Skip to content

Skip to table of contents

অধ্যায় ২

আমি আমাৰ বিবেক কেনেকৈ শুদ্ধ ৰাখিম?

আমি আমাৰ বিবেক কেনেকৈ শুদ্ধ ৰাখিম?

“উত্তম বিবেকো ৰাখিবা।”—১ পিতৰ ৩:১৬.

১, ২. কম্পাচ কিয় এক প্ৰয়োজনীয় যন্ত্ৰ হয়? আমাৰ বিবেকে কেনেকৈ কম্পাচৰ দৰে কাম কৰে?

কল্পনা কৰক যে এজন নাবিকে বিশাল সমুদ্ৰৰ বুকুৱেদি জাহাজখন আগলৈ লৈ গৈছে। এজন ভ্ৰমণকাৰীয়ে নিজান পথেৰে নিজৰ গন্তব্যস্থান বিচাৰি খোজকাঢ়ি গৈ আছে। এজন পাইলটে বিমানখন ডাৱৰৰ ওপৰেদি চলাই গৈ আছে আৰু ডাৱৰৰ বাহিৰে তেওঁ একো দেখা পোৱা নাই। নিজৰ গন্তব্যস্থান পাবলৈ তেওঁলোকৰ ওচৰত কি থকাৰ প্ৰয়োজন? তেওঁলোকৰ ওচৰত কম্পাচ বা আন কিবা আধুনিক যন্ত্ৰ থকাটো অতি প্ৰয়োজন।

কম্পাচ দেখিবলৈ এটা ঘড়ীৰ নিচিনা হয়। ইয়াত চুম্বকেৰে তৈয়াৰী এডাল কাঁইট থাকে যি সদায় উত্তৰ দিশলৈ কেন্দ্ৰ কৰি থাকে। যদি ভালদৰে কাৰ্য্য কৰা এটা কম্পাচক, সঠিকভাৱে এখন মানচিত্ৰৰ সহায়ত ব্যৱহাৰ কৰা হয়, তেনেহ’লে আপুনি বিপদত নপৰিব আৰু আপোনাৰ প্ৰাণো ৰক্ষা পৰিব। ঠিক সেইদৰে, সঠিক পথত চলিবলৈ যিহোৱা ঈশ্বৰে আমাক এটা উপহাৰ দিছে আৰু সেয়া হৈছে বিবেক। (যাকোব ১:১৭) বিবেক অবিহনে আমি পথভ্ৰষ্ট হৈ ভুল পথ ল’ব পাৰোঁ। কিন্তু যদি আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰোঁ, তেনেহ’লে ইয়ে আমাক সঠিক পথত চলিবলৈ সহায় কৰিব। এতিয়া প্ৰশ্ন হ’ব পাৰে যে বিবেক কি হয় আৰু ই কেনেকৈ কাৰ্য্য কৰে? আহক আমি ইয়াৰ বিষয়ে আলোচনা কৰোঁ। ইয়াৰ পাছত আমি তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম: (১) বিবেকক কেনেকৈ প্ৰশিক্ষণ দিব পাৰি, (২) আমি আনৰ বিবেকৰ প্ৰতি কিয় ধ্যান দিয়া উচিত আৰু (৩) এক শুদ্ধ বিবেকে আমাক কেনেকৈ সহায় কৰিব।

বিবেক কি হয় আৰু ই কেনেকৈ কাৰ্য্য কৰে

৩. ঈশ্বৰে মানুহক দিয়া এক বিশেষ ক্ষমতাৰ বিষয়ে বৰ্ণনা কৰক।

মানুহৰ অন্তৰত ভাল-বেয়া বিচাৰ কৰিব পৰা এক অনুভূতি থাকে, যিয়ে নিজকে অজুহাত দেখুৱা বা দোষী কৰাৰ বাবে কাৰ্য্য কৰে। সকলো সৃষ্টিৰ ভিতৰত ঈশ্বৰে কেৱল মানুহক ভাল-বেয়া বিবেচনা কৰিবলৈ বিবেক দিছে। এই ক্ষমতাই আমাৰ কাৰ্য্য, আচৰণ আৰু নিৰ্ণয়বোৰ পৰীক্ষা কৰিবলৈ সহায় কৰে। ইয়ে আমাক ভাল নিৰ্ণয় ল’বলৈ সহায় কৰে আৰু বেয়া নিৰ্ণয় লোৱাৰপৰা সতৰ্ক কৰে। ইয়াৰ পাছত, যদি আমি বিবেকৰ কথা শুনি ভাল নিৰ্ণয় লওঁ, তেনেহ’লে ইয়ে আমাক সান্ত্বনা দিব আৰু যদি বেয়া নিৰ্ণয় লওঁ, তেনেহ’লে ইয়ে আমাক দোষী কৰিব।

৪, ৫. (ক) আমি কেনেকৈ জানিব পাৰোঁ যে আদম আৰু হৱাৰ ভাল-বেয়া বিচাৰ কৰিব পৰা বিবেক আছিল আৰু তেওঁলোকে যিহোৱা ঈশ্বৰৰ নিয়ম উলংঘন কৰাৰ বাবে কি পৰিণাম হৈছিল? (খ) কোনবোৰ উদাহৰণে দেখুৱাই যে প্ৰাচীন সময়ত ঈশ্বৰৰ বিশ্বাসী লোকসকলে তেওঁলোকৰ বিবেকৰ কথা শুনিছিল?

