মাৰ্কে লিখা শুভবাৰ্তা ২:১-২৮
২ কিন্তু কিছুদিনৰ পাছত যীচু আকৌ কফৰনাহূমলৈ আহিল আৰু তেওঁ ঘৰত আছে বুলি চাৰিওফালে বিয়পি পৰিল।
২ তাত ইমান মানুহ গোট খালে যে দুৱাৰ মুখতো ঠাই নোহোৱা হʼল। যীচুৱে তেওঁলোকক ঈশ্বৰৰ বাক্য কʼবলৈ ধৰিলে।
৩ তেতিয়া চাৰিজন মানুহে এজন জঠৰ ৰোগীক* তালৈ উঠাই আনিলে।
৪ কিন্তু ভীৰৰ কাৰণে তেওঁলোকে জঠৰ ৰোগীজনক যীচুৰ ওচৰলৈ নিব নোৱাৰিলে। সেইবাবে, যীচু যʼত বহি আছিল, সেই ঘৰৰ ওপৰৰ চালখন গুচাই ৰোগীজনক খাটখনৰ সৈতে তললৈ নমাই দিলে।
৫ যেতিয়া যীচুৱে তেওঁলোকৰ বিশ্বাস দেখিলে, তেতিয়া তেওঁ জঠৰ ৰোগীজনক কʼলে, “বোপা, তোমাৰ পাপ ক্ষমা কৰা হʼল।”
৬ তাত বহি থকা কিছুমান নিয়ম শিকোৱা লোকে* মনতে ভাবিবলৈ ধৰিলে,
৭ “এই মানুহজনে কি কৰিছে! এওঁতো ঈশ্বৰক নিন্দা কৰিছে। ঈশ্বৰৰ বাহিৰে আৰু কোনে পাপ ক্ষমা কৰিব পাৰে?”
৮ কিন্তু তেওঁলোকে মনে মনে যি ভাবিছিল, যীচুৱে সেই সময়তে বুজিব পাৰিলে আৰু তেওঁলোকক কʼলে, “তোমালোকে মনতে কিয় এইবোৰ চিন্তা কৰিছা?
৯ এই জঠৰ ৰোগীজনক কি কোৱাটো বেছি সহজ হʼব, ‘তোমাৰ পাপ ক্ষমা কৰা হʼল,’ নে ‘উঠা, তোমাৰ খাট উঠোৱা আৰু খোজকাঢ়ি ফুৰা’?
১০ কিন্তু মই বিচাৰোঁ যে তোমালোকে যাতে জানা পৃথিৱীত পাপ ক্ষমা কৰাৰ অধিকাৰ মানুহৰ পুত্ৰক দিয়া হৈছে . . .।” তেওঁ জঠৰ ৰোগীজনক কʼলে,
১১ “মই তোমাক কৈছোঁ, উঠা! নিজৰ খাট উঠোৱা আৰু ঘৰলৈ যোৱা।”
১২ তেতিয়া সেই মানুহজন উঠি থিয় হʼল আৰু লগে লগে নিজৰ খাটখন উঠাই সকলোৰে সন্মুখৰ পৰা বাহিৰলৈ ওলাই গʼল। এয়া দেখি সকলোৱে আচৰিত হʼল আৰু এইদৰে কৈ ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে, “আমি এনেকুৱা আগতে কেতিয়াও দেখা নাই।”
১৩ তাৰ পাছত যীচুৱে তাৰ পৰা ওলাই সাগৰৰ পাৰলৈ গʼল আৰু লোকসকলৰ ভীৰ তেওঁৰ ওচৰলৈ আহি থাকিল আৰু যীচুৱে তেওঁলোকক শিকাবলৈ ধৰিলে।
১৪ তাৰ পাছত খোজকাঢ়ি যাওঁতে তেওঁ আলফয়ৰ লʼৰা লেবীক কৰতোলা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক কʼলে, “আহা, মোৰ শিষ্য হোৱা।” তেতিয়া তেওঁ উঠি তেওঁৰ পিছে পিছে গʼল।
১৫ পাছত তেওঁ লেবীৰ ঘৰলৈ খাবলৈ গৈছিল* আৰু বহুতো কৰতোলা লোক আৰু তেওঁলোকৰ দৰে আন পাপী লোকসকলেও যীচু আৰু তেওঁৰ শিষ্যসকলৰ লগত খাবলৈ বহিছিল। তাত বহুতো লোক জমা হৈ আছিল আৰু তেওঁলোকৰ মাজৰ বহুতো লোক যীচুৰ শিষ্য হৈছিল।
১৬ কিন্তু যেতিয়া কিছুমান নিয়ম শিকোৱা লোক, যিসকল ফৰীচী আছিল তেওঁলোকে যীচুক পাপী আৰু কৰতোলাবিলাকৰ লগত খোৱা-বোৱা কৰি থকা দেখিলে, তেতিয়া তেওঁলোকে যীচুৰ শিষ্যসকলক কʼবলৈ ধৰিলে, “তেওঁ কৰতোলা আৰু পাপীবিলাকৰ লগত কিয় খোৱা-বোৱা কৰে?”
