দৰে ঈশ্বৰৰ বাক্যক সত্য বুলি মানি নিৰন্তৰে যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰা উচিত।—যোহন ১৭:১৭.
১১. চয়তানে প্ৰকৃত খ্ৰীষ্টানসকলক ঈশ্বৰৰ বিষয়ে কোৱাত বাধা দিবলৈ কেনেকৈ উৎপীড়নৰ ব্যৱহাৰ কৰে?
১১ চয়তানে ব্যৱহাৰ কৰা তৃতীয় পদ্ধতিটো হৈছে, উৎপীড়নৰ দ্বাৰা আমাৰ কাৰ্য্যক বন্ধ কৰিবলৈ চেষ্টা কৰা। এই বিষয়ে যীচুৱে পূৰ্বেই তেওঁৰ শিষ্যবিলাকক এইদৰে কৈছিল: “ক্লেশভোগ কৰিবলৈ, মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধো কৰিব; আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হবা।” (মথি ২৪:৯) দৰাচলতে, আমি যিহোৱাৰ সাক্ষী হোৱাৰ বাবে পৃথিৱীৰ বহুতো ঠাইত অত্যধিক উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হৈছোঁ। আমি ভালদৰে জানো যে বহু সময়ৰ পূৰ্বেই যিহোৱাই তেওঁৰ আৰু চয়তানৰ লোকসকলৰ মাজত শত্ৰুভাৱ উৎপন্ন হʼব বুলি কৈছিল। (আদিপুস্তক ৩:১৫) তদপুৰি আমি ইয়াকো জানো যে আনুগত্য বজাই ৰাখাৰ দ্বাৰা যিহোৱাই যে একমাত্ৰ উপযুক্ত শাসনকৰ্তা হয়, সেই বিষয়ে প্ৰমাণ দিব পাৰিম। এনে জ্ঞানে আমাক কঠিন পৰিস্থিতিটো থিৰে থাকিবলৈ সহায় কৰিব পাৰে। যদি আমি ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰিবলৈ দৃঢ়সঙ্কল্প লৈছোঁ, তেন্তে কোনো প্ৰকাৰৰ উৎপীড়নে আমাক তেওঁৰ বিষয়ে কোৱাত বাধা দিব নোৱাৰিব।
১২. আমি ঈশ্বৰৰ প্ৰতি আনুগত্য বজাই ৰাখি চয়তানৰ উৎপীড়নৰ সম্মুখীন হৈ কিয় আনন্দিত হোৱা উচিত?
১২ আপুনি জগতে অনা প্ৰলোভনবোৰক প্ৰতিৰোধ কৰি উপহাস আৰু উৎপীড়নৰ সময়ত বিশ্বাসী হৈ থাকিবলৈ প্ৰচেষ্টা কৰিছেনে? যদি কৰিছে, তেন্তে ই আপোনাৰ বাবে এক আনন্দৰ বিষয়। কিয়নো যীচুৱে তেওঁৰ শিষ্যবিলাকক আশ্বাস দি এইদৰে কৈছিল: “যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ, সকলো প্ৰকাৰ কুকথা কব, তেতিয়া তোমালোক ধন্য। আনন্দ কৰা, আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে; কাৰণ তোমালোকৰ পূৰ্ব্বে যি ভাববাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰে তাড়না কৰিছিল।” (মথি ৫:১১, ১২) আপুনি দেখুৱা ধৈৰ্য্যই প্ৰমাণ দিব যে ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক পৰিচালিত আৰু তেওঁৰ গৌৰৱ প্ৰকাশ কৰিবলৈ শক্তি প্ৰদান কৰিছে।—২ কৰিন্থীয়া ১২:৯.
যিহোৱাই ধৈৰ্য্যশক্তি প্ৰদান কৰে
১৩. আমি ধৈৰ্য্যৰে পৰিচৰ্য্যা কাৰ্য্য কৰাৰ এটা প্ৰমুখ কাৰণ কি?
