যিহোৱা হৈছে আমাৰ ৰক্ষক
যিহোৱা হৈছে আমাৰ ৰক্ষক
“যিহোৱা মোৰ ৰক্ষক; মোৰ অভাৱ নহব।”—গীত ২৩:১.
১-৩. দায়ূদে যিহোৱা ঈশ্বৰক এজন মেৰৰখীয়াৰ সৈতে তুলনা কৰাটো কিয় আচৰিত বিষয় নহয়?
যিহোৱা ঈশ্বৰে কিদৰে নিজৰ লোকসকলক চোৱা-চিতা কৰে বুলি যদি আপোনাক সোধা হয়, তেন্তে আপুনি কেনে উত্তৰ দিব? তেওঁৰ বিশ্বাসী উপাসকসকলৰ প্ৰতি লোৱা প্ৰেমপূৰ্বক যত্নক আপুনি কিহৰ সৈতে তুলনা কৰিব? প্ৰায় ৩০০০ বছৰৰ পূৰ্বে দায়ূদ ৰজাই নিজৰ পূৰ্ব জীৱনৰ বৃত্তিৰ তুলনা কৰি যিহোৱাৰ বিষয়ে সুন্দৰকৈ গীত লিখিছিল।
২ ডেকা অৱস্থাত দায়ূদ এজন মেৰৰখীয়া আছিল। গতিকে তেওঁ মেৰবোৰৰ চোৱা-চিতা কৰাৰ বিষয়ে ভালদৰে জানিছিল। মেৰৰ জাকবোৰক যদি ভালদৰে চোৱা-চিতা কৰা নহয়, তেন্তে সহজে বাট হেৰুৱাই কোনো চোৰ বা হিংস্ৰ জন্তুৰ কবলত পৰিব পাৰে বুলি তেওঁ সঠিককৈ জানিছিল। (১ চমূৱেল ১৭:৩৪-৩৬) মেৰবোৰে এজন উত্তম ৰখীয়াৰ অবিহনে নিজৰ খাদ্যৰ বাবে উত্তম চৰণীয়া পথাৰ বিচাৰি পাব নোৱাৰিছিল। কিদৰে মেৰবোৰক পৰিচালিত, সুৰক্ষা প্ৰদান আৰু আহাৰৰ যোগান ধৰিছিল, সেই বিষয়ে দায়ূদে নিজৰ জীৱনৰ বাকীছোৱা সময়তো পাহৰিব পৰা নাছিল।
৩ গতিকে যিহোৱাই নিজৰ লোকসকলৰ প্ৰতি লোৱা যত্নৰ বিষয়ে বৰ্ণনা কৰিবলৈ দায়ূদে তুলনা কৰা মেৰৰখীয়াৰ কাৰ্য্য কোনো আচৰিত বিষয় নহয়। গীত ২৩ অধ্যায়ত দায়ূদে নিজৰ বাক্য এইদৰে আৰম্ভ কৰিছিল: “যিহোৱা মোৰ ৰক্ষক; মোৰ অভাৱ নহব।” এই উক্তিটো কিয় উপযুক্ত, আঁহক আমি সেই বিষয়ে বিবেচনা কৰি চাওঁহঁক। তাৰ পিছত আমি গীত ২৩ অধ্যায়টোৰ সহায়ত লক্ষ্য কৰিম যে যিহোৱা ঈশ্বৰে কেনেকৈ এজন ৰখীয়া হিচাপে নিজৰ লোকসকলক চোৱা-চিতা কৰিছে।—১ পিতৰ ২:২৫.
এক উপযুক্ত তুলনা
৪, ৫. মেৰবোৰৰ চৰিত্ৰগত বৈশিষ্ট্যতাৰ বিষয়ে বাইবেলে কেনেকৈ বৰ্ণনা কৰিছে?
৪ বাইবেলত যিহোৱাক বহুতো উপাধি দিয়া বুলি উল্লেখ কৰিছে, কিন্তু “পালক” বা ৰক্ষক উপাধিটোৱে তেওঁক অধিক স্নেহপূৰ্ণ বুলি প্ৰকাশ কৰে। (গীত ৮০:১) যিহোৱাক কিয় উপযুক্তৰূপে পালক বা ৰক্ষক বুলি কʼব পাৰি, সেই বিষয়ে ভালকৈ বুজিবলৈ দুটা বিষয়ে আমাক সহায় কৰিব: প্ৰথমটো হৈছে মেৰবোৰৰ চৰিত্ৰগত বৈশিষ্ট্য আৰু দ্বিতীয়টো হৈছে উত্তম ৰখীয়াজনৰ দায়িত্ব আৰু গুণসমূহ।
৫ বাইবেলত মেৰবোৰৰ স্বভাৱৰ বিষয়ে বৰ্ণনা কৰি কৈছে যে, মেৰবোৰে সিহঁতৰ প্ৰতি থকা ৰখীয়াজনৰ স্নেহপূৰ্ণতাক সহজে বুজি পায় (২ চমূৱেল ১২:৩), সেইবোৰ কলহপ্ৰিয় নহয় (যিচয়া ৫৩:৭), আৰু প্ৰতিৰক্ষাহীন হয়। (মীখা ৫:৮) বহু বছৰ ধৰি মেৰ পালন কৰা এজন লিখকে এইদৰে মন্তব্য দিছিল: “কিছুমানে অনুমান কৰাৰ অনুসাৰে মেৰবোৰে নিজৰ প্ৰতিপালন কৰিব নোৱাৰে। মেৰবোৰক আন ঘৰচীয়া জন্তুবোৰতকৈ অধিক মনোযোগেৰে চোৱা-চিতা কৰা আৱশ্যক।” এই অসহায় প্ৰাণীবোৰক ৰক্ষা কৰিবলৈ ভালদৰে চোৱা-চিতা কৰা এজন ৰখীয়াৰ আৱশ্যক।—যিহিষ্কেল ৩৪:৫.
