জীৱন আৰু তেজৰ প্ৰতি সন্মান দেখুৱা
পাঠ ১২
জীৱন আৰু তেজৰ প্ৰতি সন্মান দেখুৱা
আমি জীৱনক কি দৃষ্টিৰে চাব লাগে? (১) গৰ্ভপাত? (১)
খ্ৰীষ্টীয়ান সকলে কেনেকৈ দেখুৱাই যে তেওঁলোক নিৰাপদৰ প্ৰতি সজাগ? (২)
জীৱ-জন্তুক হত্যা কৰাতো ভুল নে? (৩)
কেনে ধৰণৰ অভ্যাসে জীৱনৰ প্ৰতি সন্মান নেদেখুৱায়? (৪)
তেজৰ প্ৰতি ঈশ্বৰৰ বিধি কি? (৫)
ইয়াত তেজ লোৱাতোও অৰ্ন্তভুক্ত আছেনে? (৬)
১. যিহোৱাই জীৱনৰ উৎস। সকলো জীৱিত প্ৰাণী সিহঁতৰ জীৱনৰ কাৰণে ঈশ্বৰৰ ওচৰত ঋণী। (গীতমালা ৩৬:৯) প্ৰাণ ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ। আনকি মাতৃৰ গৰ্ভত অজন্মা সন্তানও যিহোৱাৰ কাৰণে বহুমূল্য। এনেকৈ বাঢ়ি অহা সন্তানক ইচ্ছাকৃত ভাবে বধ কৰাতো ঈশ্বৰৰ দৃষ্টিত ভুল।—যাত্ৰাপুস্তক ২১:২২, ২৩; গীতমালা ১২৭:৩।
২. সত্য খ্ৰীষ্টীয়ান সকল নিৰাপদৰ প্ৰতি সজাগ। তেওঁলোকে অনিশ্চিত ঘটনা নহবলৈ মটৰ গাড়ী বা ঘৰবোৰৰ প্ৰতি সজাগ থাকে। (দ্বিতীয় বিৱৰণ ২২:৮) ঈশ্বৰৰ সেৱকসকলে উত্তেজিত বা নিজ সন্তোষৰ কাৰণে নিজৰ জীৱনত অনাবশ্যক ক্ষতি মাতি নানে। তেওঁলোকে সেয়েহে চিন্তা কৰি কোনো হিংসাত্মক খেলাত ভাগ নলয় যাৰ ফলত অন্যৰ ক্ষতি হব পাৰে। তেওঁলোকে যিবোৰ মনোৰঞ্জনে হিংসাক প্ৰেৰণা দিয়ে সেই বিলাকৰ পৰা আতৰি থাকে।—গীতমালা ১১:৫; যোহন ১৩:৩৫।
৩. জীৱ-জন্তুৰ প্ৰাণো সৃষ্টিকৰ্ত্তা জনৰ কাৰণে পবিত্ৰ। এজন খ্ৰীষ্টানে খাদ্যৰ, আৰু কাপোৰ বা নিজকে বেমাৰ আৰু বিপদৰ পৰা বচাবৰ কাৰণে জীৱ-জন্তু বধ কৰিব পাৰে। (আদিপুস্তক ৩:২১; ৯:৩; যাত্ৰাপুস্তক ২১:২৮) কিন্তু জীৱ-জন্তুক দুব্যৱহাৰ বা খেল বা আনন্দৰ কাৰণে হত্যা কৰাতো ভুল।—হিতোপদেশ ১২:১০।
৪. ধুম-পান কৰা, তামোল-পাণ খোৱা, আৰু নিচা জাতীয় পদৰ্থ সেৱন কৰা খ্ৰীষ্টানসকলৰ সন্তোষৰ কাৰণে নহয়। এই অভ্যাস বিলাক ভুল কাৰণ (১) সেইবিলাকে আমাক সিহঁতৰ দাস বনাই লয়। (২) সেইবিলাকে আমাৰ শৰীৰ অনিষ্ট কৰে আৰু (৩) সেইবিলাক অশুচি। (ৰোমীয়া ৬:১৯; ১২:১; ২ কৰিন্থীয়া ৭:১) এই অভ্যাসবোৰ এৰা সহজ নহয়। কিন্তু যিহোৱাক সন্তুষ্ট কৰিবলৈ আমি সেইবোৰক এৰিব লাগিব।
৫. ঈশ্বৰৰ দৃষ্টিত তেজ পবিত্ৰ। ঈশ্বৰে কৈছে যে প্ৰাণ (Soul) বা জীৱন তেজত থাকে। সেইবাবে তেজ খোৱাতো ভুল। কোনো প্ৰাণীৰ পৰা ভাল দৰে তেজ উলিয়াই নিদিয়াকৈ খোৱাতো ভুল। যদি কোনো প্ৰাণী টেটু চেঁপা দি বা ফাং পাতি মৰা হয়, তাৰ মঙহ খোৱা উচিত নহয়। যদি তাক যাঠী দি বা গুলিয়াই মৰা হয়, খাবলৈ হলে তাৰ তেজ সোনকালে উলিয়াব পেলাব লাগে।—আদিপুস্তক ৯:৩,৪; লেবীয়া পুস্তক ১৭:১৩, ১৪; পাঁচনীৰ কৰ্ম্ম ১৫:২৮, ২৯।
৬. তেজ লোৱাতো ভুল নে? মনত ৰাখিব, যিহোৱাই বিচাৰে আমি তেজৰ পৰা আঁতৰি থকাতো। ইয়াৰ মানে এইতো হৈছে যে আমি কোনো প্ৰকাৰে অন্যৰ তেজ বা নিজৰ জমা কৰি ৰাখা তেজও লব নালাগে। (পাঁচনী কৰ্ম্ম ২১:২৫) সেই কাৰণে সত্য খ্ৰীষ্টানে তেজ নলয়। তেওঁলোকে নিজৰ বাবে অন্য চিকিৎসা পদ্ধিতি গ্ৰহন কৰে, যেনেকৈ তেজ নোহোৱা উৎপাদন গ্ৰহণ কৰে। তেওঁলোকে জীয়াই থাকিব বিচাৰে, কিন্তু ঈশ্বৰৰ ব্যৱস্থা ভাঙি নিজৰ জীৱন বচাবলৈ চেষ্টা নকৰে।—মথি ১৬:২৫।
[পৃষ্ঠাৰ ক্যাপ্শন ২৫]
ঈশ্বৰক সন্তুষ্ট কৰিবলৈ হʼলে তেজ লোৱা, অশুদ্ধ অভ্যাস আৰু অনাৱশ্যক ক্ষতিৰ পৰা আঁতৰি থকা উচিত