অধ্যায় ১১
‘সকলোৰে মাজত বিবাহ আদৰণীয় হওক’
“তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা।”—হিতোপদেশ ৫:১৮.
১, ২. এই অধ্যায়ত আমি কি প্ৰশ্নবোৰ আলোচনা কৰিম আৰু কিয়?
আপুনি বিবাহিত নে? যদি হয়, তেনেহ’লে আপোনাৰ বিবাহিত জীৱনত আপুনি সুখীনে অথবা বিবাহিত জীৱনত গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে? আপুনি আৰু আপোনাৰ সংগীয়ে এজনে-আনজনৰপৰা লাহে লাহে আঁতৰি গৈছে নেকি? বিবাহিত জীৱনত সুখ আৰু আনন্দ পোৱাৰ পৰিৱৰ্তে কেৱল ইয়াক সহন কৰি আছে নেকি? যদি সেয়া হয়, তেনেহ’লে আপুনি নিশ্চয় দুখ অনুভৱ কৰিছে যে এসময়ত আপোনালোকৰ মাজত যি আন্তৰিকতা আছিল সেয়া কমি গৈছে। এজন খ্ৰীষ্টান হিচাপে আপোনাৰ বিবাহে যিহোৱা ঈশ্বৰলৈ মহিমা অনাটো আপুনি নিশ্চয় বিচাৰিব। সেইবাবে আপুনি সন্মুখীন হোৱা বৰ্তমানৰ পৰিস্থিতিয়ে হয়তো আপোনাক চিন্তিত আৰু শোকাতুৰ কৰি তুলিছে। যদি আপোনাৰ জীৱনত এনেদৰে হৈছে, তেনেহ’লে আপোনাৰ পৰিস্থিতি কেতিয়াও শুধৰাব পৰা নাযাব বুলি নাভাবিব।
২ বৰ্তমান সময়ত এনে কিছুমান সুখী বিবাহিত দম্পতী আছে যিয়ে এসময়ত একেলগেতো বাস কৰিছিল, কিন্তু তেওঁলোকৰ মাজত কোনো সম্পৰ্ক নাছিল। কিন্তু তেওঁলোকে পৰস্পৰৰ মাজত সম্পৰ্ক দৃঢ় কৰাৰ উপায় বিচাৰি পালে। আপুনিও আপোনাৰ বিবাহিত জীৱনত সুখ আৰু শান্তি বিচাৰি পাব। কিন্তু কেনেকৈ?
ঈশ্বৰৰ কাষ চাপক আৰু নিজৰ সংগীৰো কাষ চাপক
৩, ৪. যদি বিবাহিত সংগীয়ে এজনে-আনজনৰ কাষ চাপিব বিচাৰে, তেনেহ’লে তেওঁলোকে কিয় ঈশ্বৰৰ কাষ চপা উচিত? দৃষ্টান্ত দি বুজাওক।
৩ যিহোৱা ঈশ্বৰৰ কাষ চাপিবলৈ চেষ্টা কৰাৰ যোগেদি আপুনি আৰু
আপোনাৰ সংগীয়ে এজনে-আনজনৰ কাষ চাপিবলৈ সক্ষম হ’ব। কেনেকৈ বাৰু? ইয়াক বুজিবলৈ এই উদাহৰণলৈ ধ্যান দিয়ক। কল্পনা কৰক যে পাহাৰৰ এফালে স্বামী আৰু আনফালে পত্নীয়ে থিয় হৈ আছে। পাহাৰৰ তলত থকাৰ সময়ত তেওঁলোকৰ মাজত থকা দূৰত্বই দুয়োজনকে পৃথক কৰি ৰাখিছে। কিন্তু যেনেকৈ তেওঁলোকে পাহাৰ বগাবলৈ আৰম্ভ কৰিব, তেনেকৈ তেওঁলোকৰ মাজত থকা দূৰত্বও কমি আহি থাকিব। এই উদাহৰণৰপৰা আপুনি কি শিক্ষা লাভ কৰিব পাৰে?৪ যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ আপোনাৰ যি প্ৰচেষ্টাৰ প্ৰয়োজন, সেয়া পাহাৰত বগাবলৈ প্ৰয়োজন হোৱা প্ৰচেষ্টাৰ লগত তুলনা কৰিব পাৰি। আপুনি যিহোৱা ঈশ্বৰক ভাল পোৱাৰ বাবে ইতিমধ্যে তেওঁৰ সেৱা আৰু বেছি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। যদি আপুনি আৰু আপোনাৰ সংগীয়ে এজনে-আনজনৰপৰা লাহে লাহে আঁতৰি গৈছে, তেনেহ’লে আপোনালোকে হয়তো পাহাৰৰ আন আন দিশৰপৰা বগাবলৈ আৰম্ভ কৰিছে। কিন্তু আপোনালোকে বগাই গৈ থাকিলে কি হ’ব? প্ৰথমতে হয়তো আপোনালোকৰ মাজত থকা দূৰত্বই দুয়োজনকে পৃথক কৰি ৰাখিব। কিন্তু পাহাৰত বগাবলৈ প্ৰচেষ্টা চলোৱাৰ দৰে যদি আপুনি ঈশ্বৰৰ কাষ চাপিবলৈ চেষ্টা কৰে, তেনেহ’লে আপুনি আপোনাৰ সংগীৰ কাষ চাপিবলৈ সক্ষম হ’ব। যদি আপুনি নিজৰ সংগীৰ কাষ চাপিব বিচাৰে, তেনেহ’লে তাৰ এটাই উপায় হৈছে ঈশ্বৰৰ কাষ চাপি যোৱা। কিন্তু আপুনি ইয়াক কেনেকৈ কৰিব পাৰিব?
