পৰিবাৰিক জীৱন যি ঈশ্বৰক সন্তুষ্ট কৰে
পাঠ ৮
পৰিবাৰিক জীৱন যি ঈশ্বৰক সন্তুষ্ট কৰে
পৰিয়ালত স্বামীৰ স্থান কি? (১)
স্বামীয়ে নিজৰ স্ত্ৰীক কি দৰে ব্যৱহাৰ কৰা উচিত? (২)
এজন পিতৃৰ দায়িত্ব কি? (৩)
পৰিয়ালত স্ত্ৰীৰ ভূমিকা কি? (৪)
ঈশ্বৰে পিতৃ-মাতৃ আৰু সন্তানৰ পৰা কি বিচাৰে? (৫)
বিচ্ছেদ আৰু তালাকৰ প্ৰতি বাইবেলৰ অভিপ্ৰায় কি? (৬, ৭)
১. বাইবেলে কয় যে পুৰুষ পৰিয়ালৰ মুৰস্বৰূপ। (১ কৰিন্থীয়া ১১:৩) এজন পুৰুষৰ মাত্ৰ এজনীহে স্ত্ৰী হোৱা উচিত। তেওঁলোক আইন মতে বিবাহিত হোৱা উচিত।—১ তীমথিয় ৩:২; তীত ৩:১।
২. এজন স্বামীয়ে নিজৰ স্ত্ৰীক নিজৰ নিচনাকৈ প্ৰেম কৰিব লাগে। যেনেকৈ যীচুৱে নিজৰ শিষ্যবিলাকক প্ৰেম কৰিছিল। তেনেকৈ পুৰুষে নিজৰ স্ত্ৰীকো তেনে কৰা উচিত। (ইফিচীয়া ৫:২৫, ২৮, ২৯) তেওঁ কেতিয়াও নিজ স্ত্ৰীক যিকোনো আঘাট বা বেয়া ব্যৱহাৰ কৰা উচিত নহয়। বৰং তেওঁ তাইক আদৰ আৰু সন্মান কৰিব লাগে।—কলচীয়া ৩:১৯; ১ পিতৰ ৩:৭।
৩. এজন পিতৃয়ে নিজৰ পৰিয়ালক চোৱা-চিতা কৰিবলৈ কঠোৰ প্ৰৰিশ্ৰম কৰিব লাগে। তেওঁ নিজৰ স্ত্ৰী আৰু লৰা-ছোৱালীৰ কাৰণে খাদ্য, কাপোৰ, আৰু ঘৰৰ যোগাৰ কৰা উচিত। এজন পিতৃয়ে নিজ পৰিয়ালৰ আধাত্মিক ব্যৱস্থাৰ যোগান ধৰিব লাগে। (১ তীমথিয় ৫:৮) তেওঁ নিজৰ পৰিয়ালক ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকিবলৈ দায়িত্ব লব লাগে।—দ্বিতীয় বিবৰণ ৬:৪-৯; ইফিচীয়া ৬:৪।
৪. স্ত্ৰীকো তাইৰ স্বামীৰ এজনী ভাল সহায়ক হব লাগে। (আদিপুস্তক ২:১৮) সন্তানক শিক্ষা আৰু প্ৰশিক্ষণ দিয়া সময়ত, তাই স্বামীক সহায় কৰিব লাগে। (হিতোপদেশ ১:৮) যিহোৱাই বিচাৰে স্ত্ৰীয়ে তাইৰ পৰিয়ালক মৰমৰে যত্ন লওঁক। (হিতোপদেশ ৩১:১০,১৫,২৬, ২৭; তীত ২:৪, ৫) তাই, তাইৰ স্বামীক গভীৰ সন্মান দেখুৱা উচিত।—ইফিচীয়া ৫:২২, ২৩।