ঈশ্বৰে প্ৰথম পুৰুষ আৰু স্ত্ৰীক এই ক্ষমতা অৰ্থাৎ বিবেক দি সৃষ্টি কৰিছিল। আদম আৰু হৱাৰ যে এই ক্ষমতা আছিল তাক আমি তেওঁলোকৰ আচৰণৰপৰা জানিব পাৰোঁ। পাপ কৰাৰ পাছত, তেওঁলোকে লাজ অনুভৱ কৰিছিল আৰু ইয়ে প্ৰমাণ কৰে যে তেওঁলোকৰ বিবেক আছিল। (আদিপুস্তক ৩:৭, ৮) কিন্তু দুখৰ বিষয় যে তেওঁলোকৰ দোষী বিবেকে কোনো ভাল পৰিণাম আনিব নোৱাৰিলে। তেওঁলোকে জানি-শুনি যিহোৱাৰ বাক্য উলংঘন কৰি স্ব-ইচ্ছাৰে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। সিদ্ধ মানৱ হিচাপে আদম আৰু হৱাই কি কৰিছিল, তাক তেওঁলোকে ভালদৰে জানিছিল আৰু সেইবাবে যিহোৱা ঈশ্বৰলৈ পুনৰাই ঘূৰি অহাটো অসম্ভৱ আছিল।

আদম আৰু হৱাই নিজৰ বিবেকৰ কথা শুনা নাছিল, কিন্তু এনে বহুতো অসিদ্ধ মানুহে নিজৰ বিবেকৰ কথা শুনিছিল আৰু সেই অনুসৰি কাৰ্য্য কৰিছিল। উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰৰ বিশ্বাসী দাস ইয়োবে এইদৰে ক’ব পাৰিছিল: “মোৰ ধাৰ্ম্মিকতা মই ধৰি থাকিম, এৰি নিদিম; মোৰ আয়ুসৰ এদিনলৈকো মোৰ অন্তৰে মোক নোদোষে।” (ইয়োব ২৭:৬) ইয়োবে নিজৰ কাৰ্য্য আৰু সিদ্ধান্তবোৰৰ বাবে নিজৰ বিবেকৰ কথা শুনিবলৈ সদায় সজাগ আছিল। সেইবাবে ইয়োবে ক’ব পাৰিছিল যে তেওঁ লজ্জিত আৰু দোষী বুলি তেওঁৰ বিবেকে কেতিয়াও দংশন কৰা নাই। এই ক্ষেত্ৰত, ইয়োব আৰু দায়ূদৰ মাজত কি পাৰ্থক্য আছে তালৈ লক্ষ্য কৰক। যিহোৱা ঈশ্বৰে অভিষিক্ত কৰা ৰজা চৌলক অসন্মান কৰাৰ পাছত, দায়ূদৰ “মনে নিজক দুষিলে।” (১ চমূৱেল ২৪:৫) নিজৰ বিবেকে এইদৰে আঘাত কৰাৰ বাবে দায়ূদ পাছলৈ উপকৃতও হৈছিল আৰু তেওঁ শিকিব পাৰিছিল যে ভৱিষ্যতে তেওঁ কেতিয়াও আনক অসন্মান নকৰে।

৬. কিহে দেখুৱাই যে বিবেক সকলো মানুহৰ বাবে এক মূল্যৱান উপহাৰ?

এই মূল্যৱান উপহাৰ বিবেক, কেৱল যিহোৱা ঈশ্বৰৰ সেৱকসকলৰহে আছে নেকি? ঈশ্বৰৰ প্ৰেৰণাৰে পাঁচনি পৌলে কি লিখিছিল তালৈ লক্ষ্য কৰক: “যেতিয়া বিধানহীন পৰজাতিবিলাকে স্বভাৱতে বিধানৰ কৰ্ম্ম কৰে, তেতিয়া সেই বিধানহীনবিলাক তেওঁবিলাকৰ বিধান তেওঁবিলাকেই হয়; তেওঁবিলাক এনেকুৱা মানুহ যে, তেওঁবিলাকে বিধানৰ কৰ্ম্ম নিজ নিজ হৃদয়ত লিখা থকা দেখুৱাইছে; তেওঁবিলাকৰ বিবেকেও তাৰ সাক্ষ্য দিছে; আৰু তেওঁবিলাকৰ পৰস্পৰৰ তৰ্ক-বিতৰ্কে, হয় অপবাদ দিয়ে, নহয় দোষ এৰাবলৈ বিচাৰে।” (ৰোমীয়া ২:১৪-১৬) আনকি যিহোৱা ঈশ্বৰৰ নিয়মবোৰৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত লোকসকলেও সময়ে সময়ে নিজৰ বিবেকৰ কথা শুনি এনে কাৰ্য্য কৰে, যিবোৰ ঈশ্বৰৰ সিদ্ধান্ত অনুসৰি সঠিক হয়।

৭. কেতিয়াবা বিবেকে কিয় ভুল পথলৈ পৰিচালিত কৰিব পাৰে?