বাইবেলৰ জ্ঞানত বিবাহৰ সম্পৰ্কক দৃঢ় কৰাৰ ক্ষমতা আছে। সেইবাবে ইয়াক বিবাহিত জীৱনত প্ৰয়োগ কৰা উচিত
৫. (ক) যিহোৱা ঈশ্বৰ আৰু নিজৰ সংগীৰ কাষ চপাৰ এটা উপায় কি? (খ) বিবাহৰ বিষয়ে যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?
৫ পাহাৰত বগোৱা অৰ্থাৎ ঈশ্বৰৰ কাষ চপাৰ এটা গুৰুত্বপূৰ্ণ উপায় হৈছে বিবাহৰ বিষয়ে পবিত্ৰ শাস্ত্ৰ বাইবেলত দিয়া পৰামৰ্শবোৰ আপুনি আৰু আপোনাৰ সংগীয়ে পালন কৰা। (গীতমালা ২৫:৪; যিচয়া ৪৮:১৭, ১৮) পাঁচনি পৌলে দিয়া এটা নিৰ্দিষ্ট পৰামৰ্শৰ বিষয়ে বিবেচনা কৰক। তেওঁ কৈছিল, ‘সকলোৰে মাজত বিবাহ আদৰণীয় হওক।’ (ইব্ৰী ১৩:৪) ইয়াৰ অৰ্থ কি বাৰু? “আদৰণীয়” শব্দৰ অৰ্থ হৈছে এনে এটা বস্তু যাক সন্মান দিয়া আৰু বহুমূলীয়া বুলি গণ্য কৰা হয়। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰৰ দৃষ্টিত বিবাহ বান্ধনো বহুমূলীয়া হয়।
যিহোৱাৰ প্ৰতি থকা প্ৰেমে আপোনাক অনুপ্ৰাণিত কৰিব
৬. বিবাহৰ বিষয়ে দিয়া পৌলৰ পৰামৰ্শই কি কথাক দাঙি ধৰিছে আৰু আমি কিয় গুৰুত্ব দিয়া উচিত?
৬ ঈশ্বৰৰ সেৱক হিচাপে আপুনি আৰু আপোনাৰ সংগীয়ে এইটো জানে যে বিবাহ বহুমূলীয়া আৰু পবিত্ৰ হয়। যিহোৱা ঈশ্বৰে নিজেই বিবাহৰ আৰম্ভ কৰিছিল। (মথি ১৯:৪-৬ পঢ়ক।) কিন্তু যদি আপুনি বিবাহিত জীৱনত সমস্যাৰ সন্মুখীন হৈছে, তেনেহ’লে এজনে-আনজনক প্ৰেমেৰে আৰু সন্মানেৰে ব্যৱহাৰ কৰিবলৈ হয়তো অসুবিধা হ’ব পাৰে। এনে পৰিস্থিতিত বিবাহ আদৰণীয় হয় বুলি কেৱল জনাই যথেষ্ট নহয়। তেনেহ’লে কি কথাই এজনে-আনজনক প্ৰেম আৰু সন্মানেৰে ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা দিব? অনুগ্ৰহ কৰি ধ্যান দিয়ক যে বিবাহক আদৰণীয় কৰাৰ বিষয়ে পৌলে কেনেকৈ উল্লেখ কৰিছে। ‘বিবাহ আদৰণীয় হয়’ বুলি তেওঁ কোৱা নাছিল, তাৰ পৰিৱৰ্তে ‘বিবাহ আদৰণীয় হওক’ বুলি কৈছিল। পৌলে কেৱল এই বিষয়ে নিজৰ মন্তব্য আগবঢ়াইছিল এনে নহয়, কিন্তু তেওঁ এক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল। * এই পাৰ্থক্য মনত ৰখাৰ যোগেদি আপুনি আৰু আপোনাৰ সংগীয়ে এজনে-আনজনক প্ৰেম আৰু সন্মান কৰিবলৈ অনুপ্ৰাণিত হ’ব। কিয় বাৰু?
৭. (ক) শাস্ত্ৰৰ কোনবোৰ আজ্ঞা আমি পালন কৰোঁ আৰু কিয়? (খ) এই আজ্ঞাবোৰ পালন কৰাৰ বাবে আমি কি ভাল পৰিণাম লাভ কৰিছোঁ?
