তেৰ অধ্যায়
জীৱন—এক মূল্যৱান উপহাৰ
১. আমাক জীৱন কোনে দিলে?
যিহোৱা এজন “জীৱন্ত ঈশ্বৰ।” (যিৰিমিয়া ১০:১০) তেওঁ আমাৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই আমাক জীৱন দিছে। তেওঁৰ বিষয়ে বাইবেলত এইদৰে কৈছে, “তুমিয়েই সকলোকে স্ৰজিলা; তোমাৰ ইচ্ছাৰ কাৰণেই সেই সকলো হল; সকলো সৃষ্ট হল।” (প্ৰকাশিত বাক্য ৪:১১) সঁচাকৈ, আমি জীৱন লাভ কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। জীৱন হৈছে যিহোৱা ঈশ্বৰে দিয়া এক মূল্যৱান উপহাৰ।—গীতমালা ৩৬:৯ পঢ়ক।
২. এটা ভাল জীৱন অতিবাহিত কৰিবলৈ আমি কি কৰা উচিত?
২ যিহোৱাই কেৱল আমাৰ জীৱনেই দিছে এনে নহয়, কিন্তু জীয়াই থাকিবলৈ সকলো বস্তু দিছে। উদাহৰণস্বৰূপে, খাবলৈ আহাৰ আৰু পানী। (পাঁচনিৰ কৰ্ম্ম ১৭:২৮) কিন্তু ইয়াৰ উপৰিও, আমি জীৱনত আনন্দ উপভোগ কৰাটো তেওঁ বিচাৰে। (পাঁচনিৰ কৰ্ম্ম ১৪:১৫-১৭) যদি আমি এটা ভাল জীৱন অতিবাহিত কৰিব বিচাৰোঁ, তেনেহ’লে আমি ঈশ্বৰৰ নিয়মবোৰ পালন কৰাৰ প্ৰয়োজন।—যিচয়া ৪৮:১৭, ১৮.
জীৱনৰ প্ৰতি যিহোৱাৰ দৃষ্টিভংগী
৩. কয়িনে যেতিয়া হেবলক হত্যা কৰিলে, তেতিয়া যিহোৱাই কি কৰিলে?
৩ বাইবেলত উল্লেখ কৰিছে যে যিহোৱা ঈশ্বৰে মানুহৰ জীৱনটোক মূল্যৱান বুলি গণ্য কৰে। উদাহৰণস্বৰূপে, আদম আৰু হৱাৰ পুত্ৰ কয়িনে যেতিয়া নিজৰ ভায়েক হেবলৰ ওপৰত খং কৰিছিল, তেতিয়া যিহোৱা ঈশ্বৰে কয়িনক নিজৰ খং দমন কৰিবলৈ কৈছিল। কিন্তু, কয়িনে তেওঁৰ কথা নুশুনিলে। তেওঁ খঙত “নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।” (আদিপুস্তক ৪:৩-৮) সেইবাবে, যিহোৱাই কয়িনক শাস্তি দিলে। (আদিপুস্তক ৪:৯-১১) এই উদাহৰণে দেখুৱায় যে খং আৰু ঘৃণা বিপদজনক। ই এজন ব্যক্তিক নিষ্ঠুৰ আৰু হিংসাত্মক কৰি তুলে। এনে ধৰণৰ ব্যক্তিয়ে অনন্ত জীৱন লাভ কৰিব নোৱাৰে। (১ যোহন ৩:১৫ পঢ়ক।) যদি আমি যিহোৱা ঈশ্বৰক আনন্দিত কৰিব বিচাৰোঁ, তেনেহ’লে আমি সকলোকে প্ৰেম কৰিবলৈ শিকিব লাগিব।—১ যোহন ৩:১১, ১২.
৪. মোচিক দিয়া দহটা আজ্ঞাৰ ভিতৰত, এটা আজ্ঞাৰপৰা আমি কি শিকিব পাৰোঁ?