কিন্তু কেতিয়াবা হয়তো বিবেকে কিছুমান ক্ষেত্ৰত আমাক ভুল পথলৈ পৰিচালিত কৰিব পাৰে। কিয় বাৰু? ক্ষন্তেকৰ বাবে আৰম্ভণিত উল্লেখ কৰা কম্পাচৰ উদাহৰণটোলৈ পুনৰ ধ্যান দিয়ক। যদি কম্পাচটোক এটা চুম্বকৰ ওচৰত ৰখা হয়, তেনেহ’লে ইয়াৰ কাঁইটডাল উত্তৰ দিশ দেখুৱাৰ পৰিৱৰ্তে আন দিশৰ ফালে কেন্দ্ৰ কৰিব। অথবা ইয়াক যদি সঠিক মানচিত্ৰৰ অবিহনে ব্যৱহাৰ কৰা হয়, তেনেহ’লে কম্পাচৰ ব্যৱহাৰ অৰ্থহীন হৈ পৰিব। ঠিক সেইদৰে, আমাৰ বিবেকৰো এনে পৰিস্থিতি হ’ব পাৰে। আমি ভালদৰে বাইবেল অধ্যয়ন নকৰিলে, আমাৰ ভাল আৰু বেয়াৰ বিচাৰ কৰিব পৰা ক্ষমতা কমি আহিব। যদি আমাৰ স্বাৰ্থপৰ ইচ্ছাই হৃদয়ত প্ৰভাৱিত কৰে, তেনেহ’লে আমাৰ বিবেকে ভুল পথলৈ পৰিচালিত কৰিব পাৰে। আমাৰ বিবেকে ভালদৰে কাৰ্য্য কৰাৰ বাবে যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ৰ প্ৰয়োজন। পাঁচনি পৌলে এইদৰে কৈছিল: “মোৰ বিবেকেও পবিত্ৰ আত্মাৰ অধীনে মোৰ পক্ষে সাক্ষ্য দিছে।” (ৰোমীয়া ৯:১) তেনেহ’লে, আমাৰ বিবেকে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ নিৰ্দেশনা অনুসৰি কাৰ্য্য কৰিছে বুলি আমি কেনেকৈ নিশ্চিত কৰিব পাৰিম? ইয়াৰ বাবে আমাৰ বিবেকক প্ৰশিক্ষণৰ প্ৰয়োজন।

আমি কেনেকৈ বিবেকক প্ৰশিক্ষণ দিম

৮. (ক) মনে কেনেকৈ বিবেকক প্ৰভাৱিত কৰিব পাৰে আৰু আমি নিৰ্ণয় লোৱাৰ সময়ত কি বিষয়ে বেছিকৈ বিবেচনা কৰা উচিত? (খ) এজন সত্য খ্ৰীষ্টানৰ বাবে শুদ্ধ বিবেক হোৱাটোৱেই কিয় সদায় যথেষ্ট নহয়? (ফুটনোট চাওক।)

যেতিয়া আপোনাক বিবেকৰ আধাৰত নিৰ্ণয় ল’বলগীয়া হয়, তেতিয়া আপুনি কি কৰে? কিছুমান লোকে নিজৰ অনুভূতি বা মনৰ কথা শুনে। তেওঁলোকে নিজকে কয় যে “মোৰ বিবেকৰ অনুসৰি এইটো ভুল নহয়।” কিন্তু মনৰ ভাৱনাবোৰ ইমানেই প্ৰভাৱশালী হয় যে ই কেতিয়াবা আমাৰ বিবেককো প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ বিষয়ে বাইবেলে উল্লেখ কৰিছে: “মন সকলোতকৈ কপটময়, আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি; কোনে তাক বুজিব পাৰে?” (যিৰিমিয়া ১৭:৯) সেইবাবে, আমি নিৰ্ণয় লোৱাৰ সময়ত আমাৰ মন বা হৃদয়ে যি বিচাৰে, তাক বেছিকৈ বিবেচনা কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে, আমি কি কৰিলে যিহোৱা ঈশ্বৰে আনন্দিত হ’ব, তাক বিবেচনা কৰা উচিত। *

৯. ঈশ্বৰৰ প্ৰতি ভয় ৰখাৰ অৰ্থ কি আৰু এনে ভয়ে কেনেকৈ আমাৰ বিবেকৰ ওপৰত প্ৰভাৱ পেলায়?

