Skip to content

Skip to table of contents

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক

অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰক

যিহোৱাই আমাক এনে বহুতো সঁজুলি দিছে, যাৰ যোগেদি আমি আনক ভালদৰে শিকাব পাৰোঁ। যেনে, ভিডিঅʼ, ট্ৰেক্ট, কিতাপ, ব্ৰচাৰ আৰু ইয়াৰ উপৰিও আটাইতকৈ বিশেষ সঁজুলি বাইবেল দিছে। (২তীম ৩:১৬, ১৭) তেওঁ আমাক অনুসন্ধানৰ সঁজুলিও দিছে, যাতে আমি লোকসকলক বাইবেলৰ পদবোৰ ভালদৰে বুজাব পাৰোঁ। যেনে, ওৱাচটাৱাৰ লাইব্ৰেৰী, JW লাইব্ৰেৰী এপ, ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী আৰু যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড।

আপোনাৰ ওচৰত যিমান অনুসন্ধানৰ সঁজুলি আছে, সেইবোৰ ব্যৱহাৰ কৰি বাইবেলৰ বিষয়ে গভীৰভাৱে অনুসন্ধান কৰক। এইদৰে কৰিলে আপুনি আনন্দিত হʼব। বিদ্যাৰ্থীক এই সঁজুলিবোৰৰ যোগেদি অনুসন্ধান কৰিবলৈ শিকাওক। যেতিয়া বিদ্যাৰ্থীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ নিজে বিচাৰি পাব, তেতিয়া তেওঁলোক আনন্দিত হʼব।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—যিহোৱাৰ সহায় গ্ৰহণ কৰক—অনুসন্ধানৰ সঁজুলি নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • গ্ৰেচে সৃষ্টিৰ বিষয়ে কি কৈছিল?

  • নিতাই এই বিষয়ে কʼৰপৰা জানিব পাৰিলে?

  • যেতিয়া আমি আধ্যাত্মিক ৰত্ন বিচাৰোঁ আৰু আনকো সেই বিষয়ে জনাওঁ, তেতিয়া আমি আনন্দিত হওঁ

    নিতাই সেই তথ্য কেনেকৈ বিচাৰিলে, যাৰ সহায়ত তাই গ্ৰেচক বুজাব পাৰিলে?

  • অনুসন্ধানৰ সঁজুলি ব্যৱহাৰ কৰি নিতাই কেনে অনুভৱ কৰিলে?