৬. এখন বাইবেল অভিধানে প্ৰাচীন সময়ত মেৰৰখীয়াই কৰা চোৱা-চিতাৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিছে?
৬ প্ৰাচীন সময়ত এজন মেৰৰখীয়াই কিদৰে মেৰবোৰক প্ৰতিপালন কৰিছিল? এই সম্পৰ্কে এখন বাইবেল অভিধানে এইদৰে বৰ্ণনা কৰিছে: “নিচেই পুৱাতে মেৰৰখীয়াই মেৰৰ জাকটিক গঁৰালৰ পৰা উলিয়াই নি উত্তম চৰণীয়া পথৰালৈ লৈ যায়। তাত তেওঁ ওৰে দিনটো চোৱা-চিতা কৰে, যাতে মেৰবোৰে অবাটে নাযায় আৰু যদি কোনোবা এটাই অবাটে যায়, তেন্তে তাক ভালকৈ বিচাৰি আনি পুনৰাই জাকটিৰ সৈতে একে লগ কৰে। . . . নিশা জাকটিক উভটাই আনি গঁৰালত সুমুৱাৰ সময়ত সেইবিলাকৰ সংখ্যাৰ হিচাপ লয় আৰু সকলো মেৰ গঁৰালত প্ৰৱেশ কৰাৰ পিছত ভালদৰে দুৱাৰ বন্ধ কৰে। . . . ৰখীয়াজনে প্ৰায়ে নিশাৰ আন্ধাৰৰ সময়ছোৱাত মেৰৰ গঁৰালৰ কাষত থাকি পহৰা দিয়ে, যাতে কোনো হিংস্ৰ জন্তুৱে আক্ৰমণ বা কোনো চোৰ আহি চুৰ নকৰে।” a
৭. মেৰৰখীয়াজনক কোনো কোনো সময়ত কিয় অধিক ধৈৰ্য্যশীল আৰু মৰমীয়াল হোৱা আৱশ্যক?
৭ এনে কিছুমান সময়ত মেৰৰখীয়াই, বিশেষকৈ গাভিনী মেৰ আৰু সৰু পোৱালীবিলাকক চোৱা-চিতা কৰিবলৈ অতিৰিক্ত ধৈৰ্য্য আৰু মৰমিয়াল হোৱাৰ আৱশ্যক। (আদিপুস্তক ৩৩:১৩) এটা বাইবেল অভিমতে এইদৰে বৰ্ণনা কৰিছে: “জাকত থকা কোনো মেৰৰ জন্ম প্ৰায়ে দূৰত অৱস্থিত থকা পৰ্ব্বতৰ দাঁতিত হয়। গতিকে মেৰৰখীয়াজনে তেনে অসহায় সময়ছোৱাত মাকজনীক মনোযোগেৰে নিৰাপত্তা দিয়ে আৰু নতুনকৈ জন্ম হোৱা পোৱালীটিক আলফুলকৈ নিজৰ কোলাত তুলি জাকটিলৈ কঢ়িয়াই আনে। যেতিয়ালৈকে পোৱালীটো খোজ কাঢ়িব পৰা নহয়, তেতিয়ালৈকে মেৰৰখীয়াজনে নিজৰ কাপোৰৰ আঁচলত লুকুৱাই কোলাত কঢ়িয়াই নিবলগীয়া হয়।” (যিচয়া ৪০:১০, ১১) দৰাচলতে, এজন উত্তম মেৰৰখীয়াই নিজৰ মেৰৰ জাকটিক চোৱা-চিতা কৰিবলৈ অধিক প্ৰেমময় হোৱাৰ উপৰিও আন স্নেহপূৰ্ণ গুণবোৰ প্ৰকাশ কৰা আৱশ্যক।
৮. যিহোৱাৰ ওপৰত ৰখা নিশ্চয়তাৰ সম্পৰ্কে দায়ূদে কেনে তিনিটা কাৰণ দাঙি ধৰিছে?