যদি আমাৰ কোনো নিৰ্ণয় প্ৰশিক্ষণ পোৱা বিবেকৰ আধাৰত হয়, তেনেহ’লে ই আমাৰ ব্যক্তিগত ইচ্ছাবোৰৰ পৰিৱৰ্তে, যিহোৱা ঈশ্বৰৰ ভয় প্ৰতিফলিত কৰিব। আহক আমি এই ক্ষেত্ৰত এটা উপযুক্ত উদাহৰণলৈ ধ্যান দিওঁ। নহিমিয়া এজন ঈশ্বৰৰ বিশ্বাসী সেৱক আৰু যিৰূচালেমৰ এজন ৰাজ্যপাল আছিল। সেইবাবে যিৰূচালেমৰ লোকসকলৰপৰা নিৰ্ধাৰিত প্ৰাপ্য আৰু কৰ লোৱাৰ তেওঁৰ অধিকাৰ আছিল। কিন্তু তেওঁ কৰ বা মাচুল লোৱা নাছিল। কিয় বাৰু? নহিমিয়াই এই লোকসকলক তাড়না কৰাৰ দ্বাৰা যিহোৱা ঈশ্বৰৰক অসন্তুষ্ট কৰিব বিচৰা নাছিল। তেওঁ এইদৰে কৈছিল: “মই ঈশ্বৰলৈ ভয় ৰাখি তাক কৰা নাই।” (নহিমিয়া ৫:১৫) যিহোৱা ঈশ্বৰৰ প্ৰতি ভয় থকা অতি প্ৰয়োজন। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰক অসন্তুষ্ট কৰা সকলো কাৰ্য্যৰপৰা আঁতৰি থকা। যিহোৱা ঈশ্বৰৰ প্ৰতি থকা এনেধৰণৰ ভয়ে আমাক যিকোনো নিৰ্ণয় লোৱাৰ সময়ত তেওঁৰ বাক্যৰপৰা নিৰ্দেশনা বিচাৰিবলৈ প্ৰেৰণা কৰিব।

১০, ১১. সুৰাপান কৰাৰ বিষয়ে বাইবেলৰ কোনবোৰ সিদ্ধান্ত প্ৰয়োগ কৰিব পাৰি আৰু এইবোৰ পালন কৰিবলৈ আমি কেনেকৈ যিহোৱা ঈশ্বৰৰপৰা সহায় লাভ কৰিব পাৰোঁ?

১০ উদাহৰণস্বৰূপে, সুৰাপানৰ বিষয়ে ক্ষন্তেক বিবেচনা কৰক। আমাৰ মাজৰ কিছুমানে কেতিয়াবা কেতিয়াবা পাৰ্টিবোৰত সুৰাপান কৰিব নে নকৰে, তাৰ নিৰ্ণয় ল’বলগীয়া হয়। প্ৰথমে আমি নিজকে নিজে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে। এই বিষয়ে বাইবেলৰ কোনবোৰ সিদ্ধান্ত পালন কৰিব পাৰি? পৰিমিত মাত্ৰাত সুৰাপান কৰিবলৈ বাইবেলে কেতিয়াও নিষেধ কৰা নাই। দ্ৰাক্ষাৰস উপহাৰ হিচাপে দিয়াৰ বাবে বাইবেলে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰে। (গীতমালা ১০৪:১৪, ১৫) কিন্তু অতিমাত্ৰা সুৰাপান কৰা আৰু মতলীয়া হৈ হাই-কাজিয়া কৰাক বাইবেলে নিন্দা কৰিছে। (লূক ২১:৩৪; ৰোমীয়া ১৩:১৩) ইয়াৰ উপৰিও পৰস্ত্ৰীগমন, ব্যভিচাৰ আদিৰ দৰে গভীৰ পাপৰ তালিকাত মতলীয়া হোৱা বা অতিমাত্ৰা সুৰাপান কৰাৰ বিষয়েও উল্লেখ আছে। *১ কৰিন্থীয়া ৬:৯, ১০.

১১ এজন সত্য খ্ৰীষ্টানে যদি এই সিদ্ধান্তবোৰ নিজৰ জীৱনত পালন কৰে, তেতিয়া তেওঁ নিজৰ বিবেকক প্ৰশিক্ষণ দিয়ে। গতিকে, যেতিয়া কোনো পাৰ্টিত আমি সুৰাপান কৰাৰ বাবে নিৰ্ণয় ল’বলগীয়া হয়, তেতিয়া আমি নিজকে এই প্ৰশ্নবোৰ সুধিব পাৰোঁ। ‘কেনেধৰণৰ পাৰ্টিৰ ব্যৱস্থা কৰা হৈছে? ই নিয়ন্ত্ৰণৰ বাহিৰত হৈ যাব নেকি? ইয়াত হুলস্থূলীয়া পৰিৱেশ হ’ব নেকি? মোৰ নিজৰ অভিলাষবোৰ কি? মই সুৰাপান কৰিবলৈ হাবিয়াহ কৰোঁ নেকি? মই সুৰাপান নকৰাকৈ থাকিব নোৱাৰোঁ নেকি? মই মোৰ চিন্তা-ভাৱনা দূৰ কৰিবলৈ সুৰাপানৰ সহায় লওঁ নেকি? মই প্ৰয়োজনতকৈ অধিক সুৰাপান নকৰিবলৈ নিজকে নিয়ন্ত্ৰণ কৰিব পাৰোঁনে?’ বাইবেলৰ সিদ্ধান্তবোৰ ধ্যান দিয়াৰ অন্তত যিবোৰ প্ৰশ্ন উত্থাপিত হয়, সেইবোৰ গভীৰভাৱে চিন্তা কৰাৰ পাছত আমি যিহোৱাৰ নিৰ্দেশনাৰ বাবে প্ৰাৰ্থনা কৰা উচিত। (গীতমালা ১৩৯:২৩, ২৪ পঢ়ক।) এনে কৰাৰ যোগেদি আমি যিহোৱা ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায় বিচৰা বুজায়। ইয়াৰ লগতে আমি ঈশ্বৰৰ সিদ্ধান্তবোৰৰ অনুসৰি আমাৰ বিবেকক প্ৰশিক্ষণ দিওঁ। কিন্তু আমি নিৰ্ণয়বোৰ লোৱাৰ সময়ত আন এক বিষয়ৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন।

