যোহনে লিখা শুভবাৰ্তা ৯:১-৪১
৯ যীচুৱে যেতিয়া গৈ আছিল, তেতিয়া তেওঁ জন্মৰে পৰা অন্ধ এজন মানুহক দেখা পালে।
২ শিষ্যসকলে তেওঁক সুধিলে, “গুৰু,* কোনে পাপ কৰিছিল যে এই মানুহজন অন্ধ হৈ জন্ম হʼল? সি নিজেই, নে তাৰ মা-দেউতাই?”
৩ যীচুৱে উত্তৰ দিলে, “সি বা তাৰ মা-দেউতাই পাপ কৰাৰ কাৰণে তেওঁ অন্ধ হৈ জন্ম হৈছে, এনে নহয়। কিন্তু ইয়াৰ যোগেদি যাতে লোকসকলে ঈশ্বৰৰ কাম দেখা পায়, সেইবাবে এইদৰে হৈছে।
৪ যিজনে মোক পঠাইছে, তেওঁৰ কাম আমি দিন থাকোঁতেই কৰি লোৱা উচিত। কিয়নো সেই ৰাতি আহি আছে, যেতিয়া কোনেও কাম কৰিব নোৱাৰিব।
৫ যেতিয়ালৈকে মই জগতত আছোঁ, মই জগতৰ পোহৰ হওঁ।”
৬ এই কথা কোৱাৰ পাছত তেওঁ মাটিত থু পেলালে আৰু সেই থুৰে বোকা কৰিলে আৰু অন্ধ মানুহজনৰ চকুত সেই বোকা লগাই দিলে।
৭ আৰু তেওঁ কʼলে, “যোৱা আৰু চীলোহৰ পুখুৰীত গৈ ধুই লোৱা।” (চীলোহৰ অৰ্থ হৈছে, ‘পঠোৱা হʼল’)। তেতিয়া তেওঁ গৈ নিজৰ চকু ধুলে আৰু দৃষ্টিশক্তি ঘূৰাই পাই উভতি আহিলে।
৮ সেই মানুহজনৰ চুবুৰীয়া আৰু যিসকলে তেওঁক ভিক্ষা খুজি থকা দেখিছিল, তেওঁলোকে কʼবলৈ ধৰিলে, “এই মানুহজন সেইজন নহয় জানো, যি আগতে বহি ভিক্ষা খুজি আছিল?”
৯ কিছুমানে কৈ আছিল, “হয় হয়, সিয়েই হয়।” আন কিছুমানে কৈছিল, “নহয়, ই সেইজন নহয়। কিন্তু দেখাত তাৰ নিচিনাই।” সেই মানুহজনে কৈ আছিল, “মই সেইজনেই হওঁ।”
১০ তেতিয়া তেওঁলোকে তেওঁক সুধিবলৈ ধৰিলে, “তোৰ চকু কেনেকৈ ভাল হৈ গʼল?”
