অতিৰিক্ত লেখ
মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?
আমাৰ কোনো এজন আত্মীয় লোক বা ঘনিষ্ট বন্ধুৱে পাপ কৰি অনুতাপ নকৰাৰ বাবে যেতিয়া মণ্ডলীৰপৰা বহিষ্কাৰ কৰা হয়, তেতিয়া আমাৰ মনত যি আঘাত লাগে, তেনে আঘাত হয়তো আমি আন কোনো বিষয়ৰপৰা নাপাওঁ। এই ক্ষেত্ৰত আমি বাইবেলৰ নিৰ্দেশনাবোৰ কিমান গভীৰভাৱে লওঁ, ইয়ে প্ৰমাণ কৰিব যে যিহোৱা ঈশ্বৰৰ প্ৰতি আমাৰ কিমান প্ৰেম আছে আৰু আমি তেওঁৰ ব্যৱস্থাক কিমান গুৰুতৰভাৱে লৈছোঁ। * এই বিষয়ে উদ্ভৱ হোৱা কিছুমান প্ৰশ্ন বিবেচনা কৰক।
বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত? ইয়াৰ উত্তৰ বাইবেলে এইদৰে দিয়ে: “ভাই বুলি খ্যাত হোৱা কোনো মানুহ যদি ব্যভিচাৰী, লুভীয়া, দেৱপূজক, নিন্দক, মতলীয়া, বা অপহাৰক হয়, তেন্তে তেওঁৰে সৈতে আলাপ-ব্যৱহাৰ, এনে কি, খোৱা বোৱাও নকৰিবা।” (১ কৰিন্থীয়া ৫:১১) ‘খ্ৰীষ্টৰ উপদেশ’ পালন নকৰা লোকৰ বিষয়ে আমি এইদৰে পঢ়োঁ: “তেওঁক ঘৰত গ্ৰাহ্য নকৰিবা, আৰু মঙ্গল হওক বুলি তেওঁক নকবা; কিয়নো মঙ্গল হওক বুলি যি জনে তেওঁক কয়, তেওঁ তেওঁৰ দুষ্কৰ্ম্মৰ সহভাগী হয়।” (২ যোহন ৯-১১) বহিষ্কাৰ কৰা ব্যক্তিৰ লগত আমি আধ্যাত্মিক বিষয়বোৰৰ ওপৰত আলোচনা কৰা বা তেওঁলোকৰ লগত কোনোধৰণৰ মিলা-মিচা কৰাৰপৰা আঁতৰি থকা উচিত। ১৯৮১, ১৫ ছেপ্টেম্বৰ প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ২৫ এইদৰে বৰ্ণনা কৰিছে: “কাৰোবাক ‘নমস্কাৰ’ জনোৱাৰ যোগেদি তেওঁৰ লগত কথা-বতৰা হোৱা, আনকি বন্ধুত্ব কৰাৰ প্ৰথম পদক্ষেপ হ’ব পাৰে। বহিষ্কাৰ হোৱা কোনো ব্যক্তিৰ প্ৰতি আমি এনেধৰণৰ প্ৰথম পদক্ষেপ লোৱা উচিত হ’বনে?”