৭ ক্ষন্তেকৰ বাবে বিবেচনা কৰক। শাস্ত্ৰৰ অন্য আজ্ঞাবোৰ যেনে শিষ্য বনোৱা আৰু উপাসনাৰ বাবে একত্ৰিত হোৱা আদিৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে। (মথি ২৮:১৯; ইব্ৰী ১০:২৪, ২৫) এইটো সঁচা যে কেতিয়াবা কেতিয়াবা এই আজ্ঞাবোৰ পালন কৰা কঠিন যেন লাগিব পাৰে। ঘোষণা কাৰ্য্যৰ প্ৰতি লোকসকলে সঠিক মনোবৃত্তি নেদেখুৱাৰ বাবে নতুবা কামত ভাগৰি যোৱাৰ বাবে খ্ৰীষ্টান সভাবোৰত উপস্থিত হ’বলৈ আপোনাক হয়তো সংঘৰ্ষ কৰিবলগীয়া হয়। এই সকলোবোৰ হোৱাৰ সত্বেও আপুনি ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যত ভাগ ল’বলৈ আৰু খ্ৰীষ্টান সভাবোৰত উপস্থিত হ’বলৈ কেতিয়াও এৰি নিদিয়ে। এনে কৰাৰ বাবে আপোনাক কোনেও ৰখাব নোৱাৰে, আনকি চয়তানেও নোৱাৰে। কিয় বাৰু? কাৰণ যিহোৱা ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ গভীৰ প্ৰেমে তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ অনুপ্ৰাণিত কৰে। (১ যোহন ৫:৩) এনে কৰাৰ বাবে আপুনি কি ভাল পৰিণাম লাভ কৰিব? ঘোষণা কাৰ্য্যত ভাগ লোৱা আৰু সভাবোৰত উপস্থিত থকাৰ যোগেদি আপুনি সুখ আৰু শান্তি লাভ কৰে। কাৰণ আপুনি জানে যে আপুনি ঈশ্বৰৰ ইচ্ছা পূৰ কৰিছে। এনে অনুভৱবোৰে আপোনাক বলৱান কৰে। (নহিমিয়া ৮:১০) ইয়াৰপৰা আমি কি শিকিব পাৰোঁ?
৮, ৯. (ক) বিবাহৰ সম্বন্ধক আদৰণীয় কৰাৰ বাবে কি কথাই আমাক অনুপ্ৰাণিত কৰে আৰু কিয়? (খ) এতিয়া আমি কি দুটা বিষয় আলোচনা কৰিম?
৮ যেনেকৈ যিহোৱা ঈশ্বৰৰ প্ৰতি থকা গভীৰ প্ৰেমে আপোনাক বিভিন্ন পৰিস্থিতিৰ মাজতো ঘোষণা কাৰ্য্যত ভাগ লোৱা আৰু সভাবোৰত উপস্থিত থকাৰ বাবে দিয়া আজ্ঞাবোৰ পালন কৰিবলৈ অনুপ্ৰাণিত কৰে, তেনেকৈ যিহোৱাৰ প্ৰতি থকা প্ৰেমে আপোনাক কঠিন যেন লগাৰ সত্ত্বেও ‘বিবাহ আদৰণীয় হওক’ এই আজ্ঞা পালন কৰিবলৈ অনুপ্ৰাণিত কৰিব। (ইব্ৰী ১৩:৪; গীতমালা ১৮:২৯; উপদেশক ৫:৪) ইয়াৰ উপৰিও, যিদৰে আপুনি ঘোষণা কাৰ্য্যত ভাগ লোৱা আৰু সভাবোৰত উপস্থিত হ’বলৈ প্ৰচেষ্টা কৰাৰ বাবে ঈশ্বৰৰপৰা বহুতো আশীৰ্বাদ লাভ কৰে, ঠিক সেইদৰে নিজৰ বিবাহৰ সম্বন্ধক আদৰণীয় কৰিবলৈ আপুনি যি প্ৰচেষ্টা কৰিছে তাক যিহোৱা ঈশ্বৰে লক্ষ্য কৰিব আৰু নিশ্চয় তেওঁ আপোনাক আশীৰ্বাদ দিব।—১ থিচলনীকীয়া ১:৩; ইব্ৰী ৬:১০.
৯ তেনেহ’লে, আপুনি আপোনাৰ বিবাহৰ সম্বন্ধক কেনেকৈ আদৰণীয়
কৰি তুলিব? আপুনি এনেধৰণৰ আচাৰ-ব্যৱহাৰ ত্যাগ কৰাৰ প্ৰয়োজন, যিবোৰে আপোনাৰ বিবাহৰ সম্বন্ধক ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰিও, আপোনাৰ বিবাহৰ সম্বন্ধক দৃঢ় কৰিবলৈ আৰু কিছুমান পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।বিবাহক অনাদৰ কৰিব পৰা কথা-বতৰা আৰু আচাৰ-ব্যৱহাৰ ত্যাগ কৰক
১০, ১১. (ক) কেনেধৰণৰ আচৰণে বিবাহৰ সম্বন্ধক অনাদৰ কৰে? (খ) আমি নিজৰ সংগীক কি প্ৰশ্ন সোধা উচিত?
