যোহনে লিখা শুভবাৰ্তা ২১:১-২৫
২১ ইয়াৰ পাছত আকৌ এবাৰ যীচুৱে তিবিৰিয়া সাগৰৰ পাৰত শিষ্যসকলক দেখা দিলে। তেওঁ এইদৰে দেখা দিলে:
২ চিমোন পিতৰ, থোমা (যিজনক যঁজা বুলি কোৱা হৈছিল), গালীলৰ কান্না চহৰৰ নথনেল, চিবদিয়ৰ লʼৰাবোৰ আৰু যীচুৰ আৰু দুজন শিষ্য একেলগতে আছিল।
৩ চিমোন পিতৰে তেওঁলোকক কʼলে, “মই মাছ ধৰিবলৈ গৈ আছোঁ।” তেওঁলোকে কʼলে, “আমিও তোমাৰ লগত যাম।” তেওঁলোকে বাহিৰলৈ ওলাই গৈ নাৱত উঠিল, কিন্তু সেই ৰাতি তেওঁলোকে এটাও মাছ নাপালে।
৪ যেতিয়া ৰাতিপুৱা হʼবলৈ ধৰিলে, তেতিয়া যীচুৱে পাৰত আহি থিয় হʼল। কিন্তু শিষ্যসকলে তেওঁ যীচু হয় বুলি চিনি নাপালে।
৫ তেতিয়া যীচুৱে তেওঁলোকক সুধিলে, “বন্ধুসকল,* তোমালোকৰ ওচৰত খাবলৈ কিবা আছে নে?”* তেওঁলোকে কʼলে, “নাই!”
৬ যীচুৱে তেওঁলোকক কʼলে, “নাৱৰ সোঁফালে জাল পেলোৱা আৰু তোমালোকে কিছুমান মাছ পাবা।” তেতিয়া তেওঁলোকে জাল পেলালে আৰু তাত বহুতো মাছ লাগিল, যাৰ বাবে তেওঁলোকে জালখন টানিব নোৱাৰিলে।
৭ তেতিয়া যিজন শিষ্যক যীচুৱে বহুত প্ৰেম কৰিছিল, সেইজন শিষ্যই পিতৰক কʼলে, “এওঁতো প্ৰভু হয়!” যেতিয়া চিমোন পিতৰে শুনিলে যে এওঁ প্ৰভু হয়, তেতিয়া তেওঁ কাপোৰ পিন্ধিলে,* কিয়নো তেওঁ কম কাপোৰত আছিল আৰু তেওঁ সাগৰত জাপ মাৰিলে।
৮ কিন্তু আন শিষ্যসকলে সৰু নাৱত মাছেৰে ভৰা জাল টানি টানি আনি আছিল, কিয়নো তেওঁলোকে পাৰৰ পৰা বেছি দূৰত নাছিল, প্ৰায় ৩০০ ফুট* দূৰত আছিল।
৯ যেতিয়া তেওঁলোক পাৰলৈ আহিলে, তেতিয়া তেওঁলোকে দেখিলে যে জ্বলি থকা কয়লাৰ ওপৰত মাছবোৰ থোৱা আছে আৰু ৰুটিও আছে।
১০ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে এতিয়াই যি মাছ ধৰিলা, তাৰ পৰা কিছুমান লৈ আহা।”
১১ তেতিয়া চিমোন পিতৰে নাৱত উঠিল আৰু মাছেৰে ভৰা জালখন টানি আনিলে, যʼত ১৫৩ টা ডাঙৰ মাছ আছিল। কিন্তু ইমান বেছি মাছ থকাৰ সত্ত্বেও জালখন নাফাটিল।
১২ যীচুৱে তেওঁলোকক কʼলে, “আহি খাই লোৱা।” কিন্তু শিষ্যসকলৰ মাজৰ কোনেও এয়া সুধিবলৈ সাহস নকৰিলে যে “আপুনি কোন হয়?” কিয়নো তেওঁলোকে জানিছিল যে তেওঁ প্ৰভুৱেই হয়।
১৩ যীচুৱে ৰুটি লʼলে আৰু তেওঁলোকক দিলে। তাৰ পাছত তেওঁ মাছবোৰো তেওঁলোকক দিলে।
১৪ এইদৰে যীচুৱে মৃতবিলাকৰ মাজৰ পৰা জীৱিত হোৱাৰ পাছত তৃতীয়বাৰ নিজৰ শিষ্যসকলক দেখা দিলে।
১৫ তেওঁলোকৰ খোৱা শেষ হোৱাৰ পাছত যীচুৱে চিমোন পিতৰক কʼলে, “চিমোন, যোহনৰ লʼৰা, তুমি এইবোৰতকৈ বেছি মোক প্ৰেম কৰা নে?” পিতৰে তেওঁক কʼলে, “হয় প্ৰভু, আপুনি জানে যে মই আপোনাক কিমান প্ৰেম কৰোঁ।” যীচুৱে তেওঁক কʼলে, “মোৰ ভেড়া পোৱালিবিলাকক চৰোৱা।”
