অধ্যায় ৯
ইস্ৰায়েলীসকলে এজন ৰজা বিচাৰিলে
ইস্ৰায়েলৰ প্ৰথম ৰজাজনৰ নাম আছিল চৌল আৰু তেওঁ ঈশ্বৰৰ বাক্য উলংঘন কৰিছিল। চৌলৰ সলনি দায়ূদক ৰজাৰূপে নিযুক্ত কৰা হʼল আৰু ঈশ্বৰে তেওঁৰ লগত অনন্তকলীয়া নিয়ম স্থাপন কৰিলে
চিম্চোনৰ মৃত্যুৰ পাছত চমূৱেলে ভৱিষ্যতবক্তা আৰু বিচাৰকৰ্ত্তা হিচাবে ইস্ৰায়েলত সেৱা কৰিছিল। ওচৰে-পাজৰে থকা ৰাজ্যবোৰত ৰজাই শাসন কৰিছিল আৰু সেইবাবে ইস্ৰায়েলীসকলে তেওঁলোকৰ ওপৰত এজন ৰজাক নিযুক্ত কৰিবলৈ চমূৱেলক বাৰে বাৰে অনুৰোধ কৰিবলৈ ধৰিলে। ইস্ৰায়েলীসকলৰ এই অনুৰোধ যদিও যিহোৱাৰ ভাল লগা নাছিল, তথাপিও তেওঁলোকৰ ইচ্ছা পূৰ কৰিবলৈ চমূৱেলক তেওঁ আজ্ঞা দিছিল। ঈশ্বৰে তেওঁলোকৰ বাবে ৰজা হʼবলৈ এজন নম্ৰ ব্যক্তিক নিৰ্ব্বাচন কৰিলে আৰু তেওঁৰ নাম হৈছে চৌল। কিন্তু পাছলৈ এই ৰজাজন অহঙ্কাৰী আৰু ঈশ্বৰৰ আজ্ঞা নমনা হৈ পৰিল। সেইবাবে যিহোৱাই তেওঁক ত্যাগ কৰিলে আৰু অন্য এজন ব্যক্তিক ৰজাৰূপে নিযুক্ত কৰিবলৈ চমূৱেলক আজ্ঞা দিলে। চমূৱেলে নিযুক্ত কৰা এই ৰজাজনৰ নাম হৈছে দায়ূদ। লক্ষ্য কৰিবলগীয়া কথা যে ৰজা হিচাবে নিযুক্ত কৰাৰ পাছত তেওঁ শাসন কৰিবলৈ আৰম্ভ কৰা নাছিল। ইয়াৰ বাবে দায়ূদক কেইবাবছৰো অপেক্ষা কৰিবলগীয়া হৈছিল।
এদিনাখন কিশোৰ দায়ূদে চৌলৰ সৈন্য বাহিনীত কাম কৰা নিজৰ ককায়েকক চাবলৈ গৈছিল। তাত গৈ তেওঁ দেখিলে যে ইস্ৰায়েলৰ সৈন্য বাহিনীয়ে ভয়ত আতঙ্কিত হৈছে। ইয়াৰ কাৰণ কি আছিল? শত্ৰু সৈন্য বাহিনীৰ মাজত এজন মহাবীৰ আছে আৰু তাৰ নাম হৈছে গলিয়াথ। পলেষ্টীয়াবিলাকৰ এই মহাবীৰজনে ইস্ৰায়েলীসকলক আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক ইতিকিং কৰি আছিল। এই মহাবীৰজনে যিহোৱা ঈশ্বৰক ইতিকিং কৰাৰ বাবে দায়ূদ অতিকৈ ক্ৰোদ্ধিত হʼল। তেওঁ গলিয়াথৰ প্ৰত্যাহ্বানক স্বীকাৰ কৰিলে আৰু তাৰ লগত যুঁজ কৰিবলৈ সাজু হʼল। দায়ূদে নিজৰ হাতত মাত্ৰ ফিঙ্গা আৰু কেইটামান পাথৰ লৈ এই মহাবীৰজনৰ লগত যুঁজ কৰিবলৈ সাজু হʼল। এই বীৰজনৰ ওখই প্ৰায় ন ফুটমান আছিল। এইদৰে যুঁজ কৰিবলৈ অহাৰ বাবে গলিয়াথে দায়ূদক ঠাট্টা কৰিবলৈ ধৰিলে। ইয়াৰ উত্তৰত দায়ূদে তাক কৈছিল যে তেওঁ বীৰজনতকৈ ভালদৰে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত, কাৰণ দায়ূদে যিহোৱাৰ নামেৰে তেওঁৰ লগত যুঁজ কৰিবলৈ আহিছে। দায়ূদে গলিয়াথক মাত্ৰ এটা পাথৰেৰে বধ কৰিলে আৰু গলিয়াথৰ নিজৰ তৰোৱালেৰে দায়ূদে তাৰ মূৰ ছেদন কৰিলে। ইয়াকে দেখি পলেষ্টীয়াবিলাকৰ সৈন্য বাহিনীয়ে পলাই পতং দিলে।
