খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আমি সাহসী হʼব পাৰিম
এজন সাহসী ব্যক্তিয়ে নিজৰ ইচ্ছাক দৃঢ় কৰে আৰু সহজতে হাৰ মানি নলয়। সাহসী ব্যক্তিকো ভয় লাগে, কিন্তু তেওঁ যি কৰিম বুলি থিৰাং কৰে, সেয়া নিশ্চয় কৰে। প্ৰকৃত সাহস কেৱল যিহোৱাই দিয়ে। (গীত ২৮:৭) কিন্তু এতিয়া প্ৰশ্ন হৈছে, ডেকা ভাই-ভনীসকলে কেনেকৈ সাহসী হʼব পাৰে?
ভয়াতুৰজনাক নহয়, কিন্তু সাহসীজনাক অনুকৰণ কৰক! নামৰ ভিডিঅʼখন দেখুৱাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
ডেকা ভাই-ভনীসকলক কেতিয়া সাহসৰ প্ৰয়োজন হয়?
-
বাইবেলত উল্লেখ থকা কোনবোৰ ঘটনাই আমাক সাহসী হʼবলৈ সহায় কৰে?
-
যদি আমি সাহসী হওঁ, তেনেহʼলে আমি আৰু আমাক লক্ষ্য কৰা লোকসকলে কেনেকৈ লাভৱান হʼব?