১০ কিছুদিনৰ আগত, এগৰাকী খ্ৰীষ্টান পত্নীয়ে এইদৰে কৈছিল, “সহন কৰাৰ বাবে শক্তি বিচাৰি মই যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ।” কি সহন
কৰিবলৈ? তাই আগলৈ কৈছিল, “মোৰ স্বামীয়ে হাতেৰে নহয়, কিন্তু কথাৰে আঘাত কৰে। মোৰ এই আঘাত কোনেও চকুৰে দেখা নাপাব, কিন্তু তেওঁৰ কথাবোৰে মোৰ হৃদয়ক বৰকৈ আঘাত কৰে। তেওঁ প্ৰায়ে কয়, ‘তুমি মোৰ বাবে বোজা হোৱা,’ ‘তুমি কোনো কামৰ নোহোৱা।’” এই পত্নী গৰাকীৰ কথাই এক গুৰুত্বপূৰ্ণ বিষয় উদঙাই দিয়ে আৰু সেয়া হৈছে বিবাহিত জীৱনত স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনক নিন্দনীয় বাক্যৰে আঘাত কৰা।১১ দুখৰ বিষয় যে কিছুমান খ্ৰীষ্টান পৰিয়ালতো স্বামী আৰু স্ত্ৰীয়ে কথাৰে এজনে-আনজনক এনেধৰণে মানসিকভাৱে আঘাত কৰে, যাক সহজে সুস্থ কৰিব নোৱাৰি। সঁচাকৈ, যদি স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনক কথাৰে আঘাত কৰে, তেনেহ’লে তেওঁলোকে বিবাহৰ প্ৰতি আদৰ বা সন্মান নেদেখুৱায়। এই ক্ষেত্ৰত, আপোনাৰ বিবাহিত জীৱনৰ বিষয়ে কি ক’ব পাৰি? ইয়াৰ উত্তৰ পাবলৈ নম্ৰতাৰে নিজৰ সংগীক সোধক, “মোৰ কথা-বতৰাই তোমাৰ ওপৰত কেনে প্ৰভাৱ পেলায়?” যদি আপোনাৰ সংগীয়ে অনুভৱ কৰে যে আপোনাৰ কথা-বতৰাই তাইক মানসিকভাৱে আঘাত কৰি আহিছে, তেনেহ’লে পৰিয়ালৰ উন্নতিৰ বাবে নিজৰ আচাৰ-ব্যৱহাৰক পৰিৱৰ্তন কৰক।—গালাতীয়া ৫:১৫; ইফিচীয়া ৪:৩১ পঢ়ক।
১২. এজন ব্যক্তিৰ উপাসনা কেনেকৈ যিহোৱা ঈশ্বৰৰ দৃষ্টিত অৰ্থহীন হৈ পৰিব?
১২ এটা কথা সদায় মনত ৰখা উচিত যে আপুনি নিজৰ সংগীৰ লগত যিদৰে কথা-বতৰা হয়, তাৰদ্বাৰা যিহোৱা ঈশ্বৰৰ লগত থকা আপোনাৰ সম্পৰ্কত প্ৰভাৱ পৰিব। বাইবেলে বৰ্ণনা কৰিছে: “কোনোৱে যদি নিজকে ধাৰ্ম্মিক যেন মানে, কিন্তু নিজৰ জিবা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেন্তে সেই মানুহৰ ধৰ্ম্ম-কৰ্ম্ম ব্যৰ্থ।” (যাকোব ১:২৬) আমাৰ কথা-বতৰা, আমাৰ উপাসনাৰপৰা পৃথক নহয়। বাইবেলে এই কথাক সমৰ্থন নকৰে যে যেতিয়ালৈকে এজন ব্যক্তিয়ে যিহোৱা ঈশ্বৰক সেৱা কৰি আছে বুলি দাবী কৰে, তেতিয়ালৈকে ঘৰত যিয়েই নহওক কিয় সেয়া গুৰুতৰ বিষয় নহয়। অনুগ্ৰহ কৰি নিজকে ফাঁকি নিদিব। ই এক গভীৰ বিষয়। (১ পিতৰ ৩:৭ পঢ়ক।) ঈশ্বৰৰ সেৱা আপুনি হয়তো উৎসাহেৰে আৰু ভালদৰে কৰিছে, কিন্তু যদি আপুনি কথাৰে নিজৰ সংগীৰ হৃদয়ক আঘাত কৰে, তেনেহ’লে আপুনি বিবাহৰ ব্যৱস্থাক অনাদৰ কৰিছে আৰু যিহোৱা ঈশ্বৰৰ দৃষ্টিত আপোনাৰ উপাসনা অৰ্থহীন হৈ পৰিব।
১৩. এজন স্বামী বা স্ত্ৰীয়ে কেনেকৈ নিজৰ সংগীক মানসিকভাৱে অশান্তি দিব পাৰে?
১৩ বিবাহিত সংগীয়ে নিজৰ কাৰুকাৰ্য্যৰ যোগেদি নিজৰ সংগীক যাতে মানসিকভাৱে অশান্তি নিদিয়ে তাৰ বাবে সতৰ্ক হোৱা উচিত। আহক আমি দুটা উদাহৰণলৈ ধ্যান দিওঁ: এগৰাকী অকলশৰীয়া মাতৃয়ে মণ্ডলীৰ এজন বিবাহিত ভাইক পৰামৰ্শৰ বাবে সঘনাই ফোন কৰে আৰু তেওঁলোকৰ মাজত বহুসময় ধৰি কথা-বতৰা হয়। এজন অবিবাহিত ভায়ে এগৰাকী বিবাহিত ভনীৰ লগত, প্ৰতি সপ্তাহে ঘোষণা কাৰ্য্যত একেলগে বহুসময় অতিবাহিত কৰে। এই দুয়োটা উদাহৰণত হয়তো বিবাহিত ভাই বা ভনীজনীৰ মনত কোনো বেয়া মনোবৃত্তি নাথাকিব পাৰে। কিন্তু তেওঁলোকৰ মাজত হোৱা কথা-বতৰাৰ বাবে তেওঁলোকৰ সংগীৰ ওপৰত কেনে প্ৰভাৱ পৰিব? এনে পৰিস্থিতিৰ সন্মুখীন হোৱা এগৰাকী পত্নীয়ে এইদৰে কৈছিল, “যেতিয়া মই দেখোঁ যে মোৰ স্বামীয়ে বেছিভাগ সময় মণ্ডলীৰ আন এজনী ভনীৰ লগত অতিবাহিত কৰিছে, তেতিয়া মোৰ মনত আঘাত লাগে। ইয়াৰ বাবে মোৰ যেন কোনো মূল্য নাই তেনে অনুভৱ হয়।”
১৪. (ক) আদিপুস্তক ২:২৪ পদত বিবাহিত লোকসকলৰ বাবে থকা কি দায়িত্বৰ বিষয়ে বৰ্ণনা কৰিছে? (খ) আমি নিজকে নিজে কি সোধা উচিত?