তেওঁৰ লগত সম্পূৰ্ণভাৱে যোগাযোগ বন্ধ কৰাটো সঁচাকৈ প্ৰয়োজননে? নিশ্চয়, এনে কৰাৰ প্ৰয়োজন। এনে কৰাৰ দুটা কাৰণ আছে। প্ৰথমটো হৈছে, ইয়াৰ যোগেদি আমি ঈশ্বৰ আৰু তেওঁৰ বাক্যৰ প্ৰতি আনুগত্য প্ৰকাশ কৰোঁ। যেতিয়া যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ সহজ, তেতিয়া কেৱল আমি তাক পালন কৰোঁ এনে যিচয়া ৪৮:১৭; ১ যোহন ৫:৩) দ্বিতীয়টো হৈছে, অনুতাপ নকৰা ব্যক্তিজনৰ লগত যোগাযোগ বন্ধ কৰিলে, মণ্ডলীৰ ভাই-ভনীসকলৰ লগতে আমি নিজেও আধ্যাত্মিক আৰু নৈতিক দিশত সুৰক্ষিত থাকিবলৈ সক্ষম হ’ম। ইয়াৰ যোগেদি মণ্ডলীৰ নামৰ ওপৰত কোনো চেঁকা নপৰিব। (১ কৰিন্থীয়া ৫:৬, ৭) তৃতীয়টো হৈছে, যেতিয়া আমি বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰিবলৈ দৃঢ়সংকল্প হওঁ, তেতিয়া বহিষ্কাৰ কৰা ব্যক্তিজনে উপকৃত হ’ব পাৰে। ন্যায়িক সমিতিক সমৰ্থন কৰাৰ যোগেদি আমি তেওঁ কৰা ভুলৰ বাবে অনুভৱ কৰিবলৈ সহায় কৰিব পাৰোঁ, যিজনে হয়তো এতিয়ালৈকে প্ৰাচীনসকলে আগবঢ়োৱা সহায় গ্ৰহণ কৰা নাই আৰু অনুতাপো কৰা নাই। মণ্ডলীৰ ভাই-ভনীসকলৰ সংগতি কৰাৰ সুযোগ নোপোৱাৰ বাবে হয়তো ব্যক্তিজনৰ “চেতন” আহিব পাৰে। এইদৰে ব্যক্তিজনে নিজে যি ভুল কৰিছে, তাক অনুভৱ কৰি যিহোৱা ঈশ্বৰলৈ ঘূৰি আহিবলৈ পদক্ষেপ ল’ব পাৰে।—লূক ১৫:১৭.
নহয়, কিন্তু সেই সময়তো তেওঁৰ আজ্ঞা পালন কৰোঁ, যেতিয়া তেনে কৰিবলৈ আমাৰ বাবে কঠিন হয়। যিহোৱাৰ প্ৰতি থকা প্ৰেমে আমাক তেওঁৰ সকলো আজ্ঞা পালন কৰিবলৈ অনুপ্ৰাণিত কৰে। আমি জানোঁ যে তেওঁ ন্যায় আৰু প্ৰেমৰ ঈশ্বৰ। গতিকে তেওঁ আমাক যিবোৰ নিয়ম দিছে, সেইবোৰ আমাৰ উপকাৰৰ বাবেহে দিছে। (যদি বহিষ্কাৰ কৰা ব্যক্তিজন আমাৰ আত্মীয় হয়, তেনেহ’লে আমি তেওঁৰ লগত কেনে ব্যৱহাৰ কৰা উচিত? এনে ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ মাজত থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে, যিহোৱা ঈশ্বৰৰ নিয়মৰ প্ৰতি থকা আমাৰ আনুগত্যৰ ওপৰত পৰীক্ষা আহিব পাৰে। বহিষ্কাৰ হোৱা আত্মীয়জনৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত? আমি সন্মুখীন হ’বলগীয়া সকলো পৰিস্থিতিৰ বিষয়ে ইয়াত আলোচনা কৰিব নোৱাৰোঁ, কিন্তু আহক আমি সাধাৰণতে উদ্ভৱ হ’ব পৰা দুটা পৰিস্থিতিৰ বিষয়ে ধ্যান দিওঁ।
কিছুমান ক্ষেত্ৰত বহিষ্কাৰ হোৱা সদস্যজন হয়তো একেখন ঘৰতে বাকী সদস্যসকলৰ লগত থাকিব পাৰে। মণ্ডলীৰপৰা বহিষ্কাৰ হোৱাৰ পাছতো পৰিয়ালৰ লগত থকা তেওঁৰ সম্পৰ্ক একেবাৰে শেষ হৈ নাযায়। দৈনন্দিন কাম-কাজ আৰু পৰিয়ালৰ কিবা বিষয়ৰ বাবে ব্যক্তিজনৰ লগত যোগাযোগ হ’ব পাৰে। কিন্তু সেই ব্যক্তিজনে তেওঁৰ কাৰ্য্যৰ যোগেদি নিজৰ আৰু পৰিয়ালৰ লোকসকলৰ মাজত থকা আধ্যাত্মিক সম্পৰ্ক নাইকিয়া কৰিলে। সেইবাবে, পৰিয়ালৰ বিশ্বাসী সদস্যসকলে আধ্যাত্মিক বিষয়বোৰৰ লগত জড়িত থকা যিকোনো বিষয়ৰ বাবে বহিষ্কাৰ কৰা ব্যক্তিজনৰ লগত কোনোধৰণৰ সম্পৰ্ক ৰাখিব নোৱাৰে। উদাহৰণস্বৰূপে, পৰিয়াল উপাসনা কৰিবলৈ একগোট হয়, তেতিয়া ব্যক্তিজন উপস্থিত থাকিলেও তেওঁ তাত *—হিতোপদেশ ৬:২০-২২; ২৯:১৭.