১৩ আমি ধৈৰ্য্যৰে পৰিচৰ্য্যা কাৰ্য্য কৰাৰ প্ৰমুখ কাৰণটো হৈছে, আমি যিহোৱাক প্ৰেম কৰোঁ আৰু তেওঁৰ গৌৰৱ প্ৰকাশ কৰিবলৈ পাই আনন্দিত হওঁ। লোকসকলে যাক প্ৰেম আৰু সন্মান কৰে, তেওঁক অনুকৰণ কৰাটো এটা স্বাভাৱিক বিষয়। এতেকে আমাৰ বাবে মানুহতকৈ অধিক যিহোৱা ঈশ্বৰক অনুকৰণ কৰাটো এক মহৎ বিষয় নহʼবনে বাৰু! কিয়নো তেওঁ আমাক সকলোতকৈ অধিক প্ৰেম কৰাৰ বাবে নিজৰ একমাত্ৰ পুত্ৰক সত্যতাৰ বিষয়ে সাক্ষী দিয়া আৰু পাপ আৰু মৃত্যুৰ পৰা উদ্ধাৰ কৰিবলৈ পঠিয়ালে। (যোহন ৩:১৬; ১৮:৩৭) যিহেতু ঈশ্বৰৰ দৰে মনোবৃত্তি ৰাখি আমিও সকলোৱে পৰিত্ৰাণ পোৱাটো বিচাৰোঁ আৰু সেইবাবে আমি তেওঁলোকৰ ওচৰত গৈ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ। (২ পিতৰ ৩:৯) এনে আগ্ৰহকতা আৰু ঈশ্বৰক অনুকৰণ কৰিবলৈ লোৱা দৃঢ়সঙ্কল্পই আমাক পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰা তেওঁৰ গৌৰৱ প্ৰকাশ কৰিবলৈ প্ৰেৰিত কৰে।
১৪. যিহোৱাই আমাক ধৈৰ্য্যৰে পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ কেনেকৈ শক্তি প্ৰদান কৰে?
১৪ নিঃসন্দেহ, ধৈৰ্য্যৰে পৰিচৰ্য্যা কাৰ্য্য কৰিবলৈ যিহোৱাই আমাক শক্তি প্ৰদান কৰে। তেওঁ আমাক নিজৰ পবিত্ৰ আত্মা, সংগঠন আৰু বাক্যৰ দ্বাৰা প্ৰতিপালন কৰে। যিহোৱাই তেওঁৰ গৌৰৱ প্ৰকাশ কৰা সকলক ‘ধৈৰ্য্য প্ৰদান কৰে।’ তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে আৰু সুবিবেচক হৈ পৰীক্ষাৰ সম্মুখীন হʼবলৈ জ্ঞান প্ৰদান কৰে। (ৰোমীয়া ১৫:৫; যাকোব ১:৫) তদুপৰি যিহোৱাই আমি সহন কৰিব পৰা ক্ষমতাৰ বাহিৰত থকা পৰীক্ষাৰ সম্মুখীন হʼবলৈ কেতিয়াও এৰি নিদিয়ে। যদি আমি যিহোৱাত ভাৰসা ৰাখোঁ, তেন্তে তেওঁ আমাক তেওঁৰ গৌৰৱ প্ৰকাশ কৰিবলৈ নিৰ্দ্দেশনা প্ৰদান কৰিব।—১ কৰিন্থীয়া ১০:১৩.
১৫. কিহে আমাক ধৈৰ্য্য ধৰিবলৈ সহায় কৰে?