১৪ ইয়াৰপৰা বুজিব পাৰি যে এই পত্নী গৰাকী আৰু তাইৰ দৰে একে পৰিস্থিতিৰ সন্মুখীন হোৱা বিবাহিত লোকসকলে নিজৰ সংগীৰ আচৰণৰ বাবে মনত আঘাত পাই আহিছে। তেওঁলোকৰ সংগীয়ে বিবাহৰ বিষয়ে দিয়া ঈশ্বৰৰ এই পৰামৰ্শক আওকাণ কৰিছে: “মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।” (আদিপুস্তক ২:২৪) নিঃসন্দেহ, বিবাহৰ পাছতো এগৰাকী পত্নী আৰু স্বামীয়ে নিজৰ পিতৃ-মাতৃক সন্মান কৰে। কিন্তু ঈশ্বৰৰ ব্যৱস্থা অনুসৰি বিবাহৰ পাছত পত্নী বা স্বামীৰ প্ৰথম দায়িত্ব হৈছে নিজৰ সংগীৰ প্ৰতি ধ্যান দিয়া। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰক উপাসনা কৰা লোকসকলে নিজৰ খ্ৰীষ্টান ভাই-ভনীসকলক প্ৰেম কৰে, কিন্তু তেওঁলোকৰ প্ৰথম দায়িত্ব হৈছে নিজৰ সংগীৰ প্ৰতি। যদি মণ্ডলীত এজন বিবাহিত ভাই বা ভনীয়ে নিজৰ সংগীৰ পৰিৱৰ্তে কোনো বিপৰীত লিংগৰ লগত প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰে, তেনেহ’লে নিজৰ বিবাহিত জীৱনত সমস্যা আহিব পাৰে। আপোনাৰ বিবাহিত জীৱনত অহা অশান্তিৰ কাৰণ এয়াই নেকি? নিজকে নিজে সোধক, ‘মই মোৰ সংগীক সিমানেই সময়, সিমানেই মনোযোগ আৰু সিমানেই মৰম কৰোঁনে, যিখিনি মোৰ সংগীয়ে পোৱাৰ যোগ্য?’
১৫. মথি ৫:২৮ অনুসৰি বিবাহিত খ্ৰীষ্টানে নিজৰ সংগীৰ বাহিৰে কিয় আনৰ প্ৰতি অনুচিতৰূপে ধ্যান দিয়া উচিত নহয়?
১৫ ইয়াৰ উপৰিও, যদি এজন বিবাহিত খ্ৰীষ্টানে নিজৰ সংগীৰ বাহিৰে আন কোনো পুৰুষ বা মহিলাক অনুচিতৰূপে ধ্যান দিয়ে, তেনেহ’লে তেওঁ অজ্ঞানৰ দৰে জানি-শুনি বিপদ মাতি অনা হ’ব। দুখৰ বিষয় যে কিছুমান বিবাহিত খ্ৰীষ্টানে বিপৰীত লিংগক এনে ধ্যান দিয়াৰ বাবে তেওঁলোকৰ মনত ৰোমাণ্টিক ইচ্ছা জাগৃত হোৱা দেখিবলৈ পোৱা যায়। (মথি ৫:২৮) পৰিণামস্বৰূপে, তেওঁলোকে এনে কাৰ্য্যত জড়িত হৈ পৰে যাৰ বাবে বিবাহৰ সম্বন্ধক আৰু অনাদৰ হৈছে। এই বিষয়ে পাঁচনি পৌলে কি কৈছিল তালৈ ধ্যান দিয়ক।
‘বিবাহৰ শয্যা শুচি হওক’
১৬. বিবাহৰ বিষয়ে পৌলে কি আজ্ঞা দিছিল?
১৬ ‘বিবাহ আদৰণীয় হওক,’ এই পৰামৰ্শ দিয়াৰ লগে লগে পৌলে এই আজ্ঞা আৰু সতৰ্কবাণী দিছিল, “সকলোৰে মাজত বিবাহ আদৰণীয়, আৰু তাৰ শয্যা শুচি হওক; কিয়নো ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।” (ইব্ৰী ১৩:৪) পৌলে “তাৰ শয্যা” বুলি কওঁতে যৌন সম্পৰ্কৰ বিষয়ে চিত্ৰিত কৰিবলৈ এনে শব্দ ব্যৱহাৰ কৰিছে। এনেধৰণৰ সম্পৰ্ক তেতিয়াহে শুচি হ’ব বা নৈতিকভাৱে শুদ্ধ হ’ব, যেতিয়া ই কেৱল বিবাহিত স্বামী-স্ত্ৰীৰ মাজত উপভোগ কৰা হয়। সেইবাবে, খ্ৰীষ্টানসকলে ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এই বাক্য পালন কৰে: “তুমি তোমাৰ যৌৱন-কালৰ ভাৰ্য্যাত আনন্দ কৰা।”—হিতোপদেশ ৫:১৮.