১৭ এয়া শুনি যীচুৱে তেওঁলোকক কʼলে, “সুস্থ মানুহৰ কাৰণে চিকিৎসকৰ প্ৰয়োজন নাই, কিন্তু ৰোগীসকলৰ কাৰণেহে প্ৰয়োজন আছে। যিবিলাকে আনতকৈ নিজকে ভাল বুলি ভাবে, মই তেওঁলোকক নহয়, কিন্তু পাপীকহে মাতিবলৈ আহিছোঁ।”
১৮ যোহনৰ শিষ্য আৰু ফৰীচীবিলাকে লঘোন* দিছিল। সেইবাবে, তেওঁলোকে যীচুৰ ওচৰলৈ আহি তেওঁক সুধিবলৈ ধৰিলে, “যোহনৰ শিষ্য আৰু ফৰীচীবিলাকৰ শিষ্যসকলে লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্যসকলে কিয় লঘোন নিদিয়ে?”
১৯ তেতিয়া যীচুৱে তেওঁলোকক কʼলে, “যেতিয়ালৈকে দৰা নিজৰ বন্ধুসকলৰ লগত থাকে, তেতিয়ালৈকে তেওঁলোকে লঘোন দিয়ে নে? যেতিয়ালৈকে দৰা তেওঁলোকৰ লগত থাকে, তেতিয়ালৈকে তেওঁলোকে লঘোন নিদিয়ে।
২০ কিন্তু এনে এদিন আহিব যেতিয়া দৰাক তেওঁলোকৰ ওচৰৰ পৰা লৈ যোৱা হʼব, তেতিয়া তেওঁলোকে লঘোন দিব।
২১ কোনেও পুৰণি কাপোৰত নতুন কাপোৰৰ টাপলি নামাৰে। এনে কৰিলে টাপলি মৰা নতুন কাপোৰে সেই পুৰণি কাপোৰক ফালি নিয়ে আৰু ফটা ডোখৰ আৰু বেছিকৈহে ফাটি যায়।
২২ ঠিক সেইদৰে কোনেও নতুন দ্ৰাক্ষাৰস পুৰণি দ্ৰাক্ষাৰসৰ মোনাত* নথয়। যদি তেওঁলোকে এইদৰে কৰে, তেনেহʼলে দ্ৰাক্ষাৰসৰ কাৰণে মোনাটো ফাটি যাব আৰু দ্ৰাক্ষাৰসখিনি পৰি যাব আৰু মোনাটো নষ্ট হৈ যাব। কিন্তু লোকসকলে নতুন দ্ৰাক্ষাৰস নতুন মোনাত থয়।”
২৩ বিশ্ৰাম-বাৰত* যেতিয়া যীচুৱে নিজৰ শিষ্যসকলৰ লগত শস্যৰ পথাৰৰ মাজেদি গৈ আছিল, তেতিয়া তেওঁৰ শিষ্যসকলে খোজকাঢ়ি গৈ থাকোঁতে শস্যৰ থোক চিঙিবলৈ ধৰিলে।
২৪ সেইবাবে, ফৰীচীবিলাকে তেওঁক কʼলে, “চাওক! আপোনাৰ শিষ্যসকলে এনে কাম কিয় কৰিছে, যি বিশ্ৰাম-বাৰে কৰিব নালাগে?”
২৫ কিন্তু যীচুৱে তেওঁলোকক কʼলে, “যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলৰ ভোক লাগিছিল আৰু খাবলৈ তেওঁলোকৰ ওচৰত একো নাছিল, তেতিয়া তেওঁ কি কৰিলে, এই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে?
২৬ তেওঁ অবিয়াথৰ মহা-পুৰোহিতৰ সময়ত ঈশ্বৰৰ ভৱনত সোমাই নিয়মৰ অনুসৰি পুৰোহিতক এৰি, আনে খাব নোৱাৰা যি আগবঢ়োৱা ৰুটি, তাক খালে আৰু নিজৰ লগৰবিলাককো দিলে, এই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে?”
২৭ তাৰ পাছত যীচুৱে কʼলে, “মানুহ বিশ্ৰাম-বাৰৰ কাৰণে নহয়, কিন্তু বিশ্ৰাম-বাৰ মানুহৰ কাৰণে বনোৱা হৈছে।
২৮ সেইবাবে, মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰো প্ৰভু হয়।”
Footnotes
^ অৰ্থাৎ গোটেই শৰীৰ বা শৰীৰৰ কোনো এটা অংগ লৰচৰ কৰিব নোৱাৰা লোক।
^ আক্ষ., “লেখক।” শব্দকোষ চাওক।
^ বা “মেজত একেলগে বহিছিল।”
^ বা “উপবাস।”
^ জন্তুৰ ছালেৰে বনোৱা মোনা।
^ বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।