আমি আনৰ বিবেকৰ প্ৰতি কিয় ধ্যান দিয়া উচিত?

বাইবেলৰ দ্বাৰা প্ৰশিক্ষণ পোৱা বিবেকে সুৰাপান কৰিব নে নকৰে, তাৰ বিষয়ে নিৰ্ণয় ল’বলৈ সহায় কৰিব

১২, ১৩. সত্য খ্ৰীষ্টানসকলৰ মাজত বিবেকৰ পাৰ্থক্য হোৱাৰ কিছুমান কাৰণ কি? এনে পাৰ্থক্যবোৰৰ বাবে আমি কেনে দৃষ্টিভংগী ৰখা উচিত?

১২ এজন ভাইৰ বিবেক, আন এজন ভাইৰ বিবেকৰ মাজত কিমান পাৰ্থক্য থাকিব পাৰে তাক দেখি আপুনি হয়তো আচৰিত হ’ব পাৰে। এজনে হয়তো কিছুমান কথা বা বিষয় ভাল পাব পাৰে কিন্তু সেই একেই বিষয় আন এজনক ভাল নালাগিবও পাৰে। উদাহৰণস্বৰূপে, এজন খ্ৰীষ্টান ভায়ে গধুলি সময়ত কেইজনমান বন্ধুৰ লগত মিলিত হৈ সুৰাপান কৰিবলৈ ভাল পায়, কিন্তু আন এজন খ্ৰীষ্টান ভায়ে হয়তো এনেকৈ সুৰাপান কৰাৰ বাবে বেয়া পাব পাৰে। এটা বিষয়ৰ ওপৰত দুয়োজনৰ মতামত বেলেগ কিয় আৰু আমি লোৱা নিৰ্ণয়বোৰে আনৰ ওপৰত কেনে প্ৰভাৱ পৰিব পাৰে?

১৩ লোকসকলৰ মাজত বেলেগ বেলেগ মতামত হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। হয়তো বিভিন্ন পৃষ্ঠভূমিৰপৰা হোৱাৰ বাবে এনে হ’ব পাৰে। ইয়াৰ উপৰিও কিছুমানলোকে নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে ভালদৰে জানে। তেওঁলোকে সেইবোৰৰ বিৰুদ্ধে বহুতো সংঘৰ্ষ কৰিবলগীয়া হৈছিল আৰু কেতিয়াবা কেতিয়াবা বিফলো হৈছিল। (১ ৰাজাৱলি ৮:৩৮, ৩৯) এনে লোকসকলৰ বাবে সুৰাপানৰ বিষয়টো গভীৰ বিষয় হ’ব পাৰে। যদি এনে এজন ভাই আপোনাৰ ঘৰলৈ আহে আৰু আপুনি তেওঁক সুৰা আগবঢ়ায়, তেনেহ’লে নিশ্চয় তেওঁৰ বিবেকে খাবলৈ অনুমতি নিদিব আৰু খোৱাৰ বাবে অস্বীকাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি তেওঁক বেয়া পাব নেকি? আপুনি সুৰাপান কৰিবলৈ তেওঁক জোৰ কৰিব নেকি? আপুনি এইদৰে কেতিয়াও নকৰে। সেইসময়ত তেওঁ হয়তো সুৰাপান নকৰাৰ কাৰণ আপোনাক বৰ্ণনা নকৰিবও পাৰে। কিন্তু তেওঁৰ প্ৰতি থকা ভ্ৰাতৃত্ব প্ৰেমৰ বাবে আপুনি তেওঁক সুৰাপান কৰিবলৈ জোৰ নকৰিব।

১৪, ১৫. প্ৰথম শতিকাৰ খ্ৰীষ্টান মণ্ডলীত ভাই-ভনীসকলৰ বিবেক কি বিষয়ত বেলেগ আছিল আৰু এই বিষয়ত পৌলে কি পৰামৰ্শ দিছিল?