১৫ আমি পৰিচৰ্য্যা কাৰ্য্যত দেখুৱা ধৈৰ্য্যই প্ৰমাণ দিয়ে যে ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক পৰিচালিত কৰিছে। কল্পনা কৰক যে কোনোবাই আপোনাক এক বিশেষ ধৰণৰ খাদ্য বস্তু বিনামূল্যে ঘৰে-ঘৰে বিতৰণ কৰিবলৈ কৈছে। তদুপৰি এই কাৰ্য্য সম্পন্ন কৰিবলৈ আপোনাক নিজা খৰচ-পাতি আৰু সময় অতিবাহিত কৰিবলৈ কোৱা হৈছে। অতি কম সময়ৰ ভিতৰত আপুনি জানিব পাৰিছে যে খুব কম সংখ্যক লোকেহে আপোনাৰ খাদ্য বস্তু লʼবলৈ ইচ্ছুক আৰু আনসকলে আপোনাৰ এই কাৰ্য্যক বাধা দিবলৈ চেষ্টা কৰিছে। তেন্তে এনে কাৰ্য্যত আপুনি মাহ আৰু বছৰ ধৰি লাগি থাকিবনে? সম্ভৱতঃ আপুনি এই কাৰ্য্য কৰিবলৈ এৰি দিব। কিন্তু আপুনি হয়তো নিজা খৰচ-পাতি বহন আৰু সময় অতিবাহিত কৰি কৰা শুভবাৰ্ত্তাৰ প্ৰচাৰ কাৰ্য্যক কেতিয়াও এৰি নিদিব। কিয় এৰি নিদিব? কিয়নো আপুনি যিহোৱাক প্ৰেম কৰে আৰু আপোনাৰ এনে প্ৰচেষ্টাত তেওঁ আশীৰ্ব্বাদ দিয়া নাইনে? অৱশ্যেই দিছে!
মনত ৰাখিবলগীয়া এক কাৰ্য্য
১৬. আমি পৰিচৰ্য্যা কাৰ্য্যত বজাই ৰাখা সহনশীলতাই আমাৰ আৰু আনৰ বাবে কেনে অৰ্থ ৰাখে?
১৬ নতুন ব্যৱস্থাৰ অধীনত থকা পৰিচৰ্য্যা কাৰ্য্য হৈছে এক অতুলনীয় উপহাৰ। (২ কৰিন্থীয়া ৪:৭) একেইদৰে, পৃথিৱীৰ সকলো ঠাইতে থকা অন্য মেৰবৰ্গৰ সদস্যসকলে এই খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যক বহুমূলীয়া বুলি দৃষ্টি কৰে। আপুনি একেৰাহে ধৈৰ্য্যৰে পৰিচৰ্য্যা কাৰ্য্য কৰাৰ দ্বাৰা তীমথিয়লৈ কোৱা পাঁচনি পৌলৰ এই বাক্যশাৰীক পূৰ্ণ কৰিব পাৰিব, যʼত এইদৰে কোৱা হৈছে: “তুমি নিজৰ আৰু শুনাবিলাকৰো পৰিত্ৰাণ কৰাবা।” (১ তীমথিয় ৪:১৬) এই বাক্যশাৰীৰ তাৎপৰ্য্যতা কি, সেই বিষয়ে বিবেচনা কৰক। আপুনি এই শুভবাৰ্ত্তা শুনোৱাৰ দ্বাৰা আনৰ বাবে চিৰকাল জীয়াই থকাৰ সুযোগ মুকলি কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি আধ্যাত্মিকভাৱে সহায় কৰা সকলৰ সৈতে এক নিবিড় সম্পৰ্ক স্থাপন কৰিব পাৰিব। কল্পনা কৰক যে, তেওঁলোকৰ সৈতে একলগে পৰমদেশত জীয়াই থাকিবলৈ পোৱাটো এক আনন্দৰ বিষয় নহয়নে বাৰু! তেওঁলোকে নিশ্চয়ে আপুনি কৰা প্ৰচেষ্টাক মনত ৰাখিব। এনে কাৰ্য্যই আত্মসন্তুষ্টি হোৱাৰ কিযে এক উত্তম কাৰণ প্ৰদান কৰে!
১৭. আমি মানৱ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাত বাস কৰিছোঁ বুলি কিয় কʼব পাৰোঁ?