৪ হাজাৰ হাজাৰ বছৰৰ পাছতো যিহোৱাই দেখুৱায় যে তেওঁ জীৱনক মূল্যৱান বুলি গণ্য কৰে। তেওঁ মোচিক দহটা আজ্ঞা দিছিল আৰু তাৰে মাজত এটা আজ্ঞা আছিল: “তুমি নৰ-বধ নকৰিবা।” (দ্বিতীয় বিবৰণ ৫:১৭) যদি এজন ব্যক্তিয়ে জানি-শুনি কাৰোবাক হত্যা কৰে, তেনেহ’লে তেওঁক মৃত্যুদণ্ড দিয়া হৈছিল।
৫. গৰ্ভপাতৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি?
৫ গৰ্ভপাতৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী কি? গৰ্ভত থকা কেঁচুৱাৰ জীৱনো যিহোৱা ঈশ্বৰৰ বাবে মূল্যৱান। যিহোৱাই ইস্ৰায়েলীসকলক নিয়ম দিছিল যে যদি কোনোবাই এগৰাকী গৰ্ভৱতী স্ত্ৰীক আঘাত কৰে আৰু তাইৰ সন্তানৰ মৃত্যু হয়, তেনেহ’লে সেই ব্যক্তিক মৃত্যুদণ্ড দিয়া হ’ব। (যাত্ৰাপুস্তক ২১:২২, ২৩ পঢ়ক; গীতমালা ১২৭:৩) এই নিময়ৰপৰা আমি শিকিব পাৰোঁ যে গৰ্ভপাত কৰা অনুচিত।—“গৰ্ভপাত” চাওক।
৬, ৭. আমি যিহোৱা ঈশ্বৰক কেনেকৈ দেখুৱাব পাৰোঁ যে আমি জীৱনক মূল্যৱান বুলি ভাবোঁ?
৬ আমি যিহোৱা ঈশ্বৰক কেনেকৈ দেখুৱাব পাৰোঁ যে আমি নিজৰ আৰু আনৰ জীৱনক মূল্যৱান বুলি গণ্য কৰোঁ? আমি এনে কোনো কাম নকৰোঁ, যাৰ বাবে আমাৰ আৰু আনৰ জীৱন বিপদত পৰে। সেইবাবে, আমি ধঁপাত, পাণ-তামোল বা ড্ৰাগছ সেৱন নকৰোঁ, কিয়নো এই পদাৰ্থবোৰ শৰীৰৰ বাবে হানিকাৰক আৰু ই কেতিয়াবা প্ৰাণঘাতকো হ’ব পাৰে।
৭ ঈশ্বৰে আমাক জীৱন আৰু শৰীৰ দিছে, সেইবাবে, আমি তেওঁ যেনেকৈ বিচাৰে তেনেকৈ ব্যৱহাৰ কৰা উচিত। গতিকে, আমি নিজৰ শৰীৰৰ ভালদৰে যত্ন ল’ব লাগে। যদি আমি এইদৰে নকৰোঁ, তেনেহ’লে আমি ঈশ্বৰৰ দৃষ্টিত অপবিত্ৰ হ’ম। (ৰোমীয়া ৬:১৯; ১২:১; ২ কৰিন্থীয়া ৭:১) যদি আমি জীৱনক মূল্যৱান বুলি গণ্য নকৰোঁ, তেনেহ’লে আমি যিহোৱা ঈশ্বৰক উপাসনা কৰিব নোৱাৰোঁ, যিয়ে আমাক জীৱন দিছে। বেয়া অভ্যাসবোৰ ত্যাগ কৰা ইমান সহজ নহয়। কিন্তু যদি আমি ভাবোঁ যে জীৱন মূল্যৱান আৰু এই অভ্যাসবোৰ ত্যাগ কৰিবলৈ পৰিশ্ৰম কৰোঁ, তেনেহ’লে যিহোৱা ঈশ্বৰে নিশ্চয় আমাক সহায় কৰিব।
৮. আমি কি কৰিব পাৰোঁ, যাতে আমাৰ আৰু আনৰ জীৱন বিপদত নপৰে?