১৬ যীচুৱে দ্বিতীয়বাৰ তেওঁক কʼলে, “চিমোন, যোহনৰ লʼৰা, তুমি মোক প্ৰেম কৰা নে?” পিতৰে কʼলে, “হয় প্ৰভু, আপুনি জানে যে মই আপোনাক কিমান প্ৰেম কৰোঁ।” যীচুৱে পিতৰক কʼলে, “ৰখীয়াৰ দৰে মোৰ সৰু ভেড়াবিলাকৰ চোৱা-চিতা কৰা।”
১৭ যীচুৱে তৃতীয়বাৰ তেওঁক কʼলে, “চিমোন, যোহনৰ লʼৰা, তুমি মোক প্ৰেম কৰা নে?” এয়া শুনি পিতৰৰ দুখ লাগিল, কাৰণ যীচুৱে তেওঁক তৃতীয়বাৰ এই কথা সুধিলে যে ‘তুমি মোক প্ৰেম কৰা নে?’ সেইবাবে, পিতৰে তেওঁক কʼলে, “আপুনি সকলো জানে। আপুনি এয়াও জানে যে মই আপোনাক কিমান প্ৰেম কৰোঁ।” যীচুৱে কʼলে, “মোৰ সৰু ভেড়াবিলাকক চৰোৱা।
১৮ মই তোমাক সঁচাকৈ কৈছোঁ, যেতিয়া তুমি ডেকা আছিলা, তেতিয়া নিজে কাপোৰ পিন্ধিছিলা আৰু যʼত যাব বিচাৰিছিলা, তালৈ গৈছিলা। কিন্তু যেতিয়া তুমি বৃদ্ধ হʼবা, তেতিয়া নিজৰ হাত মেলিবা আৰু আন কোনোবাই তোমাক কাপোৰ পিন্ধাই দিব আৰু যʼত তুমি নিবিচাৰিবা, তালৈ তোমাক লৈ যাব।”
১৯ পিতৰে কিদৰে মৃত্যু হৈ ঈশ্বৰৰ মহিমা কৰিব, তাক বুজাবলৈ তেওঁ এই কথা কʼলে। এয়া কোৱাৰ পাছত যীচুৱে তেওঁক কʼলে, “মোৰ পিছে পিছে আহি থাকা।”
২০ পিতৰে ঘূৰি চাই দেখিলে যে সেই শিষ্যজন পিছে পিছে আহি আছে, যিজনক যীচুৱে প্ৰেম কৰিছিল আৰু যিজনে গধূলিৰ ভোজনৰ সময়ত যীচুৰ বুকুফালে হাউলি তেওঁক সুধিছিল, “প্ৰভু, যিজনে আপোনাৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ কোন হয়?”
২১ যেতিয়া পিতৰে সেই শিষ্যজনক দেখিলে, তেতিয়া তেওঁ যীচুক সুধিলে, “প্ৰভু, এই মানুহজনৰ কি হʼব?”
২২ যীচুৱে তেওঁক কʼলে, “মই অহালৈকে যদি এই মানুহজন থকাটো মই বিচাৰোঁ, তেনেহʼলে তোমাৰ কি আহে যায়? তুমি মোৰ পিছে পিছে আহি থাকা।”
২৩ সেইবাবে, ভাইসকলৰ মাজত এই কথা বিয়পি গʼল যে সেই শিষ্যজন নমৰিব। কিন্তু তেওঁ নমৰিব বুলি যীচুৱে কোৱা নাছিল, ইয়াৰ পৰিৱৰ্তে এয়া কৈছিল যে “মই অহালৈকে যদি সেই ব্যক্তিজন থকাটো মই বিচাৰোঁ, তেনেহʼলে তোমাৰ কি আহে যায়?”
২৪ এওঁ সেইজনেই শিষ্য হয়, যিজনে এই কথাবোৰৰ সাক্ষ্য দিছে আৰু যিজনে এই কথাবোৰ লিখিলে আৰু আমি জানোঁ যে তেওঁৰ সাক্ষ্য সত্য হয়।
২৫ আচলতে এনে বহুতো কাম আছে, যিবোৰ যীচুৱে কৰিছিল। সেই সকলো কামৰ বিষয়ে এটা এটা কথা লিখা হʼলে, মই ভাবোঁ যে যি নুৰাত লিখা হʼলহেঁতেন, সেয়া গোটেই পৃথিৱীতে নোজোৰিলেহেঁতেন।
Footnotes
^ আক্ষ., “সন্তানসকল।”
^ বা “মাছ আছে নে?”
^ বা “বান্ধিলে।”
^ প্ৰায় ৯০ মিটাৰ; আক্ষ., “প্ৰায় ২০০ হাত।” অতি. খ১৪ চাওক।