৮ গতিকে আমাৰ প্ৰেমময় স্বৰ্গীয় পিতৃক, “যিহোৱা মোৰ ৰক্ষক” বুলি কোৱাটো উপযুক্ত নহʼবনে? আমি গীত ২৩ অধ্যায়টো পৰীক্ষা কৰি লক্ষ্য কৰিব পাৰিম যে, ঈশ্বৰে কেনেকৈ ৰখীয়া হিচাপে আমাক সামৰ্থ আৰু প্ৰেমেৰে চোৱা-চিতা কৰে। ঈশ্বৰে যে নিজৰ মেৰবোৰৰ সকলো আৱশ্যকতাৰ বিষয়ে চোৱা-চিতা কৰে, যাতে সেইবিলাকৰ একো ‘অভাৱ নহয়’ বুলি দায়ূদে ৰখা নিশ্চয়তা তেওঁ লিখা প্ৰথম পদটোত স্পষ্টকৈ প্ৰকাশ কৰিছিল। তাৰ পিছৰ পদটোত দায়ূদে এনে নিশ্চয়তাৰ তিনিটা কাৰণ দাঙি ধৰিছে: যিহোৱাই পৰিচালিত, নিৰাপত্তা প্ৰদান আৰু তেওঁৰ মেৰবোৰৰ আহাৰ যোগান ধৰে। আঁহক আমি এটা এটাকৈ আলোচনা কৰোঁহঁক।
‘তেওঁ মোক চলায়’
৯. দায়ূদে কেনে শান্তিময় পৰিৱেশৰ ছবি দাঙি ধৰিছে আৰু মেৰবোৰ তালৈ কেনেকৈ আহিল?
৯ প্ৰথমটো কাৰণ হৈছে, যিহোৱাই নিজৰ লোকসকলক চলায় অৰ্থাৎ পৰিচালিত কৰে। এই বিষয়ে দায়ূদে এইদৰে লিখিছিল: “তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু যʼত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰায় সুস্থ কৰে; নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্ম্ম-পথত চলায়।” (গীত ২৩:২, ৩) দায়ূদে ইয়াত এনে এক ছবি দাঙি ধৰিছে যʼত মেৰবোৰে প্ৰচুৰ পৰিমাণে থকা ঘাঁহনিৰ ওপৰত সতেজ আৰু নিৰাপত্তাত শুই আছে। ‘ঘাঁহনি পথাৰ’ বুলি উল্লেখ কৰা হীব্ৰু শব্দটোৰ অৰ্থ “মনোৰম স্থান” বুলিও বুজায়। এইটো সঁচা যে মেৰবোৰে জিৰাবলৈ আপোনা-আপুনিকৈ তেনে স্ফুৰ্ত্তিদায়ক স্থান বিচাৰি পাব নোৱাৰে। এনে ক্ষেত্ৰত মেৰৰখীয়াই মেৰবিলাকক তেনে “মনোৰম স্থানলৈ” নিয়া আৱশ্যক।
১০. ঈশ্বৰে আমাৰ প্ৰতি থকা নিশ্চয়তা কেনেকৈ প্ৰকাশ কৰে?
১০ বৰ্তমান সময়ত যিহোৱাই আমাক কিদৰে পৰিচালিত কৰিছে? এক প্ৰকাৰ হৈছে, তেওঁৰ আৰ্হিৰ দ্বাৰা। ঈশ্বৰৰ বাক্যত আমাক এইদৰে আগ্ৰহ কৰিছে, “তোমালোকে ঈশ্বৰৰ অনুকাৰী হোৱা।” (ইফিচীয়া ৫:১) সেই বাক্যশাৰীৰ আনুষঙ্গিক কথাত দয়া, ক্ষমা আৰু প্ৰেমৰ বিষয়ে উল্লেখ কৰা হৈছে। (ইফিচীয়া ৪:৩২; ৫:২) এনেবোৰ গুণ প্ৰতিফলিত কৰাত যিহোৱা ঈশ্বৰে অৱশ্যেই এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। এতেকে তেওঁক অনুকৰণ কৰিবলৈ আগ্ৰহ কৰি তেওঁ আমাক কোনো অসম্ভৱ কাৰ্য্য কৰিবলৈ কৈছেনে? অৱশ্যেই নহয়। বাস্তৱতে, সেই প্ৰেৰিত পৰামৰ্শতো হৈছে আমাৰ বাবে থকা তেওঁৰ এক আচৰিত নিশ্চয়তা। সেইটো কি প্ৰকাৰে? আমাক ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰে অৰ্থাৎ আমাক নৈতিক গুণবোৰ আৰু আধ্যাত্মিকতাৰ সৈতে সৃষ্টি কৰা হৈছে। (আদিপুস্তক ১:২৬) সেয়েহে যিহোৱা ঈশ্বৰে আমাৰ অসিদ্ধতাৰ বিষয়ে অৱগত হোৱাৰ স্বত্বেও জানে যে আমিও তেওঁৰ আৰ্হিত প্ৰতিফলিত হোৱা গুণবোৰ বিকশিত কৰিবলৈ ক্ষমতা আছে। ক্ষন্তেক বিবেচনা কৰক যে, আমাৰ প্ৰেমময় ঈশ্বৰে আমিও তেওঁৰ দৰে হʼব পাৰোঁ বুলি বিশ্বাস কৰে। যদি আমি তেওঁৰ আৰ্হিক অনুকৰণ কৰোঁ, তেন্তে তেওঁ আমাক এক মনোৰম ‘জিৰণী স্থানলৈ’ লৈ যাব। এই জগতৰ হিংসাত্মক পৰিস্থিতিতো আমি “নিৰ্ভয়ে বাস” কৰি শান্তি আৰু ঈশ্বৰৰ অনুমোদন লাভ কৰিব পাৰোঁ।—গীত ৪:৮; ২৯:১১.
