পাঁচনিৰ কৰ্ম্ম ২৭:১-৪৪
২৭ যেতিয়া নিৰ্ণয় লোৱা হৈছিল যে আমি জাহাজেৰে ইটালীলৈ যাম, তেতিয়া পৌল আৰু আন কয়দীসকলক আগস্তৰ* সৈন্য দলৰ সেনাপতি যুলিয়ৰ হাতত গতাই দিলে।
২ তাৰ পাছত আমি আদ্ৰামুত্তীয়ৰ এখন জাহাজত উঠিলোঁ, যি এচিয়া প্ৰদেশৰ কাষৰ জাহাজঘাটেদি হৈ যাবলগীয়া আছিল আৰু আমি তাৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। থিচলনীকীত থকা মাকিদনিয়াৰ আৰিষ্টাৰ্খও আমাৰ লগত আছিল।
৩ পাছ দিনাখন আমি চীদোনত লংগৰ পেলালোঁ আৰু যুলিয়ই পৌলৰ ওপৰত কৃপা কৰিলে* আৰু পৌলক নিজৰ বন্ধুসকলৰ তাত যাবলৈ অনুমতি দিলে যাতে তেওঁৰ বন্ধুসকলে তেওঁক সহায় কৰিব পাৰে।
৪ তাৰ পৰা লংগৰ উঠাই আমি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু কুপ্ৰ দ্বীপৰ কাষেদি হৈ গʼলোঁ, কিয়নো বতাহ বিপৰীত দিশৰ পৰা বলিছিল।
৫ আমি সমুদ্ৰত কিলিকিয়া আৰু পাম্ফুলিয়া হৈ লুকিয়াৰ মুৰা জাহাজঘাটত নামিলোঁ।
৬ তাত সেনাপতিজনে আলেকজেন্দ্ৰিয়াৰ এখন জাহাজ দেখিলে, যিখন ইটালীলৈ যাবলগীয়া আছিল আৰু তেওঁ আমাক তাত উঠাই দিলে।
৭ তাৰ পাছত বহু দিনলৈকে লাহে লাহে আমি যেনে তেনে ক্লীদ দ্বীপ পালোহি। বতাহ বলাৰ কাৰণে আমি আগবাঢ়ি যাব পৰা নাছিলোঁ, সেইবাবে আমি চলমোনীৰ ওচৰেদি হৈ ক্ৰীতী দ্বীপৰ কাষেদি হৈ গʼলোঁ।
৮ আৰু কাষেদি হৈ বহুত কষ্টেৰে আমি সেই ঠাই গৈ পালোঁ, যাক ‘সুন্দৰ জাহাজঘাট’ বুলি কোৱা হয়, যʼৰ পৰা লাচেয়া চহৰ ওচৰতে আছিল।
৯ বহুত দিন পাৰ হৈ গʼল, আনকি প্ৰায়শ্চিতৰ দিনৰ লঘোন দিয়াৰ* সময়ো পাৰ হৈ গʼল আৰু সমুদ্ৰত যাত্ৰা কৰাটো এতিয়া বিপদজনক আছিল। সেইবাবে, পৌলে তেওঁলোকক এই পৰামৰ্শ দিলে,
১০ “বন্ধুসকল, মই দেখা পাইছোঁ যে এতিয়া জাহাজখন আগবঢ়াই লৈ যোৱাটো ভাল নহʼব, নহʼলে মাল বস্তু বা জাহাজৰ কেৱল ক্ষতি হʼব এনে নহয়, কিন্তু আমাৰ জীৱনো বিপদত পৰিব।”
১১ কিন্তু সেনাপতিজনে পৌলৰ কথা শুনাৰ পৰিৱৰ্তে জাহাজৰ প্ৰধান নাবিক আৰু মালিকৰ কথা শুনিলে।