১১ তেওঁ কʼলে, “যীচু নামৰ মানুহজনে মাটি বোকা কৰি মোৰ চকুত লগাই দিলে আৰু মোক কʼলে, ‘চীলোহলৈ গৈ ধুই লোৱা।’ যেতিয়া মই গৈ নিজৰ চকু ধুলোঁ, তেতিয়া মই দেখা পাবলৈ ধৰিলোঁ।”
১২ তেতিয়া তেওঁলোকে তেওঁক সুধিবলৈ ধৰিলে, “সেই মানুহজন কʼত আছে?” তেওঁ কʼলে, “মই নাজানোঁ।”
১৩ তেওঁলোকে সেই মানুহজনক ফৰীচীবিলাকৰ ওচৰলৈ লৈ গʼল।
১৪ যিদিনাখন যীচুৱে মাটি বোকা কৰি সেই অন্ধ মানুহজনৰ চকু ভাল কৰিছিল, সেই দিনটো বিশ্ৰাম-বাৰ* আছিল।
১৫ সেইবাবে, ফৰীচীবিলাকেও সেই মানুহজনক সোধ-পোছ কৰিবলৈ ধৰিলে যে তেওঁৰ চকু কেনেকৈ ভাল হʼল। সেই মানুহজনে কʼলে, “তেওঁ মোৰ চকুত মাটিৰ বোকা লগালে আৰু যেতিয়া মই চকু ধুলোঁ, তেতিয়া মই দেখা পাবলৈ ধৰিলোঁ।”
১৬ সেইবাবে, কিছুমান ফৰীচীয়ে কʼবলৈ ধৰিলে, “সেই মানুহজন ঈশ্বৰৰ ফালৰ পৰা নহয়, কিয়নো তেওঁ বিশ্ৰাম-বাৰ পালন নকৰে।” কিন্তু আন কিছুমানে কʼলে, “এজন পাপী মানুহে কেনেকৈ এনে চমৎকাৰ কৰিব পাৰে?” এইদৰে তেওঁলোকৰ মাজত কথা নিমিলা হʼল।
১৭ তেতিয়া তেওঁলোকে সেই মানুহজনক আকৌ কʼলে, “তই তাৰ বিষয়ে কি ভাব, যিহেতু সি তোৰ চকু ভাল কৰি দিলে?” সেই মানুহজনে কʼলে, “তেওঁ এজন ভৱিষ্যবক্তা হয়।”
১৮ কিন্তু মানুহজনৰ মা-দেউতাকক মাতি আনি নোসোধালৈকে যিহূদীসকলে বিশ্বাস কৰা নাছিল যে এই মানুহজন আগতে অন্ধ আছিল আৰু এতিয়া দেখা পাইছে।
১৯ তেওঁলোকে তেওঁৰ মা-দেউতাকক সুধিলে, “ই তোমালোকৰেই লʼৰা নে, যাৰ বিষয়ে তোমালোকে কোৱা যে ই জন্মৰে পৰা অন্ধ আছিল? তেনেহʼলে ই এতিয়া কেনেকৈ দেখা পাইছে?”
২০ তেওঁৰ মা-দেউতাই কʼলে, “হয়, ই আমাৰেই লʼৰা হয় আৰু ই জন্মৰে পৰা অন্ধ আছিল।
২১ কিন্তু আমি নাজানোঁ যে ই কেনেকৈ দেখা পাবলৈ ধৰিলে বা কোনে ইয়াৰ চকু ঠিক কৰিলে। আপোনালোকে তাকেই সুধি লওক। সি কোনো সৰু লʼৰা নহয়, সি নিজেই নিজৰ বিষয়ে কʼব পাৰে।”
২২ তেওঁৰ মা-দেউতাই যিহূদী ধৰ্ম-অধিকাৰীসকলক ভয় কৰাৰ কাৰণে এইদৰে কৈছিল। কাৰণ যিহূদীসকলে থিৰাং কৰি লৈছিল যে যদি কোনোৱে যীচুক খ্ৰীষ্ট বুলি গ্ৰহণ কৰে, তেনেহʼলে তেওঁক সভাঘৰৰ পৰা উলিয়াই দিয়া হʼব।
২৩ সেইবাবে, তেওঁৰ মা-দেউতাই কৈছিল, “সি কোনো সৰু লʼৰা নহয়, তাকে সুধি লওক।”
২৪ তেতিয়া তেওঁলোকে আগতে অন্ধ থকা সেই মানুহজনক আকৌ মাতিলে আৰু তেওঁক কʼলে, “ঈশ্বৰৰ ওচৰত সঁচা কথা কোৱা। কিয়নো আমি জানোঁ যে সেই মানুহজন পাপী হয়।”
২৫ তেওঁ কʼলে, “তেওঁ পাপী হয় নে নহয়, মই নাজানোঁ। মই কেৱল ইমানেই জানোঁ যে মই আগতে অন্ধ আছিলোঁ আৰু এতিয়া দেখা পাইছোঁ।”
২৬ তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেওঁ কি কৰিলে? তোৰ চকু কেনেকৈ ঠিক কৰিলে?”