দায়ূদৰ এনে দুসাহসী কাৰ্য্য দেখি প্ৰথমে চৌল বৰ প্ৰভাৱিত হৈছিল আৰু তেওঁ দায়ূদক সৈন্য বাহিনীৰ এক বৰ পদত নিযুক্ত কৰিলে। কিন্তু লাহে লাহে দায়ূদ বিভিন্ন ক্ষেত্ৰত উন্নতি কৰাৰ বাবে, চৌলে তেওঁক ঈৰ্ষা কৰিবলৈ ধৰিলে। নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দায়ূদক তাৰপৰা পলাবলগীয়া হয় আৰু কেইবাবছৰো তেওঁ পলাতক হিচাবে থাকে। ৰজা চৌলে দায়ূদক হত্যা কৰিবলৈ চেষ্টা কৰাৰ সত্ত্বেও দায়ূদ কিন্তু ৰজাৰ প্ৰতি বিশ্বাসী হৈ থাকিল। এনে কৰাৰ কাৰণ কি? দায়ূদে জানিছিল যে ৰজা চৌলক যিহোৱাই অভিষিক্ত কৰিছে। এখন যুদ্ধত ৰজা চৌলৰ মৃত্যু হয় আৰু লগে লগে ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসৰি, দায়ূদ ৰজা হৈ পৰিল।
“মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম।”—২ চমূৱেল ৭:১৩
এজন ৰজা হিচাবে যিহোৱাৰ উপাসনা গৃহ সাজিবলৈ দায়ূদৰ বৰ ইচ্ছা আছিল। যিহোৱাই কৈছিল যে দায়ূদে নিজে নহয় কিন্তু তেওঁৰ বংশৰ কোনো এজনাই এই গৃহ নিৰ্ম্মাণ কৰিব। সেইজন কোন হʼব বাৰু? তেওঁৰ পুত্ৰ চলোমনে সেই উপাসনা গৃহ নিৰ্ম্মাণ কৰি তুলিলে। যিহোৱা ঈশ্বৰে দায়ূদৰ লগত এক নিয়ম স্থাপন কৰাৰ যোগেদি তেওঁক আশীৰ্ব্বাদ কৰিলে। ঈশ্বৰে কৰা এই নিয়ম অনুসৰি দায়ূদৰ বংশৰপৰা এদন বাগিচাত প্ৰতিজ্ঞা কৰা উদ্ধাৰকৰ্ত্তা বা বংশৰ জন্ম হʼব। সেই বংশ হৈছে মচীহ বা “অভিষিক্ত জনা,” যাক যিহোৱা ঈশ্বৰে নিযুক্ত কৰিছে। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে মচীহে এখন চৰকাৰ বা ৰাজ্যৰ শাসক হʼব আৰু সেই ৰাজ্যখন অনন্তকালৰ বাবে থাকিব।
এই প্ৰতিজ্ঞাৰ বাবে কৃতজ্ঞতা দেখুৱাই দায়ূদে উপাসনা গৃহৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে বহুতো সোণ, ৰূপ আৰু অন্যান্য বস্তু গোটালে। ঈশ্বৰৰ প্ৰেৰণাত দায়ূদে কেইবাটাও গীত লিখিছিল। জীৱনৰ অন্তিম সময়ছোৱাত দায়ূদে কৈছিল, “মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা কলে, তেওঁৰ বাক্য মোৰ জিবাত আছিল।”—২ চমূৱেল ২৩:২.
—এই অংশ ১ চমূৱেল; ২ চমূৱেল; ১ বংশাৱলি; যিচয়া ৯:৭; মথি ২১:৯; লূক ১:৩২; যোহন ৭:৪২ পদৰ আধাৰত।