১৪ প্ৰথম শতিকাৰ সত্য খ্ৰীষ্টানসকলে বিভিন্ন বিষয়ত নিজ নিজ বিবেক অনুসৰি বেলেগ বেলেগ মতামত দিয়া পাঁচনি পৌলে দেখিবলৈ পাইছিল। সেই সময়ৰ কিছুমান সত্য খ্ৰীষ্টানে খাদ্যবস্তু খাবলৈ সংকোচ কৰিছিল, যিবোৰ প্ৰথমে মূৰ্তিৰ আগত ৰখা হৈছিল। পাছলৈ সেই খাদ্যবস্তু বজাৰত বিক্ৰী কৰা হৈছিল। (১ কৰিন্থীয়া ১০:২৫) কিন্তু পৌলৰ বিবেকে বজাৰত বিক্ৰী কৰা খাদ্যবস্তু খাবলৈ সংকোচ কৰা নাছিল। তেওঁৰ বাবে মূৰ্তিবোৰৰ কোনো অৰ্থ নাছিল। খাদ্যবস্তুবোৰ আচলতে মূৰ্তিবোৰৰ নহয়, সেইবোৰ যিহোৱা ঈশ্বৰে সৃষ্টি কৰিছে আৰু তেওঁৰহে ইয়াৰ ওপৰত অধিকাৰ আছে। আনকি পৌলে ইয়াকো জানিছিল যে তেওঁৰ দৰে আন লোকসকলে এনে দৃষ্টিভংগী নাৰাখে। সত্য খ্ৰীষ্টান হোৱাৰ আগতে কিছুমান লোকে মূৰ্তিপূজাত জড়িত আছিল। সেইবাবে, সত্যত অহাৰ পাছত, মূৰ্তিপূজাৰ লগত জড়িত থকা যিকোনো বস্তুৰ লগত সম্পৰ্ক ৰাখিব বিচৰা নাছিল। পৌলে এই সমস্যাক কেনেকৈ সমাধান কৰিছিল?

১৫ পৌলে এইদৰে কৈছিল: “বলৱন্ত যি আমি, আমি নিজক সন্তুষ্ট নকৰি, দুৰ্ব্বলবিলাকৰ দুৰ্ব্বলতাৰূপ ভাৰ বোৱা উচিত। . . . কিয়নো খ্ৰীষ্টে নিজকে নিজে সন্তুষ্ট নকৰিলে।” (ৰোমীয়া ১৫:১,) পৌলে যুক্তি দৰ্শাইছিল যে যীচু খ্ৰীষ্টৰ দৰে আমিও নিজকে সন্তুষ্ট নকৰি আমাৰ ভাই-ভনীসকলৰ বিবেকৰ প্ৰতি ধ্যান দিয়া উচিত। পৌলে ইয়াকো কৈছিল যে যদি মাংস খালে আনৰ বিবেকত আঘাত লাগে, তেনেহ’লে তেওঁ মাংস খোৱাৰপৰা আঁতৰি থাকিব। কিয়নো এনে ভাই বা ভনীসকলেও খ্ৰীষ্টৰ মেৰ হয় আৰু তেওঁলোকৰ বাবেও যীচুৱে তেওঁৰ নিজৰ জীৱন বলিদান কৰিছিল।—১ কৰিন্থীয়া ৮:১৩; ১০:২৩, ২৪, ৩১-৩৩ পঢ়ক।

১৬. যিসকলৰ বিবেকে কিছুমান কাম কৰিবলৈ বাধা দিয়ে, তেওঁলোকে আনৰ সমালোচনা কৰা কিয় উচিত নহয়?

১৬ আনহাতে, যিসকলৰ বিবেকে কিছুমান কাম কৰিবলৈ বাধা দিয়ে, তেওঁলোকে আনৰ সমালোচনা কৰা আৰু নিজৰ বিবেকৰ অনুসৰি কাৰ্য্য কৰিবলৈ আনক হেঁচা দিয়া উচিত নহয়। (ৰোমীয়া ১৪:১০ পঢ়ক।) আচলতে, আমাৰ বিবেকে আনৰ বিচাৰ কৰাৰ পৰিৱৰ্তে নিজৰ বিচাৰ কৰা উচিত। ইয়াৰ বিষয়ে যীচুৱে এইদৰে কৈছিল: “তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব।” (মথি ৭:১) মণ্ডলীৰ সকলো ভাই-ভনীয়ে নিজৰ বিবেকৰ লগত জড়িত থকা ব্যক্তিগত বিষয়বোৰক লৈ, আনৰ লগত বাদ-বিবাদ কৰাৰপৰা আঁতৰি থকা উচিত। আমি আনক হেয়জ্ঞান কৰাৰ পৰিৱৰ্তে, প্ৰেম আৰু একতাৰ বাবে এজনে-আনজনক সহায় কৰাৰ প্ৰয়োজন।—ৰোমীয়া ১৪:১৯.

এক শুদ্ধ বিবেকে আমাক কেনেকৈ উপকাৰ কৰিব

শুদ্ধ বিবেকে আমাক পথ-প্ৰদৰ্শন কৰাৰ লগতে শান্তি আৰু আনন্দ কঢ়িয়াই আনিবলৈ সহায় কৰে

১৭. আজি বহুতোলোকৰ বিবেকৰ কি অৱস্থা হৈছে?