১১. যিহোৱা ঈশ্বৰে তেওঁৰ মেৰবোৰক পৰিচালনা কৰাৰ সময়ত কিহৰ বিষয়ে বিবেচনা কৰে আৰু ইয়াৰ দ্বাৰা আমি কেনেকৈ জানিব পাৰোঁ যে তেওঁ আমাৰ পৰা এনে কোনো বস্তু নিবিচাৰে যি আমাৰ সাধ্যৰ বাহিৰত?
১১ যিহোৱা ঈশ্বৰে আমাক স্নেহশীল আৰু ধৈৰ্য্যৰে পৰিচালনা কৰে। এজন মেৰৰখীয়াই মেৰবিলাকৰ সীমিত অৱস্থাক বুজি পাই আৰু “জাকবোৰ . . . যিমানকৈ চলিব পাৰে, সিমানে ধীৰে ধীৰে” পৰিচালিত কৰে। (আদিপুস্তক ৩৩:১৪) যিহোৱা ঈশ্বৰেও আমাক সেই একেইদৰে “ধীৰে ধীৰে” পৰিচালনা কৰে। তেওঁ আমাৰ সক্ষমতা আৰু অৱস্থাৰ বিষয়ে বিবেচনা কৰে। সেয়েহে তেওঁ খোজৰ বেগ সাল-সলনি কৰে আৰু আমি দিব পৰাতকৈ অধিক তেওঁ একো নিবিচাৰে। তেওঁ কেৱল বিচাৰে যে, আমি তেওঁৰ প্ৰতি যি কৰোঁ সেয়া যেন সম্পূৰ্ণ মন আৰু চিত্তৰে সৈতে সম্পন্ন কৰোঁ। (কলচীয়া ৩:২৪) যদি আপুনি বৃদ্ধ আৰু আগৰ দৰে কাৰ্য্য কৰিব নোৱাৰে তেন্তে কি কʼব পাৰি? যদি কোনো গভীৰ অসুস্থতাৰ বাবে আপোনাৰ অৱস্থা সীমিত তেন্তে কি? এনে অৱস্থাত আৱশ্যক হয়, আমি যি কৰোঁ সেইয়া সম্পূৰ্ণ মন আৰু চিত্তৰে যেন কৰোঁ। এইটো সঁচা যে দুজন ব্যক্তিয়ে একে সমানে কাৰ্য্য সম্পন্ন কৰিব নোৱাৰে। সম্পূৰ্ণ মন আৰু চিত্তৰে সেৱা কৰাৰ অৰ্থ হৈছে, আপোনাৰ বাবে যিমান সম্ভৱ নিজৰ সমস্ত শক্তি আৰু ক্ষমতা ঈশ্বৰৰ কাৰ্য্যত ব্যৱহাৰ কৰা। দুৰ্ব্বলতাৰ বাবে আমাৰ চলাৰ গতিত প্ৰভাৱ পৰিলেও যিহোৱা ঈশ্বৰে আমাৰ পূৰ্ণ মন আৰু চিত্তৰে কৰা উপাসনাক মূল্যাঙ্কন কৰে।—মাৰ্ক ১২:২৯, ৩০.
১২. মোচিৰ ব্যৱস্থাত পোৱা কেনে দৃষ্টান্তই যিহোৱাই যে তেওঁৰ মেৰৰূপী উপাসকসকলক “ধীৰে ধীৰে” পৰিচালিত কৰে, সেই বিষয়ে বুজিবলৈ সহায় কৰে?
১২ যিহোৱাই তেওঁৰ মেৰৰূপী উপাসকসকলক যে “ধীৰে ধীৰে” পৰিচালনা কৰে, সেই বিষয়ে বুজিবলৈ মোচিৰ ব্যৱস্থাৰ অনুসাৰে বিশেষ কোনো দোষাৰ্থক বলি উৎসৰ্গ কৰাৰ সময়ত কি কৰিবলৈ কোৱা হৈছিল, সেই বিষয়ে বিবেচনা কৰক। যিহোৱাই বিচাৰিছিল যে লোকসকলে যেন কৃতজ্ঞ হৃদয়েৰে উৎসৰ্গ কৰে। সেই একেই সময়ত আগবঢ়োৱা উৎসৰ্গ লোকসকলৰ সামৰ্থ অনুসাৰে কৰিবলৈ কোৱা হৈছিল। ব্যৱস্থাত এইদৰে কোৱা হৈছিল: “যদি তেওঁ মেৰ বা ছাগলী আনিবলৈ অসমৰ্থ হয়, তেন্তে . . . দুটা কপৌ বা দুটা পাৰ পোৱালি আনিব।” যদি ব্যক্তিজনে দুটা কপৌ আনিবলৈ সামৰ্থ নাই তেন্তে কি কৰিব পাৰে? তেতিয়া ব্যক্তিজনে উৎসৰ্গৰ উদ্দেশ্যে “মিহি আটাগুড়ি” আনিব পাৰে। (লেবীয়া পুস্তক ৫:৭, ১১) ইয়াৰ পৰা এইটো জানিব পাৰি যে যিহোৱা ঈশ্বৰে লোকসকলে দিব পৰাতকৈ অধিক দাবী কৰা নাছিল। যিহেতু ঈশ্বৰৰ কোনো পৰিৱৰ্তন হোৱা নাই, সেয়েহে আমি নিশ্চিত হʼব পাৰোঁ যে, তেওঁ আমাৰ সাধ্যৰ বাহিৰত একো নিবিচাৰে; তাৰ পৰিৱৰ্তে তেওঁ, আমাৰ সাধ্য অনুসাৰে আগবঢ়োৱা সেৱাৰ পৰা সন্তুষ্ট হয়। (মলাখী ৩:৬) আমাৰ অৱস্থাক বুজিব পৰা এনে এজন ৰখীয়াৰ দ্বাৰা পৰিচালিত হোৱাটো এক আনন্দৰ বিষয় নহয়নে বাৰু!
“মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা”
১৩. গীত ২৩:৪ পদত দায়ূদে ঈশ্বৰক “তুমি” বুলি অধিক আন্তৰিকতাৰে কিয় সম্বোধন কৰিব পাৰিলে আৰু এনে সম্বোধনত আমি কিয় আচৰিত হোৱা আৱশ্যক নাই?
১৩ যিহোৱা ঈশ্বৰে তেওঁৰ উপাসকসকলক কৰা নিশ্চয়তাৰ বিষয়ে দায়ূদে কোৱা দ্বিতীয় কাৰণটো হৈছে: যিহোৱাই মেৰবোৰক নিৰাপত্তা প্ৰদান কৰে। সেই বিষয়ে আমি এইদৰে পঢ়িবলৈ পাওঁ: “এনে কি, মই মৃত্যুচ্ছায়াৰ উপত্যকাইদি চলিলেও, মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সঙ্গত আছা; তোমাৰ লাখুটি আৰু লাঠীয়ে মোক শান্ত্বনা দিয়ে।” (গীত ২৩:৪) দায়ূদে যিহোৱাৰ সৈতে অধিক আন্তৰিক সম্বন্ধ ৰখাৰ বাবে ঈশ্বৰক এই শাস্ত্ৰীয় পদটোত “তুমি” বুলি সম্বোধন কৰিছে। ইয়াত আচৰিত হোৱাৰ কোনো কাৰণ নাই, কিয়নো দায়ূদে নিজেই কৈছে যে, ঈশ্বৰে তেওঁক আপদৰ সময়ত কেনেকৈ সহায় কৰিলে। দায়ূদে জীৱনত বহুতো বিপদজনক পৰিস্থিতিৰ সম্মুখীন হৈছিল। কিন্তু ঈশ্বৰৰ “লাখুটি” আৰু ‘লাঠী’ তেওঁৰ সৈতে থকা বুলি জানিব পাৰি, তেনে বিপদবোৰে তেওঁক ভয়ভিত কৰাব নোৱাৰিলে। এনে নিৰাপত্তাই দায়ূদক শান্ত্বনা প্ৰদান আৰু ইয়াত কোনো সন্দেহ নাই যে যিহোৱাৰ সৈতে তেওঁৰ এক নিবিড় সম্বন্ধ গঢ়ি উঠিছিল। b
১৪. যিহোৱাই প্ৰদান কৰা নিৰাপত্তাৰ সম্বন্ধে বাইবেলে আমাক কেনে আশ্বাস প্ৰদান কৰিছে, কিন্তু ইয়াৰ অৰ্থ কি নহয়?
১৪ বৰ্তমান সময়ত যিহোৱাই তেওঁৰ উপাসকসকলক কেনেকৈ সুৰক্ষা প্ৰদান কৰিছে? বাইবেলে আমাক এইদৰে আশ্বাস প্ৰদান কৰিছে যে, কোনো বিৰোধী অৰ্থাৎ পিশাচ বা মানৱে তেওঁৰ মেৰবোৰ এই পৃথিৱীৰ পৰা কেতিয়াও লুপ্ত কৰিব নোৱাৰে। কিয়নো যিহোৱা ঈশ্বৰে তেনে হʼবলৈ কেতিয়াও নিদিয়ে। (যিচয়া ৫৪:১৭; ২ পিতৰ ২:৯) ইয়াৰ অৰ্থ এইটো নহয় যে মেৰৰখীয়াজনে আমাক সকলোবোৰ বিপদৰ পৰা ৰক্ষা কৰিব। আমি সম্মুখীন হোৱা পৰীক্ষাবোৰ মানৱৰ বাবে সহনীয় আৰু আমি সম্মুখীন হোৱা বিৰোধীতাবোৰ সকলো প্ৰকৃত খ্ৰীষ্টানে অভিজ্ঞতা হয়। (২ তীমথিয় ৩:১২; যাকোব ১:২) আমিও হয়তো কেতিয়াবা “মৃত্যুচ্ছায়াৰ উপত্যকাইদি” চলিবলগীয়া হয়। উদাহৰণস্বৰূপে, তাড়না বা অসুস্থতাৰ বাবে আমি হয়তো মৃত্যুৰ দুৱাৰডলিত ভৰি দিব পাৰোঁ। অথবা আমাৰ কোনো আপোনজনাক মৃত্যুত হেৰুৱাবলগীয়া হʼব পাৰে। সেই সময়ছোৱা আমাৰ বাবে অন্ধকাৰময় যেন হʼব পাৰে, কিন্তু আমাৰ ৰখীয়া আমাৰ সৈতে আছে আৰু তেওঁ আমাক ৰক্ষা কৰিব। কিন্তু কেনেকৈ?