৮ আমি শিকিলোঁ যে জীৱন এক মূল্যৱান উপহাৰ। যিহোৱাই সম্পূৰ্ণ বিশ্বাস কৰে যে আমি নিজৰ আৰু আনৰ জীৱন হানি নকৰোঁ। সেইবাবে গাড়ী, বাইক বা আন কোনো যান-বাহন চলাওঁতে, আমি সাৱধানে চলোৱা উচিত। আমি হিংসাত্মক খেল-ধেমালিত ভাগ নলওঁ। (গীতমালা ১১:৫) আমি নিজৰ ঘৰখনক পৰিষ্কাৰ-পৰিপাটিকৈ আৰু শৃংখলাবদ্ধভাৱে ৰখা উচিত, যাতে আনে কোনো প্ৰকাৰে আঘাত নাপায়। যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক আজ্ঞা দিছিল: “তুমি নিজ ঘৰৰ ওপৰত ৰক্তপাতৰ দোষ নঘটাবৰ নিমিত্তে, তুমি নতুন ঘৰ সাজিলে, তাৰ চালৰ ওপৰত চাৰিওফালে বেৰ নিৰ্ম্মাণ কৰিবা।”—দ্বিতীয় বিবৰণ ২২:৮.
৯. আমি জীৱ-জন্তুৰ লগত কেনে ব্যৱহাৰ কৰা উচিত?
৯ আমি জীৱ-জন্তুৰ লগত কেনে ব্যৱহাৰ কৰোঁ, এই কথা যিহোৱা ঈশ্বৰৰ বাবে গুৰুত্বপূৰ্ণ। জীৱ-জন্তুক কামৰ বাবে ব্যৱহাৰ কৰিবলৈ যিহোৱা ঈশ্বৰে আমাক অনুমতি দিছে। যদি জীৱ-জন্তুৱে আমাক আক্ৰমণ কৰে আৰু আমাৰ জীৱন বিপদত পৰে, তেনেহ’লে আমি নিজৰ ৰক্ষাৰ বাবে তাক হত্যা কৰিব পাৰোঁ। (আদিপুস্তক ৩:২১; ৯:৩; যাত্ৰাপুস্তক ২১:২৮) কিন্তু আমি খেল-ধেমালিৰ বাবে জীৱ-জন্তুক হত্যা কৰিব নোৱাৰোঁ আৰু জীৱ-জন্তুক যন্ত্ৰনা দিয়া উচিত নহয়।—হিতোপদেশ ১২:১০.
জীৱনৰ পবিত্ৰতাক সন্মান কৰক
১০. আমি কেনেকৈ ক’ব পাৰোঁ যে তেজ জীৱনক চিত্ৰিত কৰে?
১০ যিহোৱাৰ দৃষ্টিত তেজ পবিত্ৰ হয়, কিয়নো তেজ জীৱনক চিত্ৰিত কৰে। যেতিয়া কয়িনে হেবলক হত্যা কৰিলে, তেতিয়া যিহোৱাই কয়িনক এইদৰে কৈছিল, “তোমাৰ ভায়েৰাৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰিছে।” (আদিপুস্তক ৪:১০) ইয়াত হেবলৰ তেজে তেওঁৰ প্ৰাণক চিত্ৰিত কৰে। সেইবাবে, যেতিয়া কয়িনে হেবলক হত্যা কৰিলে, তেতিয়া যিহোৱাই তেওঁক শাস্তি দিলে। নোহৰ সময়ত হোৱা জল-প্লাৱনৰ পাছতো যিহোৱাই দেখুৱাই যে তেজ জীৱনক চিত্ৰিত কৰে। ঈশ্বৰে নোহ আৰু তেওঁৰ পৰিয়ালক আজ্ঞা দিয়ে যে “তোমালোকে মঙহ তাৰ প্ৰাণ অৰ্থাৎ তেজেৰে সৈতে নেখাবা।”—আদিপুস্তক ১:২৯; ৯:৩, ৪.
১১. ঈশ্বৰে তেজৰ বিষয়ে ইস্ৰায়েলীসকলক কি আজ্ঞা দিছিল?
