অধ্যায় ৩
জল-প্লাৱনৰপৰা মানৱ জাতি ৰক্ষা পৰিল
ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰিলে, কিন্তু নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক ৰক্ষা কৰিলে
পৃথিৱীত জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পাপ আৰু দুষ্টতাও বাঢ়িবলৈ ধৰিলে। সেই সময়ত ঈশ্বৰৰ এজন ভৱিষ্যতবক্তা আছিল আৰু তেওঁৰ নাম হৈছে হনোক। সেই সময়ত বাস কৰা লোকসকলৰ ভিতৰত হনোকেই হয়তো কেৱল যিহোৱাৰ উপাসক আছিল। ঈশ্বৰে অতি সোনকালে দুষ্ট লোকসকলক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বুলি তেওঁ লোকসকলক সতৰ্ক কৰিছিল। কিন্তু, লোকসকলে তেওঁৰ কথালৈ আওকান কৰিছিল আৰু বেয়া কামবোৰ বেছিকৈ কৰিবলৈ ধৰিলে। সেই সময়ত পৃথিৱীৰ পৰিস্থিতি আৰু বেয়ালৈ ঢাল খালে। ঈশ্বৰৰ কিছুমান স্বৰ্গদূতে বিদ্ৰোহী হʼল আৰু তেওঁলোকে ঈশ্বৰৰ সেৱা কৰিবলৈ এৰি এই পৃথিৱীলৈ আহিল। তেওঁলোকে নিজৰ আত্মিক শৰীৰ ত্যাগ কৰিলে আৰু মানৱ শৰীৰ ধাৰণ কৰি যিয়ে যাক ইচ্ছা কৰিলে তাইক বিয়া কৰিলে। আত্মিক প্ৰাণী আৰু মানৱৰ মাজত হোৱা অস্বাভাৱিক সম্পৰ্কৰ ফলত, তেওঁলোকৰ লʼৰা-ছোৱালীৰ জন্ম হʼল আৰু এই লʼৰা-ছোৱালীবোৰ সাধাৰণ মানুহতকৈ শক্তিশালী আছিল। এই লʼৰা-ছোৱালীবিলাকক নাফিল বুলি কোৱা হয় আৰু তেওঁলোক গুণ্ডাৰ দৰে লোকসকলক অত্যাচাৰ কৰিবলৈ ধৰিলে। নিজৰ সৃষ্টিৰ এনে দুৰ্দশা দেখি ঈশ্বৰক অতিকৈ বেজাৰ লাগিল।
হনোকৰ মৃত্যুৰ পাছত আৰু এজন ব্যক্তি আছিল, যি সেই সময়ৰ লোকসকলৰপৰা সম্পূৰ্ণ বেলেগ আছিল। তেওঁৰ নাম হৈছে নোহ। নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে ঈশ্বৰৰ দৃষ্টিত যি ভাল তাকে কৰিছিল। ঈশ্বৰে এই পৃথিৱীৰ দুষ্ট লোকসকলক ধ্বংস কৰিবলৈ থিৰাং কৰাৰ সময়ত নোহ, তেওঁৰ পৰিয়াল আৰু সকলো জীৱ-জন্তুক ৰক্ষা কৰিবলৈ ইচ্ছা কৰিছিল। নোহক এখন ডাঙৰ জাহাজ বনাবলৈ ঈশ্বৰে আজ্ঞা দিছিল। এই জাহাজখন দেখিবলৈ কেনেকুৱা হʼব বাৰু? এই জাহাজখন এটা ডাঙৰ বাকচৰ নিচিনা আছিল। নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকল তথা বিভিন্ন ধৰণৰ জীৱ-জন্তুবোৰে এই জাহাজত উঠি আহিবলগীয়া জল-প্লাৱনৰপৰা ৰক্ষা পৰিব। ঈশ্বৰৰ আজ্ঞা অনুসৰি নোহে কাম কৰিলে। জাহাজ বনোৱাৰ এই কাম প্ৰায় ৪০ বা ৫০ বছৰ লাগিছিল আৰু সেই সময়ত তেওঁ ‘ধৰ্ম্মপ্ৰচাৰৰ’ কামো কৰিছিল। (২ পিতৰ ২:৫) নোহে আহিবলগীয়া জল-প্লাৱনৰ বিষয়ে লোকসকলক সতৰ্ক কৰিছিল, কিন্তু কোনেও তেওঁৰ এই বাৰ্ত্তালৈ কাণসাৰ নিদিলে। এনে এক সময় আহি পৰিল, যেতিয়া নোহে তেওঁৰ পৰিয়াল আৰু জীৱ-জন্তুৰ সৈতে জাহাজৰ ভিতৰত সোমাল। সকলোৱে জাহাজৰ ভিতৰত যোৱাৰ পাছত, ঈশ্বৰে ইয়াৰ দুৱাৰ বন্ধ কৰিলে আৰু লগে লগে বৰষুণ পৰিবলৈ আৰম্ভ হʼল।