১৫, ১৬. (ক) আমি সম্মুখীন হোৱা সমস্যাবোৰত সফল হʼবলৈ যিহোৱা ঈশ্বৰে আমাক কেনেকৈ সহায় কৰে? (খ) পৰীক্ষাৰ সময়ত যিহোৱাই আমাক কেনেকৈ সহায় কৰে, সেই বিষয়ে এটা অভিজ্ঞতা বৰ্ণনা কৰক।
১৫ যিহোৱা ঈশ্বৰে অলৌকিকভাৱে হস্তক্ষেপ কৰিব বুলি প্ৰতিজ্ঞা কৰা নাই। c কিন্তু আমি নিশ্চিত হʼব পাৰোঁ যে আমি যেনেকুৱাই সমস্যাত নপৰোঁ কিয়, যিহোৱাই আমাক সেই সমস্যাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ অৱশ্যেই সহায় কৰিব। আমি অভিজ্ঞতা হোৱা “নানাবিধ পৰীক্ষাত” ধৈৰ্য্যৰে সম্মুখীন হʼবলৈ তেওঁ আমাক বুদ্ধি প্ৰদান কৰিব। (যাকোব ১:২-৫) এজন মেৰৰখীয়াই তেওঁৰ লাখুটি কেৱল লুণ্ঠনকাৰীৰ অহিতে ব্যৱহাৰ কৰাই নহয়, কিন্তু তেওঁ মেৰবোৰক লাহেকৈ খুঁচি দি সঠিক বাটলৈ উভটাই আনিবলৈও ব্যৱহাৰ কৰে। একেইদৰে যিহোৱা ঈশ্বৰেও আমাক উৎসাহিত কৰি, সম্ভৱতঃ সঙ্গী উপাসকৰ দ্বাৰা আগবঢ়োৱা বাইবেল আধাৰিত পৰামৰ্শই আমাৰ অৱস্থাত বৃহৎ সলনি কৰিব পাৰে। তদুপৰি যিহোৱা ঈশ্বৰে আমাক সহন কৰিবলৈ শক্তি প্ৰদান কৰে। (ফিলিপীয়া ৪:১৩) তেওঁৰ পবিত্ৰ আত্মাই আমাক “শক্তিৰ বাহুল্যতা” প্ৰদান কৰি সুসজ্জিত কৰি তুলিব পাৰে। (২ কৰিন্থীয়া ৪:৭) চয়তানে আনিব পৰা যিকোনো পৰীক্ষাত সহন কৰিবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক শক্তিশালী কৰিব পাৰে। (১ কৰিন্থীয়া ১০:১৩) যিহোৱাই আমাক সহায় কৰিবলৈ সদায়ে প্ৰস্তুত থাকে বুলি জনাটো এটা শান্ত্বনাদায়ক বিষয় নহয়নে?
১৬ আমি নিজকে যিমানেই বিপদজনক পৰিস্থিতিত নাপাওঁ কিয়, আমি কেতিয়াও অকলে চলিবলগীয়া হোৱা বুলি ভৱা উচিত নহয়। কিয়নো আমাৰ সৈতে আমাৰ ৰখীয়াজন আছে আৰু তেওঁ এইদৰে আমাক সহায় কৰে যাৰ বিষয়ে আমি প্ৰথমতে সম্পূৰ্ণকৈ বুজি নাপাবও পাৰোঁ। মস্তিষ্কত এক ভায়াবহ টিউমাৰ হোৱা বুলি চিকিৎসকে কোৱা এজন খ্ৰীষ্টান প্ৰাচীন ভাইৰ অভিজ্ঞতাৰ বিষয়ে বিবেচনা কৰক। তেওঁ এইদৰে কৈছে: “প্ৰথমতে মই ভাবি আচৰিত হৈছিলোঁ যে যদিও যিহোৱা ঈশ্বৰে মোক প্ৰেম কৰে, তেওঁ হয়তো মোৰ ওপৰত ক্ৰোধিত হৈছে। কিন্তু মই যিহোৱাৰ পৰা আঁতৰ নহʼবলৈ ঠিৰাং কৰিলোঁ। মই নিজৰ মনৰ কথা প্ৰাৰ্থনাৰ দ্বাৰা যিহোৱাক জনালোঁ আৰু যিহোৱা ঈশ্বৰে মোক মোৰ আধ্যাত্মিক ভাই-ভনীসকলৰ দ্বাৰা শান্ত্বনা প্ৰদান কৰিলে। বহুতে তেওঁলোকে স্বয়ং অভিজ্ঞতা হোৱা গম্ভীৰ ৰোগত কেনেকৈ সম্মুখীন হৈছিল, সেই বিষয়ে সহায়কাৰী অন্তৰ্দৃষ্টি প্ৰদান কৰিলে। তেওঁলোকৰ তেনে ভাৰসাম্য মন্তব্যই মোক সোঁৱৰাই দিলে যে, মই যি অৱস্থাৰ মাজেৰে গৈ আছোঁ সেইয়া কোনো অসাধাৰণ নহয়। কাৰ্য্যকাৰী সহায় আৰু কিছুমানৰ দয়া, আশ্বাসে মোক নিশ্চয়তা প্ৰদান কৰিলে যে যিহোৱা ঈশ্বৰে মোৰ পৰা অসন্তুষ্টি হোৱা নাই। এইটো সঁচা যে, মই মোৰ বেমাৰৰ সৈতে যুঁজ কৰিব লাগিব আৰু মই নাজানোঁ যে ইয়াৰ কেনে পৰিণাম হʼব পাৰে। কিন্তু এটা কথা নিশ্চিত যে যিহোৱা মোৰ সৈতে আছে আৰু তেওঁ মোক এই পৰীক্ষাত একেৰাহে সহায় কৰিব।”
“মোৰ সম্মুখত মেজ সজাইছা”
১৭. গীত ২৩:৫ পদত দায়ূদে যিহোৱা ঈশ্বৰক কেনেকৈ বৰ্ণনা কৰিছে আৰু এজন মেৰৰখীয়াৰ সৈতে তুলনা কৰাটো কিয় বিসঙ্গতিপূৰ্ণ বিষয় নহয়?