১৭ পাঁচনি পিতৰে এইদৰে কৈছিল: “উত্তম বিবেকো ৰাখিবা।” (১ পিতৰ ৩:১৬) যিহোৱা ঈশ্বৰৰ দৃষ্টিত শুদ্ধ বিবেক বজাই ৰখাটো এক ডাঙৰ আশীৰ্বাদ। বৰ্তমান সময়ত বহুতোলোকৰ শুদ্ধ বিবেক নাই। তেওঁলোকৰ “বিবেক তপত লোৰে দাগ দিয়া হল” বুলি পৌলে উল্লেখ কৰিছে। (১ তীমথিয় ৪:২) যদি এটুকুৰা তপত লোহে আমাৰ শৰীৰৰ কোনো অংশ পুৰে তেনেহ’লে সেই ঠাইত দাগ বহে আৰু সেইখিনি চেতনাহীন হৈ যায়। ঠিক সেইদৰে, আজি বহুতোলোকৰ বিবেক থকাৰ সত্ত্বেও চেতনাহীন হৈ আছে। সেইবাবে, তেওঁলোকৰ বিবেকে কোনো সতৰ্ক, বিৰোধ বা কিবা ভুল কৰাৰ বাবে লাজ অনুভৱ নকৰে। আজি বহুতোলোকে নিজৰ বিবেকৰ কথা নুশুনি আনন্দিত হয়।

১৮, ১৯. (ক) অপৰাধী আৰু লজ্জিত অনুভৱ কৰাটো কিয় লাভজনক? (খ) যদি অতীতত কৰা পাপৰ বাবে আমাৰ বিবেকে অশান্তি দি থাকে, তেনেহ’লে আমি কি কৰা উচিত?

১৮ আচলতে আমাৰ অপৰাধী মনোভাবে আমাৰ বিবেকক জানিবলৈ সহায় কৰে যে আমি কিবা বেয়া কাম কৰিলোঁ। এনেধৰণৰ মনোভাবে এজন পাপী ব্যক্তিক অনুতাপ কৰিবলৈ অনুপ্ৰাণিত কৰে, আনকি গভীৰ পাপ কৰিলেও তেওঁৰ পাপ ক্ষমা কৰা হ’ব। উদাহৰণস্বৰূপে, ৰজা দায়ূদে এক গভীৰ পাপ কৰিছিল, কিন্তু হৃদয়ৰপৰা অনুতাপ কৰাৰ বাবে যিহোৱা ঈশ্বৰে তেওঁক ক্ষমা কৰিছিল। অসৎ কাৰ্য্য কৰাৰ বাবে দায়ূদৰ নিজৰ ওপৰতে ঘৃণা উপজিছিল আৰু তেতিয়াৰেপৰা তেওঁ যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিবলৈ দৃঢ়সংকল্প লৈছিল। ইয়াৰ যোগেদি যিহোৱা ঈশ্বৰ যে “মঙ্গলময় আৰু ক্ষমাৱান” তাক তেওঁ জানিব পাৰিছিল। (গীতমালা ৫১:১-১৯; ৮৬:৫) আমি অনুতাপ কৰা আৰু ক্ষমা পোৱাৰ পাছতো, যদি আমাৰ মনে অপৰাধী আৰু লজ্জিত অনুভৱ কৰি থাকে, তেনেহ’লে আমি কি কৰা উচিত?

১৯ কেতিয়াবা কেতিয়াবা এজন পাপ কৰা ব্যক্তিৰ বিবেকে দীৰ্ঘদিন ধৰি নিজকে অপৰাধী বুলি অনুভৱ কৰাব পাৰে। কিন্তু দীৰ্ঘদিন ধৰি অপৰাধী মনোভাবে তেওঁৰ বাবে কোনো সুফল কঢ়িয়াই নানে। এনে পৰিস্থিতিত আমি বিশ্বাস কৰা উচিত যে যিহোৱা ঈশ্বৰে মানুহৰ সকলো অনুভূতি বুজি পায়। আমি আনক উৎসাহিত কৰিবলৈ এইদৰে কওঁ যে যিহোৱা ঈশ্বৰে তেওঁলোকক প্ৰেম কৰে আৰু তেওঁলোকৰ পাপবোৰ ক্ষমা কৰে। ঠিক সেইদৰে, আমি নিজেও বিশ্বাস কৰা উচিত যে যিহোৱা ঈশ্বৰে আমাক প্ৰেম কৰে আৰু আমাৰ পাপবোৰ ক্ষমা কৰে। (১ যোহন ৩:১৯, ২০ পঢ়ক।) আনহাতে, শুদ্ধ বিবেকে আমাৰ মনলৈ শান্তি আৰু আনন্দ কঢ়িয়াই আনে। গভীৰ পাপ কাৰ্য্যত জড়িত হৈ পৰা বহুতোলোকে এনে শান্তি আৰু আনন্দ লাভ কৰাৰ যোগেদি এক শুদ্ধ বিবেকেৰে যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ সক্ষম হৈছে।—১ কৰিন্থীয়া ৬:১১.

২০, ২১. (ক) এই কিতাপখনে আপোনাক কি কৰিবলৈ সহায় কৰিব? (খ) সত্য খ্ৰীষ্টান হিচাপে আমি কি স্বাধীনতা উপভোগ কৰোঁ আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰা উচিত?