৫. ঈশ্বৰে সন্তানৰ পৰা বিচাৰে যে তেওঁলোকো পিতৃ-মাতৃৰ আজ্ঞাকাৰি হওঁক। (ইফিচীয়া ৬:১-৩) তেওঁ পিতৃ-মাতৃৰ পৰা আশা কৰে সন্তানক শিক্ষা আৰু সংশোধন কৰাতো। পিতৃ-মাতৃক নিজৰ সন্তানৰ লগত সময় কটাব লাগে, আৰু তেওঁলোকৰ লগত বাইবেলৰ অধ্যয়ন কৰিব লাগে আৰু আধ্যাত্মিক আৰু আবেগ অনুভূতিৰ প্ৰতি যত্ন লব লাগে। (দ্বিতীয় বিবৰণ ১১:১৮, ১৯; হিতোপদেশ ২২:৬, ১২ ) পিতৃ-মাতৃয়ে সন্তানক কঠোৰ বা নিষ্ঠুৰ ৰূপে অনুশাসন কৰিব নালাগে।—কলচীয়া ৩:২১।
৬. যেতিয়া বিবাহ সঙ্গীৰ মাজত সমস্যা হয়, তেওঁলোকে একেলগে বাইবেলৰ পৰাৰ্মশ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। বাইবেলে জোৰ দি কৈছে যে আমি প্ৰেম আৰু ক্ষমা দেখাব লাগে। (কলচীয়া ৩:১২-১৪) ঈশ্বৰৰ বাক্যয়ে পৃথক হৈ সৰু সৰু সমস্যবোৰক সমাধান কৰিবলৈ উৎসাহ নিদিয়ে। কিন্তু এজনী স্ত্ৰীয়ে তেতিয়াহে নিজৰ স্বামীক এৰিব পাৰে যদি (১) তেওঁ পৰিয়ালক প্ৰতিপালনৰ বাবে অবাধ্য হৈ অস্বীকাৰ কৰে, (২) তেওঁ যদি অতি অত্যচাৰী, যাৰ ফলত স্বাস্থ্য আৰু জীৱন বিপদজনক হৈ পৰে, বা (৩) তেওঁ যদি যিহোৱাক উপাসনা কৰিবলৈ অত্যন্ত বিৰুদ্ধ কৰে।—১ কৰিন্থীয়া ৭:১২, ১৩।
৭. বিয়াৰ সঙ্গীয়ে নিশ্চয় ইজনে সিজনৰ প্ৰতি বিশ্বাসী হোৱা উচিত। ব্যভিচাৰ ঈশ্বৰৰ আৰু এজন সঙ্গীৰ বিৰূদ্ধে কৰা পাপ। (ইব্ৰী ১৩:৪) ব্যভিচাৰ হৈছে একমাত্ৰ এটা কাৰণ যাৰ ফলত এজন খ্ৰীষ্টানে নিজৰ সঙ্গীক তালাক দিব পাৰে, আৰু পুনৰাই বিয়া পাতিবলৈ মুক্ত হৈ যায়। (মথি ১৯:৬-৯; ৰোমীয়া ৭:২, ৩) কোনো শাস্ত্ৰীয় কাৰণ নোহোৱাকৈ মানুহে তালাক দিয়াতো আৰু পুনৰাই অন্য কাৰোবাক বিয়া কৰাতো, যিহোৱাই ঘিণ কৰে।—মালাখী ২:১৪-১৬।
[পৃষ্ঠাৰ ক্যাপ্শন ১৬, ১৭]
ঈশ্বৰে বিচাৰে যে পিতৃ-মাতৃয়ে নিজৰ সন্তানক শিক্ষা দিয়ে আৰু তেওঁলোকক সংশোধন কৰে
[পৃষ্ঠাৰ ক্যাপ্শন ১৭]
এজন মৰমীয়াল পিতৃয়ে নিজৰ পৰিয়ালক ভৌতিকবস্তু আৰু আধ্যাত্মিকতাৰ যোগান ধৰে