১৭. (ক) সত্য খ্ৰীষ্টানসকলে ব্যভিচাৰৰ বিষয়ে আন লোকসকলৰ দৃষ্টিভংগীৰ প্ৰভাৱত কিয় পৰা উচিত নহয়? (খ) আমি ইয়োবৰ উদাহৰণক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?
ইব্ৰী ১০:৩১; ১২:২৯) সেইবাবে সত্য খ্ৰীষ্টানসকলে যিহোৱাৰ এই দৃষ্টিভংগীক অনুকৰণ কৰে। (ৰোমীয়া ১২:৯ পঢ়ক।) কুলপিতৃ ইয়োবে কি কৈছিল, তালৈ মনত পেলাওক: “মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ।” (ইয়োব ৩১:১) সত্য খ্ৰীষ্টানসকলে তেওঁলোকৰ চকু নিয়ন্ত্ৰণ কৰে আৰু নিজৰ সংগীৰ বাহিৰে আন কোনো পুৰুষ বা স্ত্ৰীক কাম ভাৱনাৰে নাচায়। তেওঁলোকে এনে কোনো পদক্ষেপ নলয়, যিয়ে তেওঁলোকক ব্যভিচাৰৰ পথত লৈ যাব পাৰে।—“বিবাহ বিচ্ছেদ আৰু পৃথকে থকাৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী” নামৰ অতিৰিক্ত লেখত চাওক।
১৭ যিসকলে নিজৰ সংগীৰ বাহিৰে আনৰ লগত যৌন সম্পৰ্কত জড়িত হয়, তেওঁলোকে ঈশ্বৰৰ নৈতিক নিয়মবোৰৰ প্ৰতি গভীৰ অসন্মান দেখুৱায়। এইটো সঁচা যে আজি বহুতোলোকে বিবাহৰ বাহিৰত যৌন সম্পৰ্ক ৰখা এক সাধাৰণ বিষয় বুলি ভাবে। কিন্তু ইয়াৰ বিষয়ে আন লোকসকলে যিয়েই নাভাবক কিয়, সত্য খ্ৰীষ্টানসকলে এনে ভাৱনাৰ প্ৰভাৱত পৰা উচিত নহয়। তেওঁলোকে জানে যে এই সকলোৰে অন্তত কোনো মানুহে নহয়, কিন্তু “ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।” (১৮. (ক) যিহোৱা ঈশ্বৰৰ দৃষ্টিত ব্যভিচাৰ কিমান গভীৰ পাপ হয়? (খ) ব্যভিচাৰ আৰু মূৰ্তিপূজাৰ মাজত কি সাদৃশ্য আছে?
১৮ যিহোৱা ঈশ্বৰৰ দৃষ্টিত ব্যভিচাৰ কিমান গভীৰ পাপ হয়? এই বিষয়ে যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰে, তাক বুজিবলৈ মোচিৰ নিয়মে আমাক সহায় কৰে। যদি এজন ইস্ৰায়েলীয়ে ব্যভিচাৰ বা মূৰ্তিপূজা কৰে, তেনেহ’লে এই পাপৰ বাবে তেওঁক শাস্তি হিচাপে মৃত্যুদণ্ড দিয়া হৈছিল। (লেবীয়া পুস্তক ২০:২, ১০) আপুনি ব্যভিচাৰ আৰু মূৰ্তিপূজাৰ মাজত কিবা সাদৃশ্য দেখা পাইছেনে? এই বিষয়ে বিবেচনা কৰক। যদি এজন ইস্ৰায়েলীয়ে মূৰ্তিৰ উপাসনা কৰে, তেনেহ’লে যিহোৱা ঈশ্বৰৰ লগত থকা তেওঁৰ চুক্তি বা নিয়ম ভংগ কৰা হৈছিল। ঠিক সেইদৰে, যদি এজন ইস্ৰায়েলীয়ে ব্যভিচাৰত লিপ্ত হয়, তেনেহ’লে তেওঁৰ সংগীৰ লগত থকা চুক্তিক ভংগ কৰা হয়। এই দুয়োটাই হৈছে বিশ্বাসঘাতকতাৰ কাৰ্য্য। (যাত্ৰাপুস্তক ১৯:৫, ৬; দ্বিতীয় বিবৰণ ৫:৯; মলাখী ২:১৪ পঢ়ক।) সেইবাবে, বিশ্বাসযোগ্য ঈশ্বৰ যিহোৱাৰ আগত দুয়োজনেই শাস্তি পোৱাৰ যোগ্য আছিল।—গীতমালা ৩৩:৪.
১৯. ব্যভিচাৰৰ পৰা দূৰত থাকিবৰ বাবে কি কথাই আপোনাক সহায় কৰিব আৰু কিয়?