১২ জাৰকালিত সেই জাহাজঘাটত থকাটো সুবিধাজনক নাছিল, সেইবাবে বেছি ভাগ লোকে ইয়াৰ পৰা আগবাঢ়ি গৈ কোনোমতে ফৈনীকত গৈ তাত জাৰকালি কটাম বুলি কʼলে। ফৈনীক, ক্ৰীতীৰ এনে এটা জাহাজঘাট হয়, যাৰ উত্তৰ পূব আৰু দক্ষিণ পূব দুয়ো ফালৰ পৰা জাহাজ আহি ৰৈছিল।
১৩ যেতিয়া দক্ষিণৰ বতাহ অলপ অলপকৈ বলি আছিল, তেতিয়া তেওঁলোকে ভাবিলে যে যিদৰে তেওঁলোকে ভাবিছিল সেইদৰেই হʼব। তেওঁলোকে লংগৰ উঠালে আৰু ক্ৰীতীৰ কাষেদি হৈ জাহাজখন আগবঢ়াই লৈ গʼল।
১৪ কিন্তু কিছু সময়ৰ পাছত উত্তৰ পূবৰ পৰা এটা ডাঙৰ ধুমুহা বতাহ বলিল, যাক উৰাকুলো বুলি কোৱা হয়।
১৫ জাহাজখন ধুমুহাৰ কবলত পৰিলে আৰু বতাহৰ কাৰণে জাহাজখন আগবাঢ়ি যাব নোৱাৰিলে। সেইবাবে, আমি একো কৰিব নোৱাৰাৰ কাৰণে বতাহৰ গতিত জাহাজখন যাবলৈ দিলোঁ।
১৬ তেতিয়া আমি বৈ গৈ কৌদা নামৰ এটা সৰু দ্বীপৰ কাষত আহি পালোঁ, তাৰ পাছত আমি বহুত কষ্টেৰে জাহাজৰ পিছফালে লাগি থকা সৰু নাওখন* নিয়ন্ত্ৰণ কৰিব পাৰিলোঁ।
১৭ কিন্তু সৰু নাওখন ওপৰলৈ তুলি অনাৰ পাছত নাবিকসকলে জাহাজখন ওপৰৰ পৰা তললৈকে ৰছীৰে বান্ধি দিলে আৰু জাহাজখন চুৰ্ত্তিত* লাগি যাব বুলি ভয়ত তেওঁলোকে পাল নমাই দিলে আৰু জাহাজখন বৈ যাবলৈ দিলে।
১৮ ধুমুহাৰ কাৰণে জাহাজখন বেয়াকৈ টুলুং-ভুটুং হৈছিল, সেইবাবে পাছ দিনাখন নাবিকে জাহাজৰ ওজন কম কৰিবলৈ মাল বস্তুবোৰ সমুদ্ৰত পেলাই দিলে।
১৯ তৃতীয় দিনাখন তেওঁলোকে নিজৰ হাতেৰে পাল উঠোৱা ৰছীবোৰ সমুদ্ৰত পেলাই দিলে।
২০ বহু দিনলৈকে সূৰ্য্য ওলোৱা নাছিল, তৰা দেখিবলৈ পোৱা নগৈছিল আৰু এই ডাঙৰ ধুমুহাও কমি যোৱা নাছিল। আমি ৰক্ষা পোৱাৰ কোনো আশা দেখা পোৱা নাছিলোঁ।
২১ বহু দিনলৈকে কোনোৱেও একো খোৱা নাছিল। পৌলে তেওঁলোকৰ মাজত থিয় হৈ কʼলে, “বন্ধুসকল, তোমালোকে মোৰ কথা মানিব লাগিছিল আৰু ক্ৰীতীৰ পৰা আগলৈ যাত্ৰা কৰা উচিত নাছিল, তেতিয়া তোমালোকৰ এই ক্ষতি আৰু বিপদ নহʼলহেঁতন।
