Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!

নতুন পৃথিৱী নিচেই কাষত, এই শুভবাৰ্তা প্ৰচাৰ কৰক!

আমি নবেম্বৰ মাহত নতুন পৃথিৱীৰ বিষয়ে শুভবাৰ্তা জনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। (গীত ৩৭:১০, ১১; প্ৰকা ২১:৩-৫) এই অভিযানত ভাগ লʼবলৈ আপুনি নিজৰ কামত কিছুমান সাল-সলনি কৰিব পাৰে। নবেম্বৰ মাহত যদি আপুনি সহকাৰী অগ্ৰগামী সেৱা কৰিব বিচাৰে, তেনেহʼলে ৩০ ঘণ্টা বা ৫০ ঘণ্টা প্ৰচাৰ কামত দিব পাৰে।

নতুন পৃথিৱীৰ বিষয়ে জনাবলৈ আপুনি কোনো এটা বাইবেল পদ বাছনি কৰি ৰাখিব পাৰে, যাতে বেছি লোকসকলক ইয়াৰ বিষয়ে জনাব পাৰে। চিন্তা কৰক যে কোনটো পদ দেখুৱালে আপোনাৰ এলেকাৰ লোকসকলে বেছিকৈ জানিবলৈ আগ্ৰহী হʼব। যদি কোনো এজন ব্যক্তিয়ে প্ৰথম সাক্ষাতত বেছি আগ্ৰহ দেখুৱায়, তেনেহʼলে ২০২১ চনৰ জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ (হিন্দী) সংস্কৰণৰ নং ২ দিব পাৰে। তাৰ পাছত যিমান সোনকালে পাৰে, সিমান সোনকালে সেই ব্যক্তিজনৰ লগত পুনৰ সাক্ষাৎ কৰিবলৈ চেষ্টা কৰক আৰু এক অনন্ত জীৱন নামৰ ব্ৰচাৰখনৰপৰা অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। যদি আমি “মঙ্গলৰ শুভবাৰ্ত্তা” জনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে আমি আনন্দ লাভ কৰিম।—যিচ ৫২:৭.

নতুন পৃথিৱী হʼব এই ব্ৰʼডকাষ্টিং গীতৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সৰু ছোৱালীজনীয়ে কেনেধৰণৰ জীৱনৰ বিষয়ে কল্পনা কৰি আছে?

  • নতুন পৃথিৱীত কি কি আশীৰ্বাদ পাবলৈ আপুনি অপেক্ষা কৰিছে?

  • নতুন পৃথিৱীৰ বিষয়ে ধ্যান কৰিলে নবেম্বৰ মাহৰ অভিযানত ভাগ লʼবলৈ আপুনি কেনেকৈ সহায় লাভ কৰিব?—লূক ৬:৪৫.