১৯ এইটো সঁচা যে সত্য খ্ৰীষ্টানসকল মোচিৰ নিয়ম ব্যৱস্থাৰ অধীনত নহয়। তথাপিও প্ৰাচীন ইস্ৰায়েলীসকলে ব্যভিচাৰক এক গুৰুতৰ পাপ বুলি গণ্য কৰিছিল আৰু ইয়াৰ বিষয়ে আমি চিন্তা কৰিলে, এনে পাপ নকৰাৰ আমাৰ যি সংকল্প আৰু দৃঢ় হ’ব। কিয় বাৰু? ক্ষন্তেকৰ বাবে ইয়াৰ বিষয়ে চিন্তা কৰক। আপুনি গীৰ্জাঘৰলৈ গৈ কোনো প্ৰতিমাৰ আগত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰিবনে? আপুনি ক’ব, ‘কেতিয়াও নকৰোঁ।’ কিন্তু যদি কোনোবাই আপোনাক মোটা অংকৰ ধন দিয়াৰ প্ৰস্তাৱ দিয়ে, তেনেহ’লে আপুনি প্ৰলোভিত হ’ব নেকি? আপুনি উত্তৰ দিব ‘অসম্ভৱ! এনে কৰাটো মই কল্পনাই কৰিব নোৱাৰোঁ।’ কোনো প্ৰতিমা উপাসনা কৰি যিহোৱা ঈশ্বৰক বিশ্বাসঘাতকতা কৰাৰ কল্পনা কৰাটোও এজন সত্য খ্ৰীষ্টানৰ দৃষ্টিত এক ঘৃণনীয় বিষয়। ঠিক সেইদৰে, যি কোনো প্ৰলোভন নাহক কিয়, ব্যভিচাৰত লিপ্ত হোৱাৰ যোগেদি যিহোৱা ঈশ্বৰ আৰু সংগীক বিশ্বাসঘাতকতা কৰাৰ বিষয়ে চিন্তা কৰাও সত্য খ্ৰীষ্টানসকলে ঘৃণা কৰা উচিত। (গীতমালা ৫১:১, ৪; কলচীয়া ৩:৫) আমি কেতিয়াও এনে কাৰ্য্য কৰিব নিবিচাৰোঁ যাৰ যোগেদি চয়তান আনন্দিত হ’ব, কিন্তু যিহোৱা ঈশ্বৰ আৰু বিবাহৰ পবিত্ৰ ব্যৱস্থাক অসন্মান কৰিব।
বিবাহৰ সম্পৰ্কক আমি কেনেকৈ দৃঢ় কৰিব পাৰোঁ
২০. কিছুমান বিবাহিত স্বামী-স্ত্ৰীৰ সম্পৰ্কত কি হৈছে? উদাহৰণ দিয়ক।
২০ বিবাহক অনাদৰ কৰিব পৰা আচাৰ-ব্যৱহাৰৰপৰা দূৰে থকাৰ উপৰিও আপোনাৰ সংগীৰ প্ৰতি আদৰ আৰু সন্মান পুনৰ গঢ়ি তোলাৰ বাবে আপুনি কি পদক্ষেপ ল’ব পাৰে? উত্তৰ পোৱাৰ বাবে বিবাহৰ ব্যৱস্থাক এটা ঘৰৰ লগত তুলনা কৰা হৈছে। ঘৰখন সুন্দৰ কৰি তুলিবলৈ হ’লে হিতোপদেশ ২৪:৩, ৪) বিবাহিত জীৱনত এই কথাবোৰ কেনেকৈ প্ৰয়োগ কৰিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।
কিছুমান সজাবলগীয়া বস্তুৰ প্ৰয়োজন হয়। ঠিক সেইদৰে, যেতিয়া স্বামী আৰু স্ত্ৰীয়ে মৰমেৰে কথা-বতৰা হ’ব, এজনে-আনজনৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ যত্ন ল’ব আৰু বাক্যৰে বা অন্যান্য উপায়েৰে এজনে-আনজনক সন্মান দেখুৱাব, তেতিয়া তেওঁলোকৰ মাজত থকা সম্পৰ্ক আৰু গভীৰ হ’ব। যদি আপোনালোকে এজনে-আনজনক হৃদয়েৰে ভাল পায়, তেনেহ’লে আপোনাৰ বিবাহিত জীৱন সেই ঘৰখনৰ নিচিনা হ’ব, য’ত ধুনীয়া ধুনীয়া বস্তুৰে সজোৱাৰ বাবে ঘৰখন আকৰ্ষণীয় হৈ পৰিছে। কিন্তু যদি আপোনাৰ প্ৰেম কমি গৈছে, তেনেহ’লে ঘৰখনত সজোৱা বস্তুবোৰ এটা এটাকৈ নাইকিয়া হৈ যোৱাৰ দৰে, আপোনাৰ বিবাহিত জীৱনত আনন্দ নোহোৱা হ’ব। নিঃসন্দেহ, আপুনি যিহোৱাৰ এই আজ্ঞা পালন কৰিব বিচাৰে: ‘বিবাহ আদৰণীয় হওক’ আৰু সেইবাবে পৰিস্থিতি উন্নতি কৰাৰ বাবে আপুনি যিকোনো কাম কৰিবলৈ অনুপ্ৰাণিত হ’ব। সঁচাকৈ, কিছুমান মূল্যৱান আৰু আদৰণীয় বস্তু তদাৰক বা মেৰামতি কৰাৰ প্ৰয়োজন হয়। আপুনি নিজৰ বিবাহিত জীৱনৰ সম্পৰ্ক দৃঢ় কৰিবলৈ কি কৰাৰ প্ৰয়োজন? ঈশ্বৰৰ বাক্যই এইদৰে বৰ্ণনা কৰিছে: “প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্ম্মাণ, আৰু বুদ্ধিৰ দ্বাৰাই স্থাপন কৰা হয়; জ্ঞানৰ দ্বাৰাই সকলো বিধৰ বহুমূল্য আৰু মনোহৰ বস্তুৰে কোঁঠালিবোৰ পৰিপূৰ্ণ হয়।” (২১. আমি আমাৰ বিবাহিত সম্পৰ্ক কেনেকৈ ক্ৰমান্বয়ে দৃঢ় কৰিব পাৰোঁ? (“ মই মোৰ বিবাহৰ সম্পৰ্কক কেনেকৈ উন্নতি কৰিব পাৰোঁ?” নামৰ বক্সতো চাওক।)
২১ এখন ঘৰ সুন্দৰ কৰিব পৰা হিতোপদেশ ১৫:১৬, ১৭; ১ পিতৰ ১:৭) এই গুণবোৰে বিবাহৰ সম্পৰ্কক দৃঢ় কৰি তোলে। কিন্তু আপুনি লক্ষ্য কৰিছেনে, ওপৰত বৰ্ণনা কৰা হিতোপদেশৰ অনুসৰি কোঁঠালিবোৰ কেনেকৈ বহুমূলীয়া বস্তুৰে পৰিপূৰ্ণ কৰা হৈছে? নিঃসন্দেহ ‘জ্ঞানৰ দ্বাৰা।’ এজন ব্যক্তিৰ চিন্তাধাৰা পৰিৱৰ্তন কৰাৰ ক্ষমতা বাইবেলৰ আছে। সেইবাবে বিবাহিত জীৱনত বাইবেলৰ জ্ঞানক প্ৰয়োগ কৰিলে, স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰ প্ৰতি থকা প্ৰেমক পুনৰ সজীৱ কৰি তুলিব পাৰিব। (ৰোমীয়া ১২:২; ফিলিপীয়া ১:১০, ১১) যেতিয়া আপুনি আৰু আপোনাৰ সংগীয়ে শান্তভাৱে একেলগে বহি বাইবেলৰ কিছু অংশ যেনে দৈনিক পাঠ বা বিবাহিত জীৱনৰ ওপৰত আধাৰিত প্ৰহৰীবুৰুজ আৰু সচেতন থাকক! আলোচনীৰ কোনো লেখ আলোচনা কৰে, তেতিয়া আপোনালোকে যেন নিজৰ ঘৰখন সুন্দৰকৈ সজাবলৈ কিবা পৰীক্ষা কৰিছে। যিহোৱাৰ প্ৰতি থকা প্ৰেমে যেতিয়া এই পৰামৰ্শবোৰ আপোনাৰ বিবাহিত জীৱনত পালন কৰিবলৈ উৎসাহিত কৰিব, তেতিয়া এনে হ’ব যেন সজোৱা বস্তুবোৰ আপুনি ঘৰৰ ভিতৰৰ কোঁঠালিবোৰত সজাইছে। পৰিণামস্বৰূপে, এসময়ত উপভোগ কৰা সুখ আৰু আনন্দ আপোনাৰ বিবাহিত জীৱনলৈ পুনৰ ঘূৰি আহিব।
কিছুমান ‘বহুমূলীয়া’ বস্তু কি হয়? এই বহুমূলীয়া বস্তুবোৰ হৈছে কিছুমান গুণ যেনে সঁচা প্ৰেম, যিহোৱাৰ প্ৰতি ভয় আৰু দৃঢ় বিশ্বাস। (২২. আমাৰ বিবাহৰ সম্পৰ্কক দৃঢ় কৰাৰ বাবে যদি আমি নিজৰ দায়িত্ব পূৰ কৰিবলৈ চেষ্টা কৰোঁ, তেনেহ’লে আমাক কি কথাই সন্তুষ্টি দিব?
২২ নিঃসন্দেহ, সজোৱা বস্তুবোৰ এটা এটাকৈ পুনৰ নিৰ্দিষ্ট ঠাইত ৰাখিবলৈ যথেষ্ট সময় আৰু প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব। তথাপিও, যদি আপুনি নিজৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰে তেনেহ’লে আপুনি ইয়াক জানি সন্তুষ্টি লাভ কৰিব যে আপুনি বাইবেলৰ এই আজ্ঞা পালন কৰিছে: “সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা।” (ৰোমীয়া ১২:১০; গীতমালা ১৪৭:১১) এই সকলোৰে ওপৰত নিজৰ বৈবাহিক সম্পৰ্কক আদৰণীয় কৰাৰ আপোনাৰ প্ৰচেষ্টাই আপোনাক ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ সহায় কৰিব।
^ অনু. 6 ওচৰে-পাঁজৰে থকা পদবোৰে দেখুৱায় যে পৌলে ধাৰাবাহিকভাৱে দিয়া পৰামৰ্শবোৰৰ এক অংশ হৈছে বিবাহৰ বাবে দিয়া এই পৰামৰ্শ।—ইব্ৰী ১৩:১-৫.