Skip to content

Skip to table of contents

ভাগ ৭

যীচুৰ পুনৰুত্থানৰপৰা পৌলক বন্দী কৰালৈকে

যীচুৰ পুনৰুত্থানৰপৰা পৌলক বন্দী কৰালৈকে

মৃত্যুৰ পাছত তৃতীয়দিনাখন যীচুৰ পুনৰুত্থান হৈছিল। সেইদিনাখনেই তেওঁ পাঁচবাৰ নিজৰ শিষ্যসকলক দেখা দিছিল। এইদৰে যীচুয়ে ৪০ দিনলৈকে তেওঁলোকক দেখা দিয়ে। ইয়াৰ পাছত কিছুমান শিষ্যৰ উপস্থিতিত তেওঁ স্বৰ্গলৈ যায়। এই ঘটনাৰ দহদিনৰ পাছত, যিৰূচালেমত একগোট হোৱা যীচুৰ শিষ্যসকলৰ ওপৰত ঈশ্বৰে পবিত্ৰ আত্মা দিয়ে।

ইয়াৰ পাছত ঈশ্বৰৰ শত্ৰুবিলাকে কেইজনমান পাঁচনিক বন্দীশালত ৰাখিলে, কিন্তু আচৰিতভাৱে এজন স্বৰ্গদূতে তেওঁলোকক মুক্ত কৰে। স্তিফান নামৰ যীচুৰ শিষ্য এজনক বিৰোধীসকলে শিল দলিয়াই বধ কৰিলে। কিন্তু বিৰোধীবিলাকৰ এজনক যীচুয়ে কেনেকৈ নিজৰ বিশেষ শিষ্য হিচাপে নিৰ্ব্বাচন কৰে, তাৰ বিষয়ে আমি শিকিবলৈ পাম। এই শিষ্যজন পাঁচনি পৌল নামেৰে পৰিচিত হয়। যীচুৰ মৃত্যুৰ চাৰে তিনিবছৰৰ পাছত ঈশ্বৰে পাঁচনি পিতৰক, কৰ্ণীলিয় আৰু তেওঁৰ পৰিয়ালৰ ওচৰলৈ শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ পঠিয়ায়। কৰ্ণীলিয় আৰু তেওঁৰ পৰিয়ালৰ লোকসকল কিন্তু যিহূদী নাছিল।

প্ৰায় ১৩ বছৰৰ পাছত পৌলে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ প্ৰথম যাত্ৰা আৰম্ভ কৰে। পৌলৰ দ্বিতীয় যাত্ৰাৰ সময়ছোৱাত তীমথিয় নামৰ এজন শিষ্যই তেওঁৰ লগত যোগ দিয়ে। পৌল আৰু তেওঁৰ লগত যোগ দিয়া শিষ্যসকলে ঈশ্বৰৰ সেৱাত কেনেধৰণৰ অভিজ্ঞতা লাভ কৰে, তাৰ বিষয়ে আমি শিকিবলৈ পাম। অৱশেষত পৌলক ৰোমত বন্দী কৰা হয়। দুবছৰৰ পাছত তেওঁক বন্দীশালৰপৰা মুকলি কৰা হয়। কিন্তু পৌলে বেছিদিনলৈ ইয়াৰ আনন্দ ল’ব নোৱাৰিলে। তেওঁক আকৌ বন্দী কৰা হয় আৰু পাছলৈ তেওঁক বধ কৰা হয়। এই সপ্তম ভাগত প্ৰায় ৩২ বছৰজোৰা ইতিহাস বৰ্ণনা আছে।

 

IN THIS SECTION

কাহিনী ১০২

যীচু পুনৰ জীৱিত হ’ল

এজন স্বৰ্গদূতে যীচুৰ মৃতদেহ ৰখা গুহাৰপৰা শিলচটা বগৰাই দিয়াৰ পাছত, পহৰাদাৰী সৈনিকসকলে গুহাৰ ভিতৰলৈ চাই আচৰিত হৈছিল।

কাহিনী ১০৩

বন্ধ কোঠালিৰ ভিতৰত

পুনৰুত্থানৰ পাছত যীচুক তেওঁৰ শিষ্যসকলে কিয় চিনি পোৱা নাছিল?

কাহিনী ১০৪

যীচু স্বৰ্গলৈ উভতি যোৱা

স্বৰ্গলৈ যোৱাৰ আগতে যীচুৱে তেওঁৰ শিষ্যসকলক এক অন্তিম আজ্ঞা দিছিল।

কাহিনী ১০৫

যিৰূচালেমত অপেক্ষা

পেন্টাকোষ্টৰ দিনা যীচু খ্ৰীষ্টই কিয় নিজৰ শিষ্যসকলৰ ওপৰত পবিত্ৰ আত্মা দিছিল?

কাহিনী ১০৬

বন্দীশালৰপৰা মুক্তি

যিহূদী ধৰ্মগুৰুসকলে কাৰ্য্য বন্ধ কৰাৰ বাবে শিষ্যসকলক বন্দীশালত ৰাখিছিল, কিন্তু এয়া ঈশ্বৰৰ উদ্দেশ্য নাছিল।

কাহিনী ১০৭

স্তিফানক শিল দলিয়াই মৰা

স্তিফানক শিল দলিয়াই মৰাৰ সময়ত তেওঁ ঈশ্বৰলৈ এক বিশেষ প্ৰাৰ্থনা কৰিছিল।

কাহিনী ১০৮

দম্মেচকলৈ যোৱাৰ পথত

এক উজ্জ্বল পোহৰ আৰু স্বৰ্গৰপৰা অহা শব্দই চৌলৰ জীৱন পৰিৱৰ্তন কৰিছিল।

কাহিনী ১০৯

কৰ্ণীলিয়ৰ লগত পিতৰৰ সাক্ষাৎ

ঈশ্বৰে কোনো জাতি বা ৰাষ্ট্ৰক এটাৰ তুলনাত আনটোক শ্ৰেষ্ট বুলি গন্য কৰে নেকি?

কাহিনী ১১০

পৌলৰ নতুন সহযোগী​—তীমথিয়

তীমথিয়ে নিজৰ পৰিয়ালৰ লোকসকলৰপৰা বিদায় লৈ পৌলৰ লগত ঘোষণা কাৰ্য্যত যোগ দিয়ে।

কাহিনী ১১১

ল’ৰাজন টোপনি গ’ল

পৌলে দিয়া ভাষণৰ প্ৰথম অংশৰ সময়ছোৱাত উতুখ টোপনি গৈছিল, কিন্তু দ্বিতীয় অংশৰ ভাষণৰ সময়ত তেওঁ টোপনি যোৱা নাছিল। দুয়োটা ভাষণৰ মাজৰ সময়ছোৱাত যি ঘটনা ঘটিছিল সেয়া এক আচৰিত ঘটনা আছিল।

কাহিনী ১১২

জাহাজৰ ধ্বংস

সকলো শেষ হৈ যোৱা যেন পৰিস্থিতিৰ সময়ত পৌলে ঈশ্বৰৰ এজন দূতৰপৰা এক বাৰ্ত্তা পায়, যিয়ে তেওঁক আশা দিয়ে।

কাহিনী ১১৩

ৰোম দেশত পৌল

বন্দী হৈ থকা অৱস্থাত পৌলে শিষ্য হিচাপে কেনেকৈ নিজৰ দায়িত্ব পূৰ কৰিব?