ভাগ ল’ব নোৱাৰিব। কিন্তু যদি এজন নাবালক সন্তান বহিষ্কাৰ হয়, তেনেহ’লে পিতৃ-মাতৃয়ে তাক নিৰ্দেশনা দিয়া আৰু অনুশাসন কৰাৰ দায়িত্ব আছে। সেইবাবে, মৰমিয়াল পিতৃ-মাতৃয়ে সন্তানৰ লগত বাইবেল অধ্যয়ন কৰিবলৈ সময় উলিওৱাটো উচিত হ’ব।আন কিছুমান পৰিস্থিতিত হয়তো বহিষ্কাৰ হোৱা আত্মীয়জন আমাৰ পৰিয়ালৰ সদস্য নহয় আৰু একেখন ঘৰতে নাথাকে। যদি পৰিয়ালৰ কিবা প্ৰয়োজনীয় কাম-কাজৰ বাবে ব্যক্তিজনৰ লগত যোগাযোগ কৰিবলগীয়া হয়, তেনেহ’লে সেই যোগাযোগ একেবাৰে সীমিত হোৱা উচিত। ঈশ্বৰৰ বিশ্বাসী সদস্যসকলে, ঘৰত নথকা বহিষ্কৃত আত্মীয়জনৰ লগত যোগাযোগ কৰিবলৈ অজুহাত নিবিচাৰক। ইয়াৰ বিপৰীতে, যিহোৱা ঈশ্বৰ আৰু তেওঁৰ সংগঠনৰ প্ৰতি থকা আনুগত্যই বহিষ্কাৰৰ বিষয়ে থকা শাস্ত্ৰীয় ব্যৱস্থাক সমৰ্থন কৰিবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰা উচিত। যেতিয়া তেওঁলোকে ঈশ্বৰৰ বিশ্বাসী হৈ থাকিব, তেতিয়া ভুল কৰা ব্যক্তিজনৰ হৃদয় স্পৰ্শ হ’ব আৰু ইয়ে হয়তো ব্যক্তিজনক অনুশাসনৰপৰা উপকৃত হ’বলৈ সহায় কৰিব। *—ইব্ৰী ১২:১১.
^ অনু. 1 যিসকল লোকে নিজ ইচ্ছাৰে মণ্ডলীৰ লগত সংগতি কৰিবলৈ ত্যাগ দিছে, তেওঁলোকৰ ক্ষেত্ৰতো বহিষ্কাৰৰ বিষয়ে দিয়া বাইবেলৰ এই সিদ্ধান্তবোৰ প্ৰযোজ্য হয়।
^ অনু. 2 যদি এজন নাবালকক বহিষ্কাৰ কৰা হয় আৰু তেওঁ পিতৃ-মাতৃৰ লগত একেখন ঘৰতে বসবাস কৰে, তেনেহ’লে তাৰ বিষয়ে অধিক জানিবলৈ ২০০১, ১ অক্টোবৰ প্ৰহৰীবুৰুজ পৃষ্ঠা ১৬-১৭ আৰু ১৯৮৮, ১৫ নবেম্বৰ প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ২০ চাওক।
^ অনু. 1 বহিষ্কাৰ কৰা আত্মীয়জনৰ লগত কেনে ব্যৱহাৰ কৰা উচিত, তাৰ বিষয়ে অধিক জানিবলৈ ১৯৮৮, ১৫ এপ্ৰিল প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ২৬-৩১ আৰু ১৯৮১, ১৫ ছেপ্টেম্বৰ প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ২৬-৩১ চাওক।