একেলেথাৰিয়ে ৪০ দিন আৰু ৪০ ৰাতি ধাৰাসাৰে বৰষুণ পৰিবলৈ ধৰিলে আৰু চাওঁতে চাওঁতে পৃথিৱীখন পানীৰে পূৰ হʼল। এই জল-প্লাৱনত দুষ্ট লোকসকল সম্পূৰ্ণৰূপে ধ্বংস হʼল। লাহে লাহে পানী শুকাবলৈ ধৰিলে আৰু কেইমাহমানৰ পাছত, এই জাহাজখন এক পৰ্ব্বতত লাগিল। নোহ, তেওঁৰ পৰিয়াল আৰু সকলো জীৱ-জন্তু জাহাজৰপৰা বাহিৰলৈ ওলোৱাৰ সময়ত প্ৰায় এবছৰমানেই হৈছিল। যিহোৱালৈ ধন্যবাদ জনাই নোহে এক বলিদান আগবঢ়ালে। যিহোৱাই তেওঁলোকৰ এই বলিদান গ্ৰহণ কৰিলে আৰু তেওঁলোকক প্ৰতিশ্ৰুতি দিলে যে জল-প্লাৱনৰ যোগেদি এই পৃথিৱীৰ জীৱ-জন্তুবোৰক তেওঁ কেতিয়াও আৰু ধ্বংস নকৰে। যিহোৱাৰ এই বাক্যৰ সত্যতাৰ প্ৰমাণ হিচাবে তেওঁ আকাশত এক মেঘধেনু দেখুৱালে।
জল-প্লাৱনৰ পাছত যিহোৱাই মানৱ জাতিৰ বাবে কিছুমান নতুন আজ্ঞা দিছিল। ঈশ্বৰে লোকসকলক জীৱ-জন্তুৰ মাংস খাবলৈ অনুমতি দিলে, কিন্তু তাৰ তেজ নাখাবলৈ আজ্ঞা দিলে। যিহোৱাই নোহৰ বংশধৰসকলক পৃথিৱীৰ চাৰিওফালে বিয়পি যাবলৈ আজ্ঞা দিছিল, কিন্তু কিছুমান লোকে তেওঁৰ এই আজ্ঞা পালন নকৰিলে। নিম্ৰোদ নামৰ এজন নায়কৰ অধীনত লোকসকলে এখন নগৰ আৰু আকাশ লঙ্ঘা এটা ওখ ঘৰ নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে। এই নগৰখনৰ নাম বাবিল ৰখা হʼল, পাছলৈ এই নগৰখন বেবিলন নামেৰে জনাজাত হৈ পৰিল। তেওঁলোকে এনে কৰাৰ কাৰণ কি বাৰু? তেওঁলোকে যিহোৱাৰ আজ্ঞাক অমান্য কৰিছিল। নোহৰ বংশধৰসকল পৃথিৱীৰ চাৰিওফালে বিয়পি পৰিবলৈ ঈশ্বৰে আজ্ঞা দিছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ এই আজ্ঞাক পালন কৰিবলৈ ইচ্ছা নকৰিলে। যিহোৱা ঈশ্বৰে তেওঁলোকৰ এই মনোকামনা পূৰ হʼবলৈ নিদিলে। যিহেতু সেই সময়ত সকলোৱে এটা ভাষাত কথা-বতৰা হৈছিল, ঈশ্বৰে তেওঁলোকৰ ভাষাৰ মাজত বিশৃঙ্খলাৰ সৃষ্টি কৰিলে আৰু ফলত তেওঁলোকে বিভিন্ন ভাষাত কথা পাতিবলৈ ধৰিলে। বিভিন্ন জনে, বিভিন্ন ভাষাত কথা পতাৰ বাবে তেওঁলোকে এজনে-আনজনৰ কথা বুজিব নোৱাৰা হৈ পৰিল। ইয়াৰ ফলত তেওঁলোকৰ কাম বন্ধ হʼল আৰু সেই ঠাই ত্যাগ কৰি তেওঁলোক চাৰিওফালে সিচৰিত হৈ পৰিল।
—এই অংশ আদিপুস্তক কিতাপৰ ৬ পৰা ১১ অধ্যায় আৰু যিহূদা ১৪, ১৫ পদৰ আধাৰত।