১৭ দায়ূদে তেওঁৰ ৰখীয়াজনৰ ওপৰত ৰখা নিশ্চয়তাৰ তৃতীয় কাৰণটো হৈছে: যিহোৱাই তেওঁৰ মেৰবোৰক প্ৰচুৰ পৰিমাণে আহাৰ প্ৰদান কৰে। সেই বিষয়ে দায়ূদে এইদৰে লিখিছিল: “তুমি মোৰ শত্ৰুবোৰৰ সাক্ষাতে মোৰ সম্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।” (গীত ২৩:৫) এই পদটোত দায়ূদে ৰখীয়াজনক এজন উদাৰমনৰ অতিথিসেৱক বুলি বৰ্ণনা কৰিছে, যিজনে প্ৰচুৰমাত্ৰাত খাদ্য আৰু পানীৰ যোগান ধৰিছে। যিহোৱাক এজন উত্তম ৰখীয়া আৰু উদাৰমনৰ অতিথিসেৱক বুলি দুই ধৰণে তুলনা কৰাটো কোনো বিসঙ্গতিপূৰ্ণ বিষয় নহয়। কিয়নো এজন উত্তম মেৰৰখীয়াই ভালদৰে জানে যে মেৰবিলাকৰ বাবে কʼত ভাল চৰণীয়া পথাৰ আৰু খোৱা পানী উপলব্ধ আছে, যাতে মেৰবিলাকৰ কোনো “অভাৱ” নহয়।—গীত ২৩:১, ২.
১৮. কিহে দেখুৱাইছে যে যিহোৱা ঈশ্বৰ হৈছে এজন উদাৰমনৰ অতিথিসেৱক?
১৮ আমাৰ ৰখীয়াজনো বাস্তৱতে এজন উদাৰমনৰ অতিথিসেৱকনে? ইয়াত কোনো সন্দেহ নাই! আমি উপভোগ কৰা উত্তম, প্ৰচুৰমাত্ৰা আৰু বিভিন্ন আধ্যাত্মিক আহাৰৰ বিষয়ে ক্ষন্তেক ভাবি চাওক। বিশ্বাসী বুদ্ধিমান দাসবৰ্গৰ দ্বাৰা যিহোৱাই আমাৰ বাবে সহায়কাৰী সাহিত্য, সভা, সন্মিলন আৰু অধিৱেশনৰ দ্বাৰা আমাৰ আধ্যাত্মিক আৱশ্যকতাসমূহ পূৰণ কৰিছে। (মথি ২৪:৪৫-৪৭) সেইবাবে আমি আধ্যাত্মিক আহাৰৰ অৱশ্যেই অভাৱ হোৱা অনুভৱ কৰা নাই। ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ কোটি কোটি সংখ্যাত বাইবেল আৰু বাইবেল আধাৰিত সহায়ক প্ৰকাশন প্ৰদান কৰিছে আৰু তেনে প্ৰকাশন বৰ্তমান সময়ত ৪১৩ টাতকৈ অধিক ভাষাত উপলব্ধ আছে। যিহোৱা ঈশ্বৰে অনেক প্ৰকাৰৰ আধ্যাত্মিক আহাৰ, যেনে, “গাখীৰ” অৰ্থাৎ বাইবেলৰ প্ৰাথমিক শিক্ষাৰ পৰা লৈ “টান আহাৰ” অৰ্থাৎ গভীৰ অন্তৰ্দৃষ্টিমূলক আধ্যাত্মিক শিক্ষাৰ প্ৰবন্ধ কৰিছে। (ইব্ৰী ৫:১১-১৪) এনে প্ৰবন্ধৰ বাবে আমি সম্মুখীন হোৱা সমস্যা বা নিৰ্ণয় লোৱাৰ সময়ত আমাক আৱশ্যক হোৱা উপযুক্ত সহায় বিচাৰি পাওঁ। এনে আধ্যাত্মিক আহাৰৰ অবিহনে আমি সমস্যাবোৰত সম্মুখীন হʼব পাৰিলোহেঁতেননে? আমাৰ ৰখীয়াজন বাস্তৱতে এজন উদাৰমনৰ প্ৰবন্ধক!—যিচয়া ২৫:৬; ৬৫:১৩.
“মই . . . যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম”
১৯, ২০. (ক) গীত ২৩:৬ পদত দায়ূদে কেনে নিশ্চয়তা প্ৰকাশ কৰিছে আৰু আমিও কেনেকৈ সেই একেই নিশ্চয়তা ৰাখিব পাৰোঁ? (খ) পৰৱৰ্তী লেখটোত কিহৰ বিষয়ে আলোচনা কৰা হʼব?
১৯ দায়ূদে তেওঁৰ ৰখীয়া আৰু প্ৰবন্ধকৰ্ত্তাজনে কৰা প্ৰবন্ধৰ বিষয়ে উল্লেখ কৰাৰ পিছত এইদৰে সমাপ্তি কৰিছে: “অৱশ্যে মঙ্গল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।” (গীত ২৩:৬) দায়ূদে আন্তৰিক কৃতজ্ঞতা আৰু বিশ্বাস অৰ্থাৎ ঈশ্বৰে তেওঁৰ সৈতে কৰা অতীতৰ কাৰ্য্যবোৰৰ বিষয়ে সোঁৱৰি আগ্ৰহেৰে ভৱিষ্যতলৈ অপেক্ষা কৰি থাকিল। পূৰ্বৰ মেৰৰখীয়া দায়ূদে জানিছিল যে, যিমানলৈকে তেওঁ নিজৰ স্বৰ্গীয় ৰখীয়াজনৰ সৈতে নিবিড় সম্পৰ্ক ৰাখিব, সিমান সময়লৈকে দায়ূদে যিহোৱা ঈশ্বৰৰ গৃহত আৰু সদায়ে তেওঁৰ প্ৰেমময় তত্ত্বাৱধানত থাকিব পাৰিব।
২০ এনে ধৰণৰ সুন্দৰ বাক্যবোৰ গীত ২৩ অধ্যায়ত লিপিবদ্ধ কৰি ৰখাৰ বাবে আমি বাস্তৱতে কৃতজ্ঞ নহওঁনে বাৰু! যিহোৱা ঈশ্বৰে তেওঁৰ মেৰবোৰক কৰা পৰিচালনা, নিৰাপত্তা আৰু আহাৰ প্ৰদান কৰাৰ বিষয়ে বৰ্ণনা কৰিবলৈ দায়ূদে ইয়াতকৈ আন কোনো উপযুক্ত দৃষ্টান্ত নাপালেহেঁতেন। দায়ূদৰ এনে উৎসাহজনক বাক্যবোৰ বাইবেলত লিপিবদ্ধ কৰি ৰাখাৰ বাবে আমিও যিহোৱা ঈশ্বৰক আমাৰ এজন উত্তম ৰখীয়া বুলি জানি তেওঁৰ ওপৰত সম্পূৰ্ণ আশ্বাস ৰাখিব পাৰোঁ। দৰাচলতে, আমি যেতিয়ালৈকে যিহোৱাৰ সৈতে নিবিড় সম্পৰ্ক বজাই ৰাখিম, তেতিয়ালৈকে তেওঁ এজন মৰমীয়াল ৰখীয়া হিচাপে আমাৰ “আয়ুসৰ সকলো কালত” আনকি চিৰকাললৈকে আমাক চোৱা-চিতা কৰিব। যিহেতু আমি তেওঁৰ মেৰ হোৱাৰ বাবে মহান ৰখীয়া যিহোৱা ঈশ্বৰৰ সৈতে আমাৰো চলাৰ দায়িত্ব আছে। আমি যিহোৱা ঈশ্বৰৰ সৈতে চলাত কি কি জড়িত আছে, সেই বিষয়ে পৰৱৰ্তী লেখটোত আলোচনা কৰা হʼব। (w05 11/1)
[ফুটনোটবোৰ]
a আদিপুস্তক ২৯:৭; ইয়োব ৩০:১; যিৰিমিয়া ৩৩:১৩; লূক ১৫:৪; যোহন ১০:৩, ৪ পদবোৰ চাওক।
b যিহোৱাই দায়ূদক বিপদৰ পৰা ৰক্ষা কৰাৰ সম্বন্ধে বহুতো গীত ৰচিছিল।—উদাহৰণস্বৰূপে, গীতমালা ১৮, ৩৪, ৫৬, ৫৭, ৫৯ আৰু ৬৩ অধ্যায়বোৰৰ শিৰোনামাবোৰ চাওক।
c অক্টোবৰ ১, ২০০৩, প্ৰহৰীবুৰুজ আলোচনীখনত প্ৰকাশ পোৱা “আমি কেনে ধৰণে ঈশ্বৰীয় হস্তক্ষেপ হোৱাটো অপেক্ষা কৰোঁ?” নামৰ লেখটো চাওক। (w03-AE ১০/১)
আপোনাৰ মনত আছেনে?
• দায়ূদে যিহোৱা ঈশ্বৰক এজন মেৰৰখীয়াৰ সৈতে তুলনা কৰাটো কিয় উপযুক্ত?
• যিহোৱাই আমাৰ পৰিস্থিতিক বুজি কেনেকৈ পৰিচালনা কৰে?
• যিহোৱাই আমাক পৰীক্ষাসমূহত সহন কৰিবলৈ কেনেকৈ সহায় কৰে?
• কিহে প্ৰকাশ কৰিছে যে যিহোৱা ঈশ্বৰ হৈছে এজন উদাৰমনৰ অতিথিসেৱক?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[২৪ পৃষ্ঠাৰ ছবি]
ইস্ৰায়েলৰ সময়ৰ মেৰৰখীয়াজনৰ দৰে যিহোৱা ঈশ্বৰে নিজৰ মেৰবোৰক পৰিচালনা কৰে