১১ প্ৰায় ৮০০ বছৰৰ পাছত যিহোৱাই ইস্ৰায়েলীসকলকো তেজ খাবলৈ মানা কৰিছিল। তেওঁ এইদৰে আজ্ঞা দিছিল, “ইস্ৰায়েলৰ সন্তানবিলাকৰ মাজত যি কোনো লোকে, বা তেওঁবিলাকৰ মাজত প্ৰবাস কৰা যি কোনো বিদেশীয়ে কোনো খাব পৰা পশু বা চৰাই চিকাৰত মাৰিব, তেওঁ তাৰ তেজ উলিয়াই ধূলিত ঢাকি থব।” তাৰ পাছত তেওঁ কৈছিল: “তোমালোকে কোনো প্ৰাণীৰ তেজ নাখাবা।” (লেবীয়া পুস্তক ১৭:১৩, ১৪) যিহোৱাই বিচাৰিছিল যে তেওঁৰ লোকসকলে তেজক পবিত্ৰ বুলি সন্মান কৰে। তেওঁলোকে জন্তুৰ মাংস খাব পাৰে, কিন্তু তেজ খাব নোৱাৰে। সেইবাবে, যেতিয়া তেওঁলোকে খাবলৈ কোনো জন্তু হত্যা কৰিছিল, তেতিয়া তেওঁলোকে তাৰ তেজ মাটিত পেলাই দিবলগীয়া হৈছিল।
১২. তেজৰ বিষয়ে খ্ৰীষ্টানসকলৰ দৃষ্টিভংগী কি?
১২ যীচুৰ মৃত্যুৰ কিছু বছৰ পাছত, যিৰূচালেমত তেওঁৰ ১২ জন শিষ্য আৰু মণ্ডলীৰ প্ৰাচীনসকলে সভাৰ বাবে একত্ৰিত হৈছিল। তেওঁলোকে নিৰ্ণয় কৰা প্ৰয়োজন আছিল যে ইস্ৰায়েলীসকলক দিয়া নিয়মত কোনবোৰ নিয়ম এতিয়াও খ্ৰীষ্টানসকলে পালন কৰা উচিত। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯ পঢ়ক; পাঁচনিৰ কৰ্ম্ম ২১:২৫) যিহোৱাই তেওঁলোকক বুজিবলৈ সহায় কৰিলে যে তেজ এতিয়াও তেওঁৰ দৃষ্টিত পবিত্ৰ হয় আৰু তেওঁলোকেও তেজক পবিত্ৰ বুলি গণ্য কৰা উচিত। সেই সময়ৰ খ্ৰীষ্টানসকলে তেজ খাব নোৱাৰিছিল। তেওঁলোকে এনে জন্তুৰ মাংসও খাব নোৱাৰিছিল, যাৰ তেজ ভালদৰে ওলোৱা নাই। এই নিয়ম পালন নকৰাটো মূৰ্তিপূজা বা অনৈতিক যৌন-সম্পৰ্ক ৰখাৰ লগত তুলনা কৰা হৈছিল। সেইবাবে, প্ৰথম শতিকাৰ সত্য খ্ৰীষ্টানসকলে তেজ নাখাইছিল। আজিৰ বিষয়েনো কি? আমি তেজক পবিত্ৰ বুলি গণ্য কৰাটো যিহোৱা ঈশ্বৰে আজিও বিচাৰে।
১৩. খ্ৰীষ্টানসকলে তেজ ল’বলৈ কিয় অস্বীকাৰ কৰে?
তেজৰ সঞ্চাৰণ” চাওক।
১৩ ইয়াৰ অৰ্থ এইটো নেকি যে খ্ৰীষ্টানসকলে তেজ ল’বলৈ অস্বীকাৰ কৰিব? নিশ্চয়! যিহোৱা ঈশ্বৰে আজ্ঞা দিছে যে আমি তেজ খোৱা উচিত নহয়। যদি ডাক্তৰে আপোনাক মদ খাবলৈ মানা কৰিছে, তেনেহ’লে আপুনি বেজীৰে এই মদ গ্ৰহন কৰিবনে? নিশ্চয় নকৰিব! ঠিক সেইদৰে ঈশ্বৰে আজ্ঞা দিছে যে আমি খোৱা উচিত নহয়, ইয়াৰ অৰ্থ হৈছে আমি তেজ ল’বও নোৱাৰোঁ।—“১৪, ১৫. খ্ৰীষ্টানসকলে জীৱনক মূল্যৱান বুলি গণ্য কৰা আৰু যিহোৱাৰ আজ্ঞা পালন কৰা কিমান প্ৰয়োজন?