১৭ আপুনি মানৱ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সময়ছোৱাত বাস কৰিছে। এই ভক্তিহীন জগতখনত কৰা ঈশ্বৰৰ ৰাজ্যৰ এই শুভবাৰ্ত্তা পুনৰাই আৰু প্ৰচাৰ কৰা নহʼব। নোহ নামৰ ব্যক্তিজনে তেনে এখন জগতত বাস কৰিছিল আৰু সেই সময়ৰ জগতখন ধ্বংস হোৱাও তেওঁ লক্ষ্য কৰিলে। তেওঁ বিশ্বাসী হৈ ঈশ্বৰে কোৱা অনুসাৰে জাহাজ নিৰ্মাণ কৰি নিজে আৰু নিজৰ পৰিয়ালবৰ্গৰ জীৱন ৰক্ষা পোৱাটো দেখিবলৈ পাই কিমান যে আনন্দিত হৈছিল! (ইব্ৰী ১১:৭) আপুনিও তেনে ধৰণৰ আনন্দ লাভ কৰিব পাৰে। কল্পনা কৰক যে, পৰমদেশত প্ৰৱেশ কৰি আপুনি অতীতত ৰাজ্যৰ হিতৰ সম্বন্ধে কৰা কাৰ্য্যৰ বাবে কিমান যে সন্তুষ্টি বোধ কৰিব!
১৮. যিহোৱা ঈশ্বৰে তেওঁৰ সেৱকসকলক কেনে ধৰণৰ আশ্বাস প্ৰদান কৰিছে?
১৮ এতেকে আঁহক আমি নিৰন্তৰে ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰি থাকোঁহঁক। আমি কৰা এই কাৰ্য্য আমাৰ স্মৃতিত চিৰকাললৈকে ৰৈ যাব। তদুপৰি যিহোৱাই আমি কৰা কাৰ্য্যক কেতিয়াও পাহৰি নাযায়। যাৰ বিষয়ে বাইবেলে আশ্বাস দি এইদৰে কৈছে: “তোমালোকেও পবিত্ৰ লোকবিলাকৰ যি সেৱা-শুশ্ৰূষা কৰিলা, আৰু কৰিছা, তাৰেই ঈশ্বৰৰ নামলৈ তোমালোকে দেখুউৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্ম্মিক নহয়। কিন্তু তোমালোকৰ প্ৰত্যেক জনে যে শেষলৈকে সম্পূৰ্ণ নিশ্চয়তাযুক্ত আশাৰ অৰ্থে সেই একে যত্ন দেখুউৱা, আৰু এলেহুৱা নহৈ, যি মানুহ বিশ্বাস আৰু চিৰসহিষ্ণুতাৰ দ্বাৰাই প্ৰতিজ্ঞাবোৰৰ উত্তৰাধিকাৰী হল, সেই মানুহৰ অনুকাৰী হোৱা, এই মানুহৰ মনোবাঞ্ছা।”—ইব্ৰী ৬:১০-১২. (w05 8/15)
আপুনি উত্তৰ দিব পাৰিবনে?
• প্ৰকৃত খ্ৰীষ্টানসকলে কেনেকৈ ঈশ্বৰৰ গৌৰৱ প্ৰকাশ কৰে?
• ঈশ্বৰৰ লোকসকলৰ কাৰ্য্যক বন্ধ কৰিবলৈ চয়তানে কেনে পদ্ধতিবোৰ ব্যৱহাৰ কৰে?
• কিহে দেখুৱাই যে ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক পৰিচালিত কৰিছে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[৯ পৃষ্ঠাৰ ছবি]
যিহোৱাৰ প্ৰতাপ মোচিৰ মুখমণ্ডলত দেখা গৈছিল
[১০ পৃষ্ঠাৰ ছবি]
আমি পৰিচৰ্য্যা কাৰ্য্যৰ দ্বাৰা যিহোৱাৰ গৌৰৱ প্ৰকাশ কৰোঁ