২২ কিন্তু এতিয়াও মই তোমালোকক অনুৰোধ কৰিছোঁ যে ভয় নকৰিবা, কিয়নো তোমাৰ মাজৰ এজনৰো মৃত্যু নহʼব, কেৱল জাহাজৰ ক্ষতি হʼব।
২৩ কিয়নো মই যিজন ঈশ্বৰৰ সেৱক হওঁ আৰু যিজনৰ পবিত্ৰ সেৱা কৰোঁ, তেওঁৰ এজন স্বৰ্গদূত ৰাতি মোৰ ওচৰলৈ আহিছিল।
২৪ আৰু তেওঁ মোক কʼলে, ‘পৌল, ভয় নকৰিবা। তুমি সম্ৰাটৰ আগত নিশ্চয় থিয় হʼবা আৰু চোৱা, ঈশ্বৰে তোমাৰ কাৰণে সেই সকলোৰে জীৱন বচাব, যিসকলে তোমাৰ লগত যাত্ৰা কৰিছে।’
২৫ সেইবাবে, লোকসকল ভয় নকৰিবা, কিয়নো মই ঈশ্বৰৰ ওপৰত বিশ্বাস কৰোঁ যে যিদৰে মোক কোৱা হʼল, ঠিক সেইদৰেই হʼব।
২৬ কিন্তু আমাৰ জাহাজখন এটা দ্বীপৰ কাষত গৈ ভাঙি যাব।”
২৭ এইদৰে জাহাজখন ১৪ দিন ধৰি আন্দ্ৰিয় সমুদ্ৰত টুলুং-ভুটুং কৰাৰ পাছত মাজ ৰাতি নাবিকসকলে ভাবিলে যে তেওঁলোকে কোনো বামৰ ওচৰত পালেহি।
২৮ আৰু যেতিয়া তেওঁলোকে পানীৰ গভীৰতা জুখিলে, তেতিয়া তেওঁলোকে প্ৰায় ১২০ ফুট* গভীৰ পালে আৰু অলপ দূৰ গৈ জোখাৰ পাছত প্ৰায় ৯০ ফুট* গভীৰ পালে।
২৯ আৰু কোনো শিলাত লাগিব বুলি ভয় কৰি তেওঁলোকে জাহাজৰ পিছফালৰ পৰা চাৰিটা লংগৰ পেলালে আৰু পোহৰ হোৱালৈ অপেক্ষা কৰিবলৈ ধৰিলে।
৩০ কিন্তু যেতিয়া নাবিকসকলে জাহাজৰ পৰা ওলাই পলাবলৈ আগফালৰ পৰা লংগৰ পেলোৱাৰ ছলেৰে সৰু নাওখন সমুদ্ৰত পেলালে,
৩১ তেতিয়া পৌলে সেনাপতি আৰু সৈনিকসকলক কʼলে, “যদি এই মানুহবিলাক জাহাজত নাথাকে, তেনেহʼলে আপোনালোকেও ৰক্ষা নপৰিব।”
৩২ তেতিয়া সৈনিকসকলে সৰু নাওখনৰ ৰছীবোৰ কাটি দিলে আৰু সেয়া সমুদ্ৰত পৰি যাবলৈ দিলে।
৩৩ যেতিয়া পোহৰ হʼবলগীয়া আছিল, তেতিয়া পৌলে তেওঁলোকক কিবা খাবলৈ অনুৰোধ কৰিবলৈ ধৰিলে। তেওঁ কʼলে, “তোমালোকে অপেক্ষা কৰি কৰি আজি ১৪ দিন হৈ গʼল আৰু ইমান দিনৰ পৰা তোমালোকে একো খোৱা নাই।
৩৪ সেইবাবে, মোৰ কথা শুনা আৰু কিবা খাই লোৱা, মই তোমালোকৰ ভালৰ কাৰণে কৈ আছোঁ, কিয়নো তোমালোকৰ মাজৰ এজনৰো মূৰৰ এডাল চুলিও নষ্ট নহʼব।”
৩৫ এইদৰে কোৱাৰ পাছত তেওঁ সকলোৰে আগত এখন ৰুটি লৈ ঈশ্বৰলৈ ধন্যবাদ দি, সেয়া ভাঙি খাবলৈ ধৰিলে।
৩৬ তেতিয়া সেই সকলোৱে সাহস পালে আৰু তেওঁলোকেও খাবলৈ ধৰিলে।
৩৭ জাহাজত আমি ২৭৬ জন লোক আছিলোঁ।
৩৮ যেতিয়া তেওঁলোকে পেট ভৰাই খালে, তেতিয়া তেওঁলোকে জাহাজৰ ওজন কম কৰিবলৈ ঘেঁহুবোৰ সমুদ্ৰত পেলাবলৈ ধৰিলে।
৩৯ যেতিয়া পোহৰ হʼল, তেতিয়া তেওঁলোকে সেই ঠাই চিনি নাপালে, কিন্তু তেওঁলোকে এটা বালিময় সমুদ্ৰৰ পাৰ দেখা পালে। তেওঁলোকে কোনোমতে জাহাজখন পাৰলৈ লৈ যাবলৈ থিৰাং কৰিলে।
৪০ সেইবাবে, তেওঁলোকে লংগৰৰ ৰছীবোৰ কাটি সমুদ্ৰত পেলাই দিলে আৰু জাহাজৰ গুৰি-বঠাৰ বান্ধোন ঢিলা কৰি দিলে আৰু বতাহৰ দিশৰ ফালে জাহাজৰ আগফালৰ পাল উঠাই পাৰলৈ আগবাঢ়ি গʼল।
৪১ দুয়োখন সমুদ্ৰৰ ঢৌৰে খুন্দা খাই জমা হোৱা বালিত তেওঁলোকৰ জাহাজখন ৰৈ গʼল। জাহাজখন বালিত লাগি ধৰিল আৰু তাৰ আগ অংশটো বালিত সোমাই গʼল আৰু লৰচৰ হʼব নোৱাৰিলে, কিন্তু জাহাজৰ পিছফালৰ অংশটো ঢৌৰ খুন্দাত বেয়াকৈ ভাঙিবলৈ ধৰিলে।
৪২ এয়া দেখি সৈনিকসকলে নিৰ্ণয় লʼলে যে তেওঁলোকে কয়দীসকলক হত্যা কৰিব যাতে কোনেও সাঁতুৰি পলাই যাব নোৱাৰে।
৪৩ কিন্তু সেনাপতিজনে পৌলক বচোৱাৰ উদ্দেশ্যেৰে তেওঁলোকক এইদৰে কৰিবলৈ বাধা দিলে, তেওঁ আদেশ দিলে যে যিসকলে সাঁতুৰিব জানে তেওঁলোকে যেন আগেয়ে জাপ মাৰি সাঁতুৰি পাৰলৈ যায়।
৪৪ আৰু বাকী লোকসকলে জাহাজৰ তক্তা আৰু আন বস্তুবোৰৰ সহায়ত যেন পাৰলৈ যায়। এইদৰে সকলোৱে সুৰক্ষিতভাৱে পাৰ পালেগৈ।
Footnotes
^ ই এটা ৰোমান সম্ৰাটৰ উপাধি, কোনো ব্যক্তিৰ নাম নহয়।
^ বা “পৌলৰ প্ৰতি মানৱতা দেখুৱালে।”
^ বা “উপবাসৰ।”
^ যেতিয়া সমুদ্ৰত কোনো ডাঙৰ সমস্যা দেখা পোৱা যায়, তেতিয়া সেই সৰু নাওখন, লোকসকলক বচাবলৈ ব্যৱহাৰ কৰা হয়।
^ শব্দকোষ চাওক।
^ প্ৰায় ৩৬ মিটাৰ।
^ প্ৰায় ২৭ মিটাৰ।