১৪ কিন্তু যেতিয়া ডাক্তৰে আপোনাক কয় যে যদি আপুনি তেজ নলয়, তেনেহ’লে আপোনাৰ মৃত্যু হ’ব পাৰে, তেতিয়া আপুনি কি কৰিব? তেজৰ বিষয়ে ঈশ্বৰে দিয়া আজ্ঞা পালন কৰিব নে নকৰে, সেই বিষয়ে প্ৰতিজন ব্যক্তিয়ে নিজে নিৰ্ণয় লোৱাৰ প্ৰয়োজন আছে। আমি জীৱনক মূল্যৱান বুলি গণ্য কৰোঁ, যি ঈশ্বৰৰপৰা এক উপহাৰ হয়। সেইবাবে, আমি তেজ কেতিয়াও নলওঁ, কিন্তু নিজৰ জীৱন ৰক্ষা কৰিবলৈ চিকিৎসাৰ বেলেগ উপায় বিচাৰিম।
১৫ আমি স্বাস্থ্যৱান হ’বলৈ চেষ্টা কৰোঁ। কিন্তু আমি যিকোনো পৰিস্থিতিত তেজ নলওঁ, কিয়নো ঈশ্বৰে জীৱনক মূল্যৱান বুলি গণ্য কৰে। যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন নকৰি কেইদিনমান জীয়াই থকাতকৈ আমি তেওঁৰ আজ্ঞা পালন কৰা অতি প্ৰয়োজন। যীচুৱে এইদৰে কৈছিল, “কিয়নো যি কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায়, তেওঁ তাক পাব।” (মথি ১৬:২৫) আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ বাবে তেওঁৰ আজ্ঞা পালন কৰোঁ। আমাৰ বাবে কি ভাল তাৰ বিষয়ে যিহোৱাই ভালদৰে জানে। আমি তেওঁৰ দৰে জীৱনক মূল্যৱান আৰু পবিত্ৰ বুলি গণ্য কৰোঁ।—ইব্ৰী ১১:৬.
১৬. ঈশ্বৰৰ সেৱকসকলে কিয় তেওঁৰ আজ্ঞা পালন কৰে?
১৬ ঈশ্বৰৰ বিশ্বাসী সেৱকসকলে তেজৰ বিষয়ে ঈশ্বৰে দিয়া আজ্ঞা পালন কৰিম বুলি থিৰাং কৰিছে। তেওঁলোকে কোনো প্ৰকাৰে তেজ নাখায় আৰু * নিজৰ জীৱন ৰক্ষা কৰিবলৈ তেওঁলোকে বেলেগ উপায়েৰে চিকিৎসা কৰিব। তেওঁলোকে যিহোৱাৰ আজ্ঞা পালন কৰে, কিয়নো তেওঁলোকে বিশ্বাস কৰে যে জীৱন আৰু তেজৰ সৃষ্টিকৰ্তাই ভালদৰে জানে যে তেওঁলোকৰ বাবে কি ভাল। আপোনাৰ বাবে কি ভাল তাৰ বিষয়ে যিহোৱাই জানে বুলি আপুনি বিশ্বাস কৰেনে?
কোনো ধৰণে চিকিৎসাৰ বাবেও তেজ নলয়।তেজৰ এক সঠিক ব্যৱহাৰ
১৭. তেজ ব্যৱহাৰ কৰা একমাত্ৰ উপায় কি আছিল, যি যিহোৱা ঈশ্বৰে গ্ৰহণ কৰিছিল?