২০ চয়তানৰ ব্যৱস্থাৰ এই শেষ কালত, আপুনি কেনেকৈ আনন্দৰ জীৱন আৰু শুদ্ধ বিবেক বজাই ৰাখিব পাৰিব, তাৰ বিষয়ে এই কিতাপখনে আপোনাক সহায় কৰিব। আপুনি দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যাবোৰ সমাধান কৰিবলৈ, এই কিতাপখনত বাইবেলৰ সকলো নিয়ম আৰু সিদ্ধান্তবোৰ বহুলভাৱে বৰ্ণনা কৰা হোৱা নাই। সেইবাবে, বিবেকৰ লগত জড়িত থকা বিষয়বোৰৰ উত্তৰ আপুনি পোনপটীয়াকৈ আশা নকৰিব। আপুনি দৈনন্দিন জীৱনত ঈশ্বৰৰ বাক্য কেনেকৈ পালন কৰিব পাৰিব, তাৰ বিষয়ে অধ্যয়ন কৰাৰ দ্বাৰা আপোনাৰ বিবেকক প্ৰশিক্ষণ দিয়া আৰু সংবেদনশীল কৰি তোলাই হৈছে এই কিতাপখনৰ উদ্দেশ্য। মোচিৰ লিখিত নিয়মৰ বিপৰীতে, ‘খ্ৰীষ্টৰ বিধানে’ আমাৰ বিবেক আৰু সিদ্ধান্তৰ অনুসৰি চলিবলৈ উৎসাহিত কৰিছে। (গালাতীয়া ৬:২) যিহোৱা ঈশ্বৰে আমাক স্বাধীনতা দিছে। কিন্তু তেওঁৰ বাক্যই এই “স্বাধীনতাক দুষ্টতাৰ ঢাকনি” হিচাপে ব্যৱহাৰ নকৰিবলৈ আমাক সতৰ্ক কৰিছে। (১ পিতৰ ২:১৬) ইয়াৰ পৰিৱৰ্তে, এনে স্বাধীনতাই যিহোৱা ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম দেখুৱাবলৈ সুযোগ দিয়ে।

২১ আপুনি যিদৰে যিহোৱাৰ বিষয়ে প্ৰথমে শিকি বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসৰি জীৱন-যাপন কৰিবলৈ প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰি নিৰ্ণয় লৈছিল, ঠিক সেইদৰে বৰ্তমান সময়তো কৰি থাকক। “অভ্যাসৰ কাৰণে” আপোনাৰ “জ্ঞানেন্দ্ৰিয়বোৰ” নিপুণ হ’ব। (ইব্ৰী ৫: ১৪) বাইবেলৰ দ্বাৰা প্ৰশিক্ষণ পোৱা আপোনাৰ বিবেকে দৈনন্দিন জীৱনত উপকাৰ কৰিব। যিদৰে এটা কম্পাচে এজন ভ্ৰমণকাৰীক সহায় কৰে, ঠিক সেইদৰে আপোনাৰ বিবেকে এনে নিৰ্ণয় ল’বলৈ সহায় কৰিব যাৰ দ্বাৰা আপোনাৰ স্বৰ্গত থকা পিতৃ যিহোৱা ঈশ্বৰ আনন্দিত হ’ব। ঈশ্বৰৰ প্ৰেমত নিজকে ৰখাৰ এয়াই হৈছে এক উত্তম উপায়।

^ অনু. 8 বাইবেলত উল্লেখ কৰিছে যে সদায় শুদ্ধ বিবেক হোৱাই যথেষ্ট নহয়। উদাহৰণস্বৰূপে, পৌলে এইদৰে কৈছিল: “মই নিজৰ বিৰুদ্ধে একো নাজানো; তেও মই তাৰেই নিৰ্দ্দোষী নহওঁ; কিন্তু যি জন প্ৰভু, তেৱেঁই মোৰ বিচাৰকৰ্ত্তা।” (১ কৰিন্থীয়া ৪:৪) শুদ্ধ বিবেকেৰে, পূৰ্বতে পৌল আৰু আন বহুতো লোকে সত্য খ্ৰীষ্টানসকলক তাড়না কৰিছিল আৰু এই কাৰ্য্যবোৰ ঈশ্বৰে অনুমোদন কৰিছে বুলি তেওঁলোকে ভাৱিছিল। গতিকে, আমাৰ নিজৰ আৰু যিহোৱা ঈশ্বৰৰ দৃষ্টিত আমাৰ বিবেক শুদ্ধ হোৱা অতি প্ৰয়োজন।—পাঁচনিৰ কৰ্ম্ম ২৩:১; ২ তীমথিয় ১:৪.

^ অনু. 10 বহুতো চিকিৎসকে কোৱা এই কথাষাৰ ধ্যান দিয়া উচিত যে যিসকল লোকে অতিমাত্ৰা সুৰাপান কৰাটো অভ্যাসত পৰিণত হৈছে, তেওঁলোকৰ বাবে পৰিমিত মাত্ৰাত সুৰাপান কৰাটো অসম্ভৱ। তেওঁলোকৰ বাবে “পৰিমিত মাত্ৰাৰ” অৰ্থ হৈছে একেবাৰে সুৰাপান নকৰা।