২৭ তেওঁ কʼলে, “মই আপোনালোকক আগতেই কৈছিলোঁ, কিন্তু আপোনালোকে নুশুনিলে। আপোনালোকে আকৌ কিয় সুধিছে? আপোনালোকে তেওঁৰ শিষ্য হʼবতো বিচৰা নাই?”
২৮ তেতিয়া তেওঁলোকে তেওঁৰ অপমান কৰি কʼলে, “তইহে তাৰ শিষ্য, আমিতো মোচিৰ শিষ্য হওঁ।
২৯ আমি জানোঁ যে ঈশ্বৰে মোচিৰ লগত কথা পাতিছিল। কিন্তু এই মানুহজন কʼৰ পৰা আহিছে, আমি নাজানোঁ।”
৩০ তেতিয়া সেই মানুহজনে কʼলে, “আচৰিত কথা, তেওঁ মোৰ চকু ভাল কৰিলে, তথাপি আপোনালোকে নাজানে যে তেওঁ কʼৰ পৰা আহিছে?
৩১ আমি জানোঁ যে ঈশ্বৰে পাপীবিলাকৰ কথা নুশুনে। কিন্তু যদি কোনোবাই তেওঁৰ প্ৰতি ভয় ৰাখে আৰু তেওঁৰ ইচ্ছা পূৰ কৰে, তেনেহʼলে তেওঁ তাৰ কথা শুনে।
৩২ আজিলৈকে এই কথা কেতিয়াও শুনা নাই যে কোনোবাই জন্মৰে পৰা অন্ধ এজন ব্যক্তিৰ চকু ভাল কৰি দিছে।
৩৩ এই মানুহজন ঈশ্বৰৰ ফালৰ পৰা নোহোৱা হʼলে একোৱেই কৰিব নোৱাৰিলেহেঁতেন।”
৩৪ তেওঁলোকে তেওঁক কʼলে, “তইতো সম্পূৰ্ণ পাপতে জন্ম পাইছ, এতিয়া তই আমাক শিকাবলৈ আহিছ?” আৰু তেওঁলোকে সেই মানুহজনক সভাঘৰৰ পৰা বাহিৰ কৰি দিলে!
৩৫ যীচুৱে শুনিলে যে তেওঁলোকে সেই মানুহজনক সভাঘৰৰ পৰা বাহিৰ কৰি দিলে। যেতিয়া যীচুৱে সেই মানুহজনক লগ পালে, তেতিয়া তেওঁক সুধিলে, “তুমি মানুহৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰা নে?”
৩৬ সেই মানুহজনে উত্তৰ দিলে, “প্ৰভু, তেওঁ কোন, মোক কওক, মই যেন তেওঁৰ ওপৰত বিশ্বাস কৰিব পাৰোঁ?”
৩৭ যীচুৱে তেওঁক কʼলে, “তুমি তেওঁক দেখিছা। আচলতে তেৱেঁই তোমাৰ লগত কথা পাতি আছে।”
৩৮ তেতিয়া তেওঁ কʼলে, “প্ৰভু, মই তেওঁৰ ওপৰত বিশ্বাস কৰোঁ।” আৰু তেওঁ মূৰ দোৱাই যীচুক প্ৰণাম কৰিলে।
৩৯ তেতিয়া যীচুৱে কʼলে, “মই ন্যায় কৰিবলৈ এই জগতলৈ আহিছোঁ যাতে যিসকলে দেখা নাপায়, তেওঁলোকে যেন দেখা পায় আৰু যিসকলে দেখা পায়, তেওঁলোকে যেন অন্ধ হৈ যায়।”
৪০ যিসকল ফৰীচীয়ে তেওঁৰ লগত আছিল, তেওঁলোকে এয়া শুনি যীচুক কʼলে, “আমিও অন্ধ নে?”
৪১ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে অন্ধ হোৱা হʼলে তোমালোকৰ কোনো পাপ নাথাকিলেহেঁতেন। কিন্তু এতিয়া তোমালোকে কোৱা, ‘আমি দেখা পাওঁ।’ সেইবাবে, তোমালোকৰ পাপ ক্ষমা কৰা নহʼব।”