১৭ যিহোৱা ঈশ্বৰে মোচিক যি নিয়ম দিছিল, সেই নিয়মত তেওঁ ইস্ৰায়েলীসকলক এইদৰে কৈছিল, “শৰীৰৰ প্ৰাণ তেজত থাকে; আৰু তোমালোকৰ প্ৰাণ প্ৰায়শ্চিত্ত [বা ক্ষমা পাবলৈ] কৰিবৰ অৰ্থে মই সেই তেজ বেদিৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ; কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক।” (লেবীয়া পুস্তক ১৭:১১) যেতিয়া ইস্ৰায়েলী লোকসকলে কিবা পাপ কৰে, তেতিয়া তেওঁলোকে যিহোৱাপৰা ক্ষমা বিচাৰিব পাৰিছিল। ইয়াৰ বাবে তেওঁলোকক জীৱ-জন্তুৰ বলিদান কৰিবলগীয়া হৈছিল, তাৰ পাছত পুৰোহিতে জীৱ-জন্তুৰ অলপ তেজ লৈ বেদীত ছটিয়াইছিল। তেজ ব্যৱহাৰ কৰাৰ কেৱল এয়াই এক উপায় আছিল, যি যিহোৱাই গ্ৰহন কৰিছিল।
১৮. যীচুৰ বলিদানৰপৰা আমি কি সুযোগ পালোঁ?
১৮ যীচু এই পৃথিৱীলৈ আহি তেওঁ নিজৰ তেজ অৰ্থাৎ নিজৰ জীৱন উৎসৰ্গ কৰিলে, যাতে আমি নিজৰ পাপৰপৰা ক্ষমা পাব পাৰোঁ। এইদৰে, তেওঁ জীৱ-জন্তু বলিদানৰ নিয়মক উঠাই দিছিল। (মথি ২০:২৬ ইব্ৰী ১০:১) যীচুৰ জীৱন বহুত মূল্যৱান আছিল। সেইবাবে, যীচুক যেতিয়া জীৱিত কৰা হ’ল আৰু যীচু স্বৰ্গলৈ উভতি গ’ল, তেতিয়া তেওঁৰ বলিদানৰ আধাৰত সকলো মানৱজাতিক অনন্তকাল জীয়াই থাকিবলৈ সুযোগ দিব পাৰিলে।—যোহন ৩:১৬; ইব্ৰী ৯:১১, ১২; ১ পিতৰ ১:১৮, ১৯.
১৯. আমি “আটাইৰে তেজৰ পৰা শুচি” হ’বলৈ কি কৰা উচিত?
যিহিষ্কেল ৩:১৭-২১) তেতিয়া পৌলৰ দৰে আমিও ক’ব পাৰিম: “মই যে আটাইৰে তেজৰ পৰা শুচি, ইয়াৰ সাক্ষ্য আজি তোমালোকক দিছোঁ; কিয়নো তোমালোকক ঈশ্বৰৰ আটাই আলচ জনাবলৈ পাছ নুহুঁহকিলোঁ।” (পাঁচনিৰ কৰ্ম্ম ২০:২৬, ২৭) সঁচাকৈ, আমি লোকসকলক যিহোৱা ঈশ্বৰ আৰু তেওঁ জীৱনক কিমান মূল্যৱান বুলি গণ্য কৰে, তাৰ বিষয়ে জনোৱাৰ যোগেদি প্ৰমাণ কৰোঁ যে আমি জীৱন আৰু তেজৰ প্ৰতি সন্মান দেখুৱাওঁ।
১৯ আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ, কিয়নো তেওঁ আমাক জীৱনৰ মূল্যৱান উপহাৰ দিছে। আমি লোকসকলক জনাব বিচাৰোঁ যে যদি তেওঁলোকে যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে, তেন্তে তেওঁলোকে অনন্ত জীৱন লাভ কৰিব। আমি লোকসকলক প্ৰেম কৰোঁ, সেইবাবে আমি তেওঁলোকক এয়া শিকাবলৈ চেষ্টা কৰোঁ যে তেওঁলোকে কেনেকৈ জীৱন লাভ কৰিব পাৰে। (^ অনু. 16 তেজ লোৱাৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা” নামৰ কিতাপখনৰ ৮৭-৮৯ পৃষ্ঠাত চাওক। ইয়াক যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে।